-মহাবাহু |
লক্ষ্ণৌ : লক্ষ্ণৌৰ এৰা মেডিকেল বিশ্ববিদ্যালয়ত আৰম্ভ কৰা হ’ল ‘‘আনন্দ বিভাগ’’ নামেৰে এটা নতুন বিভাগ আৰু ইয়েই হ’ল ভাৰত উপমহাদেশৰ সমগ্ৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত সৰ্বপ্ৰথম প্ৰচেষ্টা। মেডিকেল আৰু পেৰা-মেডিকেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিশেষ ‘চাৰ্টিফিকেট কোৰ্ছটো মুকলি কৰা হৈছে। স্বাস্থ্যক্ষেত্ৰত সাধাৰণতে অত্যধিক চাপ সহ্য কৰি কাম-কাজ কৰিবলগীয়া চিকিৎসকসকলৰ মন-মেজাজ আনন্দময় কৰি ৰাখিবলৈকে এই বিভাগ আৰম্ভ কৰা হৈছে।
এৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আব্বাচ আলি মাহাদিয়ে কৈছে যে—‘‘ছাত্ৰসকলৰ মন যাতে আনন্দেৰে ভৰপূৰ হৈ থাকে, তেওঁলোকে যাতে সকলো প্ৰকাৰৰ চাপ মূৰত লৈও যি কোনো কাম কৰি থাকিব পাৰে, সেয়া চিন্তা কৰিয়েই এই ধৰণৰ ‘আনন্দ বিভাগ’ আমি আৰম্ভ কৰিছো। যিকোনো অস্বস্তিকৰ পৰিস্থিতিৰ মাজতো যাতে মেডিকেল আৰু পেৰা-মেডিকেলৰ ছাত্ৰ-ছাত্ৰীসকলে মেজাজ ঠাণ্ডা ৰাখি কাম কৰি যাব পৰাৰ বাবেই এনে পদ্ধতি অৱলম্বন কৰা হ’ল।’’
‘‘আনন্দ বিভাগ’ৰ মুৰব্বী হিচাপে যোগদান কৰিছে মিতা ঘোষ মহোদয়াই। অধ্যাপক আব্বাচ আলি মাহাদিয়ে জনাইছে যে সম্প্ৰতি চাৰ্টিফিকেট কোৰ্ছ আৰম্ভ কৰিলেও আগন্তুক দিনত পূৰ্ণকালীন এক কোৰ্চ আৰম্ভ কৰা হ’ব। উত্তৰ প্ৰদেশৰ ‘মেডিকেল এডুকেছন’ৰ প্ৰধান সচিব ৰজনীশ ডুবেই আনুষ্ঠানিকভাৱে ‘আনন্দ বিভাগ’ৰ শুভাৰম্ভ কৰে। উপাচাৰ্যই কয় যে সকলোৰে বাবেই আমি এই আনন্দ বিভাগ মুকলি কৰিছো। বিশেষকৈ আগন্তুক দিনবোৰত যিসকলে চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট, পেৰামেডিক হ’বলৈ আগবাঢ়িছে, তেওঁলোকে এই বিভাগৰ আনন্দেৰে আনন্দিত হওক।
এই বিভাগটোৰ ‘কোৰ্ছ’ একেবাৰে গৱেষণামূলক। তৰ্ক-বিতৰ্কৰপৰা আৰম্ভ কৰি দল বান্ধি নানা কাম-কাজ কৰাৰ উপৰি হাতে-কামে নানা প্ৰশিক্ষণ—এনে ধৰণৰেই ‘কোৰ্ছ’টো কৰা হৈছে। ভাৰতৰ বাহিৰত এনে ‘কোৰ্ছ’ আছে আবু ধাবি বিশ্ববিদ্যালয়ত আৰু আমেৰিকাৰ ইয়ালে বিশ্ববিদ্যালয়ত। ইয়ালে বিশ্ববিদ্যালয়ত এনে আনন্দৰ শ্ৰেণী অতি জনপ্ৰিয়। দিল্লীতো চৰকাৰী বিদ্যালয়ত আনন্দৰ শ্ৰেণী খোলা হৈছে, সপ্তাহত দুদিনকৈ একোটা পিৰিয়ডৰ ব্যৱস্থা কৰা হৈছে। এই পিৰিয়ডত ধ্যান, সাধু কোৱা, ৰগৰ ইত্যাদিৰে ছাত্ৰ-ছাত্ৰীসকলক চাপমুক্ত কৰিবলৈ প্ৰয়াস কৰা হৈছে।
# # #
বৰ্জ্য পানীক পুনৰ্ব্যৱহাৰযোগ্য কৰি তুলিবলৈ নতুন প্ৰযুক্তি আই-আই-টি খৰগপুৰৰ
খৰগপুৰঃ বৰ্জ্য পানীক পুনৰ্ব্যৱহাৰযোগ্য কৰি তুলিবলৈ সম্প্ৰতি নতুন প্ৰযুক্তি সৃষ্টি কৰিবলৈ গৱেষণা আৰম্ভ কৰিছে খৰগপুৰৰ ‘ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকন’লজি’য়ে। ইউৰোপীয়ান ইউনিয়নৰ আৰ্থিক সহযোগিতাৰে নতুন প্ৰকল্পত কাম-কাজ আৰম্ভ কৰিব খৰগপুৰৰ প্ৰতিষ্ঠানটোৱে। বিশ্বজুৰি উদ্ভৱ হোৱা পানীৰ সমস্যাৰ সমাধানৰ বাবে এবাৰ ব্যৱহাৰ কৰা পানীক পুনৰ্ব্যৱহাৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ অনেক বিশেষজ্ঞই কাম-কাজ আৰম্ভ কৰিছে। ইতিমধ্যে এইক্ষেত্ৰত ইজৰাইল বহু আগবাঢ়ি গৈছে। খৰগপুৰৰ আই-আই-টিৰ বিশেষজ্ঞসকলে সেয়েহে নতুনকৈ গৱেষণাত লিপ্ত হৈছে। মাল্টি-ইন্সটিটিউছনেল, মাল্টি-কোৰ ২০ প্ৰকল্পৰ সৈতে প্ৰধান ভাৰতীয় সহযোগী হিচাপে কাম কৰিব আই-আই-টি, খৰগপুৰে। এই প্ৰকল্পত ইউৰোপীয় ইউনিয়নৰ লগতে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়েও আৰ্থিক সাহায্য প্ৰদান কৰিব। এই প্ৰকল্প বাস্তৱায়িত হ’লে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন অঞ্চলৰ পানীৰ সমস্যা লাঘৱ হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ বাবে খৰগপুৰ আই-আই-টি চৌহদৰ ভিতৰত তিনিটা ‘Water Treatment Plant’ তৈয়াৰ কৰা হ’ব আৰু তাতেই বৰ্জ্য পানীক লৈ গৱেষণা পূৰ্ণগতিৰে কৰা হ’ব। এনে বৰ্জ্য পানীক খেতিৰ কামতো কিদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়েও প্ৰাধান্য দিয়া হৈছে। শিক্ষা প্ৰতিষ্ঠানটোৰ অন্তৰ্গত ‘আদিত্য চৌবে চেণ্টাৰ ফৰ ৰি-ৱাটাৰ ৰিৰ্ছাৰ্চ’ৰ অধ্যাপক মাকৰণ্ড মাধাও ঘনগ্ৰেকৰে কৈছে যে, তিনিটা প্লেণ্টত আমি বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি লক্ষ্য কৰিম যে কোনটো প্ৰযুক্তিত সবাতোকৈ ভালকৈ কাম-কাজ সম্পন্ন হৈছে। তদুপৰি কেইখনমান ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত এনে ধৰণৰ অতিৰিক্ত সাতোটা ‘ৱাটাৰ প্লেণ্ট’ বহুওৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। সেইসমূহ হ’ল, আই-আই-টি, মাদ্ৰাজ, আই-আই-টি, ভুবনেশ্বৰ, আই-আই-টি, ৰুৰকী, এন-আই-টি-আই-ই, মুম্বাই, এম-এন-আই-টি, জয়পুৰ, আৰু টি-ই-আৰ-আই স্কুল অৱ এডভান্সড্ ষ্টাডিজ। এই সকলো প্ৰকল্পৰ কাম-কাজ পৰিচালনা কৰিব আই-আই-টি, খৰগপুৰে। ইয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব ইউৰোপৰ প্ৰতিষ্ঠান ‘বিওকেইউ’ (University of Natural Resources and Life Sciences, Viena) ই।