-মহাবাহুৰ মেজৰ পৰা |
|২১ জুলাই, শ্বহীদ দিৱসৰ দিনা ‘ভাৰ্চুৱেল’ মাধ্যমৰ সভাৰ পৰা মমতাৰ হুঙ্কাৰ|
তৃণমূলৰ বাবে বছৰৰ সবাত’কৈ গুৰুত্বপূৰ্ণ তাৰিখ ২১ জুলাই। বছৰৰ সবাত’কৈ বৃহৎ সমাৱেশ হয় ২১ জুলাইৰ কলকাতাত। মমতা বন্দ্যোপাধ্যায়ৰ কন্ঠৰে নিগৰে অগ্নিবৰ্ষী ভাষণ। কিন্তু এইবছৰৰ ২১ জুলাইত একোৱেই নাই। বিশাল মঞ্চ নাই, উপচি পৰা সমাৱেশ নাই। জনপ্লাৱনেৰে শক্তি প্ৰদৰ্শন কৰাৰ সুযোগ নাই। সকলো নিথৰ কৰি পেলাইছে কৰ’নাই !
কিন্তু হাজাৰ হাজাৰ মানুহ উপচি পৰা ধৰ্মতলাৰ বিশাল ক্ষেত্ৰত নহলেও, কৰ’নাক্ৰান্ত সময় উপলক্ষে ২১ জুলাই, মঙলবাৰে কলকাতাত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে লক্ষ লক্ষ জনসাধাৰণক সম্বোধন কৰিলে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে।
মমতা বন্দ্যোপাধ্যায়ৰ বক্তব্যৰ সামান্য জিলিকণি তলত ডাঙি ধৰা হ’লঃ
• কোভিড অলপ বৃদ্ধি হৈছে, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই।
• দিল্লী এখন সৰু ঠাই, কলকাতাৰ দৰেই। গুজৰাট, উৰিষ্যা হ’ল বঙ্গৰ আধা। অইন ৰাজ্যৰ সৈতে বঙ্গৰ তুলনা নহয়। উত্তৰপ্ৰদেশ ডাঙৰ ৰাজ্য, তাৰ পিছতেই বঙ্গ। মনত ৰাখিব।
• বহিৰাগতে বঙ্গ চলাব নোৱাৰিব।
• কেন্দ্ৰত ক্ষমতাত আছে বাবেই গাৰ জোৰ নেদেখুৱাবা! কেতিয়াবা কয় এনকাআউন্টাৰ কৰা, কেতিয়াবা কয় হিংসা কৰা; তোমালোকৰ ৰাজনৈতিক জন্ম ক’ত?
• দয়া কৰি প্ৰধানমন্ত্ৰী ১ ঘন্টাৰ বাবে আহিছিল ১০০০ কোটি টকা দিছিল, আমি সেই ধন লগে লগেই ব্যয় কৰিছো।
• ‘আমপান’ ধুমুহা হ’ল, বিজেপিৰ কি নৃত্য! বাপ-ৰে!!
• দিল্লীৰ যুদ্ধ আমি পাহৰা নাই।
• নাভাবিবা যে কোভিড আহিল বুলিয়েই আমি এন-আৰ-চি-ৰ বিষয়টো পাহৰি গৈছো।
• ‘এন-আৰ-চি’-ক আমি পাহৰা নাই।
• দেশৰ সকলো শ্বহীদক স্মৰণ কৰিছো।
• সীমান্তত নিহত শ্বহীদক শ্ৰদ্ধা জনাইছো।
• ভাৰতত এতিয়া ভয়তে বহুতেই কথা ক’ব নোৱৰা হৈছে।
• ধৰ্মতলাত সভা কৰিব নোৱাৰি আমি ব্যথিত।
• বঙ্গক গুজৰাটে চলোৱাৰ কথা নাভাবিব। বঙ্গক গুজৰাটীক চলাবলৈ দিয়া নহ’ব।