-মহাবাহু |
বতাহত মিহলি হৈ আছে মাৰক অণুজীৱ। সংখ্যা কিমান হ’ব পাৰে কল্পনাতীত। ৫ বছৰ পূৰ্বে স্পেইনৰ চিয়েৰা নেভেদা পাৰ্বত্য অঞ্চলত গ্ৰানানদা বিশ্ববিদ্যালয়ৰ তৰফৰপৰা এসময়ত বতাহৰ সমীক্ষা কৰা হৈছিল আৰু তেতিয়া ধৰা পৰিছিল যে প্ৰতিদিনে ১ বৰ্গমিটাৰত ১ কোটি ভাইৰাছ উদ্ভৱ হৈছে। ইয়াৰে ২ বছৰ পিছত ২০১৫ চনত একেই অঞ্চলত দ্বিতীয়বাৰ চলোৱা সমীক্ষাত ধৰা পৰিল যে ভাইৰাছৰ সংখ্যা ১০ গুণ বৃদ্ধি পাইছে। একে ধৰণৰ প্ৰমাণ পোৱা গৈছে মধ্যপ্ৰাচ্য, চাহাৰা মৰুভূমি, কলম্বিয়া, ছানফ্ৰান্সিছকো আৰু ৱাশ্বিংটনত। অণুজীৱবিদসকল এতিয়াও নিশ্চিত নহয়, বিশ্বক আৱৰি থকা ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংখ্যা কিমান হ’ব পাৰে। অথবা কিমান ধৰণৰ অণুজীৱে বিশ্বখনক ঘেৰি ৰাখিছে—সেই সংখ্যাক লৈও কোনো ধৰণৰ সমীক্ষাৰ প্ৰতিৱেদন এই পৰ্যন্ত কোনো এখন বিশ্ববিদ্যালয়ৰ গৱেষকেও নিৰ্ধাৰণ কৰিব পৰা নাই। কিন্তু বিজ্ঞানীসকল নিশ্চিত যে এই ভাইৰাছৰ বাসস্থান হ’ল ট্ৰপোস্ফিয়াৰত। যিটো স্তৰেৰে জেট বিমানে যাতায়াত কৰে, সেই স্তৰতেই ক’ৰবাত সমষ্টিবদ্ধভাৱে তথা কোনো স্থানত নিঃসংগতাৰে অৱস্থান কৰিছে অণুজীৱৰ দলে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ অণুজীৱবিদ কাৰ্টিচ চ্যুটেলে কৈছে যে কানাডা অঞ্চলত প্ৰতিদিনে এজন মানুহে ২৫ ধৰণৰ ভাইৰাছৰদ্বাৰা আক্ৰান্ত হয়।
কিন্তু প্ৰশ্ন হ’ল—এনে বিশাল পৰিমাণৰ ভাইৰাছ আহে ক’ৰপৰা? ইয়াৰ উত্তৰত ‘ইণ্টাৰনেছনেল ছায়েন্স ছ’চাইটি’ৰ তৰফৰপৰা প্ৰকাশিত বিজ্ঞান সাময়িকী ‘মাইক্ৰ’বিয়াল ইক’লজিকেল জাৰ্নাল’ত এনেদৰে উল্লেখ কৰা হৈছে যে সাগৰ, বাষ্প আৰু মৰু অঞ্চলৰ উত্তাপে জন্ম দিছে অণুজীৱসমূহক।
ভাইৰাছ বা বেক্টেৰিয়া এনে ধৰণৰ অণুজীৱ যে সেইবোৰে বায়ুশূন্য তথা জলশূন্য স্থানতো বাচি থাকিব পাৰে। গতিকেই ট্ৰপোস্ফিয়াৰত সেইসমূহৰ বাসস্থান সম্ভৱ। যিকোনো এটা ভাইৰাছ বা বেক্টেৰিয়াৰ প্ৰতিৰোধ কৰিবলৈ টিকা বা ঔষধ বা কোনো প্ৰতিষেধক আৱিষ্কাৰ কৰোতে যিমান সময় লাগে, সেই সময়ৰ ভিতৰত অন্ততঃ ২৫ হাজাৰ কোটি অণুজীৱৰ জন্ম হয়। কোনো ধৰণেই অণুজীৱৰ জন্মক প্ৰতিৰোধ কৰা সম্ভৱ নহয় বুলি দৃঢ়ভাৱে মত পোষণ কৰিছে গ্ৰানাডা বিশ্ববিদ্যালয়ৰ গৱেষক ইছাবেল ৰিশ্বিয়েও।