–মৃণাল কুমাৰ মিশ্ৰ |
সন্ত্ৰাসবাদ এতিয়া একো নতুন কথা নহয়। চাৰিওফালে সন্ত্ৰাসবাদৰ জয়জয় ময়ময়। কিন্তু আজি মই ক’ব খোজা সন্ত্ৰাসবাদ সম্পৰ্কীয় কথাখিনি কিন্তু সহজতেই চকুত নপৰা বিধৰ এক চিন্তনীয় সন্ত্ৰাসবাদ। আমাৰ চাৰিওফালে প্ৰতিনিয়ত এনে সন্ত্ৰাসবাদ ঘটিয়েই আছে আৰু আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণ লোক এই সন্ত্ৰাসবাদৰ চিকাৰ হৈয়েই আছে। মজাৰ কথা এয়াই যে এই সন্ত্ৰাসবাদ কিন্তু একেবাৰেই নীৰৱে সংঘটিত হৈ আহিছে, ঠিক চেনিৰ প্ৰলেপৰ মাজত আগবঢ়াই দিয়া তিতা কুইনাইনৰ বড়িটোৰ দৰেই। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ভেটিত আজি ক’ব খোজা কথাখিনি আমাৰ সকলোৰেই অতি প্ৰয়োজনীয় চিকিৎসাজনিত ব্যয়ৰ নামত চিকিৎসাৰ ক্ষেত্ৰখনত ঘটি থকা এক নীৰৱ সন্ত্ৰাসবাদৰ বিষয়ে।
আধুনিক চিকিৎসা ব্যৱস্থাৰ শৰণাপন্ন নোহোৱাকৈ থকাটো কাৰো বাবেই সম্ভৱ নহয়। শৰীৰৰ বিভিন্ন বেমেজালিৰ বাবে আজি বহুদিনৰেই পৰা দুই তিনিবিধ দৰৱ নিয়মীয়াকৈ খাব লগা হৈছে। এয়া আজিকালিৰ জীৱনশৈলীৰ এৰাব নোৱাৰা অংশ বুলি মানি লৈছোঁ। মাহটোৰ বাবে প্ৰয়োজন হোৱা টেবলেটখিনি একেবাৰতে কিনি আনো। এনেদৰে আনোতে প্ৰতিমাহতেই ফাৰ্মাচীত গৈ এক আচহুৱা পৰিস্থিতিৰ মুখামুখি হওঁ―একেই কোম্পানীৰ একেই টেবলেট হ’লেও দাম কিন্তু বেলেগ। অৰ্থাৎ এমাহতেই একেবিধ টেবলেটৰ দাম নাই বুলিলেও ৩০-৪০টকা বাঢ়ি যায়। এনেদৰেই আৰম্ভণিতে ৮০ টকাত কিনা দহটা টেবলেটৰ এতিয়া দাম হৈছেগৈ ২৮০ টকা। এয়া বহু বছৰৰ কথা নহয়, মাথো যোৱা এটা বছৰৰ কথা। সিদিনা চিকিৎসকে লিখি দিয়ামতে ল’ৰাৰ এবিধ টেবলেট সম্পূৰ্ণ মাহটোৰ বাবে নিকিনি বিশদিনৰ বাবে আনিছিলোঁ। বিশদিনৰ দিনা একেই টেবলেট আনিবলৈ গৈ দেখিলোঁ― বিশদিনত একেই দহটা টেবলেটৰ দাম ত্ৰিশ টকা বাঢ়িল। আপোনালোকে কি ভাবে নাজানো, মোৰ মতে কিন্তু এয়া ঔষধৰ বজাৰখনত কিছুমান বহুজাতিক কোম্পানীৰ এক নীৰৱ সন্ত্ৰাসবাদ। অকল মূল্যবৃদ্ধিৰ ক্ষেত্ৰতেই নহয়, চিকিৎসা সম্বন্ধীয় বিভিন্ন ক্ষেত্ৰত আমি এক নীৰৱ সন্ত্ৰাসবাদৰ কৱলত পৰিছোঁ। বিশেষজ্ঞ চিকিৎসকে লিখি দিয়া দৰৱ আকৌ তেখেতে বহা বিশেষ ফাৰ্মাচীখনতহে পোৱা যায়। আপুনি যদি বেলেগত বিচাৰি ফুৰে, ক’তোৱেই বিচাৰি নাপাব। উপাদানৰ নামৰ সলনি ব্ৰেণ্ডেড কোম্পানীৰ দৰৱৰ নামহে লিখে বাবে সেইটোৰ পৰিপূৰক দৰৱ বিচাৰিও লাভ নাই। মুঠতে ভঙাগড়ৰ ডাক্টৰে লিখা ঔষধ গণেশগুৰিত নাপায়, মালিগাঁৱৰ ডাক্টৰৰ ঔষধ পাণবজাৰত নাপায় আৰু এনেদৰে প্ৰতিবাৰেই ঔষধ বিচাৰি আমি হাৰাশাস্তি ভুগি থাকোঁতে আমি পাহৰিয়েই যাওঁ যে চিকিৎসকে আমাৰ ওপৰত জাপি দিয়া ইয়ো একপ্ৰকাৰ সন্ত্ৰাসবাদেই।
চিকিৎসকে ঔষধৰ নিদানপত্ৰত ঔষধৰ বহুজাতিক কোম্পানীৰ ব্ৰেণ্ড নামটোহে উল্লেখ কৰে, উপাদান আৰু পৰিমাণৰ কথা নকয়। কাৰণ তেনে কৰিলে ব্ৰেণ্ডেড ঔষধৰ সলনি জেনেৰিক ঔষধ কিনিলে বহুজাতিক কোম্পানী সমূহে তেওঁলোকক দিয়া কমিছনৰ অংকত যে আউল লাগিব। চিকিৎসকে লিখা বহুকেইবিধ ঔষধৰ আকৌ জেনেৰিক পৰিপূৰক বিচাৰি পোৱা নাযায়। চৰকাৰী ঢাকঢোল যিমানেই নবজাওক কিয়, সকলো ফাৰ্মাচীত জেনেৰিক ঔষধো বিচাৰি পোৱা নাযায়। বহুজাতিক কোম্পানীৰ আকৰ্ষণীয় কমিছনৰ অংকত আউল লাগে বাবেই ফাৰ্মাচীত জেনেৰিক ঔষধ নাৰাখে। চাবলৈ কোনোতো নায়েই। গতিকে সাধাৰণজনৰ এজন হৈ মূল্যবৃদ্ধিয়ে কোঙা কৰিলেও বহুজাতিক কোম্পানীৰ ব্ৰেণ্ডেড ঔষধৰ টোপোলা লৈ উভটিবলৈ বাধ্য হওঁ, চিকাৰ হৈ পৰো ক্ৰমান্বয়ে বাঢ়ি অহা চিকিৎসাজনিত ব্যয়ৰ নামত ঔষধ কোম্পানী সমূহে আৰম্ভ কৰা নীৰৱ সন্ত্ৰাসবাদৰ। অক্টোপাছৰ হাতোৰাৰ দৰেই ঔষধৰ এই মূল্যবৃদ্ধিৰ সন্ত্ৰাসবাদে আমাক বাৰুকৈয়ে সন্ত্ৰাসিত কৰি তুলিছে।
চিকিৎসাৰ বাবে চিকিৎসকসকলৰ ওচৰলৈ যাওঁতে আমাক সন্ত্ৰাসিত কৰি ৰখা আন এটা বিষয় হৈছে চিকিৎসাজনিত বিভিন্ন পৰীক্ষা-নিৰীক্ষাবোৰ। এইটো বিষয়ত আমাৰ সকলোৰেই কম-বেছি পৰিমাণে তিক্ত অভিজ্ঞতা নিশ্চয় আছে। বিভিন্ন পৰীক্ষাগাৰত কৰা পৰীক্ষাসমূহৰ মূল্য সকলোতেই বেলেগ বেলেগ। এক কথাত নিজৰ ইচ্ছামতেই যেন পৰীক্ষাগাৰসমূহে এই মূল্যবোৰ নিৰ্ধাৰণ কৰে। আজিকালি কোনো চিকিৎসকেই সাধাৰণ অসুখতো পৰীক্ষাগাৰৰ প্ৰতিবেদন নোহোৱাকৈ চিকিৎসাৰ বিধান দিবলৈ নাৰাজ। লক্ষণৰ ওপৰত চিকিৎসাৰ বিধান আজিকালি নোহোৱায়েই হ’ল বুলিব পাৰি। সাধাৰণ পানীলগা জ্বৰতো আপুনি দহহেজাৰমান টকা খৰচ কৰি বিভিন্ন পৰীক্ষাসমূহ কৰি ৰিপোৰ্টবোৰ দেখালেহে চিকিৎসকে আপোনাক পেৰাছিটামূল বড়ি আৰু কফ চিৰাপৰ নামটো(যদিহে ভগৱানে নকৰক, অন্য কোনো বিসংগতি ৰিপোৰ্টত নাথাকে) চিকিৎসা বিধানৰ নামত লিখি দিব। অকল এয়াই নহয়, এই পৰীক্ষাবোৰো চিকিৎসকজনে দেখুৱাই দিয়া পৰীক্ষাগাৰতহে কৰিব লাগিব। আজিকালি প্ৰায়বোৰ বিশেষজ্ঞ চিকিৎসকৰ কোঠাৰ সন্মুখতেই লিখা থাকে―ইয়াত বাহিৰৰ পৰীক্ষাগাৰৰ ৰিপোৰ্ট গ্ৰহণ কৰা নহয়। তাৰপাছত জানো আমাৰ দৰে সাধাৰণ জনৰ গিনিপিগ হোৱাৰ বাহিৰে অন্য উপায় আছে ? চিকিৎসাৰ নামত এয়া একপ্ৰকাৰ সন্ত্ৰাসবাদেই নহয়নে ?
চিকিৎসাজনিত ব্যয়ৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহ এই নীৰৱ সন্ত্ৰাসৰ আন এক জ্বলন্ত উদাহৰণ। চিকিৎসকৰ চিকিৎসাৰ জৰিয়তে যমৰজাৰ দুৱাৰমুখৰ পৰা উভতি আহিব পাৰিলেও নাৰ্চিংহোমৰ বিলখনে পুনৰ যমৰজাৰ দুৱাৰমুখত থৈ অহাৰো পূৰ্ণ সম্ভাৱনা থাকে। ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ সুবিধা লৈ এই সন্ত্ৰাসবাদ এতিয়া চৰম পৰ্য্যায় পাইছেগৈ। ক’ভিড নহ’লেও আন যিকোনো বেমাৰৰ বাবে যিকোনো চিকিৎসালয়ৰ অন্তৰ্বিভাগত ভৰ্তি হ’বলৈ হ’লে ৰোগীৰ এতিয়া প্ৰাথমিক কাম হ’ল নিজকে ক’ভিডমুক্ত বুলি প্ৰমাণ দিয়া আৰু এই প্ৰমাণ দিবলৈ সকলোবোৰ পৰীক্ষা সেইখন চিকিৎসালয়ৰ পৰীক্ষাগাৰতহে কৰি দেখুৱাব লাগিব। অন্য পৰীক্ষাগাৰৰ ৰিপোৰ্ট―ওহোঃ নচলিব। আপোনাৰ সাঁচতীয়া ধনৰ টোপোলাটো খালি কৰিবলৈ এই প্ৰাথমিক পৰীক্ষাসমূহেই যথেষ্ট। আনকি নিয়মীয়াভাৱে কৰা ব্লাডচুগাৰ, থাইৰয়দ, কলেষ্ট্ৰল আদিৰ দুদিন আগৰ ৰিপ’ৰ্টো সম্পূৰ্ণ নতুনকৈ কৰি দিব লাগিব সেইখন চিকিৎসালয়ৰ পৰীক্ষাগাৰত। ইয়াৰ পাছত আহিব আপোনাৰ পৰিস্থিতি অনুসৰি পেকেজ হিচাবত চিকিৎসাৰ ব্যয়। লগত থাকিব প্ৰতিদিনৰ ৰুমৰ ভাড়া, দৰকাৰ হ’লে আই চি ইউৰ ভাড়া ইত্যাদি অজস্ৰ নেদেখা নুশুনা খৰচৰ এখন দীঘল তালিকা। নক’লেও হয় যে প্ৰতিখন ব্যক্তিগত চিকিৎসালয়ৰ এইসমূহ খৰচৰ হিচাপ বেলেগ বেলেগ। সিদিনা এখন অটোৰিক্সাৰ পাছত এখন চিকিৎসালয়ৰ এটা বিজ্ঞাপন দেখিলোঁ― প্ৰথম দিনৰ আই চি ইউ চাৰ্জ বিনামূলীয়া। তাত এইটো অৱশ্যে লিখা নাছিল যে দ্বিতীয় দিনা আই চি ইউৰ পৰা ৰোগী ওলাই নাহিলে ডবল চাৰ্জ লোৱা হ’বনে নহয় ! চৰকাৰে নতুনকৈ ধৰি দিয়া ব্যক্তিগত চিকিৎসালয়ৰ দৈনিক নিৰিখৰ তালিকাখনে এইসমূহ চিকিৎসালয়ক যেন গাখীৰতে ম’হৰ খুটিহে যোগাৰ কৰি দিলে। ইয়াৰ লগতে থাকে চিকিৎসালয়বিলাকৰ বেপাৰী মানসিকতা। বহু ক্ষেত্ৰতেই ভৰ্তি হ’ব নলগা ৰোগীকো কেইদিনমানৰ কাৰণে ভৰ্তি কৰি দিয়ে, এখন গধুৰ বিল বনোৱাৰ স্বাৰ্থত। শুনা কথা, এই ক্ষেত্ৰত মেনেজমেণ্টৰ লগত চিকিৎসকসকলেও হাত উজান নিদিলে হেনো তেওঁলোকৰ চাকৰিটোৰ বাবেও টনাটনি হয়। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা বুজিব পাৰিছোঁ যে বহুতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় একমাত্ৰ ব্যৱসায়িক মনোবৃত্তিৰেই গঢ়ি উঠিছে, তাত থাকিবলগীয়া আন্তঃগাঁথনি নাথাকেই। সেৱাৰ মনোবৃত্তিৰ কথাই নাই, মাত্ৰ মুনাফা বৃদ্ধিৰ হকে ৰোগীৰ জীৱনৰ ওপৰতো হেতালি খেলি চিকিৎসালয়ৰ বিলখন দীঘল কৰাতহে জোৰ দিয়ে। এইখিনিতে মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ নকৰি নোৱাৰিলোঁ। আজি দুবছৰ আগতে মোৰ ভাইটিৰ প্ৰথম সন্তানটিৰ অকাল বিয়োগে আজিও মোক সীমাহীন মনোকষ্ট দিয়ে। গুৱাহাটীৰ মাজমজিয়াৰ এখন বিখ্যাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সীমাহীন দায়িত্বহীনতাৰ বাবে মাত্ৰ নদিনত কণমানিটোৱে এই ধৰাৰ মায়া এৰি সিপুৰিলৈ যাবলগীয়া হৈছিল। সদ্যোজাত শিশুৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নথকাকৈয়ে তেওঁলোকে আঠোটা দিন শিশুটিক ৰাখি থৈছিল। মাথো দুইকিলোমিটাৰ দূৰৈৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিভাগত সকলো উন্নত ব্যৱস্থা থকাৰ পাছতো তেওঁলোকে এৰি দিব খোজা নাছিল একমাত্ৰ বিলখন গধুৰ হোৱাৰ বিনিময়ত। শেষত অষ্টমদিনা জোৰকৈ তেওঁলোকৰ পৰা উলিয়াই আনি চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিভাগত ভৰ্তি কৰা হ’লেও ইতিমধ্যে যথেষ্ট দেৰি হৈ গৈছিল। নৱমদিনা সি ধৰাৰ পৰা মেলানি মাগিছিল। সেই দুঃস্বপ্নই আজিও মোক খেদি ফুৰে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ এনেধৰণৰ সন্ত্ৰাসবাদে কিমানক যে সন্ত্ৰাসিত কৰি আহিছে তাৰ জানো কিবা হিচাপ আছে ? কিন্তু আমি যে নিৰুপায়, চৰকাৰী খণ্ডৰ চিকিৎসালয়ে আজিও জনসাধাৰণৰ এক ন্যূনতম অংশকহে সেৱা যোগাবলৈ সক্ষম হোৱাৰ কাৰণে সৰ্বসাধাৰণে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ওচৰ চাপিবলৈ বাধ্য। গতিকে বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ এই অঘোষিত সন্ত্ৰাসবাদ চলিয়েই থাকিব। আমিও ইয়াৰ চিকাৰ হৈয়েই থাকিম।
দেওবৰীয়া পুৱাটো এনেধৰণৰ ভাল নলগা বিষয় এটাৰে আপোনালোকৰ মনত কষ্ট দিয়াৰ বাবে ক্ষমা বিচাৰিছোঁ। লগতে মোৰ বন্ধু তালিকাত থকা সমূহ চিকিৎসক বন্ধুৰ ওচৰতো মই ক্ষমাপ্ৰাৰ্থী। তেখেতসকলে যেন কথাখিনি সৰলীকৰণ কৰি নলয়। ভগৱান সদৃশ ভাল চিকিৎসক এতিয়াও আছে আৰু তেখেতসকলক আমি সদায় ভগৱানৰ আসনতেই ৰাখি আহিছোঁ আৰু ৰাখি যাম। তেনে চিকিৎসকক বিচাৰি আজিও মহানগৰী এৰি মফছলীয়া সৰু চহৰলৈ গৈয়েই আছোঁ আৰু ভৱিষ্যতলৈও গৈ থাকিম।