ৰুমা শৰ্মা
জাতীয় নায়ক:
[ মহাবাহু আৰু মাল্টিকালশ্বাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট’-এ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৰুমা শৰ্মাৰ ৰচনাখন]
আৰম্ভণিঃ
জাতীয় নায়ক যাৰ ওচৰত ইতিহাসো নতশিৰ হৈ থাকে। জাতীয় নায়কৰ হাততে থাকে একোছোৱা সময়। যুগ যুগ ধৰি মানৱ সভ্যতা সলনি হৈছে আৰু এই সভ্যতাৰ প্ৰতিটো পৰিঘটনাৰ আঁৰত আছে একোজনকৈ নায়ক, লাগিলে তেওঁ হয়তো ধৰ্মীয় নেতাই হওক বা সামৰিক নেতাই হওক। এটা জাতিৰ সৰ্বাংগীণ বিকাশ, ক্ৰমবিকাশৰ গতিধাৰাৰ দিশ তথা ভৱিষ্যতে জাতিটোৰ শক্তিশালী অস্তিত্ব এই সকলোবোৰ জাতীয় নায়কৰ হাতত থাকে। জাতীয় নায়কৰ এটা মাত্ৰ পদক্ষেপেই সলাই পেলাব পাৰে জাতীয় স্বকীয়তা।
জাতীয় নায়কৰ আভিধানিক অৰ্থ ঃ
সহজ ভাষাৰে ক’বলৈ গ’লে জাতীয় শব্দটোৱে উমৈহতীয়া সাংস্কৃতিক ঐক্যৰে একত্ৰিত হৈ থকা কোনো জাতিৰ অদ্বিতীয় বৈশিষ্ট্যসমূহক প্ৰতিনিধিত্ব কৰে।
নায়কৰ আভিধানিক অৰ্থ হ’ল নেতা, গুৰি ধৰোতা, যিয়ে কোনো আনুষ্ঠানিক-অনানুষ্ঠানিক সমূহ বা সংস্থাৰ সকলো সদস্যক একগোট কৰি সমূহৰ লক্ষ্য-উদ্দেশ্যসমূহৰ সফল ৰূপায়ণৰ বাবে নিৰ্দেশনা দিয়ে।
অৰ্থাৎ জাতীয় নেতা হ’ল জাতি এটাৰ নেতা যিয়ে জাতিৰ স্বকীয়তা বৰ্তাই ৰাখি লক্ষ্যত অগ্ৰসৰ হ’বলৈ জাতিটোক সঠিক পথেৰে আগুৱাই নিয়ে।
বিশ্বৰ ইতিহাসৰ জাতীয় নায়কসকলঃ
আদিম মানৱে সমাজ পাতি বাস কৰাৰ বহু আগৰপৰাই বল- বুদ্ধিৰ ভিত্তিত নিজৰ দলীয় নেতা এজনক মানি লৈছিল। শক্তিশালী দলবোৰে দলীয় নেতাৰ নিৰ্দেশত দুৰ্বল দলবোৰক পৰাভূত কৰি বিস্তাৰ কৰি গৈছিল ক্ষমতাৰ সাম্ৰাজ্য। তাৰ পিছত আৰম্ভ হৈছিল সমাজ, ক্ষমতাৰ যুঁজ।
ঐতিহাসিক যুগৰ আৰম্ভণিৰপৰাই বুৰঞ্জীৰ পাতে পাতে লিপিবদ্ধ হৈ গৈছে প্ৰতিটো যুগৰ যুগনেতাৰ কথা। মহান আলেকজেণ্ডাৰ, জুলিয়াছ চিজাৰৰ দৰে বীৰত্বৰ প্ৰতীকে আজিও সগৌৰৱে ইতিহাসক জিলিকাই ৰাখিছে। পৰৱৰ্তী সময়ত স্বৈৰাচাৰী এডলফ হিটলাৰ, ছাদ্দাম হুছেইনৰ দৰে জাতীয় নেতাই শতিকাই শতিকাই নিজ ক্ষমতাৰ বলেৰে বিশ্বৰ বাতাৱৰণেই সলনি কৰি পেলাইছে। ঠিক সেইদৰে মহাত্মা গান্ধী, নেলছন মেণ্ডেলাৰ দৰে নিৰপেক্ষ নেতাই সুস্থিৰ কৰি তুলিছিল আন্তৰ্জাতিক সম্পৰ্ক।
বৰ্তমানৰ ভাৰতৰ ভৌগোলিক মানচিত্ৰ অতীজতে আৰু ব্যাপকভাৱে বিস্তাৰিত আছিল। সম্ৰাট অশোক, ছাহজাহানৰ দৰে ৰাজনে সুবিশাল ভাৰতক একত্ৰিত কৰি আনি সমৃদ্ধিৰ শিখৰত উঠাইছিল। ভাৰতীয় সভ্যতা আজি ইমানেই উচ্চস্তৰৰ যে পৃথিৱী থকালৈ এই সভ্যতা সগৌৰৱেৰে জিলিকি থাকিব, ভাৰতীয় জাতিৰ বেলি মাৰ কোনোকালে নাযায়। এই উচ্চস্তৰ প্ৰাপ্তিত সময়ে সময়ে ভাৰতৰ ভূভাগত জন্ম হোৱা জাতীয় নেতাৰ অৱদানেই প্ৰধান।
সময়ৰ পাকচক্ৰত স্বাধীন ভাৰতবৰ্ষ এদিন বিদেশীৰ অধীন হৈছিল। জাতিৰ স্বাধীন কণ্ঠ ঘূৰাই আনিবলৈ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ দৰে নেতাই অতি বিচক্ষণতাৰে বিশাল দেশখনৰ প্ৰতিজন দেশবাসীক একগোট কৰি লৈ স্বাধীনতাৰ আন্দোলন আৰম্ভ কৰিছিল আৰু জাতীয় নেতাৰ সুদৃঢ় সংকল্প, অহিংস কাৰ্যপন্থা, সবল নেতৃত্বই ভাৰতবাসীক পুনৰ মূৰৰ ওপৰত মুক্ত আকাশ, ভৰিৰ তলত সাৰ্বভৌম ভূখণ্ড দিছিল। তাৰ পিছত প্ৰায় দুশ বছৰ কাল ব্ৰিটিছৰ অধীনত থকা ভাৰতীয় সভ্যতাৰ উজ্জ্বলতা ম্লান পৰিছিল যদিও স্বাধীনতাৰ দিনটোৰপৰাই জাতিৰ নেতাসকলে সেই উজ্জ্বলতা ঘূৰাই আনিবলৈ বিকাশমূলক সুপৰিকল্পনাৰে জাতিটোক সঠিক পথ এটাৰে আগুৱাই নিবলৈ জাতিটোক নেতৃত্ব দিছিল।
অসমৰ জাতীয় নায়কঃ
সুবিশাল ব্ৰহ্মপুত্ৰ উপত্যকাৰ গৌৰৱোজ্জ্বল ইতিহাস। প্ৰাগজ্যোতিষপুৰ কামৰূপৰপৰা অসমলৈ অসমীয়া জাতিৰ যি নক্ষত্ৰোজ্জ্বল যাত্ৰা, এই জাতিৰ যি দীঘলীয়া অস্তিত্ব তেনে অস্তিত্বৰ জাতি বিশ্ব ইতিহাসত দ্বিতীয় এটা নাই। প্ৰাচীন বৈদিক যুগৰো বহু আগৰপৰা শক্তিশালী নেতাই সুৰক্ষিত কৰি ৰাখিছিল সুবিশাল ভূ-ভাগ। শতিকাই শতিকাই প্ৰবল প্ৰতাপী আহোম-কোচ নৃপতি, খাচীয়া-জয়ন্তীয়া-কছাৰী ৰজাই সুশাসন সময়োপযোগী প্ৰজাহিতৈষী কূটনৈতিক সিদ্ধান্ত-চুবুৰীয়া ৰাজ্যৰ সৈতে বন্ধুত্ব আৰু বিশ্বাসৰ সম্পৰ্ক বজাই ৰাখি নিজ মাতৃভূমিক সকলো দিশৰপৰা হেংদাঙেৰেই হওক, ভঁৰালেৰেই হওক সুৰক্ষিত কৰি ৰাখিছিল, যাৰ বাবে হয়তো বৰনদ বৰাক উপত্যকাক আৱৰি বৰ অসমক কোনো বহিৰাগত শক্তিয়ে প্ৰত্যক্ষভাৱে পৰাভূত কৰিব পৰা নাছিল। বৰ অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল বাৰ্মা চুক্তিৰ চৰ্ততহে। তাৰ পিছত আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন। সেই আন্দোলন সফল কৰিবলৈ গোটেই অসমবাসীক অংশগ্ৰহণ কৰোৱাবলৈ নেতৃত্ব দিবলৈ ওলাই আহিছিল মণিৰাম দেৱান, পিয়লি বৰফুকন, কনকলতা বৰুৱা, মুকুন্দ কাকতি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বৌদ্ধিক, শৈক্ষিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰত আগৰণুৱা, প্ৰতিপত্তি থকা, সবল কণ্ঠ থকা অসমীয়া। স্বাধীনতাৰ পিছত অসম ভাৰতবৰ্ষৰ লগত চামিল হৈ পৰে। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত মৌলানা আবুল কালাম আজাদ, গোপীনাথ বৰদলৈ, শৰৎ চন্দ্ৰ সিংহৰ দৰে নেতাই অসমক বিকাশৰ দিশে আগুৱাই নিছিল। স্বাধীনতাৰ পিছতো অসমে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়, বিশেষকৈ বিদেশী প্ৰব্ৰজনৰ। বিদেশী বহিষ্কাৰৰ বাবে আশী দশকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হৈছিল অসমীয়াৰ জাতীয় যুঁজ। তাৰ পৰিণতিত স্বাক্ষৰিত হৈছিল অসম চুক্তি। গণতান্ত্ৰিক দেশত ৰাইজৰ প্ৰতিনিধিয়েই জাতীয় নেতা। মন্ত্ৰী-বিধায়কসকলেই জাতিক নেতৃত্ব দি আগুৱাই নিয়ে। আশা কৰো সম্প্ৰতি বহু স্বাৰ্থপৰ ৰাজনৈতিক নায়কৰ ঊৰ্ধ্বত গৈ বীৰ চিলাৰায়, লাচিত বৰফুকনৰ দৰে জাতিটোক হেমাহি কৰাৰ বাবে মোমায়েকৰ ডিঙি কাটি দিবলৈ কুণ্ঠাবোধ নকৰা, অসমৰ বাবে লোকসভাত টেবুল ভুকিয়াই ন্যায় সমতা বিচাৰি কথা কোৱা হেম বৰুৱাৰ দৰে জাতীয় নেতা অসমত ওলাই আহক।
জাতীয় নায়কৰ গুণঃ
এটা কথা সঁচা যে সকলোৱে নায়ক হ’ব নোৱাৰে। নেতা এজন হয় দহৰ মাজৰ এজন, বহু ভিৰৰ মাজৰ এটা কণ্ঠ। জাতিৰ নেতা হ’বলৈ হ’লে ব্যক্তিগৰাকীৰ সত্তাত থাকিব লাগিব আনক সন্মোহন কৰিব পৰা ব্যক্তিত্ব। জাতীয় নায়ক এজনৰ থাকিবলগীয়া অন্যতম গুণকেইটামান তলত উল্লেখ কৰা হ’ল—
ক) সৰ্বপ্ৰথমে নেতা হ’বলৈ ব্যক্তিজনৰ গাত থাকিব লাগিব আনক আকৰ্ষণ কৰিব পৰাকৈ আদৰ্শস্বৰূপ ব্যক্তিত্ব।
খ) জাতীয় নেতা এজনৰ নিৰ্ভীক কণ্ঠ থকাটো অপৰিহাৰ্য। নিজৰ জাতিৰ হকে, অন্যায়ৰ বিৰুদ্ধে মাত মাতোতে নেতাৰ কণ্ঠৰুদ্ধ হোৱা মানেই জাতিটোৰ বিনাশ।
গ) জাতীয় নেতা এজন অধ্যয়নশীল হোৱাৰ লগতে উদাৰ চিন্তাধাৰা, যুক্তিবাদী নিৰপেক্ষ বিচাৰ কৰিব পাৰিব লাগিব।
ঘ) স্বচ্ছতা জাতীয় নেতা এজনৰ গাত প্ৰতিফলিত হ’ব লাগে। দুৰ্নীতিমুক্ত লোক এজনকহে জনসাধাৰণে নিজৰ নেতা বুলি স্বীকৃতি দিয়ে।
ঙ) জাতীয় নেতা এজনৰ সংগঠন চলোৱাৰ যোগ্যতা থাকিব লাগে। জাতীয় নেতাইহে সুপৰিকল্পনাৰে কৰ্মপন্থা হাতত লৈ, আঁচনি তৈয়াৰ কৰি জনগণক একগোট কৰি জাতিটোৰ উদ্দেশ্যবোৰ ৰূপায়ণ কৰিব পাৰে।
চ) সাহস, আত্মবিশ্বাস জাতীয় নেতা এজনৰ গাত থাকিব লগা অন্যতম গুণ। যিকোনো কঠিন পৰিস্থিতিতে নেতাজনে আত্মবিশ্বাস, মনোবল নেহেৰুৱাই সাহসেৰে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰি জাতিটোক বিপদৰপৰা, সমস্যাৰপৰা ৰক্ষা কৰিব লাগে। কেতিয়াবা পৰিস্থিতিত পৰি দুৰ্বল স্থিতিত অৱস্থান কৰিলেও জাতীয় নেতা এজন বিচলিত হৈ পৰিব নালাগে।
ছ) জাতীয় নেতা ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বত থাকিব লাগে। সেইগৰাকীহে প্ৰকৃত নায়ক যিয়ে নিজৰ জাতিৰ বাবে স্বতঃস্ফূৰ্তভাৱে নিজৰ জীৱন উছৰ্গা কৰে।
জ) জাতীয় নায়ক এজনৰ বহু ভাষা, সংস্কৃতিৰ জ্ঞান থকাটো বাঞ্ছনীয়, যিয়ে নেতাজনক সাধাৰণ ৰাইজৰ সৈতে একাত্ম হোৱাত সহায় কৰে।
ঞ) জাতীয় নায়কৰ সভাসদক অন্তৰ চুই যাব পৰাকৈ ভাষণ দিবলৈ মনোমোহা কথনশৈলীৰ প্ৰতিভা থাকিব লাগে।
ট) জাতিৰ নেতা এগৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হৈও হ’ব লাগে সাধাৰণ। জাতীয় নায়কজন যে ঢুকি নোপোৱা অৱস্থাৰ নহৈ বৰং তেওঁ যে সৰ্বসাধাৰণৰ মাজৰে এজন সেই কথাত প্ৰজা সাধাৰণে পতিয়ন যাব লাগে। ইত্যাদি।
গতিকে দেখা গ’ল যে সাধাৰণ যেন লগা গুণকেইটামানেই ব্যক্তি এজনক ‘নেতা’ হোৱাত সহায় কৰে।
জাতীয় নায়ক আৰু নিৰ্বাচনঃ
এজন ব্যক্তি সমদলৰ আগত গৈ “মই আপোনালোকৰ নেতা” বুলি ক’লেই তেওঁক নেতা বুলি কোনেও মানি নলয়। তাৰ বাবে লাগিব স্বীকৃতি।
প্ৰাচীন কালত ৰজাসকলে দুৰ্দান্ত বীৰত্ব প্ৰতিভা চাই ৰাজ্যৰ সেনাপতিক নিযুক্তি দিছিল। সেনাপতিসকলেই আছিল প্ৰকৃতাৰ্থত জাতীয় নায়ক। লাচিত বৰফুকন, বীৰ চিলাৰায়ৰ দৰে অসমৰ জাতীয় নায়কৰ নেতৃত্বৰ বাবেই অসমীয়া জাতিটো আজি সগৌৰৱেৰে থিয় দি আছে।
বৰ্তমান গণতান্ত্ৰিক ভাৰতত দেশৰ জনগণে নিজৰ প্ৰতিনিধিক, নিজৰ পছন্দৰ ব্যক্তিক নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰে। অৰ্থাৎ নিৰ্বাচন মানে হ’ল একবিংশ শতিকাত প্ৰচলিত সাংবিধানিক মাধ্যম যাৰদ্বাৰা ব্যক্তিত্ব চাই কোনো প্ৰতিদ্বন্দ্বীক জাতি এটাৰ নায়ক হিচাপে সৰ্বসাধাৰণে স্বীকৃতি দিয়ে। সেয়েহে নিৰ্বাচনৰ ক্ষেত্ৰত দেশবাসী, ৰাজ্যবাসী যথেষ্ট সচেতন হ’ব লাগে যাতে সমাজৰ বাবে উপযুক্ত লোকহে নিৰ্বাচিত হয়। অন্যথা ভুল ব্যক্তিক নিৰ্বাচন কৰিলে ক্ষমতাৰ ৰাগিত সেই জাতীয় নায়কে জাতিটো ধ্বংসৰ দিশেহে আগুৱাই নিব। গতিকে নেতাৰ সুন্দৰ ভাষণত ভোল নগৈ নেতা হ’বলৈ লগা প্ৰয়োজনীয় গুণবোৰ ব্যক্তিজনৰ ব্যক্তিত্বত আছে নে নাই সেইবোৰ বিচাৰ কৰিহে জনসাধাৰণে নিজ প্ৰতিনিধিক নিৰ্বাচিত কৰিব লাগে।
মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেনঃ
পোন প্ৰথমে মই নিয়তিক চিৰকৃতজ্ঞতা জনালোহেঁতেন যদিহে মই অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন, নতজানু হৈ থাকিলোহেঁতেন মোৰ জাতিটোৰ ওচৰত, প্ৰতিজন অসমবাসীৰ আগত যদিহে মই মোৰ জাতিটোৰ নেত্ৰী হিচাপে স্বীকৃতি পালোহেঁতেন।
মই যদি মোৰ মাতৃভূমিক নেতৃত্ব দিয়াৰ সুযোগ পালোহেঁতেন, বৃহত্তৰ অসমীয়া জাতিটোৰ লক্ষ্য প্ৰাপ্তিৰ বাবে থকা উদ্দেশ্যবোৰ সফল কৰিবলৈ কৰ্তৃত্ব পালোহেঁতেন তেন্তে সেই ক্ষমতা মোৰ বাবে হ’লহেঁতেন ৰূপান্তৰৰ অস্ত্ৰ। জাতি এটাই বিভিন্ন গুণ চাই নিজৰ নেতাক বাছি লয়, যোগ্যতা চাই নিৰ্বাচন কৰে নেতাক। অৱশ্যে সেই স্বীকৃতি প্ৰাপ্তিৰ বহু আগৰপৰাই ব্যক্তিজনে নিজ সমাজৰ হকে কাম কৰিব লাগে। সকলো সমাজসেৱকেই কিন্তু জাতি এটাৰ নায়ক হ’ব নোৱাৰে। নায়কৰ হাতত থাকে ক্ষমতা। জাতি-মাটিৰ হৈ কাম কৰিবলৈ মন থাকিলেও ৰাজনৈতিক-সামৰিক, প্ৰশাসনিক ক্ষমতা অবিহনে বহু কাম কৰিব নোৱাৰে, মাত মাতিবলৈ সঠিক মঞ্চ নাপায়। ক্ষমতাই বহু বাট মুকলি কৰে। গতিকে সাম্প্ৰতিক সময়ত মন্ত্ৰী-বিধায়কসকলেই নেতা তথা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী দেশখনৰ বৃহৎ জাতি এটাৰ জাতীয় নায়ক হোৱাৰ লগতে সমান্তৰালকৈ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যপাল, মুখ্যমন্ত্ৰী হ’ল ৰাজ্য এখনৰ জাতীয় নেতা। এইক্ষেত্ৰত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল নামমাত্ৰ শাসক, প্ৰশাসনৰ ক্ষমতা প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰী আৰু ৰাজ্যিক পৰ্যায়ত মুখ্যমন্ত্ৰীৰ হাতত থাকে। গতিকে প্ৰধানমন্ত্ৰীয়েহে দেশক নেতৃত্ব প্ৰত্যক্ষভাৱে দিয়ে। আৰু ৰাজ্যপাল এজন ৰাজ্যখনৰ স্থানীয় বাসিন্দা নহয়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীহে জাতি এটাৰ প্ৰকৃতাৰ্থত নায়ক। প্ৰশাসনীয় ক্ষমতা প্ৰধানমন্ত্ৰীৰ তুলনাত মুখ্যমন্ত্ৰী সীমিত হ’লেও জাতিটোৰ উন্নতিৰ বাবে সেইখিনিয়ে যথেষ্ট। উপযুক্ত বিবেক-বুদ্ধি থকা জাতীয় নায়কে সীমিত ক্ষমতা-বলকে উপযুক্ত সিদ্ধান্তৰে প্ৰয়োগ কৰি নিজ জাতিটোক সফলতাৰ দিশে আগুৱাই নিব পাৰে।
ধৰি ল’লো মই যদি ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’লোহেঁতেন তথা বৃহত্তৰ অসমীয়া জাতিটোক জাতীয় নেত্ৰী হ’লোহেঁতেন তেন্তে তলত উল্লিখিত কামবোৰ কৰিলোহেঁতেন, প্ৰতিটো ক্ষমতাৰ সদব্যৱহাৰ কৰিলোহেঁতেন—
ক) জাতীয় নেতা এজনৰ নিজ দেশৰ সংবিধানখন স্পষ্টভাৱে জ্ঞাত হোৱাৰ লগতে অইন দেশৰ সংবিধানৰ জ্ঞান থকাটো প্ৰয়োজনীয়। নিজ দেশৰ ৰাজনৈতিক, প্ৰশাসনিক নীতি জনাৰ লগতে এই অধ্যয়নে জাতীয় নায়ক এজনক বিভিন্ন পৰিস্থিতিত বিভিন্ন দেশৰ স’তে নিজৰ দেশৰ প্ৰশাসনৰ তুলনামূলক বিচাৰ কৰাত সহায় কৰে।
মই অসমৰ জাতীয় নায়িকা হোৱাহেঁতেন মোৰ দেশৰ সংবিধানৰ অনুচ্ছেদবোৰ ভালদৰে বুজি লোৱাৰ লগতে পুঁজিবাদী, সমাজবাদী অৰ্থনীতিৰ উন্নত-অনুন্নত উন্নয়নশীল বিভিন্ন দেশৰ সংবিধান অধ্যয়ন কৰিলোহেঁতেন, কিয়নো কেতিয়াবা কঠিন পৰিস্থিতিত হয়তো অসমৰ স্থানীয় সমস্যা সমাধানৰ ক্ষেত্ৰত (ভাৰতীয় সংবিধানক উলংঘা নকৰাকৈ) অইন দেশে গ্ৰহণ কৰা নীতিও সহায়ক হ’ব পাৰে।
খ) জাতীয় নেতা এজনক প্ৰতিদিনে সময়ৰ লগত সমভাৱে খোজ দিব পৰাকৈ বিভিন্ন খবৰ জনাটো দৰকাৰ। নেতা এজনে কেৱল নিজ জাতিৰ খবৰ ৰাখিলেই নহ’ব। জাতীয় নেতা এজনে দলৰ খবৰ, বিৰোধী দলৰ মন্তব্যৰ ভিত্তিত সমাজৰ গতিৰ বিষয়ে জনা বুলি ভাবি থাকিলে সি মাৰাত্মক ভুল কৰাহে হ’ব।
সেয়েহে মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে মই প্ৰতিদিনে সলনি হৈ থকা জগতখনৰ লগত সমানে ফেৰ মাৰি খোজ দিবলৈ বৌদ্ধিকভাৱে সক্ৰিয়-সচেতন হৈ থাকিলোহেঁতেন, বিভিন্ন সামাজিক মাধ্যমে সমাজ এখনক প্ৰতিফলিত কৰে, সেয়ে মই সামাজিক মাধ্যমবোৰত সক্ৰিয় হৈ থাকি স্থানীয়, দেশী-বিদেশী খবৰবোৰৰ তথ্য ৰাখিলোহেঁতেন যিয়ে মোক পৰৱৰ্তী খোজটোত হ’ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সাজু কৰি ৰাখিব।
গ) জাতীয় নায়কৰ কণ্ঠ নিৰ্ভীক হ’ব লাগে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰতকৈ শক্তিশালী হয়, তেনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ কোনো সিদ্ধান্তই সকলো ৰাজ্যক সমভাৱে লাভান্বিত নকৰি বৰং কেতিয়াবা কোনো ৰাজ্যক ক্ষতিহে কৰিব পাৰে। সেই পৰিস্থিতিত ৰাজ্যবাসীৰ ইচ্ছা–অনিচ্ছাক প্ৰতিনিধিত্ব কৰিব পাৰে কেৱল জাতীয় নায়কে। জাতীয় নায়কৰ দৃঢ়কণ্ঠক কেন্দ্ৰীয় চৰকাৰেও সময়ত সমীহ কৰে। জাতীয় নায়কৰ কণ্ঠ নিৰ্ভীক তেতিয়াহে হয় যেতিয়া তেওঁৰ ব্যক্তিত্বত স্বচ্ছতা থাকে।
মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে অসমৰ স্বাৰ্থত মোৰ মাতৃভূমিৰ পৰিয়ালৰ স্বাৰ্থত ন্যায় বিচাৰি মই কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত তৰ্জন-গৰ্জন কৰিবলৈ ভয় নকৰো। আৰু নিৰ্ভীক হৈ থাকিবলৈ মই কোনোদিন দুৰ্নীতিৰ সৈতে হাত নিমিলালোহেঁতেন। আনে মোলৈ আঙুলি টোঁৱাই কণ্ঠৰুদ্ধ কৰাৰ সামান্যতমো সুযোগ নিদিলোহেঁতেন।
ঘ) জাতীয় নায়ক জাতি এটাৰ আৰু চৰকাৰৰ মাজৰ যোগসূত্ৰ। জাতীয় নায়কেহে স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক সজোৰে জোৰ দিব পাৰে।
গতিকে মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ নাৰাখি কেন্দ্ৰীয় চৰকাৰক সবল যুক্তিৰে অসমৰ জাতীয় সমস্যাবোৰ দেশৰো জাতীয় সমস্যা বুলি দেখুৱাই উপযুক্ত সমাধানমূলক আঁচনি, পুঁজি মোকলাই আনিবলৈ দেশ পৰ্যায়লৈ চেষ্টা চলালোহেঁতেন।
ঙ) মুখ্যমন্ত্ৰীৰ বিধায়নিক ক্ষমতা থাকে। মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ সহায়ত ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়সমূহৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে।
মই অসমৰ মুখ্যমন্ত্ৰী হোৱাহেঁতেন মোৰ হাতত থকা সীমিত সাংবিধানিক ক্ষমতাখিনিৰে সঠিক পদক্ষেপ লৈ জাতিৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণৰ লগতে যথোপযুক্ত আইন প্ৰণয়ন কৰিলোহেঁতেন।
চ) যুৱ প্ৰজন্মৰ চিন্তাধাৰাইহে সমাজৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে। সেয়ে জাতীয় নায়কে যুৱ প্ৰজন্মৰ চিন্তাধাৰাৰ বিষয়ে জানিবলৈ যুৱচামৰ লগত প্ৰত্যক্ষ যোগাযোগ ৰাখিব লাগে।
মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে অধ্যয়নপুষ্ট সচেতন যুৱ প্ৰজন্মৰ মতামত বিভিন্ন মাধ্যমৰ জৰিয়তে জানি ল’লোহেঁতেন, তেওঁলোকক জাতিৰ কামত সক্ৰিয় অংশগ্ৰহণ কৰোৱালোহেঁতেন। আলোচনা চক্ৰৰ জৰিয়তে যুৱ প্ৰজন্মৰ চিন্তাধাৰা বিশ্লেষণ কৰি অলংঘনীয়া বিচাৰ, অকট্য যুক্তিৰ কথাবোৰ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিলোহেঁতেন।
ছ) প্ৰকৃত জাতীয় নায়কে জনসাধাৰণৰ লগত প্ৰত্যক্ষ যোগাযোগ ৰাখে। অতীতত ৰজা-মহাৰজাসকলে সাধাৰণ মানুহৰ ভেশ ধৰি প্ৰজাৰ অভাৱ, সমস্যাৰ বুজ লৈছিল। বৰ্তমান কনভয়ৰ দীঘলীয়া শাৰীয়ে জনতাৰ প্ৰতিনিধিক দূৰ কৰি লৈ যোৱা দেখা যায় জনতাৰপৰা।
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন যুগ-সময় অনুযায়ী আধুনিক কৌশলেৰে জনগণৰ আগত পৰিচয় নিদি সিহঁতৰ প্ৰকৃত খবৰবোৰ জানিবলৈ চেষ্টা কৰিলোহেঁতেন। উদাহৰণস্বৰূপে, অন্য পৰিচয়েৰে ফেচবুক, ৱাটছ্আপ আদিত প্ৰফাইল খুলি বিভিন্ন সামাজিক গোটৰ মাজত থাকি আলোচনাত ভাগ ল’লোহেঁতেন। কেতিয়াবা চৰকাৰে গ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰি থকা কোনো কাৰ্যসূচী জনতাই কিভাৱে ল’ব পাৰে তাৰে আগতীয়া ধাৰণা এটা জানিবলৈ বিষয়টো গ্ৰুপত উত্থাপন কৰিলোহেঁতেন। যিয়ে গ্ৰহণ কৰিব খোজা নীতি, আঁচনিৰ সম্ভাৱ্য আসোঁৱাহসমূহ দূৰ কৰাত সহায় কৰিব।
জ) জাতীয় নায়কে জাতিটোৰ যিকোনো কথাৰ তথ্য পাবলৈ “তথ্য জনাৰ অধিকাৰ” (RTI-Right to Information) ৰ সহায় ল’ব পাৰে। যিয়ে জাতীয় নায়কক সঠিক কাৰ্যপন্থা লোৱাত সহায় কৰে।
মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে RTI-ৰ জৰিয়তে কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত অহা আৱেদনৰ বিষয়বোৰ জানি লৈ ক’ত ক’ত দুৰ্নীতিৰ বিৰুদ্ধে দাবী উত্থাপন হৈছে গম পালোহেঁতেন আৰু সেই অনুপাতে সেই সমস্যাবোৰ সমাধান কৰিব পাৰিলোহেঁতেন। ইয়ে কোনো বিভাগৰ দুৰ্নীতি ৰোধত সহায় কৰিব।
ঝ) জাতীয় নেতাই জাতিৰ স্বকীয়তা সুৰক্ষিত কৰি ৰাখিব পাৰে। যদি মই বৃহত্তৰ অসমীয়া জাতিটোৰ জাতীয় নেত্ৰী হ’লোহেঁতেন তেন্তে অসমীয়া জাতিটোৰ ৰামধেনুসদৃশ ৰঙীন শাখা-প্ৰশাখা, সাংস্কৃতিক গোষ্ঠীৰ সংস্কৃতি সুৰক্ষিত কৰি খিলঞ্জীয়াৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত ল’লোহেঁতেন। অসমীয়া জাতিটোৰ প্ৰতিটো প্ৰাচীন সম্পদ, কীৰ্তিচিহ্ন সংৰক্ষণ কৰিলোহেঁতেন।
ঞ) মুখৰ মাতষাৰে জাতি এটাক অইনতকৈ পৃথক কৰি এককত্ব প্ৰদান কৰে। জাতীয় নায়কে জাতিটোৰ ভাষাৰ বিকাশত গুৰুত্ব দিব লাগে। বহুভাষা ক’ব জনাটো নেতাৰ ধনাত্মক দিশ।
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন তেন্তে অসমীয়া জাতিটোৰ নানা সাংস্কৃতিক গোটে ব্যৱহাৰ কৰা ভাষাবোৰ পৰাখিনি আয়ত্ত কৰিলোহেঁতেন, নিজৰ ভাষা কোৱা নেতালৈ জনতাৰ বিশ্বাস-আস্থা বাঢ়ে। ভাষা শিকনে জাতীয় নায়কক সৰ্বসাধাৰণৰ মনৰ কথা সহজে জনাত, মত বিনিময়ত সহায় কৰে যিয়ে জাতিটোৰ বিকাশ সাধক নীতিৰ পৰিকল্পনাত সহায় কৰাৰ লগতে জাতিৰ লক্ষ্য, উদ্দেশ্যৰ বাবে পথৰ নিৰ্দেশনা দি জনগণক একগোট কৰি আগুৱাই নিয়াত সহায় কৰে।
ট) প্ৰাচীন কালত জাতীয় নায়কে প্ৰত্যক্ষ যুদ্ধ জয়েৰে জাতিটোক স্বাধীন কৰি ৰাখিছিল।
ভাৰত এখন স্বাধীন দেশ। অসম ভাৰতৰ ৰাজ্য। বৰ্তমানৰ সমাজ, জাতিবোৰ, দেশবোৰ পৰস্পৰ নিৰ্ভৰশীল। অসম ভাৰতৰ অংগ। অসমক ভাৰতৰপৰা বিচ্ছিন্ন কৰাই স্বাধীন অসম, স্বাধীন বড়োলেণ্ড গঠনৰ বাবে বহু শতিকাৰপৰা অসমত বিচ্ছিন্নতাবাদী আন্দোলন চলি আছে। এইক্ষেত্ৰত অপ্ৰিয় সত্যটো হ’ল আৰ্থনৈতিক, সামৰিক সকলো ক্ষেত্ৰতে দুৰ্বল অসম যদি কেতিয়াবা স্বাধীন হয়ো তেন্তে ইয়াৰ সাৰ্বভৌমত্ব বেছি দিন নিটিকিব।
মই যদি অসমৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে বিচ্ছিন্নতাবাদী আন্দোলনবোৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কঠোৰভাৱে দমন কৰিলোহেঁতেন আৰু উগ্ৰপন্থী (দৃঢ়, কঠোৰ জাতিপ্ৰেমিক)সকলক সামাজিক পথলৈ ঘূৰাই আনি তেওঁলোকৰ জাতিপ্ৰেমী দৃঢ়তা, বিভিন্ন বিকাশমূলক চিন্তা, প্ৰতিকূল পৰিৱেশত চলিব পৰা দৈহিক শক্তি অসমৰ উন্নয়নত সঠিক পদক্ষেপেৰে জড়িত কৰোৱালোহেঁতেন।
ঠ) এটা চহকী জাতি কোনোদিন নমৰে। চহকী জাতি এটাই অইন সংস্কৃতিক নিজৰ মাজত সামৰি লয়, নিজে কিন্তু অইনত বিলীন হৈ নাযায়।
মই যদি মোৰ নক্ষত্ৰসদৃশ জাতিটোৰ জাতীয় নায়িকা হ’লোহেঁতেন তেন্তে কঠোৰভাৱে লক্ষ্য ৰাখিলোহেঁতেন অসমীয়া সংস্কৃতি, পৰম্পৰা যেন নিখুঁতভাৱে বৰ্তি থাকে। নতুন প্ৰজন্মক নিজ শিপা বুকুত ৰোৱাত সহায় কৰিবলৈ নানা ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন, যিবোৰ হ’লহেঁতেন বাধ্যতামূলক। মই মোৰ জাতিটোৰ স্বকীয়তা ৰক্ষাৰ বাবে কোনো ক্ষেত্ৰতে আপোচ নকৰিলোহেঁতেন। মই প্ৰতিটো মুহূৰ্ততে অসমীয়া সংস্কৃতিক এনে এটা অৱস্থানলৈ নিবলৈ চেষ্টা, যত্ন কৰিলোহেঁতেন য’ত বহিৰাগত সংস্কৃতি সোমাই অসমীয়াক ঐশ্বৰ্যশালীহে কৰি তোলে, অসমীয়া সংস্কৃতিক তিলমানো বিবৰ্ণ কৰিব নোৱাৰে।
ড) জাতীয় নায়ক জনতাৰ এটা সাহস, সকাহ, এটা পথ।
মই জাতীয় নায়িকা যদি হ’লোহেঁতেন আৱেগক সঠিক মাত্ৰাত নিয়ন্ত্ৰণ কৰিলোহেঁতেন। কঠিনতম পৰিস্থিতিতো বিচলিত নহ’লোহেঁতেন। গঢ়ি তুলিলোহেঁতেন নিজক বুকুত নিজৰাক সামৰি ৰখা কঠিন শিললৈ।
সামৰণিঃ ‘জাতীয় নায়ক’ শব্দদুটা দুৰ্দান্ত শব্দ। উপযুক্ত জাতীয় নায়ক অবিহনে জাতি এটা সফল হ’ব নোৱাৰে। নিজৰ জাতিটোৰ ভৱিষ্যৎ জনসাধাৰণৰ হাততে থাকে। সেয়ে নাগৰিকে নিজ ভোটাধিকাৰৰ সুপ্ৰয়োগেৰে জাতিৰ নায়কক নিৰ্বাচিত কৰাৰ সুবিধা আছে। গতিকে উপযুক্তজনকে যাতে নেতা হিচাপে স্বীকৃতি দিয়ে তাৰ বাবে নাগৰিক সচেতন হোৱাটো অপৰিহাৰ্য। আৰু সেই সচেতনতা নিৰ্বাচনৰ আগত হোৱাটোহে দৰকাৰী, অন্যথা স্বাৰ্থপৰ ব্যক্তি এজন জাতীয় নায়কৰ পদৱী ক্ষমতা পালে। জাতিটোৰ লক্ষ্যসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বেমেজালিহে দেখা দিব। এইক্ষেত্ৰত জাতীয় নায়কৰো থাকে আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব। ক্ষুদ্ৰ স্বাৰ্থ বিসৰ্জন দি যিখিনি সীমিত সময়ৰ বাবে নেতৃত্ব দিবলৈ সুযোগ পায় সেই কম সময়খিনিতে জাতিটোক এনেভাৱে আগবঢ়াই নিব লাগে যাতে একো-একোটা পদক্ষেপেই জাতিটোক পৰৱৰ্তী এটা এটা শতিকা বেছিকৈ সগৌৰৱেৰে জীয়াই ৰাখি অমৰ কৰি ৰাখে।