•তনয় চক্ৰৱৰ্তী
ইমানদিনে বিজ্ঞানীসকলে অনুমান কৰি আছিল যে মঙল গ্ৰহত পানী আছে। কিন্তু সেই পানীৰ অস্তিত্ব ক’ত, তাকে লৈ সংশয়ৰ মাজত আছিল বিজ্ঞানীসকল। এতিয়া বিজ্ঞানীসকলে আনন্দমনেৰে জনাইছে যে মঙলত মাত্ৰ ৩ ফুট খান্দিলেই পোৱা যাব পানী। গ্ৰেন্ড কেনিয়ন হ’ল বিশ্বৰ সৰ্বোচ্চ গিৰিখাত। মঙলতো আছে এক গ্ৰেণ্ড কেনিয়ন নামৰ গিৰিখাত। সেই গিৰিখাতৰ তলতেই পানীৰ ভান্ডাৰৰ অস্তিত্ব থাকিব পাৰে বুলি বিজ্ঞানীসকলে অনুমান কৰিছিল। যোৱা শুক্ৰবাৰে, ১৭-১২-২০২১ তাৰিখে, ইউৰোপীয়ান স্পেছ এজেন্সীৰ তৰফৰ পৰা সেই অনুমান সত্য বুলি ঘোষণা কৰা হৈছে। ইউৰোপীয়ান স্পেছ এজেন্সীয়ে কৈছে যে গিৰিখাতৰ মাত্ৰ ৩ ফুট তলতেই পানীৰ সন্ধান পোৱা গৈছে।
‘এক্সোমাৰ্চ ট্ৰেচ্ গেছ অৰবিটাৰ’ নামৰ মহাকাশযান এখন ২০১৬ চনত ইউৰোপীয়ান স্পেছ এজেন্সীয়ে আৰু ৰাছিয়াৰ ৰস্কচমচ্-এ যুটীয়াভাৱে মঙললৈ বুলি প্ৰেৰণ কৰিছিল। সেই মহাকাশযানৰ ভিতৰত থকা ৰোবটৰ কাম আছিল মঙলৰ মাটি, ধূলিকণাৰ নমুনা সংগ্ৰহ কৰি মহাকাশযানৰ ভিতৰত থকা গৱেষণাগাৰত সেইসমূহৰ গুণাগুণ আদি পৰীক্ষা নীৰিক্ষা কৰা। তেনে পৰীক্ষাৰ দ্বাৰাই ২০১৮ চনত প্ৰথমে ধৰা পৰিছিল যে মঙলৰ বক্ষত চিলিকন- ডাই- অক্সাইড আৰু হাইড্ৰ’জেন-পেৰা-অক্সাইডৰ আৱৰণ আছে। অধিক সহজ ভাবে ক’বলৈ গ’লে, মঙলৰ বক্ষত যে হাইড্ৰ’জেন বা অক্সিজেন মৌল আছে, সেয়া আগতেই ষ্পষ্ট হৈছিল, কেৱল সন্দেহ আছিল যে হাইড্ৰ’জেন আৰু অক্সিজেন হাইড্ৰক্সি বন্ধন বা পানীৰ অণু গঠন কৰাৰ দৰে বন্ধন তৈয়াৰ কৰিব পাৰে নে নোৱাৰে – সেই বিষয়ে জনা। কাৰণ বিজ্ঞানীসকলৰ সন্দেহ আছিল মঙলৰ তাপমাত্ৰাক লৈ। উষ্ণতাৰ মাত্ৰা যদি ৬০ ডিগ্ৰী চেলচিয়াছৰ পৰা আৰম্ভ কৰি মাইনাচ (-) ৩৬ ডিগ্ৰীৰ ভিতৰত থাকে, তেতিয়াহে পানীৰ অণু গঠন সম্ভৱ হয়।
মহাকাশযানখনে ২০১৯ চনত নিজস্ব থাৰ্মো ডায়ানেমিক লেখচিত্ৰৰ দ্বাৰা জনাইছিল যে মঙলৰ তাপমাত্ৰা পানীৰ অণু গঠন কৰাৰ বাবে উপযোগী। ইয়াৰ পিছতেই ‘এক্সোমাৰ্চ ট্ৰেচ্ গেছ অৰবিটাৰ’-এ কঢ়িয়াই নিয়া ‘ফাইন ৰিজলিউশ্যন এপিথাৰ্মাল নিউট্ৰন ডিটেক্টৰ’ বা ‘ফ্ৰেন্ডচ্’-অৰ মাধ্যমেৰে গ্ৰেণ্ড কেনিয়নৰ ওচৰে পাজৰে খননকাৰ্য চলায়। মঙলৰ বিষুৱ ৰেখাৰ ঠিক দক্ষিণে ‘ভ্যালেচ ম্যাৰিনাচ’ অঞ্চলটোত পৰীক্ষা কৰাৰ পিছত ‘ফ্ৰেন্ডচ’-এ জনায় যে সেই অঞ্চলত পানীৰ অণু গঠন কৰাৰ বাবে উপযোগী তাপমাত্ৰা নাই। ফলত সেই অঞ্চলত বৰফ গঠন সম্ভৱ নহয় বুলি জানিবলৈ সক্ষম হয় ইউৰোপীয়ান স্পেছ এজেন্সীয়ে।
বিগত দুই বছৰ ধৰি মঙলগ্ৰহত অবিৰাম অনুসন্ধান চলোৱাৰ পিছত এইকথা জানিব পৰা গৈছিল যে মঙলত পানীৰ অস্তিত্ব থাকিব লাগে, কিন্তু প্ৰমাণ পোৱা নাছিল। অৱশেষত যোৱা শুকুৰবাৰে ইউৰোপীয়ান স্পেছ এজেন্সীৰ সহযোগী গৱেষক তথা ফ্ৰেন্ডচ্-অৰ নিউট্ৰন টেলিস্কোপৰ প্ৰধান গৱেষক ইগৰ মিত্ৰোফানোভ-এ ৰাছিয়াৰ এখন বিজ্ঞান সম্পৰ্কীয় সাময়িক আলোচনী ‘আইকেৰাচ’-অত মঙলত থকা পানীৰ সন্ধান সম্পৰ্কে সদৰি কৰে। ইয়াৰ পিছতেই ইগৰ মিত্ৰোফানোভ-অৰ এক সাক্ষাৎকাৰ ‘চি-এন-এন’ৰ দ্বাৰা সম্প্ৰচাৰ হয়। সেই সাক্ষাৎকাৰত তেওঁ কৈছে যে ‘গ্ৰেন্ড কেনিয়ন’ৰ মাত্ৰ ৩ ফুট তলতেই পানীৰ ভান্ডাৰৰ সন্ধান পোৱা গৈছে। তেওঁৰ দৰেই, ‘ৰাছিয়ান একাডেমী অব চাইন্স এন্ড স্পেছ ৰিচাৰ্ছ ইনষ্টিটিউট’-অৰ প্ৰধান গৱেষক এলেক্সি মালকভ-এও মঙলত পানীৰ অস্তিত্বৰ বিষয়ে স্বীকাৰ কৰিছে। এলেক্সিয়ে কৈছে যে ‘কেইবছৰমানৰ আগতে আমি ভ্যালেচ্ মেৰিনাৰিচ অঞ্চলত খননকাৰ্য চলাই হয়তো ভুল কৰিছিলো, কিন্তু আমাৰ আশাভংগ হোৱা নাছিল। মঙলৰ বিভিন্ন ঠাইত পৰীক্ষা নীৰিক্ষা কৰিয়েই আছিলো।’
গ্ৰেন্ড কেনিয়নৰ তলত পানীৰ সন্ধান পালেও ভ্যালেচ মেৰিনাৰিচ অঞ্চলত কিয় বৰফ বা পানীৰ কোনো সন্ধান পোৱা নাই সেই বিষয়েও এলেক্সিয়ে ব্যাখ্যা কৰি কৈছে যে মঙলৰ দক্ষিণে যিহেতু সূৰ্যৰ পোহৰ প্ৰায় নপৰেই, সেয়েহে সেই অঞ্চলৰ তাপমাত্ৰা ‘মাইনাচ'(-) ১০০ ডিগ্ৰী চেলচিয়াছৰ কাষলৈ গুচি যায়। তেনে তাপমাত্ৰাত হাইড্ৰ’জেন আৰু অক্সিজেনে কেতিয়াও ‘হাইড্ৰ’ক্সি বন্ড’ বা পানীৰ অণু গঠন কৰিব নোৱাৰে। কিন্তু গ্ৰেন্ড কেনিয়ন গিৰিখাতটো যিহেতু মঙলৰ উত্তৰপ্ৰান্তত আছে, সেয়েহে সেই স্থানৰ তাপমাত্ৰা পৃথিৱীৰ প্ৰায় সমান বুলি বিজ্ঞানীসকলে জনাইছে আৰু তেনে তাপমাত্ৰাত পানীৰ অণু গঠন কৰা সম্ভৱ হৈছে। ফ্ৰেন্ডচ্-অৰ অইন এজন গৱেষক হাক্কান স্বেদেম-এ টুইটৰ দ্বাৰা কৈছে যে মঙলত পানীৰ সন্ধান পোৱা ঘটনাটো এক ‘দুৰ্দান্ত পদক্ষেপ’ , তেওঁ আৰু কৈছে যে ভৱিষ্যতে মঙল অভিযান আৰম্ভ কৰাৰ আগতেই এই আৱিষ্কাৰে বহুত সহজ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল। ইউৰোপীয়ান স্পেছ এজেন্সীয়ে আৰু ৰাছিয়াৰ ৰস্কচমচ্-এ পঠোৱা মহাকাশযানৰ এনে যুগান্তকাৰী সাফল্যৰ পিছত আন্তৰ্জাতিক মহাকাশ গৱেষণা সংস্থা’নাছা’ই কৈছে যে মঙলত পানীৰ সন্ধান পোৱা গ’ল। এইবাৰ কি তেনেহ’লে প্ৰাণৰ সন্ধান আৰম্ভ হ’ব?