বিপাশ্যনাঃ ধ্যানত সুখৰ অন্বেষণ
পুষ্পাঞ্জলি শিৱম শৰ্মা
প্ৰতিজন ব্যক্তিয়ে জীয়াই থকা জীৱনটোৰ অপৰিহাৰ্য্য অংশ হিচাপে জাগতিক দু:খ কষ্ট, বেথা, হাঁহি বা কান্দোন এইবোৰক এক স্বাভাৱিক অৱস্থা বুলি আমি সকলোৱে মানি আহিছো।
সংসাৰত থাকি এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ নহয়,বা এইবোৰৰ পৰা একেবাৰে পলাই গৈ একাকিত্ব জীৱনপন্থা অৱলম্বন কৰাটোও সহজ নহয় এইটো ধ্ৰুৱ সত্য৷ এইবোৰক এৰাই চলাটো সম্ভব নহয়, গতিকে উপায় হৈছে তাক ভয় নকৰি প্রসন্ন চিত্তে গ্রহণ কৰি সহবাস কৰিব পাৰিলে , জীবনৰ দু:খ কষ্টৰ বোজা নিশ্চয়কৈ কিছু কমি যাব। হতাশাই আগুৰি ধৰিব নোৱাৰে তেতিয়া ।
বুদ্ধই কৈছিল , তুমি যদি কেতিয়াবা নদীৰ পাৰত বহি সূৰ্য উদয় হোৱা দৃশ্য উপভোগ কৰা দেখিবা তোমাৰ হৃদয় শান্ত হৈ পৰিব৷ কোনো উত্তাল তৰংগই তোমাৰ চিত্তক সেই সময়খিনিত আমনি নকৰে ৷উদিত সূৰ্যৰ লগত একাত্ম হৈ চাবা আৰু তেতিয়াই উশাহলৈ মন কৰিবা উশাহবোৰো শান্ত হৈ পৰিছে ৷
উশাহত এক ছন্দ জড়িত হৈ যাব আৰু এটি মিঠা গীতৰ লহৰ ঢৌ খেলি যাব ৷হৃদয় মন আনন্দত পুলকিত হব ৷
এই অনুভৱেই বিপাশ্যনা,যি মানুহৰ উশাহনিশাহৰ ভাৰসাম্যতাক প্ৰতিনিধিত্ব কৰে।
অৰ্থাৎ শান্তভাবে বহি উশাহবোৰক নিজা অনুভৱৰে হৃদয়ঙ্গম কৰিব লাগে।
প্ৰানায়াম আৰু বিপাশ্যনাৰ কিন্ত এইটোৱে বৃহৎ পাৰ্থক্য ।
প্ৰানায়ামত উশাহবোৰ সলনি কৰাৰ প্ৰয়াস কৰা হয় আৰু বিপাশ্যনাত উশাহ যেনেকৈ লৈ আছে তেনেকৈয়ে অনুভৱ কৰাৰ প্ৰয়াস কৰা হয়। সেই উশাহ লাগিলে যেনেকুৱাই নহওক কিয় ভাল কিম্বা বেয়া ,দ্ৰুত নাইবা ধীৰ ইত্যাদি।
যিসকলৰ মানসিক স্থিতি এনেকুৱা এক পৰ্যায়লৈ গৈ পাই যে , কাৰোবাৰ জন্মতো “উল্লাস” বোধ নকৰে মৃত্যুতো “দু:খ” বোধ নজন্মে,আৰু জন্ম মৃত্যু যে এক স্বাভাবিক নিয়ম তাক গ্ৰহণ কৰাৰ হেতু মানসিক প্রস্তুতি গঢ়ি তুলিব সক্ষম হৈছে সেইসকলে “বিপাশ্যক”৷
জীবনৰ সার্থকতা অথবা ব্যর্থতাৰ মাজত এক মানসিক ভাৰসাম্য অর্জন কিদৰে কৰিব পাৰি তাৰ পথ প্ৰদৰ্শন কৰে , “বিপাশ্যনা” নামৰ জীৱনৰ মাৰ্গদৰ্শনৰূপী পদ্ধতিটোৱে৷ ই হৈছে এনে এক পথ যত বাট বুলিলে এক মানসিক প্ৰশান্তিয়ে লগ দিয়ে। হৃদয় মন শান্ত হৈ পৰে
৷
বিপশ্যনা (সংস্কৃত) বা বিপস্সনা (পালী) প্ৰাচীন ভাৰতৰ এটি ধ্যান পদ্ধতি। এই বিদ্যাটি প্রায় ২৫০ হাজাৰ বছৰৰ আগতে গৌতম বুদ্ধদেৱে পুনৰাই আবিষ্কাৰ কৰিছিল ৷ সংস্কৃতত বিপশ্যনা মানে বিষয়বস্তুক এক ‘বিশেষ ভাবে দৃষ্টি দিয়াৰ ‘ ধাৰণা যত ‘বিশেষ’ মানে, ‘যথাযথ’, ‘যথাভূত’ অর্থাৎ যি যেনেকৈ আছে ঠিক সেই ৰূপেই কোনো প্রতিক্রিয়া নকৰি সমভাবে দেখা পোৱাৰ যোগ্যতা আহৰণ কৰা।
হেনোপ’লা গুনৰত্নই এই সম্পৰ্কত কৈছিল যে “ষ্পষ্টতা আৰু সঠিক ধাৰনাৰ সৈতে যিকোনো বিষয় প্ৰত্যক্ষ কৰা, প্ৰতিটো ঘতকক বেলেগ বেলেগকৈ চোৱা আৰু সেই বিষয়টোৰ সকলোতকৈ মৌলিক বাস্তৱিকতাক বুজিবলৈ সকলো প্ৰকাৰে তাক ছিন্ন কৰাই বিপাশ্যনা ৷”
বিপশ্যনা হৈছে স্বপর্যবেক্ষণৰ দ্বাৰা আত্মশোধন কৰাৰ এক প্রক্রিয়া। নিজৰ স্বাভাবিক নিশ্বাসক মনযোগ দি লক্ষ্য কৰি প্ৰথমে নিজৰ মনক একাগ্র কৰিব পৰাটো হৈছে এই পদ্ধতিৰ প্রথম ধাপ।
নিজ নিজ শৰীৰ আৰু মনৰ অবিনশ্বৰতা আৰু অনিত্য প্রকৃতিৰ প্রতি সংবেদনাৰ স্তৰত আমাৰ পঞ্চইন্দ্ৰিয়ৰ জৰিয়তে সজাগতা আৰু শুদ্ধিক প্ৰনিধান দি অনিত্যতা, দুঃখ আৰু অহং-অস্মিতা মিলি যোৱাৰ যি চিৰন্তন সত্য তাক অনুভব কৰাৰ নামেই হৈছে “বিপশ্যনা”৷
ইয়াৰ পাচটা সিদ্ধান্ত হৈছে _ কোনো জীৱকে হিংসা নকৰা,চুৰিকাৰ্যৰ পৰা বিৰত থকা, ব্ৰহ্মচাৰ্য পালন কৰা ,অপশব্দৰ প্ৰয়োগ নকৰা আৰু যিকোনো নিচাৰ পৰা দূৰৈত থকা ৷
বিপাশ্যনা ৰ ক্ষেত্ৰত বুদ্ধৰ বানী যে “আহা আৰু চাই লোৱা” মানিবৰ প্ৰয়োজন নাই ।চোৱা,তাৰ পিছত মানিবা আৰু যিয়ে দেখিলে সেইসকলে মানিলোৱাটো জৰুৰী বুলি নহয় বৰং তাক অনিবাৰ্য বোধ কৰি মানিয়েই লয়।”
ই অতি চিধা আৰু সৰল এক প্ৰয়োগ ব্যক্তিৰ নিজৰ উশাহনিশাহক লৈ ৷ উশাহেই জীৱন আৰু এই উশাহৰ লগতে মানুহৰ দেহ তথা আত্মা জড়িত আছে। উশাহ ব্যক্তিৰ বাবে এক সেতুৰ দৰে কাম কৰে৷এইটো পাৰত দেহ আৰু সিটো পাৰত আত্মা ৷ যদি উশাহক সঠিককৈ প্ৰত্যক্ষ কৰিব পাৰে বোধ কৰিব পাৰে তেতিয়া নিশ্চয়কৈ স্বজ্ঞানক লাভ কৰিব পাৰি ৷ শৰীৰৰ পৰা যে ভিন্ন আমি সকলো এজন স্ৱকীয় আত্মা তাক অনুভৱ কৰিব পাৰি।
আত্মশুদ্ধি আৰু মনৰ এক সৰল উপলব্ধিৰ অনুভৱবোধক ধাৰণ কৰিবলৈ এই পদ্ধতিয়ে মানুহৰ এক শোধন প্ৰনালী হিচাপে ভূমিকা গ্ৰহণ কৰে ৷ প্ৰতিজন মানুহৰ জীৱন আৰু জীৱন ধাৰণ প্ৰনালী এক ৰহস্যময় আকৰ এই পৃথিৱীত৷
বুদ্ধি বিবেচনাৰ উর্ধতো কিন্ত এটি স্বাশ্বত উর্জা আছে যাক চেতনা বুলি কোৱা হয়। এই শক্তি কেৱল ব্যক্তিৰ মস্তিষ্ক পর্য্যন্ত সীমিত নহয়। ই ব্যক্তিৰ সম্পূর্ন সত্ত্বাজুৰি ব্যাপ্ত হৈ থকা এটা উৰ্জা। এই চেতনা একেবাৰে নির্ভেজাল। এই চেতনা, কোনেও কাকো দিয়া শিক্ষাৰ দ্বাৰা প্রভাবিত নহয় ।বা এনেকৈ আহৰণো কৰিব নোৱাৰি। চেতনা যিমান বেছি জাগ্রত হব , মানুহৰ চিন্তাধাৰা আৰু ভূমিকা সিমানেই নিৰপেক্ষ হয়।
চেতনাৰ জাগৰনে মানুহক অতীতকালৰ দুঃখদায়ী বা হতাশাজনক ঘটনাৰ পৰা নিজকে বিচ্ছিন্ন কৰাই দিয়াৰ সামৰ্থতা ৰাখে, আৰু বর্তমানৰ প্রতি বেছি ইতিবাচক মানসিকতাক গঢ় দিয়াত সহায় কৰে আৰু সেয়া কিন্তু নির্লিপ্ততাৰে৷ যাৰবাবে শৰীৰ আৰু মনৰ বিভিন্ন চিন্তা দুশ্চিন্তা, ৰাগ বিদ্বেষ ইত্যাদিৰ পৰা নিজক বিচ্ছিন্ন কৰিব পাৰে আৰু ভবিষ্যতৰ প্রতি অকাৰনে উদ্বিগ্ন হোৱা অৱস্থাক নিয়ন্ত্ৰণো কৰিব পৰা হৈ যায়।
ধ্যান, যিয়ে আমাৰ এই চেতনাক জাগৃত কৰাত সহায়ক হয়। ধ্যান হৈছে অদৰকাৰী আৰু অপকাৰী চিন্তাৰ পৰা বিৰত থকাৰ বাবে কৰাৰ এক চেষ্টা বা অবস্থা। চেতনা অন্তর্মুখী, কিন্ত বুদ্ধি বহির্মুখী। বুদ্ধি আৰু চেতনাৰ এইটো এক বিশাল পাৰ্থক্য ।
“বিপাশ্যনা”পন্থাটি যদিও বুদ্ধদেৱে পুনৰাই আবিষ্কাৰ কৰি প্রচাৰ আৰু প্ৰসাৰ কৰিছিল, তথাপি এই সাধনাটি কোনো নির্দিষ্ট সম্প্রদায়ৰ অথবা দল-উপদলৰ মাজত আবদ্ধ বা সীমাবদ্ধ নহয়, বৰঞ্চ সকলো জাতি-সম্প্রদায় নির্বিশেষে ই সার্বজনীন ৷ দুঃখ আৰু পীড়াৰ পৰিত্ৰাণৰ সার্বজনীন প্রতিকাৰৰ এক ব্যৱস্থাই হৈছে “বিপশ্যনা”।
বৌদ্ধ সম্প্রদায়ৰ এই সাধনাৰ প্রচাৰ প্রায় দশম শতাব্দীৰ আশেপাশে উঠি গৈছিল কিন্তু অষ্টাদশ শতাব্দীত ম্যানমাৰৰ টোউঙ্গু আৰু কোনবাউং ৰাজবংশ তখনকাৰ সতিপঠান সুত্ত, বিশুদ্ধিমগ্গ প্রভৃতি বিভিন্ন গ্রন্থত উল্লেখ কৰি এই সাধনাৰ প্রবর্তন আৰু পুনঃপ্ৰচাৰ কৰা হয়। “বিপশ্যনা ’’হ’ল এনে একা ‘প্রজ্ঞা’ যাৰ অৰ্থ ‘প্রকৃত সত্যৰ প্ৰতি অন্তর্দৃষ্টি’ অথবা এককথাত এনে এক ‘প্রত্যক্ষ-জ্ঞান’, যাৰ সংজ্ঞা ‘ দুঃখ, অনাত্ম ভাব আৰু অনিচ্চ’ বা অনিত্যতা।
বিংশ শতাব্দীত“ বিপশ্যনা” আন্দোলনে এক গুৰুত্বপূৰ্ণ মাত্ৰা পাইছিল ভাৰতীয় মূলৰ ব্রহ্মদেশজাত আচার্য সত্যনাৰায়ণ গোয়েঙ্কা আৰু তেওঁৰ গুৰু চায়াজি উ বা খিন-ৰ সান্নিধ্যত ৷
তেওঁ এই বিদ্যা শিকি লাভান্বিত হৈছিল আৰু নিজৰ ক্ষমতা আৰু সদিচ্ছাৰ বাবে মানবসমাজৰ দুঃখ নিৰাশা আদিৰ পৰিত্ৰাণৰ পথ দেখুৱাই দিবলৈ “ বিপশ্যনা”ক বিশ্বৰ মাজলৈ লৈ আহিছিল৷ যি শিক্ষাৰ অন্তৰালত তথা উদ্দেশ্যত লুকাই আছে জীবনক যাপনৰ কলা, বাচি থকাৰ কৌশল৷
সত্যনাৰায়ণ গোয়েঙ্কাৰ উদ্যোগতেই “বিপশ্যনা”কেবল বৌদ্ধসকলৰ মাজতেই আবদ্ধ নাথাকিল ই লাহে লাহে এক অসাম্প্রদায়িক আৰু সার্বজনীন দিশত পৰিণত হৈ সাধাৰণ জনতাৰ সমুখত আহি পৰিছিল।
প্ৰকৃতাৰ্থত ধর্ম এটাই, যেনেকৈ অগ্নিৰ এটাই ধর্ম, দহন কৰা , পানীৰ প্রবাহিত হোৱা আৰু যিদৰে সূৰ্য্য সমদৰ্শী। ঠিক তেনেদৰেই মানুহৰো এটাই ধর্ম “মানুবত্ব” আৰু যাক অনুভৱ কৰিব পাৰি এই বিপশ্যনা ধ্যান পদ্ধতিৰ জৰিয়তে৷
“বিপশ্যনাৰ” উদ্দেশ্য কেৱল মনক একাগ্র কৰা নাইবা ৰোগৰ পৰি পৰিত্ৰাণ পোৱাৰ বাবে কৰা সাধনাই নহয় ইয়াৰ মূল উদ্দেশ্য মনক সমস্ত জাগতিক দুঃখ ৰ পৰা নিস্তাৰ দিয়া , চিত্তৰ লগত সমতা স্থাপন কৰা আৰু মনৰ বিশুদ্ধতাক ৰক্ষা কৰা, যাৰ চূড়ান্ত ফল হিচাপে সুখ আৰু প্ৰশান্তিৰ প্ৰাপ্তি আৰু লগতে পূর্ণমুক্তিৰ ধাৰণাক আহৰণ কৰিব পাৰি ৷
ই হৈছে মনক শান্ত আৰু নিৰ্মল কাি ৰখাৰ এক বৈজ্ঞানিক বিধি। একপ্ৰকাৰৰ মানসিক ব্যায়াম বুলিও কব পাৰি।
যিদৰে শৰীৰক সুস্থ সুন্দৰ কৰিবলৈ শাৰীৰিক ব্যায়াম কৰিব লাগে ঠিক তেনেকৈ মনটোকো শান্ত সবল সুষ্ঠ আৰু দৃঢ় কৰিবলৈ “বিপাশ্যনা” ৰ সহায় লব পাৰি। ইয়াৰ নিৰন্তৰ অভ্যাসে মনৰ যিকোনো স্থিতিৰ ভাৰসাম্যতা বজাই ৰাখে ৷
এককথাত কবলৈ গলে মহাত্মা বুদ্ধৰ শিক্ষাৰ ব্যৱহাৰিক সাৰাংশই হৈছে “বিপাশ্যনা” ৷ যিয়ে “ধম্ম” মানে প্ৰকৃতিৰ নিয়মক আৰু অস্তিত্বক বোধগম্য কৰিব শিকায়। প্ৰকৃতি অবিহনে সকলো অসাৰ ৷
যেতিয়াই মনত কিবা বিচাৰ নাইবা বিকাৰ উৎপন্ন হয় তেতিয়া আমাৰ শৰীৰত দুইপ্ৰকাৰৰ ক্ৰিয়া আৰম্ভ হৈ যায় ।এটা হৈছে উশাহৰ যি সচৰাচৰ গতি থাকে তাত পৰিৱৰ্তন আৰম্ভ হয় অৰ্থাৎ উশাহ নিশাহত সালসলনি হব ধৰে । তেতিয়া জীৱৰ দেহত কিছুমান ৰাসায়নিক প্ৰক্ৰিয়া আৰম্ভ হয় যাৰ পৰিনামস্বৰূপে সংবেদনশীলতাৰ নিৰ্মাণ হয় । প্ৰতিটো বিচাৰৰ বাবদ নতুন নতুন সংবেদনৰ সৃষ্টি হয় ।
সামান্য ব্যক্তিয়ে ইয়াক অনুমান কৰিব নোৱাৰে কিন্ত “বিপাশ্যক”সকলে দেহত হব পৰা প্ৰতিটো সংবেদনক বোধ কৰি সেইঅনুসাৰে নিজক পৰিচালিত কৰিব পাৰে আৰু সেয়াই “বিপাশ্যনা” ৷
ইয়াৰ চৰ্চাৰ বাবে ঘৰৰ সকলোতকৈ শান্ত ঠাইখিনিত আসন পাৰি প্ৰথমে বদহি লব লাগে ৷লাইট বন্ধ কৰি ডিঙি আৰু ককাল চিধাকৈ ৰাখি চকুমুদি আৰামত নাকেৰে অহাযোৱা কৰা উশাহনিশাহৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব লাগে৷ লাহে লাহে উশাহনিশাহত কেন্দ্ৰিত হোৱাৰ পিছত দেহত কি কি সংবেদনশীলতা সৃষ্টি হয় তাক অনুভৱ কৰাই হৈছে “বিপাশ্যনা”ৰ সাৰ্থকতা৷
ইয়াৰ পৰা সৃষ্ট একাগ্ৰতাই তিনিপ্ৰকাৰৰ হিত সাধন কৰিব পাৰে ৷
•শক্তি উৎপন্ন হয়•ধৈৰ্যৰ সৃষ্টি হয়•শক্তি আৰু ধৈৰ্যৰ সমন্বয়ত “সাহস” অনুভৱ হয়৷
শেষত এই “বিপাশ্যনা”ৰ শক্তিক স্বচক্ষে প্ৰত্যক্ষ আৰু হৃদয়ঙ্গম কৰা কেইগৰাকীমান ব্যক্তিৰ অনুভৱৰে উল্লেখ কৰা হ’লঃ
“বিপাশ্যনা সাধনাৰ প্ৰয়োগৰ ফলত মোৰ সকলো নিচাৰ অভ্যাস এৰা গ’ল ৷মোৰ মাইগ্ৰেনৰ সমস্যাও নোহোৱা হল ৷জীৱনত সহনশীলতা আহি পৰিল আৰু মোৰ যি স্বাৰ্থপৰ স্বভাব ছিল সেয়া বহুত কমি গল ।”- ন’ৰিচ, অধ্যাপিকা (অষ্ট্ৰেলিয়া)
“মই এতিয়া কোনোধৰনৰ নিচা সেৱন নকৰো ৷“বিপাশ্যনা”ৰ নিয়মিত অভ্যাসে নিচাৰ প্ৰতি দূৰ্বলতা নাইকিয়া কৰিলে ৷এতিয়া বোধকৰো মই মোৰ সাংসাৰিক দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অধিক সজাগ আৰু সুচাৰুৰূপে পৰিচিলনা কৰিব সমৰ্থ হৈছো ৷বস্তুগত জীৱনৰ সমস্যাই এতিয়া মোক কোনোধৰনে অহিত কৰিব নোৱাৰে। ”– বিন্নী(ইংলেণ্ড) ৷
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)