-ডা° সুকৃতি চৌধুৰী |
সুপ্ৰভাত
যোৱানিশা টোপনি গৈ থাকোতে কি সপোন দেখিলে?
পাহৰিলে?
সৰহভাগ সপোন আমি পাহৰি যাওঁ৷ 98% তকৈ বেছি সপোন আমি পাহৰি যাওঁ৷ আমি পুৱা শুই উঠি খুব বেছি ২% বা তাতোকৈ কম পৰিমাণৰ সপোনহে মনত পেলাব পাৰো৷
চিনেমাৰ যে কালাৰ চিনেমা আৰু ব্লেক এণ্ড হোৱাইট থাকে সেইদৰে ৯৫% মানুহে দেখা সপোনবোৰ কালাৰ্ড হ’লেও ৫% মানুহে কিন্ত সৌ চল্লিশ বা পঞ্চাশৰ দশকৰ চিনেমাৰ দৰে ব্লেক এণ্ড হোৱাইট সপোনহে দেখে৷
পুৰুষ আৰু মহিলাই দেখা সপোনৰ প্ৰকৃতি যথেষ্ট বেলেগ হয়৷
সপোন ডাঙৰৰ দৰে কণমানি শিশুয়েও দেখে৷
বাৰু জন্তুয়ে সপোন দেখে নে? এই বিষয়ৰ বৈজ্ঞানিক অনুসন্ধানত কোৱা হৈছে যে হয়তো জন্তুয়েও মানুহৰ দৰে সপোন দেখে৷ ইয়াৰ উদাহৰণ হিচাপে কুকুৰে শুই থাকোতে নেগুৰ জোকাৰি দিয়া, ঠেং জোকাৰা বা হঠাতে উঠি বিভিন্ন মাতেৰে ভুকি দিয়া আদিবোৰক আঙুলিয়াই দিয়া হয়৷
এটা সপোন সৰ্বাধিক কিমান দীঘলীয়া হয় জানে নে?সৰ্বাধিক বিছ মিনিট৷
এটা সপোন সৰ্বনিম্ন কিমান সময়ৰ হয় জানেনে? মাত্ৰ ৭ চেকেণ্ডৰ!!
আনহাতে এটা নিশাত বিভিন্ন ধৰনৰ বহুকেইটা সপোন মিলি আপুনি সৰ্বাধিক দুঘণ্টা সপোন দেখে৷
দীঘলীয়া সপোনবোৰ আপুনি টোপনি যোৱাৰ বহুকেইটা স্তৰৰ ভিতৰত REM (Rapid eye movement)ৰ সময়ত দেখে৷ এই অৱস্থাটো সাধাৰণতে টোপনি যোৱাৰ ৯০ মিনিট পিছত হয়৷
কিন্ত চমু সপোনবোৰৰ বাবে এই স্তৰটো পাবই লাগিব বুলি কথা নাই৷ কোনোবা এজনে হয়তো ৯০ মিনিট শুৱাই নাছিল ৷কিন্ত আধাঘণ্টা টোপনিৰ ভিতৰতে কিবা দেখি সাৰ পাই উঠিল৷
আমি সপোন দেখোৱেই বা কিয়? ইয়াৰ বহুতো থিয়ৰী আছে৷ এটা থিয়ৰীত কোৱা হৈছে যে সাৰ পাই থাকোতে আমি যিবোৰ অনুভূতি আৰু অভিজ্ঞতাৰ সন্মুখীন হওঁ আমাৰ মগজুয়ে টোপনি গৈ থকা অৱস্থাত তাৰ লগত জড়িত আৱেগ আৰু উত্তেজক ভাৱবোৰ প্ৰচেচিং কৰোতে আমি সপোন দেখো৷
আন এটা থিয়ৰী অনুসৰি শুই থকা অৱস্থাত শাৰীৰিক অৱস্থাৰ যিবোৰ চিগনেল মগজুয়ে প্ৰেৰণ কৰে তাৰ ফলত সপোন দেখো৷ যেনে ধৰক গৰম দিনত ফেন খন ফুল স্পীডত দি পকাতে শুই আছে৷ হঠাতে বৰষুণ অহাত আপোনাৰ খুব ঠাণ্ডা লাগি গাটো সিৰসিৰাই গ’ল৷ এতিয়া পুৰ্ণ সম্ভৱনা আছে আপুনি ভয় লগা কিবা এটা দেখি গাটো জিকাৰ মাৰি সাৰ পাই যাব৷ আকৌ ধৰক টোপনি গৈ থাকোতে বুকুত হাতখন পৰি আছে৷ ফলত দেখিব যে আপুনি কিবা উশাহ নোপোৱাৰ দৰে হৈ ককবকাই থাকি সাৰ পাই উঠিল৷____ইত্যাদি৷
আপোনাৰ অৱচেতন মনটোয়ে অনবৰতে কিবা নহয় কিবা ভাবিয়েই থাকে৷ এক চেকেণ্ডৰ বাবেও নৰয়৷ এই ভাৱ অনুভূতিবোৰ এফালে যিদৰে আমাৰ আচাৰ-ব্যৱহাৰ/ব্যক্তিত্বৰ কাৰক আনহাতে আমি দেখা সপোনৰ অন্যতম মূখ্য ঘটক৷
ড° কেলভিন এচ হলে ৪০ বছৰ ধৰি ৫০ হাজাৰ সপোনৰ ওপৰত গৱেষণা কৰি এই সিদ্ধান্ত দিছিল যে আমি সাধাৰণতে নিগেটিভ ইম’চনৰ ওপৰত সপোন বেছিকৈ দেখো৷
মন কৰিছেনে বাৰু আপুনি দেখা প্ৰায়বোৰ সপোনৰ পাত্ৰ/পাত্ৰী হিচাপে আপুনি কিবা নহয় কিবা প্ৰকাৰে জড়িত থাকিবই৷ ইয়াৰ ব্যাখ্যা মহান মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়েডে তেওঁৰ “Interpretation of dreams” নামৰ কিতাপখনত এনেদৰে দিছে যে: সপোনবোৰ আমাৰ দমাই থোৱা আৱেগ৷ আমাৰ নহ’ল নাপালো আদি ধৰনৰ আৱেগ আৰু যিবোৰ আৱেগক আমি প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ আমাৰ সপোন হৈ ধৰা দিয়ে৷ এই কিতাপখন গুৱাহাটীৰ জিলা পুথিভঁৰাল আছিল৷ আগ্ৰহী সকলে পঢ়ি চাব পাৰে৷ সচাঁকৈয়ে বহুত আকৰ্ষণীয় কিতাপ৷
আমি খুউব বেছি খেলিমেলি (Puzzle)ত পৰিলেও সপোন দেখো৷ সপোনতে কিবা সিদ্ধান্তও কৰো৷
আমাৰ শেহতীয়া অভিজ্ঞতাবোৰ লৈ বেছিকৈ সপোন দেখো৷ আচলতে মগজুয়ে মনত থকা কথাবোৰ নিৰ্দিষ্ট পদ্ধতিৰে সুসংগঠিত কৰাৰ ফলতো সপোন দেখে বুলি এচাম গৱেষকে মত প্ৰকাশ কৰে৷ ডা° আৰ্নেষ্ট হাৰ্টমেনে মতপোষণ কৰে যে সপোন দেখাৰ মূখ্য কাৰণ হ’ল আমাৰ চাপ (stress) আৰু দুঃচিন্তা৷
কাৰ্ল জুং ৰ দৰে মহান মনোবৈজ্ঞানীকে মতপোষণ কৰে যে সপোনৰ দ্বাৰা আমি নিজৰ ফেন্টাছীবোৰো পুৰা কৰো৷ যেনে ধৰক–চৰাইৰ দৰে উৰি গৈ আছো৷ বা Oz land ৰ দৰে কিবা যেন মায়াময় /যাদুকৰী ভূখণ্ডত সোমাই পৰি নিজক হেৰুৱাই পেলাইছো ৷ এইখিনিতে কৈ থওঁ যে L Frank Baum এ লিখা “The wonderful wizard of Oz”নামৰ কিতাপখন শিশুৰ লগতে ডাঙৰৰ বাবেও বিৰাট সুখপাঠ্য৷ ইয়াৰ অ’তি মনোৰম কাহিনীত আপুনি সঁচাকৈয়ে এনেদৰে হেৰাই যাব যে কি ক’ম৷ এই কিতাপখন বহুত বছৰ আগতে গুৱাহাটীৰ পাণবজাৰৰ Western Book Depot ৰ পৰা দাদাই কিনি দিছিল আৰু মই উৰাই-ঘূৰাই কেইবাবাৰো পঢ়িছিলো৷ ইমানেই মজাৰ কাহিনীটো৷
বাৰু, আমি টোপনিত দেখা সপোনবোৰ সত্য হৈ উঠে নে? এই সম্পৰ্কে জন হপকিন্স বিশ্ববিদ্যালয়তৰ এদল গৱেষকে গৰ্ভৱতী মহিলা সকলৰ ওপৰত চাৰ্ভে কৰি চাইছিল৷ এই চাৰ্ভেত তেওঁলোকক সপোনত হ’ব লগা সন্তানটো ল’ৰা নে ছোৱালী বুলি দেখিলে সেয়া সুধিছিল৷ পিছত ৭০% মহিলাৰ সন্তান সপোনত দেখাৰ দৰেই ল’ৰা বা ছোৱালী হিচাপে জন্ম হৈছিল বুলি প্ৰমাণ পোৱা গৈছিল আৰু ৩০% ৰ মিলা নাছিল৷
সপোনবোৰ সত্য হৈ উঠেগৈ নে নাই বুলি ভীষণ বাদ-বিবাদ আছে৷ দুয়োপক্ষৰে নিজা নিজা যুক্তি আছে৷ মই এই সম্পৰ্কে সদ্যহতে মতামত দিয়াৰ পৰা বিৰত থাকিলো৷
মই গুৱাহাটীত থাকোতে অম্বুবাচী মেলাৰ সময়ত কামাখ্যাৰ পাদদেশৰ কোনো পদপথৰ দোকানৰ পৰা দুখন আচৰিত কিতাপ কিনিছিলো৷ এখন হ’ল বাংলা ভাষাৰ–“বৃহৎ স্বপ্নতত্ত্ব” আৰু আনখন অসমীয়া ভাষাৰ ” তন্ত্ৰ-মন্ত্ৰ জৰা-ফুকা”৷ মোৰ এই বিষয়ে তেনে আগ্ৰহ আৰু বিশ্বাস নাছিল যদিও কৌতূহলবশতঃ পঢ়ি চাবলৈ কিনিছিলো৷ সচাঁ হওঁক বা নহওক, কিতাপ দুখনৰ কথাবোৰ কিন্ত বিৰাট ইন্টাৰেস্টিং আছিল৷ বাংলা ভাষাৰ খনত সপোনত কি দেখিলে কি হয়ৰ যে কেনে মজাৰ বৰ্ণনা৷ অসমীয়া খনত ভূত খেদোৱা মন্ত্ৰ, মুখ লাগিলে ভঙা মন্ত্ৰ, দৰা-কইনাৰ গা বন্ধা মন্ত্ৰ আৰু যে কত কি৷ দাদাক কিতাপ দুখনৰ কথা কওঁতেই পাচ মিনিটমান কাণত ধৰিব দিলে আৰু খং কৰি কিতাপ দুখন লৈ গ’ল৷ সেইবছৰ ক্লাছ নাইনত আছিলো আৰু হোষ্টেলৰ মোতকৈ ডাঙৰ কোনো ছোৱালীৰ লগত মঠঘুৰীয়াৰ পৰা কামাখ্যালৈ মেলা চোৱাৰ লোভত গৈছিলো৷ মোক কাণত ধৰাই চাগৈ দাদাৰো মনতে বেয়া লাগিছিল আৰু পিছত আনি দিছিল L Frank Baum এ লিখা “The wonderful wizard of Oz” নামৰ অ’তি সুখপাঠ্য কিতাপখন৷ কিতাপখনত Western Book Depot ৰ মোহৰ মাৰা আছিল৷
মই জীৱনত দেখা আটাইতকৈ যন্ত্ৰণাদায়ক সপোনটো ডা° আনিকেত চোলাংকীৰ মৃত্যুৰ ঠিক পিছতে দেখাৰ কথা ইতিমধ্যে লিখিছো৷ আজি আকৌ নিলিখো৷ অলপ নুবুজাকৈ hurt হওঁ_____৷
আনহাতে মই এনেকুৱা দুজন মানুহৰ কথাও শুনিছো যি দুজন মানুহ একেখন বিছনাত শুই থাকোতে হেনো একেটা সপোনকে দেখিলে যে ঘৰত চোৰ সোমাইছে৷ ফলত টোপনিতে এতিয়া এজনে আনজনক “তই চোৰ নহয় তই চোৰ” বুলি দবৰা-দবৰি কৰি কৰি বিছনাৰ পৰা পৰি গৈ মাটি পাই তাতো দবৰাদবৰি লাগিয়েই থাকিল৷ শেষত ঘৰৰ আন মানুহ আহি বাল্টিৰে পানী ঢলাতহে ৰইখা৷ লগৰে চিকিৎসক বা এজনীয়ে এবাৰ তেওঁৰ পাঁচ বছৰীয়া ল’ৰাটোক আনোতে তাৰ বিৰূদ্ধে থকা “বিচনাত প্ৰস্ৰাৱ কৰা” আপত্তিটোৰ বিচাৰ ল’লো৷ বেচেৰাই মোৰ আগত স্বীকাৰোক্তি দিছে–সপোনতে দেৱতা এজন আহি বোলে কয়–“কৰ দে কৰ দে ৰে___” আৰু সি কৰি দিয়ে আৰু_______শিশুটোয়ে ইমান innocently কথাটো কৈছিল যে মই মৰমতে গলি গৈছিলো৷
কমেণ্টত আপুনি দেখা সপোনৰ অভিজ্ঞতাৰ বিষয়ে ক’বচোন৷ সপোন বিষয়টো সচাঁকৈয়ে বৰ মজাৰ আলোচনা৷
সপোনৰ বিষয়ে মই পঢ়া সকলোতকৈ শ্ৰেষ্ঠ কথাটো এনে: এ পি জে আব্দুল কালামে কৈছিল–“ তুমি টোপনি যাওঁতে যি দেখা সেয়া প্ৰকৃততে তোমাৰ সপোন নহয়৷ যিবোৰ সপোনে তোমাক টোপনি যাবলৈ নিদিয়ে সেইবোৰহে তোমাৰ প্ৰকৃত সপোন৷ ” মই ভাবো সকলো উঠি অহা ল’ৰা-ছোৱালীয়ে এই কথাটো মন কৰা উচিত৷ নে কি কয়?
আপোনাৰ আজিৰ দিনটো শুভ হ’বই৷ হাঁহি থাকিব..