-মহাবাহু |
একৈছ শতিকাৰ সভ্য সমাজৰ বাবে কাৰ্বন বা গ্ৰীণহাউছ গেছ যদি অন্যতম প্ৰধান মূৰৰ বিষৰ কাৰণ হিচাপে চিহ্নিত হয়, তেন্তে দ্বিতীয় প্ৰধান আতংকৰ নাম হ’ল প্লাষ্টিক। অলেখ প্ৰচেষ্টা চলোৱা সত্ত্বেও এই মাৰাত্মক প্লাষ্টিকৰ প্ৰচলন বন্ধ কৰিব পৰা হোৱা নাই। মানুহৰ মাজত প্লাষ্টিকৰ কু-প্ৰভাৱক কেন্দ্ৰ কৰি সচেতনতা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে প্ৰতিদিনে বৃদ্ধি পাইছে প্লাষ্টিকৰ ব্যৱহাৰ। কেৱল ভাৰতবর্ষ উপমহাদেশতেই নহয়, সমগ্ৰ বিশ্বতেই ভয়াৱহভাৱে বৃদ্ধি হৈছে প্লাষ্টিকৰ ব্যৱহাৰ। বৰ্তমান মানৱ সভ্যতাক প্লাষ্টিকে কেনে ভয়ংকৰ অৱস্থালৈ লৈ গৈছে, সেই সম্পৰ্কে বিজ্ঞানীসকলে বহুদিন ধৰি গৱেষণা কৰি আহিছে। বিজ্ঞানীসকলে সম্প্ৰতি আৱিষ্কাৰ কৰিছে ‘গ্ৰেট গাৰবেজ পেচিফিক প্যাচ্’। বিজ্ঞানীসকলে কৈছে যে বিভিন্ন গৱেষণাৰ মাধ্যমেৰে জানিব পৰা গৈছে যে প্ৰতিবছৰে বিশ্বত সৰ্বাধিক প্লাষ্টিক জমা হয় সমুদ্ৰত। নদীৰ সোঁতত ভাহি আহি সাগৰ-মহাসাগৰত জমা হয় বিপুল পৰিমাণৰ প্লাষ্টিক। প্ৰশ্ন হয়, বিশ্বৰ সৰ্বাধিক প্লাষ্টিক জমা হয় ক’ত?
বিজ্ঞানীসকলে গৱেষণা কৰি হাৱাই দ্বীপপুঞ্জ আৰু কেলিফৰ্নিয়াৰ মাজভাগৰ বিস্তীৰ্ণ অংশত জমা হোৱা প্লাষ্টিকৰ সুবিস্তৃত স্তূপকেই সৰ্বাধিক প্লাষ্টিক জমা হোৱা স্থান বুলি চিহ্নিত কৰিছে আৰু সেই স্থানৰ নামকৰণ কৰিছে—‘গ্ৰেট গাৰবেজ পেচিফিক প্যাচ্’। ইয়াৰ আয়তন আমেৰিকাৰ টেক্সাছ মহানগৰীৰ দুগুণ। পৰিসংখ্যাৰপৰা জানিব পাৰি যে আমেৰিকাৰ ৩খন বৃহত্তম মহানগৰীৰ অন্যতম এখন হ’ল টেক্সাচ। প্ৰথম দুখন বৃহত্তম মহানগৰ হ’ল যথাক্ৰমে আলাস্কা আৰু কেলিফ’ৰ্নিয়া। কিন্তু ইয়াতেই শেষ নহয় ! সমগ্ৰ ফ্ৰান্স দেশখনৰ তুলনাত এই বৰ্জ্যৰ বিস্তাৰ তিনিগুণ অধিক। এনে আতংকময় তথ্যই বিজ্ঞানীসকলক সঁচাকৈয়ে শিহৰিত কৰি তুলিছে।
বিজ্ঞানীসকলে জনাইছে যে প্ৰতিবছৰে নদীৰপৰা বিভিন্ন সাগৰত জমা হয় ১৫ লাখ টনৰপৰা ২৪.১০ লাখ টন প্লাষ্টিক আৰু ইয়াৰ অৰ্ধেক পৰিমাণৰ প্লাষ্টিকৰ ঘনত্ব পানীৰ তুলনাত অধিক। গতিকে সাগৰৰ বক্ষত জমা হ’লেও ডুবি নাযায়। গৱেষণাৰপৰা জানিব পৰা গৈছে যে এনে ধৰণৰ প্লাষ্টিক যিহেতু পানীৰ সৈতে মিহলি হৈ নাযায় তথা ডুবিও নাযায়, ফলস্বৰূপে মুকলিত থাকি থাকি সূর্যৰ প্ৰচণ্ড তাপত নানা ধৰণৰ বিক্ৰিয়াৰে এইবোৰৰ মাইক্ৰ’প্লাষ্টিকজাতীয় পদার্থ ভাঙি গৈ পৰিৱেশৰ বাবে হৈ পৰে অত্যন্ত ক্ষতিকৰ আৰু সেইবাবেই সমগ্ৰ সামুদ্ৰিক বাস্তুতন্ত্ৰৰ বাবে হৈ পৰিছে মহাত্ৰাসৰ কাৰণ এই মাইক্ৰ’প্লাষ্টিক।
সাম্প্ৰতিক প্ৰতিৱেদন এখনৰদ্বাৰা বিজ্ঞানীসকলে জনাইছে যে ‘পেচিফিক গাৰবেজ প্যাচ’ৰ ওপৰত যিমান প্লাষ্টিক ভাহি আছে, সেইবোৰৰ পৰিমাণ হ’ল ১,৮০,০০০ কোটি আৰু সেইবোৰৰ ওজন প্ৰায় ৮০,০০০ টন। বিজ্ঞানীসকলে জনাইছে যে এইসমূহৰ সন্মিলিত ওজন প্ৰায় ৫০০খন জাম্বো জেটৰ সমান। প্ৰতিদিনে এই অক্ষয়িষ্ণু প্লাষ্টিকৰ পৰিমাণ সেই স্থানত বৃদ্ধি হৈয়েই আছে আৰু সামুদ্ৰিক জীৱনত মাৰাত্মক প্ৰভাৱ পৰিছে। বিভিন্ন জলজ প্ৰাণী, মাছ ইত্যাদি সামুদ্ৰিক জীৱই প্ৰায়েই এই প্লাষ্টিকবোৰক খাদ্য সামগ্ৰী বুলি ভাবি ভুল কৰে আৰু এইবোৰ ভক্ষণ কৰাৰ ফলত কার্যত জলজীৱন বিপৰ্যস্ত হৈ পৰিছে। কাৰণ জমা হৈ থকা আৱৰ্জনাৰ প্ৰায় ৮৪% আৱৰ্জনা হ’ল অতিশয় বিষাক্ত। এনে বিষ শৰীৰত প্ৰৱেশ কৰিলে মৃত্যু অৱধাৰিত। ফলত প্লাষ্টিক ভক্ষণ কৰি কৰি প্ৰাণত্যাগ কৰিছে জলজ প্ৰাণীবোৰে। কেৱল এয়াই নহয়, এনে প্লাষ্টিকৰ বাবেই বিলুপ্তিৰ পথলৈ গৈছে সামুদ্ৰিক বাস্তুতন্ত্ৰৰ একাধিক প্ৰজাতিৰ প্ৰাণী। বহুবছৰ ধৰি চলি অহা একাধিক গৱেষণাৰদ্বাৰা জানিব পৰা গৈছে যে প্ৰায় ৭০০ প্ৰকাৰৰ সামুদ্ৰিক প্ৰজাতি প্ৰতিক্ষণে সামুদ্ৰিক ধ্বংসাৱশেষৰ সংস্পৰ্শলৈ আহে আৰু প্ৰায় ৯২% প্ৰাণী এনেবোৰ মাৰাত্মক ক্ষতিকাৰক প্লাষ্টিকৰ সংস্পৰ্শত থাকে। বিজ্ঞানীসকলে কৈছে যে দাবানল যিদৰে অৰণ্যত বিয়পি জ্বলাই ছাৰখাৰ কৰে, তেনে ধৰণেই প্লাষ্টিকৰ দাবানলেও মৰ্মান্তিক পৰিণতি সৃষ্টি কৰি আহিছে মানৱ-সভ্যতাৰ বক্ষত, সমুদ্ৰৰ বক্ষত, পৰিৱেশৰ গৰ্ভত।