-মহাবাহু |
এছিয়াৰ প্ৰভাৱশালীৰ তালিকাত ফটোগ্ৰাফাৰ ভিকি
কলকাতা : ঘৰৰপৰা পলায়ন কৰি ফুটপাথত দিন পাৰ কৰি সম্প্ৰতি ফোৰ্বছৰদ্বাৰা এছিয়াৰ প্ৰভাৱশালীৰ ৩০ নং স্থান দখল ! এটা কেমেৰাৰ সহায়তেই এনে উত্তৰণ সম্ভৱ হৈছে সৰুতেই পিতৃ-মাতৃৰদ্বাৰা অনাহূত হৈ ফুটপাথত জীৱন নিৰ্বাহ কৰা ভিকি ৰায়ৰ। তেওঁৰ কেমেৰাত বন্দী হোৱা ছবিৰ জনপ্ৰিয়তা দেখা পাই ফোৰ্বছ এছিয়াই ভিকি ৰায়ক ৩০ বছৰৰ অনুৰ্ধৰ প্ৰভাৱশালী ভাৰতবাসীৰ ৩০ নং স্থান প্ৰদান কৰিছে।
কলকাতাৰ ভৱানীপুৰ অঞ্চলত জন্ম হ’লেও সৰুতেই ভিকিক পিতৃ-মাতৃয়ে পৰিত্যাগ কৰিছিল। তেনে অৱস্থাত ককাকৰ আশ্ৰয়ত ডাঙৰ হ’বলৈ ধৰা ভিকিয়ে ককাকৰ পিটন খোৱাৰ ভয়ত মাত্ৰ ১১ টকা হাতত লৈ ভৱানীপুৰৰপৰা হাওৰা ষ্টেছন পায়। তাৰপৰা টিকটবিহীনভাৱে দিল্লী যাত্ৰা। আশ্ৰয় ফুটপাথ। ফুটপাথত জীৱন নিৰ্বাহ কৰি কৰি ফুটপাথবাসীৰ যন্ত্ৰণা বুজি উঠিছিল ভিকিয়ে। জীৱনৰ শৈশৱকাল পাৰ কৰিছিল ধনী পৰিয়ালৰ গাড়ী আৰু বাচন ধোৱা কৰ্মৰে। কিন্তু এদিন হঠাৎ জীৱনৰ গতিপথ সলনি হৈ পৰে এজন ডাক্তৰৰ গাড়ী ধুই থাকোতে।
সদায় দিল্লীৰ ডাক্তৰজনৰ গাড়ী ধুইছিল ভিকিয়ে। কিন্তু কোনোদিনাই ডাক্তৰৰ সৈতে সাক্ষাৎ হোৱা নাছিল। এদিন ভিকিয়ে গাড়ী ধুই থকা সময়তেই ডাক্তৰে গাড়ীত উঠিবলৈ যাওঁতেই ভিকিক দেখা পায়। ৮ বছৰীয়া শিশুটোৱে গাড়ী ধুই থকা দেখি তেওঁ ক্ৰোধান্বিত হৈ পৰে। ভিকিৰ ‘চাকৰি’ যায়, কিন্তু ডাক্তৰে ভিকিক ভৰ্তি কৰায় ‘চালাম বালক’ নামৰ এখন অনাথ আশ্ৰমত। আশ্ৰমত ভৰ্তি হৈ ভিকিৰ জীৱন একেবাৰেই সলনি হৈ পৰে। মূৰৰ ওপৰত ছাদ, তিনিবাৰকৈ খাদ্য ! লগতে স্কুলত পঢ়াৰ সৌভাগ্য ! কিন্তু ফুটপাথৰ সৈতে থকা নাড়ীৰ আকৰ্ষণ এৰাব নোৱাৰিলে ভিকিয়ে। তেওঁ ছবি আঁকে, আৰু ছবিত ফুটি উঠে ফুটপাথৰ শিশুৰ ছবি। লাহে লাহে ছবি তোলাৰ বাবেও আকৰ্ষিত হয় তেওঁ। ভিকি প্ৰাপ্তবয়স্ক হোৱাৰ পিছত আশ্ৰমৰ তৰফৰপৰা ৪৯৯ টকা মূল্যৰ এটা কেমেৰা কিনি দিয়া হয়। কেমেৰা শিক্ষাৰ গুৰু হৈ পৰে ব্ৰিটিছ কেমেৰামেন ত্ৰ্যান ম্যান। ব্ৰিটিছ দূতাবাসৰ সেই কৰ্মচাৰীজন মাজে মাজে আশ্ৰমলৈ আহিছিল আৰু ভিকিক কেমেৰাত পাৰদৰ্শী কৰি তুলিছিল। তেওঁৰ অনুপ্ৰেৰণাতেই ব্ৰিটিছ দূতাবাসে ‘হোম ষ্ট্ৰিট হোম’ নামেৰে ভিকিৰ একক ছবি প্ৰদৰ্শনীৰ আয়োজন কৰে। তাৰ পিছত ভিকিয়ে উভতি চাবলগীয়া হোৱা নাই। পিছৰখন প্ৰদৰ্শনী হয় নিউ ইয়ৰ্কৰ ‘ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ’ত। তাতেই তেওঁ লাভ কৰে ‘মেকবেথ ফাউণ্ডেছন সন্মান’। মাছাচুছেটছ বিশ্ববিদ্যালয়েও তেওঁক ‘মেডিয়া ফেলোশ্বিপ’ দি সন্মান প্ৰদৰ্শন কৰে। এইবাৰ ফোৰ্বছ এছিয়াৰ তৰফৰপৰাও তেওঁ বুটলিবলৈ সক্ষম হ’ল বিৰল সন্মান।