• অৰবিন্দ ৰাভা
মহাকাশত ওপঙি থকা আৰু প্ৰৱল বেগেৰে ধাৱমান হৈ থকা আবৰ্জনা বা বৰ্জ্য সামগ্ৰী এতিয়া বিজ্ঞানীসকলৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে। বিপদজনক এনে বৰ্জ্য পুনৰ ব্যৱহাৰ কৰিবলৈ এতিয়া আন্তৰ্জাতিক স্তৰত প্ৰচেষ্টা চলিছে। তাৰোপৰি মহাকাশতেই ৰকেটৰ ইন্ধন ভৰোৱা ষ্টেচনৰ সম্ভাৱনাও জনাইছে অষ্ট্ৰেলিয়াৰ মহাকাশ গৱেষণা সংস্থা ‘নিউম্যান স্পেছ’-এ। অৰ্থাৎ, মহাকাশতো হ’ব পাৰে ‘গেছ ষ্টেচন’!
‘দ্যা গাৰ্জিয়েন’ কাকতৰ এক প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ কক্ষপথত পুৰণি মহাকাশযানৰ ধ্বংসাৱশেষ ইফালে সিফালে চিটিকি বিস্তাৰিত হৈ আছে। তাৰোপৰি অব্যৱহৃত কৃত্ৰিম উপগ্ৰহ আৰু ৰকেটৰ বিভিন্ন অংশ ঘন্টাত ২৮০০০ কিলোমিটাৰ গতিৰে ঘূৰি ফুৰিছে। এইবোৰ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ বাবে অতি বিপদজনক, আৰু কৃত্ৰিম উপগ্ৰহৰ বাবেও প্ৰচন্ড প্ৰত্যাহ্বান। এনে গতিৰে ঘূৰি থকা সামান্য এটা ‘স্ক্ৰু’-ইও আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ মহাকাশচাৰীৰ প্ৰাণ কাঢ়ি নিব পাৰে।
বিগত সপ্তাহত ( নৱেম্বৰ মাহৰ তৃতীয় সপ্তাহত) ৰাছিয়াই ক্ষেপনাস্ত্ৰ উৎক্ষেপণ কৰি নিজৰেই এটা কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰিছে। সেই উপগ্ৰহৰ পৰাও বৰ্জ্য চিটিকি চিটিকি বিস্তাৰিত হৈছে। আমেৰিকাই সকলোকে সতৰ্ক কৰি দি কৈছে যে ‘এনে বৰ্জ্যই মহাকাশত সকলো দেশকে ভৱিষ্যতে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন কৰাব। পৰিস্থিতি আয়ত্বৰ বাহিৰলৈ গ’লে পৃথিৱীৰ কক্ষপথ ব্যৱহাৰৰ অযোগ্য হৈ পৰিব।’
‘নিউম্যেন্ স্পেছ’-এ জনাইছে যে তেওঁলোকে মহাকাশত ‘বৈদ্যুতিক প্ৰ’পালচন চিষ্টেমচ্’ তৈয়াৰ কৰিব। ই এনে এক ‘চিষ্টেমচ্’ – যিয়ে সকলো সামগ্ৰীকে সন্মুখৰ পিনে ঠেলি দিয়াৰ শক্তি যোগান ধৰে। এই পদ্ধতি ব্যৱহাৰ কৰি মহাকাশ অভিযান দীৰ্ঘায়িত কৰাৰ লগে লগে কৃত্ৰিম উপগ্ৰহক কক্ষচ্যুত কৰাৰ পৰাও বাধা দিয়া সম্ভৱ হ’ব। অষ্ট্ৰেলিয়াৰ সেই মহাকাশ গৱেষণা সংস্থাই জাপানৰ এষ্ট্ৰোস্কেল আৰু আমেৰিকাৰ ন্যানোৰক্সৰ সৈতে জোঁট বান্ধি মহাকাশৰ বৰ্জ্যক ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে। এই ইন্ধন সেই প্ৰ’পালচন চিষ্টেমচ্-অত ব্যৱহাৰ কৰা হ’ব বুলিও সদৰি কৰিছে।
জাপানৰ এষ্ট্ৰোস্কেল-এ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰি মহাকাশৰ বৰ্জ্য সংগ্ৰহ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমেৰিকাৰ ন্যান’ৰক্স-এও উন্নত ৰোবট ব্যৱহাৰ কৰি মহাকাশৰ বৰ্জ্য সংৰক্ষণ কাৰ্যত হাত মিলাইছে। আমেৰিকাৰ অইন এক প্ৰতিষ্ঠান ‘চিচলুনাৰ’-এ বৰ্জ্য গলাই ধাতব ৰড তৈয়াৰ কৰাৰ কাম হাতত লৈছে।
নিউম্যেন স্পেছৰ প্ৰ’পালচন্ চিষ্টেমচ্-অত সেই ধাতব ৰডক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে। এই যন্ত্ৰই কক্ষপথৰ পৰা বৰ্জ্যক আতৰাই পঠিয়াব পাৰিব বুলি দাবী কৰা হৈছে। নিউম্যেন স্পেছৰ প্ৰধান কাৰ্যকৰ্তা হাৰ্ভে এষ্টায়াৰে জনাইছে যে ইতিমধ্যে প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে আন্তৰ্জাতিক মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ অনুমোদন লাভ কৰা হৈছে। মহাকাশত কোনো সামগ্ৰী পঠিয়াই দিলে সেয়া যদি কক্ষচ্যুত নহয় বা পৃথিৱীৰ বায়ুমণ্ডলত জ্বলি-পুৰি নাযায়, তেনেহলে চিৰকালৰ বাবে সেই সামগ্ৰী তাতেই থাকি যাব। গতিকে সমস্যা দিনে দিনে বৃদ্ধি হোৱাৰ বাবে এনে প্ৰকল্পৰ প্ৰয়োজন হৈছে।