–অবিনাশ সন্দিকৈ |
ব্যস্ত পৃথিৱীৰ কোনোবা ক্ষণত
নিজক বিচাৰি হাবাথুৰি খালে
নৈৰ কাষলৈ আহিবা, , আহিবা চাবলৈ উন্মনা ব্ৰক্ষ্মপুত্ৰৰ সেউজীয়া পাৰলৈ,
বলিয়া বানৰ বিভীষিকাৰ তপ্ত পৰশ পাবলৈ,
আহিবা আঘোণৰ আবেলিৰ কাজিৰঙালৈ
বৰষাত বিলীন হোৱা কাজিৰঙাকখৰালিৰ উন্মাদনালৈ ৰূপান্তৰিত হোৱাৰ আমেজ লবলৈ ।
কিমান যে সুন্দৰ সেউজীয়াবোৰ
পিছে কেতিয়াবা বৰ দুখ লাগে
উন্নয়নৰ দেওনা লৈ সেউজীয়াৰ সুৰক্ষাত
যেতিয়া বাধা আহি পৰে।
যেতিয়া কিঞ্চিত স্বাৰ্থত ধ্বংস যজ্ঞ
আৰম্ভ কৰা হয় ধৰিত্ৰীৰ বক্ষত,
তেতিয়া পাহৰি যাওঁ আমি
সেউজীয়া অবিহনে আমাৰো যে
অস্তিত্ব বিপদাপন্ন নিশ্চিত কৰি ।
চাৰিওফালে এবাৰ চোৱাছোন
সকলোৰে উশাহ-নিশাহত সেউজীয়াৰ অবস্থিতি,
নৈৰ পাৰত গৰখীয়া ককাই খাই হাবাথুৰি
প্ৰখৰ ৰ’দত গছ গছনিৰ অকনমান ছাঁ বিছাৰি..!!
আজিকালি সেউজীয়াৰ আবাসথলীৰ
নামবোৰ সলনি কৰি, গছ গছনি কাটি ছিঙি
বৰ বৰ অট্টালিকা সাজিছো আমি,
ফলসত প্ৰকৃতিৰ তাণ্ডৱ হাতে হাতে পাওঁ
সেয়ে কিজানি ..!!
আহাছোন আমি কিছু পণ লওঁ এই ক্ষণত
মানুহ আৰু পৰিবেশৰ কথা ভাবি
এই ধৰিত্ৰী আইক
ভৱিষ্যত প্ৰজন্মলৈ সেউজীয়া কৰি ৰাখিবলৈ বুলি।