-অসীম তালুকদাৰ |
ৰাজমাতা গান্ধাৰীয়ে মনে প্ৰাণে বিশ্বাস কৰিছিল যে শ্ৰীকৃষ্ণই ইচ্ছা কৰিলে কৌৰৱ-পাণ্ডৱৰ মাজৰ সৰ্বনাশী যুদ্ধখন বন্ধ কৰিব পাৰিলেহেতেন ৷ কিন্তু গান্ধাৰীয়ে ভবামতে নহল আৰু যুদ্ধত কৌৰৱ বংশ সমুলঞ্চে ধ্বংস হোৱাৰ উপৰিও দুই পক্ষৰে লাখ লাখ মানুহ মৃত্যুমুখত পৰিল ৷ যুদ্ধ শেষ হোৱাৰ পাছত সেয়ে গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল যে যিদৰে নিজৰ মাজতে কাজিয়া কৰি কুৰু বংশ শেষ হৈ গ’ল, এদিন যদু বংশও নিজৰ মাজতে কাজিয়া কৰি নিশেষ হব ৷
কুৰুক্ষেত্ৰ যুদ্ধৰ পৰৱৰ্তী কেইদশকত যাদৱ বংশৰ সৈন্য সামন্ত আৰু ডেকা ল’ৰাবিলাকৰ উদ্ভণ্ডালি আৰু মইমতালি বহুত বাঢ়ি গৈছিল ৷ অহংকাৰী, গুৰু-গোসাই একো নমনা ডেকা ল’ৰাবোৰে যিকোনো কাম কৰিবলৈ দুবাৰ নাভাবিছিল ৷ এদিন দ্বাৰকালৈ ফুৰিবলৈ অহা ঋষিৰ দল এটাৰ লগতো তেওঁলোকে ল’ৰা-ধেমালি কৰিবলৈ পিছ নুহুকিল ৷ তেওঁলোকে শ্ৰীকৃষ্ণ আৰু জাম্বতীৰ ৰূপৱান পুত্ৰ সাম্বাক এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে সজাই ঋষিসকলৰ ওচৰলৈ লৈ গ’ল ৷ সৰ্বজ্ঞানী গৌতম ঋষি আৰু বিশ্বামিত্ৰৰ দৰে সাধক থকা মুনিৰ দলটোক ডেকা ল’ৰাকেইজনে উপলুঙাৰ সুৰত ছোৱালীজনীৰ গৰ্ভত কি আছে কবলৈ কলে ৷ খঙত একো নাইকিয়া হৈ মুনি এজনে “তাত তহঁতৰ মৃত্যু আছে” বুলি কওঁতেহে সিহঁতৰ চেতন আহিল ৷ সাম্বাৰ কাপোৰ খুলি দেখিলে সঁচাকৈ কাপোৰৰ ভিতৰত লোহা এটুকুৰা আছে ৷
ভয়তে বিতত ল’ৰা কেইজনে ৰজা উগ্ৰসেনৰ ওচৰলৈ দৌৰিলে ৷ ৰজাই শ্ৰীকৃষ্ণৰ লগত পৰামৰ্শ নকৰাকৈ লোহাৰ টুকুৰাটো গুৰি কৰি সাগৰত পেলাই দিবলৈ নিৰ্দেশ দিলে ৷ ৰজাৰ পৰামৰ্শ মতেই টুকুৰাটো তেওঁলোকে ঘহি ঘহি ধূলিৰ দৰে গুৰি কৰিলে ; মাত্ৰ সৰু টুকুৰা এটা থাকি গ’ল ৷ গুৰিখিনি আৰু লোহাৰ টুকুৰাটো তেওঁলোকে আৰৱ সাগৰত পেলাই দিলে ৷ কিন্তু আচৰিত ভাবে সেই সৰু সৰু ধাতৱ গুৰিবোৰ সাগৰৰ ঢৌৱে পাৰলৈ উটুৱাই আনিলে ৷ কিছুদিন পাছত তাৰ পৰা এবিধ বন গজিল ৷ আৰু গুৰি কৰিব নোৱাৰা টুকুৰাটো মাছ এটাই গিলি পেলায় ৷ সেই মাছটো এজন ব্যাধ এজনে ধৰে আৰু মাছটোৰ পেটত পোৱা টুকুৰাটো কাড় এদালৰ সন্মুখত লগাই লয় ৷ উল্লেখ কৰিব পাৰি যে সেই নিষাদজনেই আগৰ জন্মত মহা পৰাক্ৰমী বানৰ ৰজা বালী আছিল ৷
ইতিমধ্যে দ্বাৰকাত বিভিন্ন অপায় অমংগল ঘটিবলৈ আৰম্ভ কৰে ৷ তাৰ পৰিত্ৰাণ অৰ্থে লগতে মানসিক শান্তি বিচাৰি শ্ৰীকৃষ্ণৰ পৰামৰ্শ ক্ৰমে সমগ্ৰ দ্বাৰকাবাসীয়ে এদিন প্ৰভাস ক্ষেত্ৰলৈ গমন কৰে ৷ উল্লেখযোগ্য যে তেওঁলোকে শিবিৰ পতা স্থানৰ কাষতে সাগৰৰ পাৰত সেই বনবিধ গজিছিল ৷ সিদিনা ৰাতি কিবা সাধাৰণ কথাতে সেনাপতিদ্বয় সাত্যকি আৰু কৃতবৰ্মাৰ মাজত হোৱা মতানৈক্য তৰোৱাল যুদ্ধলৈ পৰিৱৰ্তিত হয় ৷ সাত্যকিৰ হাতত কৃতবৰ্মাৰ মৃত্যু হোৱাৰ পাছত কৃতবৰ্মাৰ অনুৰাগীৰ হাতত সাত্যকিৰো মৃত্যু হয় ৷ অনতিপলমে সমগ্ৰ যাদৱকুল দুটা গোটত বিভক্ত হৈ ইজনে সিজৰ ৰক্তপিয়াসী হৈ পৰিল ৷ অস্ত্ৰ-শস্ত্ৰবোৰ ভাঙি নাইকিয়া হোৱাৰ পাছত তেওঁলোকে সেই বনবিলাক উঘালি আনি ইজনে সিজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ বনবিধৰ এনে এক গুণ আছিল যে চিঙি অনাৰ পাছত সি যাঠিৰ দৰে অস্ত্ৰ হৈ পৰিছিল ৷ এনেকৈয়ে প্ৰায় দহ লাখ যাদৱবংশীৰ ধ্বংসলীলা সম্পূৰ্ণ হয় ৷ শ্ৰীকৃষ্ণ আৰু বলৰামে কোনোমতে নিজৰ প্ৰাণ বচাই পলাবলৈ সক্ষম হয় ৷ শোকত ম্ৰিয়মান বলৰামে প্ৰাণত্যাগ কৰে ৷ আনহাতে ভাগৰত ক্লান্ত হৈ গছ এদালৰ তলত জিৰণি লোৱা শ্ৰীকৃষ্ণক হৰিণা পহু বুলি ভাবি আগতে উল্লেখ কৰা ব্যাধজনে নিক্ষেপ কৰা সেই বিশেষ শৰদাল শ্ৰীকৃষ্ণৰ মৃত্যুৰ কাৰণ হৈ পৰে ৷
*******************
বিগত কেইসপ্তাহ মানৰ ঘটনাৱলী দেখি ভাবিবলৈ বাধ্য হৈছো প্ৰকৃতি বাৰু মানৱজাতিৰ ওপৰত ৰুষ্ট হৈছে নেকি ? প্ৰকৃতিয়ে বাৰু আমাক সতৰ্ক হবলৈ কিবা সাৱধান বাণী শুনাইছে নেকি ? ইতিমধ্যে আমাৰ কাৰ্য্যৰ দ্বাৰা প্ৰকৃতিৰ অনিষ্ট কৰিবলৈ একো বাকী ৰখা নাই ৷ পৃথিৱীয়ে বাৰু মানুহৰ ভৰ সহন কৰিব নোৱাৰা হৈছে নেকি ? মই জানো এনেকুৱা কথাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ কিন্তু আমি যে প্ৰকৃতিৰ হাতৰ পুতলা তাত কোনো সন্দেহ নাই ৷ আমি প্ৰকৃতিক আঙুলিৰ মূৰত নচুৱাব খোজাৰ দিবাস্বপ্ন নেদেখাই ভাল ৷ আহক আমি সকলোৱে প্ৰকৃতিক অলপ সমীহ কৰি চলো আৰু অতিৰিক্ত চাপ দিয়া বন্ধ কৰো ৷
লগতে কোভিদিয়ত সকললৈ (Covidiot – কোৰোণা ভাইৰছক ল’ৰা ধেমালি হিচাপে লৈ নিজৰ লগতে আন দহজনৰ জীৱনলৈও ভাবুকি কঢ়িয়াই অনা ইদিয়ত সকল) নিবেদন – অলপ সংযত হওঁক ৷ কিছুদিন ঘৰতে থাকক ৷ ডাক্তৰ আৰু চৰকাৰৰ পৰামৰ্শ মানি চলক ৷ নহ’লে এদিন নিজৰ ঘৰত থাকিবলৈ কোনো নাইকিয়া হব ৷ পাবত গজা বহুত হিৰো দেখিছো – তেওঁলোকৰ অন্তও দেখিছো ৷ সময় থাকোতেই মানৱ জাতিক অলপ সহায় কৰক ৷ মানৱ জাতিক ধ্বংস কৰাত আগভাগ নলব ৷ নহলে যদুবংশৰ দৰেই আমি ইজনে সিজনৰ মৃত্যুৰ কাৰণ হৈ এদিন গোটেই মানৱজাতি নিচিহ্ন হৈ যাব ৷