–তনয় চক্ৰৱৰ্তী |
২০২১ চনটোৰ অন্তিমভাগত ভাৰতৰ শীৰ্ষস্থানীয় ব্যৱসায়ী মুকেশ আম্বানীৰ মুকুটটোত আৰু এটি বহুমূলীয়া পাখি সংযুক্ত হ’ব পাৰে। হয়, সকলো ঠিকেই থাকিলে এই বছৰটোৰ শেষলৈ তেওঁ অভিজাতৰো অভিজাত ১০০ বিলিয়ন ডলাৰৰ বা ১০০০০ কোটি আমেৰিকান ডলাৰৰ ক্লাবৰ সদস্য হৈ পৰিব। অৰ্থাৎ, মুকেশ আম্বানীৰ সম্পদৰ পৰিমাণ বৃদ্ধি হৈ, হৈ পৰিব ২০০ বিলিয়ন আমেৰিকান ডলাৰ!
উল্কাৰ গতিৰে বাঢ়িছে মুকেশ আম্বানীৰ সম্পদৰ পাহাৰ। পাহাৰ নহয়, পৰ্বত। যোৱা সপ্তাহটোতেই (১৩ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ) তেওঁ নিজৰ সম্পদৰ সৈতে যোগ কৰিছে প্ৰায় ৮ বিলিয়ন আমেৰিকান ডলাৰ। এই বছৰ এতিয়ালৈকে তেওঁৰ মুঠ সম্পদ বৃদ্ধি পাইছে ১৭০০ কোটি আমেৰিকান ডলাৰ। এই লাভৰ আধাৰো বেছি আহিছে বিগত সপ্তাহটোত। মুকেশ আম্বানীৰ প্ৰধান কোম্পানী হ’ল ৰিলায়েন্স ইন্ডাষ্ট্ৰিজ। এই কোম্পানীৰ প্ৰায় ৫১% অংশীদাৰিত্ব আছে মুকেশৰ হাতত। যোৱাবছৰ কৰোনা মহামাৰীৰ আৱহত সকলোপিনে অৰ্থনৈতিক সংকট দেখা দিলেও সেই ভয়াবহ পৰিৱেশৰ মাজত থাকিও ৭ টা ব্যৱসায়িক ‘চেছন’ত সংস্থাটোৰ শ্বেয়াৰৰ ৯% লাভ হৈছে আৰু তাৰফলত ৮০০ কোটি আমেৰিকান ডলাৰৰ সম্পত্তি বৃদ্ধি পাইছে মুকেশ আম্বানীৰ। ব্লুমবাৰ্গ বিলিয়নাৰ্চ ইন্ডেক্স অনুসৰি ৰিলায়েন্সৰ শ্বেয়াৰৰ দাম বঢ়াৰ পিছত মুকেশ আম্বানীৰ সম্পদ ৯৪০ কোটি ডলাৰতকৈও অধিক বাঢ়িছে।
মুকেশ আম্বানী এতিয়া বিশ্বৰ ধনকুবেৰ সকলৰ তালিকাত ১১ নং স্থানত আছে। তেওঁৰ সন্মুখত আছে ৱাৰেন বাফেট। বাফেটৰ সম্পদৰ পৰিমাণ ১০৩ বিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক। ৰিলায়েন্স ইন্ডাষ্ট্ৰিজৰ শ্বেয়াৰৰ দাম বঢ়াৰ মূলতে হ’ল মুকেশ আম্বানীৰ এক শেহতীয়া ঘোষণা। তেওঁ সদৰি কৰিছে যে ৰিলায়েন্সে গ্ৰীণ হাইড্ৰ’জেন উৎপাদনৰ বাবে ব্যাপক হাৰত ধন বিনিয়োগ কৰিব। প্ৰচলিত ইন্ধনতকৈ গ্ৰীণ হাইড্ৰ’জেন সস্তাও হ’ব।
অৰ্থনৈতিক বিশ্লেষক সকলে সেইবাবেই এই বছৰটোত ৰিলায়েন্স ইন্ডাষ্ট্ৰিজৰ শ্বেয়াৰৰ দাম পুনৰ ১০% বৃদ্ধি পাব বুলি অনুমান কৰিছে আৰু তাৰফলত মুকেশ আম্বানী ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ ক্লাবত প্ৰৱেশ কৰিব পাৰে। ‘ইকোনমিক টাইমছ’ কাকতে ‘আই-আই-এফ-এল চিকিউৰিটিজ’-অৰ সঞ্চালক সঞ্জীৱ ভাছিনক উদ্ধৃত কৰি কৈছে যে এই বছৰৰ শেষলৈ ৰিলায়েন্স ইন্ডাষ্ট্ৰিজৰ শ্বেয়াৰৰ দাম ২৭০০ টকাৰো অধিক হ’ব পাৰে। উল্লেখযোগ্য যে বিগত ৪ টা দিনত ৰিলায়েন্স ইন্ডাষ্ট্ৰিজৰ শ্বেয়াৰৰ দাম ১৮% বৃদ্ধি পাইছে।