-মহাবাহু |
ৱাশ্বিংটন (১৬ মে’): প্ৰশান্ত মহাসাগৰৰ মাৰিয়ানা প্ৰণালীৰ গভীৰতম প্ৰান্তত সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় ১০৯২৮ মিটাৰ তললৈ নামি নজিৰবিহীন ৰেকৰ্ড গঢ়িলে আমেৰিকান নৌবাহিনীৰ প্ৰাক্তন কৰ্মকৰ্তা ভিক্টৰ ভেচকোভোই। ইমানদিনে যি স্থানত মানুহে ভুমুকি মাৰিব পৰা নাছিল, যাবলৈ সক্ষম হোৱা নাছিল, সেই গভীৰতম পাণ্ডৱবৰ্জিত স্থানত উপস্থিত হৈ নৌ-বিষয়াজনৰ দুচকু কপালত উঠিছে। প্ৰশান্ত মহাসাগৰৰ মাৰিয়ানা প্ৰণালীৰ সেই গভীৰতম বিন্দুক ‘চেলেঞ্জার্ছ ডিপ’ বুলি জনা যায়। যোৱা তিনিসপ্তাহত কমেও চাৰিবাৰ ছাবমেৰিনত সোমাই সেই স্থানত ডুব দিছিল ভেচকোভোই। তেওঁৰ উদ্দেশ্য আছিল সমুদ্ৰৰ গভীৰতম স্থানৰ অজ্ঞাত জীৱনৰ সৈতে পৰিচিত হোৱা তথা শিলৰ নমুনা সংগ্ৰহ কৰা। চাৰিবাৰকৈ কৰা প্ৰচেষ্টাৰ অন্তত তেওঁ উপস্থিত হয় মহাসাগৰৰ প্ৰায় ১০৯২৮ মিটাৰ গভীৰতম প্ৰান্তত। সেই স্থানত উপনীত হৈ ৪ ঘণ্টা অতিবাহিত কৰে ভেচকোভোই। কিন্তু তেওঁ বিস্ময়ত হতবাক হৈ পৰিছে পৃথিৱীৰ সবাতোকৈ গভীৰতম সমুদ্ৰ প্ৰণালীৰ গভীৰতম বিন্দুত জমা হৈ থকা প্লাষ্টিকৰ বৰ্জ্য সামগ্ৰী ! ভিক্টৰ ভেচকোভোই আন্তৰ্জাতিক গণমাধ্যমক অৱগত কৰিছে যে চতুৰ্থবাৰৰ প্ৰচেষ্টাত তেওঁ প্ৰত্যক্ষ কৰিছে দীৰ্ঘ ভৰিযুক্ত মিছামাছজাতীয় এক অদ্ভুত প্ৰাণী। ভালেমান অদ্ভুত প্ৰাণী তেওঁ দেখা পাবলৈ সক্ষম হৈছে। কিন্তু ইমান গভীৰতো পেলনীয়া ধাতৱ তথা প্লাষ্টিক সামগ্ৰীৰ গুণ দেখি তেওঁ বিমৰ্ষ হৈ পৰিছে। তেওঁ কৈছে যে মাৰিয়ানা প্ৰণালীত প্লাষ্টিকৰ উপস্থিতিয়ে সচেতনতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব আৰু সাগৰ-মহাসাগৰবোৰ যে আৱৰ্জনা নিক্ষেপ কৰা স্থান নহয়—সেয়া বুজিব পাৰিব লাগিব। সাগৰ-মহাসাগৰ ৰক্ষা কৰিবলৈ এতিয়াতকৈ অধিক কঠোৰ নীতি-নিয়ম প্ৰৱর্তন কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ মতেও পৃথিৱীৰ সাগৰ-মহাসাগৰৰ তলত জমা হৈ থকা আৱৰ্জনাৰ পৰিমাণ প্ৰায় ১০ কোটি টন। সাগৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে গভীৰ সমুদ্ৰত ঘূৰি ফুৰা তিমিজাতীয় প্ৰাণীৰ পেটতো মাইক্ৰ’-প্লাষ্টিক পোৱা গৈছে। উল্লেখযোগ্য যে ভেচকোভোৰে ইতিপূৰ্বে দুবাৰ ‘চেলেঞ্জার্ছ ডিপ’ৰ গভীৰলৈ যাবলৈ সক্ষম হৈছিল। ১৯৬০ চনত প্ৰথমবাৰৰ বাবে আমেৰিকান নৌবাহিনীৰ ছাবমেৰিন যাবলৈ সক্ষম হৈছিল ১০৯১২ মিটাৰ গভীৰতালৈ। ২০১২ চনত কানাডাৰ বোলছবি পৰিচালক জেমছ কেমেৰুণে ১০৯০৮ মিটাৰ গভীৰতালৈ যাবলৈ সক্ষম হৈছিল।