-মহাবাহুৰ মেজৰ পৰাঃ |
‘বুম ৱেবচাইট’ৰ তৰফৰ পৰা জানুৱাৰী মাহৰ পৰা মে’ মাহ পৰ্যন্ত ‘চোছিয়েল মেডিয়া’ত বিয়পি পৰা বাতৰিসমূহ সমীক্ষক সকলে বিশ্লেষণ কৰিছে। ‘ফেক নিউজ ইন দ্যা টাইম অফ কৰ’না ভাইৰাছ : এ বুম ষ্টাডি’ শিৰোনামৰ এক সমীক্ষা-প্ৰতিবেদনত কোৱা হৈছে যে ‘কৰ’না-পৰ্ব’ত তেওঁলোকে মুঠ ১৭৮ টা ভুৱা, অসত্য আৰু বিভ্ৰান্তিকৰ ‘সংবাদ’ -অৰ সত্যাসত্য পৰীক্ষা কৰি চাইছে। সেইবোৰৰ কোনটো কোন ‘ফৰ্মেট’ত, কোন মাধ্যমত, কি উদ্দেশ্যত বিয়পোৱা হৈছে, তাকো বিশ্লেষণ কৰিছে ‘বুম’ সমীক্ষাই। এই বিশ্লেষণৰ পৰাই প্ৰমাণিত হৈছে যে এনেধৰণৰ ভুৱা বাতৰি, উৰাবাতৰি আদিৰ বৃহৎ অংশৰ দ্বাৰা ‘টাৰ্গেট’ কৰা হৈছে মুছলমান সম্প্ৰদায়ক। অসত্য ভিডিঅ’ বিস্তাৰিত কৰি দাবী কৰা হৈছে যে মুছলমান সকলৰ পৰাই কৰ’না ভাইৰাছ বিয়পি পৰিছে, তেওলোকে বিয়পাইছে। সমীক্ষাই কৈছে যে ‘চোছিয়েল মেডিয়া’ত এনেবোৰ ‘ফেক'(ভুৱা) সংবাদৰ মাধ্যমেৰে ভুল আৰু বিভ্ৰান্তিকৰ সংবাদ বিয়পাই দিয়া হৈছে – এইবোৰৰ আকৌ ৩৫% হ’ল ভিডিঅ’, ‘টেক্সট্ ফৰ্মেট’ হ’ল ২৯% , অডিঅ’ ক্লিপৰ দ্বাৰা বিয়পোৱা হৈছে ২% ! তাৰোপৰি প্ৰচলিত সংবাদ মাধ্যমৰ সংবাদ হিচাপে ৪% ভুৱা ( ফেক)! ইয়াৰ লগতে ‘ফেক’ সংবাদৰ প্ৰৱণতা বুজিবলৈ যত্ন কৰিছে বিশ্লেষক সকলে। তেওঁলোকৰ সমীক্ষাত ধৰা পৰিছে যে যোৱা জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ ‘ফেক’ সংবাদৰ পটভূমি আছিল চীনদেশ। তাৰ সৈতে যোগ দিয়া হৈছিল ভৱিষ্যতবাণী। অৰ্থাৎ কি হাৰত কৰ’না বিয়পিব, বিশ্বৰ কোন কোন দেশত বেছিকৈ বিয়পিব, কিমান লোকৰ মৃত্যু হ’ব, ইত্যাদি। ইয়াৰোপৰি আছিল চিকিৎসা, ভাইৰাছৰ প্ৰতিৰোধ, থলুৱা ঔষধ, ইত্যাদি নানা মতামত। এই সময়ত চোছিয়েল মেডিয়াত ‘ট্ৰেন্ড’ আছিল উহান, হুবেই, চীনদেশ, কৰ’নাভাইৰাছ। যেনে, চীনে ‘জৈবিক অস্ত্ৰ বজাৰত মুকলি কৰি দিছে’ — ইয়াৰ সপক্ষে যুক্তি হিচাপে বহু ‘মেছেজ’, ভিডিঅ’ এৰি দিয়া হৈছে চোছিয়েল মেডিয়াত। আনকি জাপানৰ এগৰাকী নোবেলজয়ী ‘ভাইৰ’লোজিষ্ট’-এ নিজ মুখেৰে কোৱা বুলিও ভুৱা বাতৰি এৰি দিয়া হৈছিল, যি বাতৰিৰ দ্বাৰা জনোৱা হৈছিল যে জাপানৰ নোবেলজয়ী বিশেষজ্ঞই কৈছে যে কৰ’না ভাইৰাছ উহানৰ গৱেষণাগাৰত তৈয়াৰ কৰা হৈছে বুলি তেওঁ নিশ্চিত। মাৰ্চ মাহত আকৌ ‘ফেক’ নিউজৰ পটভূমি হৈ পৰিছিল ইটালী আৰু লকডাউন। ইনকি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ ছৱি দি জনোৱা হৈছিল যে ইটালীৰ প্ৰধানমন্ত্ৰীয়ে বুকু ভাঙি কান্দিছে – ইটালীক ৰক্ষা কৰিব নোৱাৰি!
ভাৰতত প্ৰথম সংক্ৰমণ ধৰা পৰে জানুৱাৰীত। কেৰেলাত। উহানৰ পৰা উভতি অহা তিনিজনৰ শৰীৰত কৰ’না ধৰা পৰে। মাৰ্চৰ শেষৰ ফালে আন্তৰ্জাতিক বিমান সেৱা বন্ধ হয়। আৰম্ভ হয় লকডাউন। ইয়াৰ সমসাময়িকভাবে জনতা সান্ধ্য আইন , কাহ-তাল-শঙ্খ- কাহী- বাতি- টিলিঙা বজোৱা পৰ্ব; বাৰান্দাত মমবাতি-চাকি-টৰ্চ- মোবাইল জ্বলোৱা পৰ্ব; … এইবোৰৰ লগে লগে ভাৰত উপমহাদেশত ‘ফেক’ সংবাদ দুৰন্ত গতিপ্ৰাপ্ত হৈছে। সমগ্ৰ বিশ্বৰ ‘ফেক’ৰ ৰাজধানী হৈ পৰিছে ভাৰত। উদ্বেগ বঢ়োৱা প্ৰৱণতা লক্ষ্য কৰা গৈছে এপ্ৰিলৰ পৰাই। সেই সময়তেই বহু সাম্প্ৰদায়িক ‘ফেক’ সংবাদৰ সৃষ্টি হৈছে। বহু ‘ফেক’ সংবাদৰ লক্ষ্য কৰা হৈছে মুছলমান সম্প্ৰদায়ক। দিল্লীৰ তবলিগি জামাতৰ ঘটনাই ‘ফেক’ সংবাদক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি সমীক্ষাত প্ৰকাশ। অধিক তাফমাত্ৰাত কৰ’না বাচি থাকিব নোৱাৰে বুলি এজন চিকিৎসকৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল।ভিডিঅ’টোত দাবী কৰা হৈছিল যে চিকিৎসকজন দিল্লীৰ এইমচ-অৰ। কিন্তু ‘ফেক্ট’ পৰীক্ষা কৰি গম পোৱা গৈছে যে তেওঁ এইমচ-অৰ নহয়, বাংলাদেশৰ এজন চিকিৎসক। এনে অজস্ৰ উদাহৰণ দিয়া হৈছে সমীক্ষাটোত।••