–অঞ্জন শৰ্মা
এই জগতখনত মানুহৰ বয়স কিমান?
বাদুলিৰ?
বনৰৌৰ বয়স?
এইবোৰৰ উত্তৰ পিছলৈ বিচাৰিম, এতিয়া
আফ্ৰিকালৈ যাম।
আফ্ৰিকাৰ কঙ্গোৰ ইভিন্দো নদীৰ পাৰ
ঘন সেউজীয়া
তাতেই বসবাস কৰিছিল এশ-পঞ্চাছজন লোকে
সময়ে সময়ে তেওঁলোকে চিকাৰলৈ গৈছিল
দলৱদ্ধ হৈ, লগত আছিল চিকাৰী কুকুৰ !
১৯৯৬ চনৰ ঘটনা
চিকাৰলৈ ওলাইছিল সাতত্ৰিশজন লোক
ইভিন্দোৰ পাৰৰ পৰা
দলৱদ্ধ হৈ
খেদি খেদি চৌদিশৰ পৰা ঘেৰি আক্ৰমণ কৰি
তেওঁলোকে নিৰ্মমভাবে হত্যা কৰিছিল
এটা নিৰীহ চিম্পাঞ্জীক
আমাৰ পূৰ্বপুৰুষ এটা চিম্পাঞ্জীক
চিম্পাঞ্জীটোৰ চাল বখলিয়াইছিল তেওঁলোকে
চিম্পাঞ্জীৰ মাংস ভক্ষণ কৰিছিল আনন্দমনে, উদৰ পুৰাই …!
বিধিৰ বিপাক
ভক্ষণ কৰাৰ কিছু পিছতেই তীব্ৰ জ্বৰ হৈছিল
আটাইকেইজনৰেই, অৰ্থাৎ সাতত্ৰিশজনৰেই
তাৰে একৈশ জনৰ মৃত্যু হৈছিল!
সেই নিৰীহ চিম্পাঞ্জীটোৰ শৰীৰত আছিল
এক মাৰাত্মক ভাইৰাছ – ‘ইবোলা’!!
গৰিলা চিম্পাঞ্জী বান্দৰ আদি স্তন্যপায়ী হ’ল
আমাৰ পূৰ্বপুৰুষ
তেওঁলোক হ’ল মাৰাত্মক ভাইৰাছৰো ঢাল!
জাগতিক ইতিহাসত মানুহ, তথাকথিত ‘জীৱশ্ৰেষ্ঠ’ মানুহ
একেবাৰে নৱাগত সদস্য
মানৱ সভ্যতাৰ বয়সো মাথোঁ ৬০০০০ বছৰ
মানুহে উদ্যোগৰ চকা ঘূৰোৱাৰ বয়সো মাথোঁ
২০০ বছৰ
গৰিলা চিম্পাঞ্জীবোৰ আমাতকৈ বহু প্ৰাচীন
সম্ভৱতঃ তেওঁলোক ষাঠী লক্ষ বছৰ প্ৰাচীন!
আফ্ৰিকাৰ কেমেৰুণত
বছৰি ৩০০০ গৰিলাক হত্যা কৰা হয়
গৰিলাৰ মাংস ভক্ষণ কৰা হয় উদৰ পুৰাই
পূৰ্বপুৰুষৰ মাংস!
আমিষ
যেন বিখ্যাত অসমীয়া বোলছৱি ‘আমিষ’!
প্ৰাণীৰ দেহৰ পৰা ভাইৰাছ বা সংক্ৰামক জীৱাণু
যদি মানুহৰ শৰীৰত জপিয়াই প্ৰৱেশ কৰে
তাক কোৱা হয় – ‘জুনোটিক ট্ৰেন্সফাৰ’!
গৱেষণাত প্ৰাপ্ত হৈছে- ১৯৬০ চনৰ পৰা ৪৪ বছৰ
৩৩৫ টা ৰোগে সময়ে সময়ে বিধ্বস্ত কৰিছে
মানব-সভ্যতা
সেইসমূহৰ শতকৰা ষাঠীভাগ উৎপন্ন হৈছিল
বন্যপ্ৰাণীৰ পৰা!
যিদৰে ‘এইডচ্’ মানুহলৈ আহিছিল ‘ৰেড-কেপড্ মেংগাবে’ নামৰ
বান্দৰৰ পৰা চিম্পাঞ্জী হৈ!
উহানৰ কথা এতিয়া সকলোৰে মুখে মুখে
উহানৰ বন্যপ্ৰাণীৰ মাংসৰ বজাৰ
এতিয়া এক মহা-আতংকৰ নাম!
মাথোঁ উহান নহয়, বেংকক চহৰৰ ‘চাকেচাক’
বিশ্বৰ সৰ্ববৃহৎ জীৱন্ত বন্যপ্ৰাণীৰ বজাৰ
কি নাপায় ‘চাকেচাক্’ বজাৰত?
আফ্ৰিকাৰ মেকুৰী, চাহাৰাৰ শিয়াল, সাপ
আমাজনৰ সৰীসৃপ
আমেৰিকাৰ ‘মৰ্মোছেট’ বান্দৰ
ভিয়েটনামৰ বৃশ্চিক
লগতে হাতী ঘোঁৰা গৰু কুকুৰ গাহৰি
বিভিন্ন প্ৰাণীৰ মাংস!
আমাজনৰ ১০০ গ্ৰাম ওজনৰ ক্ষুদ্ৰাকৃতি বান্দৰৰ মূল্য
১০০০ আমেৰিকান ডলাৰ, সেই বজাৰত!
মেকুৰীজাতীয় বিপন্ন প্ৰজাতি ‘লিংচ্’-ৰ মূল্য
৮০০০ আমেৰিকান ডলাৰ!
বজাৰ
মাংসৰ বজাৰ
সাপৰ মাংস
জীৱন্ত শিয়াল-পোৱালিৰ মাংস
জীৱন্ত বান্দৰৰ মূৰত গাঁত কৰি উলিওৱা নৰম মাংস
আফ্ৰিকাৰ আৰু এছিয়াৰ হাতীৰ মাংস, শুঁড়
ষাঁড়গৰুৰ জিভাৰ মাংস
দামুৰীৰ নেগুৰৰ মাংস!
সাম্প্ৰতিক বিশ্বত এক চৰ্চিত নাম ‘বাদুলি’!
সাম্প্ৰতিক বিশ্বত বহুচৰ্চিত নাম ‘পেঙ্গোলিন’,
অসমীয়াত ‘বনৰৌ’!
৪৫ ইঞ্চিৰ পৰা ৪.৫ ফুট দীঘল হয় বনৰৌ
ওজন হয় চাৰি পাউণ্ডৰ পৰা বাসত্তৰ পাউণ্ড।
নিৰীহ বনৰৌৰ বাকলিবোৰেই বৰ্ম
কেৰাটিন প্ৰ’টিনেৰে ভৰপূৰ সেই বৰ্ম
সেই বাকলিতেই পৰিল ‘জীৱশ্ৰষ্ঠ’ৰ দৃষ্টি!
ঔষধৰ বাবে হেনো বনৰৌৰ বাকলি অতি উপকাৰী!
লগতে বনৰৌৰ মাংসও জিভাৰ বাবে বৰ দৰকাৰী!
বেচ্ , আৰু কোনে পায়!
১০০ কিলোগ্ৰাম বাকলিৰ বাবে হত্যা কৰা হয়
২০০০ বনৰৌ!
বছৰি বিশ্বত ২৭ লাখ বনৰৌ হত্যা কৰা হয়
ঔষধ সৃষ্টি কৰাৰ নামত
যিদৰে হত্যা কৰা হয় শিয়াল, মেকুৰী, ‘ৰেকুন’ কুকুৰ
আৰু কত কি!
বনৰৌৰ বাকলিৰ পৰা প্ৰস্তুত কৰা হয়
হজম, গণোৰিয়া, হৃদৰোগ, কুষ্ঠ, কঁকালৰ বিষ
মানসিক ৰোগ আদিৰ ঘৰুৱা ঔষধ! বনৰৌৰ
হাওঁফাওঁ বাহিৰ কৰি হাপানীৰ ঔষধ
পাকস্থলী বাহিৰ কৰি কৃমিৰ ঔষধ
তেজবোৰ বাহিৰ কৰি উচ্চ ৰক্তচাপৰ ঔষধ
তাতেই অন্ত নহয়
বনৰৌৰ জোঙা নখবোৰো ব্যৱহাৰ হয় যাদুবিদ্যাত!!
এই জগতখনত মানুহৰ বয়স কিমান?
উত্তৰঃ আনুমানিক দুই লাখ বছৰ!
উৰিবলৈ সক্ষম একমাত্ৰ স্তন্যপায়ী বাদুলিৰ বয়স?
উত্তৰঃ আনুমানিক পাঁচকোটি বছৰ!
নিৰীহ বিপন্ন হৈ পৰা বনৰৌৰ বয়স?
উত্তৰঃ আনুমানিক আঠকোটি বছৰ!
সেইবাবেই কোভিড-১৯!
সেইবাবেই আজি ‘নৱাগত’ মানুহৰ
পূৰ্বপুৰুষৰ মাংস ভক্ষণ কৰা ‘জীৱশ্ৰেষ্ঠ’ৰ এই দশা!
কৰ’না!
কাজিৰঙা পবিতৰা মানাহৰ গঁড়েও মনে মনে হয়তো
নীৰৱে নীৰৱে আমন্ত্ৰণ কৰিছেঃ
হে কৰ’না, দয়া কৰি আমাৰ খড়্গতো বসতি পাতা !
আমাৰ নিৰীহ গঁড়ৰ বয়সো আনুমানিক পাঁচ কোটি বছৰ!
পাঁচ কোটি বছৰ প্ৰাচীন গঁড়েও নীৰৱে নীৰৱে হয়তো আজি
কৰি আছে প্ৰাৰ্থনা
কৰ’না- আমাকো কৰা হে কৰুণা!