-ডা: মনোজ শইকীয়া |
(১) হঠাতে মূৰ ঘূৰাই চকুৰে অন্ধকাৰ দেখিলে দুয়োখন কাণসহ মূৰত হাতৰ তলুৱাৰে চাপ দিলে মূৰঘূৰণি বন্ধ হয়।
(২) কণ্ঠনলীত হঠাতে সুৰসুৰণি উঠিলে কিছুসময় কাণদুখন হাতৰে ধৰি টানি ৰাখিলে সুৰসুৰণি নোহোৱা হয়।
(৩) ইঞ্জেকচন দিয়াৰ সময়ত কাহ এটা মাৰিলে বিষ অনুভৱ নহয়।
(৪) চৰ্দি লাগি নাক সোপামাৰি ধৰিলে বা মূৰ বিষালে , জিভাৰে ওপৰৰ তালুত হেচাদিব। একে সময়ত দুয়ো ভ্ৰুৰ মাজত মধ্যমা আঙুলিৰে ১৫-২০ চেকেণ্ড হেচিধৰিব। এইদৰে কেবাবাৰো কৰিব।লগে লগে আৰাম পাব।
(৫) অনিদ্ৰাত ভুক্টভোগী ব্যক্তিয়ে নিতৌ এটা ডালিম খালে ভাল টোপনি আহে। বিছনাৰ শিতান উত্তৰ দিশত ৰাখি শুলে ভাল টোপনি হয়। নাইবা শোৱাৰ সময়ত এগিলাচ কুহুমীয়া গাখীৰ খালেও টোপনি ভাল হয়।
(৬) দিনে এটা আপেল খালে কোষ্ঠকাঠিন্য নোহোৱা হয়। আপেলত Sorbitol থকা বাবে শৌচ খোলোচা কৰাত সহায় কৰে।
(৭) কেতিয়াবা ফোঁহা উঠিলে গেথেলা মাৰি থাকে আৰু অসহ্য বিষ হয়। কলমৌ পটাত পিহিলৈ ফোঁহাৰ ওপৰত প্ৰলেপ দিলে সোনকালে পকি ফাটি যায় আৰু তৎক্ষণাত উপসম পায়।
(৮) ভৰিত শামূকীয়া বা কৰ্ণ হ’লে এটকাতে ভাল কৰিব পাৰি। চূণ আৰু চ’দা সমপৰিমাণে লৈ পেষ্ট বনাই শামূকীয়াত লগাই ৰাখিলে মৰা কোষ এৰাই পৃথক হয় আৰু নতুনকৈ কোষৰে পৰিপূৰ্ণ হয়।
(৯) হঠাতে হিকতি আহিলে ৪-৫ টামান জালুক কঠাসিয়া বেজীত বা তাৰত সুমুৱাই আধাপোৰা কৰি ধোঁৱা ওলাব দিব। এই ধোঁৱা নাকৰে কেবাৰমান উজাই ললে তৎক্ষণাত হিকতি বন্ধ হয়।
(১০) কাণত পোক সোমালে গ্লিছাৰিণ অথবা গাঢ়কৈ বনোৱা নিমখৰ পানী কাণৰ ফুটাত সম্পূৰ্ণকৈ ঢালি দিব। মৃত বা জীৱিত পোক ওপৰলৈ ওপঙি আহিব ক তেতিয়া সহজে আতৰাব পাৰিব।
(১১) গৰমৰ দিনত ৰদত কাম কৰি থাকোতে কোনো ব্যক্তি মূৰ ঘূৰাই পৰিলে একলিটাৰ কুহুমীয়া পানীত ডেৰ-দুই চামুচ নিমখ গুলি খুৱাই দিব । লগে লগেই আৰাম পাব।গৰমৰ কাৰণে হোৱা ডিহাইড্ৰেচন বা শৰীৰৰ জলশূন্যতাৰ কাৰণে এইদৰে আক্ৰান্ত হয়।
সাধাৰণতে গৰমৰ দিনত স্কুলীয়া ছাত্র-ছাত্ৰী প্ৰায়েই মূৰ ঘূৰণীত আক্ৰান্ত হয়। শিক্ষক সকলে ভয় নাখাব, লগে লগে নিমখ পানী খুৱাব।
(১২) ডিঙিত মাছৰ কাইট লাগিল , ওচৰত ডাক্তৰ নাই কাইট উলিয়াই আনিবলৈ। বিচলিত নহব, নেমু এচিটা এচিটাকৈ চোবাই ৰস খাওক। কিছুসময় পিছত কাইট কোমলহৈ চিগি যাব।
মাছৰ কাইট কেলছিয়ামৰে গঠিত, অন্যহাতে নেমুৰ ৰসত এছকৰ্বিক এচিড থাকে। এছকৰ্বিক এচিডে কেলছিয়াম গলাব আৰু ক্ষয়নিয়াব পাৰে। সেয়েহে নেমুৰ ৰসে মাছৰ কাইট গলাই সহজে চিঙিব আৰু আপুনিও ৰক্ষা পাব।
(১৩) বৰল, মৌমাখি বা কোদোৱে বিন্ধিলে বৰকৈ বিষায়। পিয়াঁজ পিহি প্ৰলেপ দিল বিষ কমে।
(১৪) ৰসগোলা খালে কেতিয়াবা খাদ্যনলীত সোপামাৰি লাগিধৰে বাবে কথা ক’ব নোৱাৰে আনকি শ্বাস-প্ৰশ্বাস লব নোৱাৰা হয়। সেয়েহে সৰগোলা খোৱাৰ আগতে পানী খাব আৰু অলপ অলপকৈ ৰসগোলা খাব।
(১৫) সৰু লৰা-ছোৱালীয়ে বগৰী, জলফাই ,শিলিখা , খেজুৰ আদি খাওঁতে কেতিয়াবা গুটি গিলি দিয়ে আৰু কন্ঠনলীত লাগিধৰে। ভৰি দুটাত ধৰি মূৰটো তললৈ ৰাখিব আৰু এজনে পিঠিত জোৰেৰে চপৰিয়াই দিব। গুটি মুখেৰে ওলাই আহিব।