মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য
সংঘমিত্ৰা কাশ্যপ
মানসিক চাপ
বৰ্তমান সমাজখনৰ প্ৰতিজন ব্যক্তিয়েই নিজক লৈ খুব সচেতন। ৰাতিপুৱা প্ৰাত:ভ্ৰমণত যোৱাৰ পৰা আদি কৰি স্বাস্থ্য সন্মত ভাবে খাদ্য তালিকা খন সজাই লোৱাত সকলোৱে খুবসুন্দৰ ভাবে যত্ন লোৱা দেখিবলৈ পোৱা যায়। কিন্তু মানসিক স্বাস্থ্য! মন আৰু মানসিক স্বাস্থ্যক লৈ কৰিবলগীয়া যতন খিনিক কিমানজন ব্যক্তিয়ে বাৰু নিজৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰে? আপুনি বা মই কিমান সচেতন এই ক্ষেত্ৰত? কথাটো অলপ ভাবিব লগীয়া নহয় নে বাৰু? ভাৰতবৰ্ষত অনুমানিকভাৱে ৰোগ আৰু ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ ই এক মূল কাৰণ। মানসিক স্বাস্থ্যৰ যতনে এজন ব্যক্তিক সদায়েই সুন্দৰ আৰু সৱল হৈ থকাৰ লগতে, হতাশা আৰু আত্মহত্যাৰ দৰে ঘটনাৰ পৰা বহু পৰিমাণে ৰক্ষা কৰাত যথেষ্ট সহায় কৰে।
আত্মহত্যা, এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এক সমস্যা। আত্মহত্যা কোনো ধৰণৰ মানসিক ৰোগ নহয়। এই কাম কৰা সকলো ব্যক্তিয়েই যে মানসিক ৰোগৰ স্বীকাৰ তেনে কোনো যুক্তি নাই। গৱেষণাৰ মতে যোৱা দুটাবছৰত বিশ্বত আত্মহত্যাৰ হাৰ শতকৰা ৭০% বৃদ্ধি পাইছে। ইয়াৰ বিশেষ কাৰণ বুলি ক’বলৈ গ’লে লক’ডাউনৰ সময়ছোৱাত বৃদ্ধি পোৱা নিবনুৱা আৰু আৰ্থিক সমস্যা, পাৰিবাৰিক কন্দল, যৌন উৎপীড়ন , ড্ৰাগছ আদি মূলতঃ বুলিব পাৰি। সজাগতাৰ অভাৱত কৰ’না ৰোগী সকলক এঘৰীয়া কৰি দিয়া উদাহৰণো আমাৰ সমাজত দেখিবলৈ পোৱা গৈছিল , যাৰ বাবে মানসিক চাপত ভাৰাক্ৰান্ত হৈ বহুতো লোকে আত্মহত্যাৰ পথ বাছি লৈছিল। বহুতো সংস্থা আৰু অনুষ্ঠানে online ৰ যোগেদি সজাগতা আৰু এই সময়ত ল’ব লগীয়া মানসিক যতন বাবে অনুষ্ঠান আয়োজন কৰিছিল যদিও ই হয়তো সকলো শ্ৰেণীৰ মানুহক সামৰিবলৈ সক্ষম হোৱা নাছিল।
আত্মহত্যা কেৱল যে লক’ডাউনৰ বাবে হে হৈছে তেনে নহয়। আৰ্থিক সমস্যা আৰু ঘৰুৱা হিংসাও ইয়াৰ এক কাৰণ। নিতৌ সংবাদ মাধ্যমৰ শিৰোনামাত আমি দেখিবলৈ পাওঁ এনে কিছু ঘটনাৰ বিৱৰণী। এই প্ৰতিটো কাহিনীৰ আঁৰত থাকে এজন ব্যক্তিৰ মানসিক চাপ আৰু দুঃচিন্তা। সময়ত উচিত ব্যৱস্থা নোলোৱাৰ বাবে, সহায়ৰ হাত নোপোৱাৰ বাবে তেওঁলোকে বাধ্য হৈ বাছি লয় আত্মহননৰ দৰে এটি ভয়ংকৰ পথ। লগতে বৰ্তমান যুগত বাঢ়ি অহা নিবনুৱা সমস্যাই বহুতো যুৱক যুৱতীক এই পথ বাছি ল’বলৈ বাধ্য কৰাইছে। ভালদৰে পঢ়া শুনা কৰিও উপাৰ্জনৰ পথ উলিয়াব নোৱাৰি , বহুতেই হতাশাৰ বলি হৈছে আৰু এই হতাশাই তেওঁলোকক জীৱনৰ প্ৰতি থকা মোহৰ পৰা বঞ্চিত কৰি তুলিছে। প্ৰতি বছৰে এনেকুৱা বহুতো ঘটনাৰ আমি সাক্ষী হৈ আহিছোঁ। অথচ আমি সকলোৱে কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এগৰাকী মনোবিজ্ঞানী হিচাপে মোৰ ধাৰণা যে আত্মহত্যাৰ দৰে সমস্যাৰ সমাধান আমাৰ সকলোৰে হাততেই আছে। কিন্তু তাৰ বাবে আমি সময়ত চিনাক্তকৰণ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিব। হয়তো তেতিয়া এই ভয়াবহতাৰ পৰিমাণ নিশ্চয়কৈ কিছু কম কৰিব পৰা যাব। তাৰ বাবে কিছুমান কথা অলপ মন কৰিবলগীয়া হয় :
ধৰি লওঁক কোনোবাই সঘনাই আপোনাৰ পৰা অলপ সময় বিচাৰি আছে, কৈছে যে তেওঁৰ কিছু গুৰুত্বপূৰ্ণ কথা কবলগীয়া আছে , তেওঁক যদি খুব বেছি হতাশ আৰু উৎকন্ঠিত, শঙ্কিত যেন অনুভৱ কৰিছে, তেনেহলে যিমানখিনি সম্ভৱ নিজৰ ব্যস্ততাৰ মাজতো , তেওঁক অলপ সময় দিয়াবলৈ আৰু তেওঁৰ কথা খিনি শুনিবলৈ চেষ্টা কৰক। কাৰণ সেই কথাৰ আঁৰতেই হয়তো আপুনি তেওঁৰ মানসিক স্থিতিৰ উমান পাবলৈ সক্ষম হ’ব পাৰে । কোনো ব্যক্তিয়ে যদি সঘনাই আত্মহত্যাৰ কথা কৈ আছে,ভাবুকি দিছে ,তেনেহলে সতৰ্ক হওক । তেওঁ ধেমালি কৰিছে নাইবা ভয় খুৱাবলৈ কৈছে বুলি ভাবি নল’ব। আনকি তেওঁৰ কথা কেইটাৰ উত্তৰ হিচাপে ” একো নহয় মোৰো এনেকুৱা হৈছিলচোন, বাদ দিয়ক” – এই ধৰণৰ সংবেদনশীল কথা প্ৰয়োগ নকৰিব। কাৰণ সকলোৰে পৰিস্থিতি আৰু মানসিক সবলতা ভিন্ন। তাৰ সলনি পাৰিলে তেওঁক সহায়ৰ হাত আগবঢ়াওঁক আৰু কাৰণটো জানিবলৈ চেষ্টা কৰি তেওঁক এজন ভাল মনস্তত্ববিদৰ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিয়ক। কাৰণ এজন মনোবিজ্ঞানীয়ে বিভিন্ন বিজ্ঞান সন্মত পদ্ধতিৰ সহায়ত তেওঁৰ পৰীক্ষা কৰি উচিত কাৰণ নিৰ্ধাৰণ কৰিব পাৰিব আৰু তেওঁক উন্নত চিকিৎসা প্ৰদান কৰিব পাৰিব। তাৰ লগতে সমাজৰ সচেতন ব্যক্তি সকল লগ লৈ প্ৰতিটো চুবুৰীত মাহত এখন হ’লেও মানসিক স্বাস্থ্য বিষয়ক লৈ সজাগতা সভাৰ আয়োজন কৰক। কাৰণ আপোনাৰ ঘৰৰ যদি এজন ব্যক্তিও এই বিষয় লৈ সচেতন হয় তেনেহ’লে বহুখিনি প্ৰতিকাৰ হ’ব।
নিবনুৱাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ তেওঁলোকৰ কাম বোৰত প্ৰেৰণা যোগাওঁক। যদি দোকান এখনো দিব বিচাৰিছে তেনেহলে সাহস দিয়ক, বিশেষকৈ ঘৰৰ মানুহবোৰে। তেতিয়া তেওঁলোকে অলপ পৰিমাণে হ’লেও সকাহ পাব, হতাশাৰ পৰা হাত সাৰিব পৰিব আৰু নতুন উদ্যম তেওঁলোকৰ মাজত দেখা যাব। নেগেটিভ কথা কিছুমান তেওঁলোকক কোৱাৰ পৰা বিৰত থাকক।
বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ বিদ্যালয় বা কৰ্মক্ষেত্ৰতে হওঁক, অথবা সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মতে হওঁক , বহু লোকে “Bullying” ৰ সন্মুখীন হৈ মানসিক চাপ লৈ জীয়াই থাকিবলৈ বাধ্য হয়। কাৰণ কাৰোবাৰ এটা সৰু শব্দ, গান, কথাৰ ভুল ধৰি Troll কৰা , কাৰোবাৰ শৰীৰৰ গঠন লৈ ,কাপোৰ, পৰিয়াল আদি লৈ অপ্ৰিয় ভাবে যদি সদায়েই চৰ্চা কৰা হয় , তেনেহ’লে নিশ্চয়কৈ মানুহজনক এই কথাবোৰে অসুবিধা দিব। হয়তো মানসিক ভাৱে ভাগি পৰিব পাৰে আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব পাৰে । সেয়েহে এইবোৰৰ পৰা দূৰত্ব বজাই থাকক আৰু যদি কোনোবা এনে ঘটনাৰ সন্মূখীন হোৱা দেখিছে তেনেহলে লগে লগেই পৰ্যাপ্ত ব্যৱস্থা লওঁক। বিদ্যালয়সমূহত আৰু ঘৰত ছাত্ৰ-ছাত্ৰীক অতি মাত্ৰা পঢ়া আৰু কেৰিয়াৰ গঢ়াৰ বোজা জাপি নিদিব। তেওঁলোকক আনৰ সৈতে তুলনা কৰি সকলোতে নিজৰ সন্তানৰ শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতা নকৰাব। তেওঁৰ সঁচা অভিৰুচি কোন ক্ষেত্ৰত আছে ভাল দৰে জানি লওঁক। কাৰণ এটি অপ্ৰস্তুত বিষয় এটাই আপোনাৰ শিশুটিৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। এই বাধাই কৈশোৰ কালত তেওঁলোকক স্বভাৱত বিশৃংখল আৰু নিৰাশ কৰি তোলে। ঘৰৰ পৰিয়াল লগত তেওঁলোকৰ মনোমালিন্য হয়। মানসিক ভাৰসাম্যতা হেৰুৱাই তেওঁলোকে পৰিস্থিতিৰ বাধ্যত পৰি অসামাজিক কামৰ লিপ্ত হৈ পৰে আৰু শেষত তাৰ পৰা ওলাই অহাৰ পথ বিচাৰি নাপাই আত্মহত্যাৰ পথ বাছি লয়। সেয়ে তেওঁলোকে প্ৰকাশ কৰিব খোজা মনৰ ভিতৰৰ প্ৰতিটো কথা খুব মনোযোগেৰে আৰু বন্ধুসুলভ ব্যৱহাৰেৰে শুনাটো প্ৰয়োজন। সৰু হৈ আছে একো নাজানে নাইবা বুজি নাপায় বুলি কথাবোৰ আওকাণ নকৰিব । তেওঁলোকৰ সলনি হোৱা ব্যৱহাৰক লক্ষ্য কৰক। তেওঁলোকৰ কথাবোৰৰ সত্যতা জানিবলৈ চেষ্টা কৰক। এজন শিশুৰো বয়স অনুসৰি ভিন্ন কাৰণত মানসিক চাপ হ’ব পাৰে গতিকে অভিভাৱক এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰয়োজন। যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা আপুনি নিজৰ শিশুটিৰ মাজত দেখা পাইছে, যদি তেওঁৰ খোৱা শোৱা আচাৰ ব্যৱহাৰত কিছু সলনি হৈছে তেনেহ’লে তেওঁৰ মানসিক চিকিৎসাৰ ব্যৱস্থা লোৱাটো বাধ্যতামূলক কৰি তোলক। কোনোবাই কিবা ক’ব বুলি ভয় কৰি নাথাকিব নহ’লে হয়তো পিছৰ জীৱনত ই ভয়ানক ৰূপ ল’ব।
বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত একোজনকৈ Counsellor থকাৰ ব্যৱস্থা কৰক। প্ৰতিটো বয়সত এজন ছাত্র বা ছাত্ৰীৰ বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিবৰ্তন হয়। যিদৰে শাৰীৰিক পৰিবৰ্তন খিনি উচিত সময়ত তেওঁলোক বুজোৱা হয় , সেইদৰে যদি মানসিক পৰিবৰ্তন সমূহৰো মুকলিকৈ আলোচনা হয় তেনেহলে ই যথেষ্ট সহায়কৰ হৈ উঠিব আৰু এই ক্ষেত্ৰত সহায় কেৱল এজন counselor ৰে কৰিব পৰিব। বিদ্যালয়সমূহত মানসিক স্বাস্থ্যৰ যতন আৰু চিনাক্তকৰণৰ বাবে শিক্ষকসকলৰ বাবেও একোখনকৈ সভাৰ আয়োজন কৰাৰ ব্যৱস্থা কৰা উচিত। এজন মনোবিজ্ঞানী বা মনস্তত্ববিদেহে কিছুমান বিশেষ নিয়মাৱলী মানি এজন ছাত্ৰ বা ছাত্ৰীক নিৰীক্ষণ কৰি তেওঁৰ মানসিক সমস্যাৰ সমাধান উলিয়াব পাৰে।
ঘৰ এখনত এনেধৰণৰ ঘটনা আগতে যদি হৈ গৈছে (family history) তেন্তে এই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে। তাৰ বাবে ব্যৱস্থা আগতেই ল’বলৈ যত্ন কৰক।
এজন মনোবিজ্ঞানী বা মনস্তত্ববিদৰ ওচৰলৈ নিজৰ মানসিক সমস্যা বাবে সহায় বিচাৰি যোৱাটো কোনো লাজৰ কথা নহয়। অলপ সহায়, সজাগতা, আৰু ধনাত্মক চিন্তা আৰু পৰামৰ্শই হয়তো এজন ব্যক্তিক মানসিক চাপৰ পৰা আঁতৰাই আনি নতুন জীৱন দিবলৈ সক্ষম হ’ব পাৰে।
#সংঘমিত্ৰা কাশ্যপ,মনোবিজ্ঞানী, অসম
৬০০১৮৮৬০৭৪