মোগল চিত্ৰশিল্প
মনস্বিনী শৰ্মা
ভাৰতবৰ্ষত মোগলসকলে ১৫০০ খ্ৰীষ্টাব্দৰ পাণিপথৰ যুদ্ধৰ আৰম্ভণিৰ পৰা ১৭০০ খ্ৰীষ্টাব্দলৈকে প্ৰায় তিনিশ বছৰ কাল শাসন কৰিছিল। এই মোগল শাসনৰ সময়ত ভাৰতবৰ্ষত যি চিত্ৰকলাৰ জন্ম হৈছিল তাকে মোগল চিত্ৰশিল্প বা মোগল চিত্ৰকলা বোলা হয়।
মোগল চিত্ৰশিল্পত পাৰ্চী আৰু ভাৰতীয় কলাৰ এক প্ৰকাৰৰ মিশ্ৰণ দেখা পোৱা যায়। ভাৰতৰ মাণ্ডু চহৰত প্ৰথম মোগল শিল্পকৰ্ম দেখা পোৱা গৈছিল৷ মোগলসকলে ভাৰত দখল কৰাৰ পাছত পাৰ্চী চিত্ৰকলাৰ শৈলীত কিছু পৰিৱৰ্তন আহিছিল।
পাৰ্চী চিত্ৰত দূৰৱৰ্তী ঠাইত জীৱ-জন্তু আৰু গছৰ ছবি চিত্ৰাংকন কৰা হৈছিল যদিও পিছলৈ এই ক্ষেত্ৰত জীৱ-জন্তু আৰু উদ্ভিদৰ ছবি মোগল চিত্ৰকলাত অধিক স্পষ্ট আৰু বাস্তৱিকভাৱে উপস্থাপন কৰা হৈছিল। মোগল চিত্ৰকলাৰ প্ৰথা বৰ্তমান সময়তো প্ৰচলিত। আজিও মোগল চিত্ৰশিল্প সকলোৰে প্ৰিয়।মোগল চিত্ৰকলাৰ শৈলী ভাৰতীয় মুছলমান আৰু হিন্দুৰ লগতে শিখ আদি সম্প্ৰদায়ৰ লোকৰ মাজলৈ বিয়পি পৰিছিল।
ভাৰতীয় শিল্পকলাক মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে:
প্ৰাগঐতিহাসিক শিল্পকলা, মধ্যযুগৰ শিল্প কলা(৬০০ খ্ৰীষ্টাব্দৰ পৰা ১৩০০ খ্ৰীষ্টাব্দলৈ),আধুনিক যুগৰ আদি ভাগ আৰু ঔপনিৱেশিক যুগ (১৪০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ) আৰু সমসাময়িক শিল্পকলা(১৯০০ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে)। মোগল চিত্ৰশিল্প হৈছে ইয়াৰ তিনি নম্বৰ ভাগ অৰ্থাৎ আধুনিক যুগৰ আদি ভাগ আৰু ঔপনিৱেশিক যুগৰ অন্তৰ্গত।
মোগলসকলে শিল্পকলা আৰু ভাস্কৰ্যৰ উন্নতিত যথেষ্ট অৰিহণা যোগাইছিল। সম্ৰাট বাবৰৰ দিনত শিল্পকলাৰ বিশেষ উন্নতি হোৱা নাছিল। বাবৰৰ দিনৰ চিত্ৰকলাৰ উদাহৰণ হ’ল: জামে মছজিদ,কাবুলি বাগ মছজিদ আৰু ৰামবাগ। মোগল চিত্ৰশিল্পই সম্ৰাট জাহাঙ্গীৰৰ দিনত চৰম উন্নতি লাভ কৰিছিল। তেওঁ প্ৰতিজন শিল্পীৰ শিল্প কলাক একক ৰূপত প্ৰতিফলিত কৰাত গুৰুত্ব দিছিল।
আকবৰে নিজেই চিত্ৰশিল্পৰ কাম-কাজত সহযোগিতা আগবঢ়াইছিল। নিয়মীয়াকৈ তেওঁ চিত্ৰশিল্পীসকলক পৰীক্ষা কৰিছিল আৰু শ্ৰেষ্ঠসকলক পুৰস্কৃত কৰিছিল। তেওঁৰ শাসনৰ সময়ত বহুতো বিদেশী শিল্পীয়ে মোগল ৰাজসভাত থাকি ৰজাৰ পৰা ছবি অঁকাৰ অনুগ্ৰহ লাভ কৰিছিল।এই বিদেশী শিল্পীসকলৰ কেইগৰাকীমান হ’ল: ফাৰুক-দি-কালমাক, আব্দুল চামাদ দি চেৰাজি, মাৰ চৈয়দ আলি আদি। এই বিদেশী শিল্পীসকলৰ সৈতে ভাৰতীয় শিল্পীসকলেও নিপুণতাৰে কাম কৰিছিল।
আকবৰৰ দিনত বসৱান,দচৱান্ত আৰু কেচুদাস আদি হিন্দু শিল্পী দেখা পোৱা গৈছিল৷ এই সময়ছোৱাত পাৰ্চী শিল্পীসকলে তেওঁলোকৰ অনন্য শৈলীক মোগল সাম্ৰাজ্যলৈ আনিবলৈ উৎসাহিত হৈছিল। শিল্প কলাৰ এই পাৰ্চী শৈলীৰ সৈতে স্থানীয় ভাৰতীয় উদ্ভিদ আৰু প্ৰাণীৰ অন্তৰ্ভুক্তিৰে এক নতুন শৈলীৰ ৰূপ লৈছিল। দেশী-বিদেশী দুয়োদল শিল্পীয়ে সমন্বয়ৰ মাজেৰে নিপুণতাৰে কাম কৰিব পাৰিছিল বাবে মোগল চিত্ৰশিল্পই অতি সোনকালে উন্নতি লাভ কৰিছিল।
জাহাঙ্গীৰৰ দিনৰ চিত্ৰকলাৰ উদাহৰণ হ’ল: অনাৰকালী মৰ্কবৰা,শালীমাৰ বাৰ্গ, মৰিয়াম উজ জামানী মৰ্কবাৰা আদি।আকবৰৰ দিনত ৰাজসভাত চিত্ৰকলা ধৰ্মনিৰপেক্ষ আৰু সাৰ্বজনীন আছিল। দেশৰ সাধাৰণ মানুহৰ সৈতে চিত্ৰকলাৰ কোনো সম্বন্ধ নাছিল। কেৱল ৰাজপৰিয়ালৰ লোকেহে চিত্ৰকলাৰ আমোদ ল’ব পাৰিছিল।
সময় যোৱাৰ লগে লগে এই চিত্ৰকলাই গণতান্ত্ৰিক ৰূপ লৈছিল আৰু ইয়াৰ অৱনতিৰ সময়ত ই সমাজৰ একেবাৰে তলখাপত সোমাই পৰে।
আকবৰৰ দিনৰ চিত্ৰকলাৰ উদাহৰণ হ’ল আগ্ৰা কিল্লা, লাহোৰ কিল্লা, এলাহাবাদ কিল্লা, বোলন্দ দুৱাৰ, পঞ্চমহল আদি।ছাহজাহানৰ সময়ৰ চিত্ৰ শিল্প আৰু অধিক নিয়মমাফিক আছিল।
তেওঁ পূৰ্বসূৰীৰ ব্যক্তিগত শিল্প শৈলীৰ প্ৰাধান্যৰ বিপৰীতে ৰাজ দৰবাৰৰ চিত্ৰণত গুৰুত্ব দিছিল।ছাহজাহানৰ সময়ৰ চিত্ৰকলাৰ উদাহৰণ হ’ল: তাজমহল, লালকিল্লা আদি।
ছাহজাহানৰ পাছত ঔৰংজেৱ ৰাজপাটত বহে আৰু তেওঁৰ শাসনৰ দিনত মোগল চিত্ৰশিল্পই প্ৰায় মৃতপ্ৰায় অৱস্থা লাভ কৰে। মৃতপ্ৰায় অৱস্থাৰেই ওঠৰ শতিকালৈকে কোনোমতে মোগল চিত্ৰকলাৰ অস্তিত্ব বৰ্তি আছিল। ঔৰংজেৱৰ দিনৰ চিত্ৰকলাৰ উদাহৰণ হ’ল: বাদশ্বাহী মছজিদ,ম’টি মছজিদ আদি।
অনুৰূপ অঙ্কনৰ অনুভুক্ততা মোগল চিত্ৰশিল্পৰ এক বিশেষ গুণ আছিল। প্ৰায় সকলোবিলাক অঙ্কিত ঘটনা ৰাজসভাৰ সৈতে জড়িত আছিল। মোগল চিত্ৰকলা বৌদ্ধ যুগৰ দেৱাল চিত্ৰবোৰতকৈ সৰু। মোগল চিত্ৰকলাৰ আন এক বৈশিষ্ট্য হ’ল সুন্দৰ লেখাঙ্কন। এই সুন্দৰ লেখাঙ্কন চীন আৰু পাৰস্য চিত্ৰকলাৰ ভাৱৰ অভিব্যক্তিৰ প্ৰকাশভঙ্গী। সেয়ে মোগল চিত্ৰকলাৰ তুলিকাৰ ব্যৱহাৰ আন চিত্ৰকলাৰ সৈতে অমিল হয়।
ছবিত থকা মানুহৰ মূৰ্তিবোৰৰ পাতল ছাঁ ব্যৱহাৰ, দেশীয় পৰিপ্ৰেক্ষিতৰ সাধাৰণ ধাৰণা,সম্ৰাটসকলৰ মস্তকাভৰণ অসংখ্য মণি-মুকুতাৰে পৰিপূৰ্ণ অলংকৰণ লেখত ল’বলগীয়া। মোগল চিত্ৰকলাৰ প্ৰতিকৃতিৰ সৰহ সংখ্যকেই একাষৰীয়াকৈ অঁকা বংশানুক্ৰমে চলি অহা পুৰণি কঠোৰ নীতি-নিয়ম কিছু বাদ দি বাস্তৱতাৰ ঠাঁচত ৰূপ দিবলৈ প্ৰয়াস কৰি কাৰ্যত পৰিণত কৰিছিল।
মূৰৰ অংশত ক’লা আৰু বগা ৰং, পটভূমিত ডাঠ সেউজীয়া আৰু গাত পাতল ৰং, মূৰত আৰু ডিঙিত অসংখ্য মণি-মুকুতা,শিৰৰ চৰ্তুদিশে সোণালী ৰঙৰ জ্যোৰ্তিময় চক্ৰৰ ওপৰৰ অংশ নীলা,লৌহ আৰু তাম্ৰ বৰ্ণেৰে বোলোৱা কাৰ্য বিশেষত উল্লেখযোগ্য।
এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ লগতে প্ৰকৃতিবাদী দিশও এই চিত্ৰকলাত দেখা পোৱা গৈছিল৷ মোগল চিত্ৰকলাৰ সৰহ সংখ্যক কাগজত তৈয়াৰ কৰাৰ লগতে কাপোৰ আৰু হাতী দাঁতৰ ওপৰতো অংকন কৰা হৈছিল।
আকবৰৰ চিত্ৰকলাত ইউৰোপীয় প্ৰভাৱ দেখা পোৱা গৈছিল৷ যাৰ বাবে চিত্ৰসমূহত ব্যক্তিৰ বিৱৰণ,সমুখৰ বস্তুক সৰুকৈ অঁকা,ছাঁৰ প্ৰয়োগ,আলোচনা আৰু ব্যঙ্গৰ বিষয়ক চিত্ৰিত কৰা আদি দেখা গৈছিল।
সেইদৰে ৰাজপুত চিত্ৰকলাৰ প্ৰয়োগৰ বাবে দেখা পোৱা গৈছিল গাঢ় ৰঙা,নীলাৰ অত্যধিক প্ৰয়োগ,পক্ষী, বন্যপ্ৰাণী,ৰাণী-মহাৰাণী, প্ৰেম-প্ৰসংঙ্গ, উৎসৱ, নৃত্য,যুদ্ধ আদিৰ অংকন। জাহাঙ্গীৰৰ দিনৰ চিত্ৰকলাত ছবিসমূহৰ চাৰিসীমাত ফুলৰ অংকন কৰা হৈছিল, ফৰাছী শৈলীৰ অধিক প্ৰয়োগ আৰু প্ৰকৃতিক অধিক অংকন কৰা হৈছিল। ছাহজাহানৰ সময়ৰ চিত্ৰকলা লঘু আছিল আৰু পাণ্ডুলিপিত অধিক গুৰুত্ব দিয়া হৈছিল।
চিত্ৰসমূহত সুন্দৰী, বিলাসী জীৱন, ৰঙ্গমহল আদি অধিক দেখা পোৱা গৈছিল৷ ঔৰঙ্গজেৱৰ সময়ৰ চিত্ৰসমূহত প্ৰয়োজনতকৈ অধিক অলংকৰণ,ৰঙৰ প্ৰয়োগ হোৱা দেখা গৈছিল।
মোগল চিত্ৰশিল্পই ইউৰোপীয় চিত্ৰশিল্পৰ সৈতে সংমিশ্ৰণ হৈ আধুনিক চিত্ৰকলাৰ ৰূপ লৈছিল। আধুনিক চিত্ৰকলাৰ এক উদাহৰণ হ’ল কোম্পানী চিত্ৰ।এই চিত্ৰত আশ্ৰয়দাতা, ভাৰতীয় জনজীৱন, ধাৰ্মিকতা, ব্ৰিটিছ চিত্ৰকলাৰ পানী ৰং প্ৰয়োগ পদ্ধতি আদি দেখা গৈছিল।আন এক উদাহৰণ হ’ল মধুবনী চিত্ৰশৈলী।এই চিত্ৰকলা বিহাৰৰ মধুবনী অঞ্চলৰ সৈতে সম্পৰ্কিত।
এই চিত্ৰ মহিলাসকলে বনোৱা ৰঙ্গ্যুলীৰ সৈতে সাদৃশ্য যি কাপোৰৰ ওপৰত তৈয়াৰ কৰিবলৈ লোৱা হয়।মধুবনী চিত্ৰশৈলীত প্ৰাকৃতিকভাৱে তৈয়াৰী ৰং ব্যৱহাৰ কৰা হয়,মুখাকৃতিসমূহ ডাঙৰকৈ অঁকা হয় আৰু চিত্ৰসমূহত সূৰ্য, চন্দ্ৰ, তুলসী গছ, বিবাহৰ দৃশ্য আদি অংকন কৰা হৈছিল।এই চিত্ৰ অংকন কৰা মহিলা চিত্ৰশিল্পীসকল হ’ল সীতা দেৱী,মহাসুন্দৰী দেৱী, গংগা দেৱী আদি।
ছাহজাহানৰ আগৰ শাসনকালৰ সময়ত চিত্ৰকৰসকলে কয়লা ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰিছিল। কিন্তু ছাহজাহানৰ সময়ৰ পৰা চিত্ৰ অংকনত পেঞ্চিলৰ ব্যৱহাৰ আৰম্ভ হয়। ছাহজাহানৰ সময়ত চিত্ৰৰ পুথি ‘হামজানামা’ প্ৰস্তুত কৰা হৈছিল। আকবৰৰ দিনত মহাকাব্য মহাভাৰত, ৰামায়ণ আদিৰ চিত্ৰ অংকন কৰা হৈছিল । ‘গুলিস্তান’,’ দাৰাব নামা’, ‘নিজামি খামচা’,’বাহাৰিস্তান’ আদি হৈছে মোগল চিত্ৰকলাৰ কেইখনমান বিখ্যাত চিত্ৰ।
মোগলসকলে চিত্ৰকলাৰ লগতে সাহিত্য, ৰাজনীতি আদি দিশতো অৱদান আগবঢ়াই থৈ গৈছে। বৰ্তমান ভাৰতবৰ্ষৰ লালকিল্লা,ফাটেহপুৰ চিকৰি, আগ্ৰা ফোৰ্ট,শালমাৰ বাগিচা আদি। মোগল চিত্ৰকলা বৰ্তমানেও ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত উজ্লি আছে।
(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ মহলাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)