-মহাবাহু |
লণ্ডন : ‘স্কটলেণ্ড য়ার্ড’ৰ যি প্ৰাসাদোপম ভৱনটোত ঊনবিংশ শতাব্দীত ৬১ বছৰ ধৰি লণ্ডনৰ মেট্ৰ’পলিটান পুলিচৰ সদৰ কাৰ্যালয় আছিল, এতিয়া সেই ভৱনটো এখন ৰাজকীয় পঞ্চতাৰকা হোটেললৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে। এই কৰ্ম যিজনে কৰিছে, তেওঁ কেৰেলাৰ এজন ধনকুবেৰ।
লণ্ডন পুলিচৰ জনপ্ৰিয় নাম ‘স্কটলেণ্ড য়ার্ড’। ‘স্কটলেণ্ড য়ার্ড’ বুলিলে বিশ্বৰ শ্ৰেষ্ঠ পুলিচ বাহিনী বুলি বহুদিনৰ ধাৰণা সকলোৰে। লণ্ডন চহৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি ‘স্কটলেণ্ড য়ার্ডে’ বছৰৰ পিছত বছৰ ধৰি সুনাম কঢ়িয়াই আহিছে। লণ্ডনৰ ‘গ্ৰেট স্কটলেণ্ড য়ার্ড’ নামৰ পথ এটাৰ ওপৰতেই আছিল লণ্ডন পুলিচৰ সদৰ কাৰ্যালয়, আৰু সেই পথৰ নাম টানি আনিয়েই লণ্ডন চহৰৰ পুলিচৰ সদৰ কাৰ্যালয়ৰ নাম হৈ পৰে ‘স্কটলেণ্ড য়াৰ্ড’। ১৮২৯ চনৰপৰা ১৮৯০ চন পৰ্যন্ত সেই ভৱনৰপৰাই লণ্ডন পুলিচৰ কার্য পৰিচালনা হৈছিল। কেইমাহমান পূৰ্বে সেই ভৱনটো ক্ৰয় কৰিছে কেৰেলাৰ এজন ধনকুবেৰ ইউচুফ আলিয়ে। সেই সদৰ কাৰ্যালয়টো সলনি কৰি তেওঁ এখন ৰাজকীয় পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিছে। ইউচুফ আলিৰ মূল বাসস্থান কেৰেলাত হ’লেও বছৰৰ সৰহভাগ সময় তেওঁ অতিবাহিত কৰে চৌদি আৰবত। আবু ধাবিৰ বিখ্যাত ‘লুলু গ্ৰুপ ইণ্টাৰনেছনেল’ৰ মালিক তেওঁ। পূৰ্বৰ মেট্ৰ’পলিটান পুলিচৰ সদৰ কাৰ্যালয়টোত ইতিমধ্যে ৫৮৫ কোটি টকা (ভাৰতীয় মুদ্ৰা) বা ৭৫ মিলিয়ন ইউৰো খৰচ কৰি পঞ্চতাৰকা হোটেললৈ ৰূপান্তৰিত কৰিছে ইউচুফে। কাম প্ৰায় সমাপ্ত। অতি শীঘ্ৰেই মুকলি হ’বলগীয়া হোটেলখনত আছে ১৫০টা কোঠা। এই হোটেলখনত এনিশাৰ ভাৰা হ’ব ১০০০০ ইউৰো (অৰ্থাৎ, ভাৰতীয় মুদ্ৰাৰে প্ৰায় ৮ লাখ টকা)!
‘ৰিটেইল কিং’ নামেৰেই ইউচুফ আলি পৰিচিত। ১৯৯০ চনত তেওঁ ‘ৰিটেইল মাৰ্কেট চেইন’ৰ বাবে প্ৰতিষ্ঠা কৰে ‘লুলু গ্ৰুপ’। বৰ্তমানে তেওঁ ১০০খন ছুপাৰমাৰ্কেটৰ মালিক। লুলু গ্ৰুপৰ বৰ্তমান বজাৰ-মূল্য ৫৮০০ কোটি মাৰ্কিন ডলাৰ। ‘ৰিটেইল’ ব্যৱসায়ৰ তুমুল সাফল্যৰ পিছত প্ৰায় ৬০ বছৰীয়া ব্যৱসায়ীগৰাকীয়ে এইবাৰ দৃষ্টিপাত কৰিছে ‘হস্পিটেলিটি’ বা আতিথেয়তা ক্ষেত্ৰৰ প্ৰতি। কেইমাহমান পূৰ্বে তেওঁ লণ্ডনৰ ‘গিলিয়ার্ড হোমছ্’ নামৰ এক সংস্থাৰপৰা ‘স্কটলেণ্ড য়ার্ড’ৰ ভৱনটো ক্ৰয় কৰে। হোটেলৰ ব্যৱসায় পৰিচালনা কৰিবলৈ তেওঁ ‘টুৱেণ্টি ফৰ্টিন হোডিংছ’ নামেৰে এটি নতুন সংস্থা গঠন কৰিছে। সম্প্ৰতি এক সাক্ষাৎকাৰত ইউচুফে কৈছে যে তেওঁ ইউৰোপ, উত্তৰ-আমেৰিকা আৰু ভাৰতত হোটেলৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অতি আগ্ৰহী। অহা অক্টোবৰ মাহত ডুবাই চহৰত তেওঁৰ এখন পঞ্চতাৰকা হোটেল আনুষ্ঠানিকভাৱে মুকলি হ’ব। ‘স্কটলেণ্ড য়াৰ্ড’ৰ ৰূপ সলনি হৈ হোটেললৈ পৰিৱৰ্তন হোৱাৰ পিছত হোটেলৰ কোঠাৰপৰা দেখা যাব নেলচনৰ স্মাৰক-স্তম্ভ, ‘ৱেষ্টমিনিষ্টাৰ এবি’ আৰু ইংলেণ্ডৰ ৰাজ প্ৰসাদ বাকিংহাম পেলেচ। ‘স্কটলেণ্ড য়ার্ড’ৰ ঐতিহাসিক গুৰুত্বৰ কথা মনত ৰাখিয়েই পঞ্চতাৰকা হোটেলখন সজাইছে লুলু গ্ৰুপে। হোটেলৰ প্ৰাচীৰত লগোৱা হৈছে বহুকাল পূৰ্বৰ কয়দীসকলৰ হাতেৰে প্ৰস্তুত হোৱা শিল্পকৰ্ম, ইউনিফৰ্ম পৰিধান কৰি থকা দুৰ্দান্ত প্ৰাক্তন পুলিচ বিষয়াৰ ছবি ইত্যাদি। ইংলেণ্ডৰ তৎকালীন প্ৰধানমন্ত্ৰী ছাৰ ৰবাৰ্ট পিলে সেই ভৱনটোক মেট্ৰ’পলিটান পুলিচৰ সদৰ দপ্তৰ হিচাপে নিৰ্বাচন কৰিছিল। সেই ভৱনৰ ভিতৰত আছে ১৯ শতিকাৰ এক বিশাল ওলমা লণ্ঠন। ১৯ শতাব্দীত ‘ফৰটি এলিফেণ্টছ’ নামৰ লণ্ডনৰ মহিলা চোৰৰ কুখ্যাত দল এটাই সেই ওলমা লণ্ঠনটো চোৰ কৰিবলৈ আহিছিল আৰু সেই সম্পৰ্কে নানান কাহিনী প্ৰচলিত হৈ আছে। সেই কাহিনীও হোটেলৰ বেৰত লিপিবদ্ধ কৰিছে ইউচুফ আলিয়ে। হোটেলখনৰ ভিতৰত একাধিক কোঠা ভিক্টোৰিয়ান স্থাপত্যেৰে নতুন ৰূপ দি ‘কনফাৰেন্স ৰুম’ কৰা হৈছে। এইবোৰৰ উপৰি আছে টি-পাৰ্লাৰ, ছিক্ৰেট হুইস্কি বাৰ, বলৰুম, ৰেষ্টুৰেণ্ট ইত্যাদি। অহা দুমাহমানৰ পিছতেই হোটেলখন আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পিছত হোটেলখনৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব বিখ্যাত হায়াত গ্ৰুপে।