হিমবাহ
• অৰবিন্দ ৰাভা
পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃঙ্গ এভাৰেষ্টৰ হিমবাহ মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ বাবে বেছিকৈ গলিবলৈ আৰম্ভ কৰিছে। যিমান সময় লৈ হিমবাহ সৃষ্টি হয়, তাৰে তুলনাত ৮০ গুণ দ্ৰুততাৰে হিমবাহ গলিবলৈ ধৰিছে।
ইয়াৰ দ্বাৰা গম পোৱা গৈছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৃথিৱীৰ সকলোতকৈ ওখ অঞ্চললৈও প্ৰসাৰিত হৈছে আৰু এয়া গৱেষণাইও প্ৰমাণ কৰিছে।
চি.এন.এন.-অৰ এক প্ৰতিবেদনত সেই গৱেষণাৰ আঁত ধৰি কোৱা হৈছে যে এভাৰেষ্টৰ শিখৰত এনেদৰে বৰফ গলা ঘটনা এক বিৰাট বিপৰ্যয়ৰ সংকেত। বিশ্বৰ ১৬০ কোটি মানুহৰ খোৱা পানী, জলসিঞ্চনৰ পানী, জলবিদ্যুৎ উৎপাদনৰ সোঁত – সকলোবোৰ সেই হিমবাহ গলা পানীৰ পৰাই আহে। তাৰোপৰি, এভাৰেষ্টৰ হিমবাহ তুষাৰৰ দ্বাৰা সুৰক্ষিত হৈ থাকে। হিমবাহ গঠন হ’বলৈ কেইবা দশকো লাগে। কিন্তু বৰফ পৃথক হৈ পৰাৰ বাবে সেই হিমবাহ প্ৰতিবছৰে দ্ৰুততম গতিৰে গলি আছে। এভাৰেষ্টৰ হিমবাহ গঠন হ’বলৈ কমেও ২০০০ বছৰ লাগিছে, কিন্তু গলিবলৈ মাত্ৰ ২৫ বছৰ।
গৱেষণাৰ নেতৃত্বত থকা ইউনিভাৰ্ছিটি অফ মেইনৰ ক্লাইমেট চেঞ্জ ইন্সটিটিউটৰ পৰিচালক অধ্যাপক পল মায়েস্কি-এ কৈছে যে এভাৰেষ্টৰ সৰ্বোচ্চ হিমবাহটোৱে ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ৰক্ষাকৰ্তা হিচাপে কাম কৰে। এতিয়া দেখা গৈছে যে পৃথিৱীৰ ছাদখনতো মানৱসৃষ্ট উষ্ণতাৰ প্ৰভাৱ পৰিছে।
গৱেষণাটো কৰা হৈছে ২৬৩০০ ফুটতকৈ ওখ হিমবাহৰ ওপৰত ভিত্তি কৰি। গৱেষণাত তাপমাত্ৰা বৃদ্ধিৰ ফলত সমগ্ৰ বিশ্বৰ জনজীৱনৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়টো নতুনকৈ আলোকপাত কৰা হৈছে। এই গৱেষণাৰ দ্বাৰা কোৱা হৈছে যে ১৯৯০ ৰ দশকৰ পৰা পৃথিৱীৰ। সৰ্বোচ্চ পৰ্বতশৃঙ্গৰ হিমবাহত মানুহৰ দ্বাৰা সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সুস্পষ্টভাবে পৰিলক্ষিত হৈছে আৰু তাৰ ফলতেই তুষাৰৰ খহনীয়া বৃদ্ধি পাইছে। প্ৰতিবছৰে প্ৰায় ৮০০ পৰ্বতাৰোহী এভাৰেষ্টত উঠিবলৈ যোৱা বিষয়টোও সেয়ে গভীৰভাৱে চিন্তা কৰিব লগীয়া হৈছে। গতিকে, এভাৰেষ্টৰেই যদি এনে অৱস্থা হৈছে, অইন হিমবাহৰ ক্ষেত্ৰত কেনে হ’ব সেয়া সহজেই অনুমেয়, আৰু গৱেষণাই তাকেই ডাঙি ধৰিছে।
pic: from internet