চাহাৰা মৰুভূমিত সৃষ্টি বৰফৰ চাদৰ
•দিলীপ দৈমাৰী
নিশাটোৰ ভিতৰতেই বালিৰ মৰুভূমি ঢাকি পেলালে বৰফৰ চাদৰে। চাহাৰা মৰুভূমি মানেই প্ৰচন্ড গৰম, ভয়াবহ উষ্ণ অঞ্চল। চাহাৰাত ইমানেই বেছি গৰম যে তাত মানুহৰ কথা বাদেই, সৰহভাগ প্ৰাণীয়েই সেই গৰমত জীয়াই থাকিব নোৱাৰে। চাৰিওফালে মাইলৰ পিছত মাইল ধৰি কেৱল বালি আৰু বালি। পৰিসংখ্যা অনুসৰি ৫৮ ডিগ্ৰী পৰ্যন্ত গৰম হয় চাহাৰাত। এতিয়া সেইহেন চাহাৰাতেই বৰফৰ আচ্ছাদন!বিগত কিছুদিনৰ প্ৰচন্ড তুষাৰপাতৰ ফলত চৌদি আৰৱৰ উত্তৰ- পশ্চিমাঞ্চলৰ বহু ঠাই বৰফৰ চাদৰে ঢাকি পেলাইছে। বৰফৰ চাদৰে ঢাকি পেলোৱা চাহাৰাক দেখি সমগ্ৰ বিশ্বৰ মানুহ স্তম্ভিত হৈ পৰিছে যদিও এয়াই প্ৰথমবাৰৰ বাবে হোৱা ঘটনা নহয়। ইতিপূৰ্বে ১৯৭৯ চনত পোনপ্ৰথমবাৰৰ বাবে চাহাৰা মৰুভূমিত পোন প্ৰথমবাৰৰ বাবে বৰফ পৰি সকলোকে হতবাক কৰি পেলাইছিল।বিভিন্ন স্থানত তাপমাত্ৰা হিমাঙ্কৰ তললৈ গুচি যোৱাৰ বাবে চৌদি আৰৱৰ পৰিৱেশ দপ্তৰে স্থানীয় বাসিন্দা সকলক নিজৰ নিজৰ ঘৰ-দুৱাৰ উষ্ণ অৱস্থাত ৰাখিবলৈ আৰু বিপদজনক স্থানত ভ্ৰমণ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। চৌদি আৰৱৰ পৰিৱেশ দপ্তৰে জনাইছে যে তীব্ৰ শীত আৰু বতাহৰ গতি অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বালিৰ দেশত দিন আৰু ৰাতিৰ তাপমাত্ৰাৰ তাৰতম্য হৈয়েই থাকে। কিন্তু শূণ্যৰ ইমান তললৈ তাপমাত্ৰা নামি যোৱাটো এক বিৰলতম ঘটনা হিচাপে পৰিগণিত হৈছে। লোহিত সাগৰৰ নিম্ন বায়ুৰ চলাচল দক্ষিণ-পূৱৰ পৰা দক্ষিণলৈ ১৫-৪০ কিলোমিটাৰ গতিবেগত বলি আছে। চাইবেৰিয়াৰ পৰা অহা তীব্ৰ শীতল বতাহৰ বাবে চৌদিৰ তাপমাত্ৰা হিমাঙ্কৰ তললৈ গুচি গৈছে বুলি পৰিৱেশবিদ সকলে ধাৰণা কৰিছে।সমগ্ৰ চৌদি আৰৱ এতিয়া প্ৰচন্ড ঠান্ডাত কম্পমান হৈ আছে। মাজে মাজে পাতল বৰষুণে সেই ঠান্ডা অধিক বৃদ্ধি কৰিছে। অত্যাধিক তুষাৰপাতৰ ফলত বাট-পথ বৰফে ঢাকি পেলাইছে। কিন্তু ইয়াৰ মাজতে মানুহবোৰে বৰফ লৈ খেল-ধেমালিও কৰিবলৈ ধৰিছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২০০০ ফুট উচ্চতাৰ উত্তৰ আলজফৰ পাহাৰীয়া অঞ্চল বৰফে ঢাকি পেলাইছে। কিছুমান চহৰত শীতৰ মাত্ৰা ইমানেই কমি গৈছে যে উটৰ চকুৰ পানী তললৈ পৰোতেই বৰফ হৈ পৰিছে! সম্প্ৰতি এনে এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে চোছিয়েল মেডিয়াত। জৰ্দানৰ সীমান্তৱৰ্তী তুৰাইফ আৰু কুৰাইয়াত চহৰৰ তাপমাত্ৰা আছিল যথাক্ৰমে মাইনাচ ১৩ আৰু মাইনাচ ১০ ডিগ্ৰী চেলচিয়াছ। উত্তৰাঞ্চলৰ হাইল চহৰৰো একেই অৱস্থা। চৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ তাপমাত্ৰা অহা সপ্তাহত হিমাঙ্কৰ তললৈ মাইনাচ ৬ ডিগ্ৰী চেলচিয়াছ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
ছৱি: নিউয়ৰ্ক টাইমছৰ পৰা