বি.এছ.এন.এল-এ আগবঢ়াব ৪-জি
• অৰবিন্দ ৰাভা
বেচৰকাৰী টেলিকম সংস্থাবোৰৰ সৌজন্যত ভাৰতত বহুদিন আগতেই ৪-জি (4-G) পৰিসেৱা আৰম্ভ হৈছিল যদিও এই পৰিসেৱাৰ পৰা বঞ্চিত হৈ আছিল ‘ভাৰত সঞ্চাৰ নিগম লিমিটেড’ বা BSNL-অৰ গ্ৰাহকসকল। ২৫-০৩-২০২২ তাৰিখ শুক্ৰবাৰে ৰাজ্যসভাত টেলিকম মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী দেবুসিং চৌহানে জনায় যে অতি শীঘ্ৰে ভাৰতত ৪-জি পৰিসেৱা আগবঢ়াব বি.এছ.এন.এল.-এ।
বিগত কেইবছৰমান ধৰি ব্যক্তিগত সংস্থাবোৰৰ সৈতে যুঁজিব নোৱাৰি ধৰাশয়ী হৈ পৰিছে বি.এছ.এন.এল। আৰ্থিক সংকটৰ পৰা আৰম্ভ কৰি গ্ৰাহকৰ অভাৱতো জৰ্জৰিত বি.এছ.এন.এল। সেইবাবেই এম-টি-এন-এল ( MTNL)ৰ সৈতে জোঁট বন্ধন কৰিবলৈ বাধ্য হৈছে বি.এছ.এন.এল। দেবুসিঙে কয় যে সমস্যা ভালেখিনি লাঘৱ হৈছে আৰু এইবছৰৰ শেষৰ ফালে বি.এছ.এন.এল-এ ৪-জি পৰিসেৱা আৰম্ভ কৰিব পাৰিব বুলি বিশ্বাস হৈছে। কিন্তু কোন মাহৰ পৰা আৰম্ভ হ’ব, তাৰে কোনো উল্লেখ তেওঁ কৰা নাই।
ভাৰতত যিসময়ত এয়াৰটেল, জিঅ’, ভোডা-আইডিয়া আদিয়ে ৫-জিৰ ট্ৰায়েল দি আছে, আৰু এইবছৰৰ শেষৰ ফালে ৫-জি পৰিসেৱা আৰম্ভ কৰা হ’ব পাৰে বুলি কৈছে, তাৰে পটভূমিত বি.এছ.এন.এল-অৰ ৪-জি পৰিসেৱা যে বহুত পিছত পৰি আছে, সকলোৱে বুজি পাইছে। অৰ্থাৎ, পুনৰ গ্ৰাহকৰ সমস্যা হ’ব ৪- জি পৰিসেৱা আগবঢ়াব বিচৰা বি.এছ.এন.এল-অৰ!