-ডা° সুকৃতি চৌধুৰী |
খাটি নলবেইৰা মই ৷ দেউতা শিক্ষক আছিল ৷ গাওঁখনৰ পৰা দুৰৰ এখন স্কুলত শিক্ষকতা কৰিছিল ৷ ঘৰ এটা ভাড়া কৰি তাতে থাকিছিল ৷ মা আৰু মোকো লগতে ৰাখিছিল ৷ দেউতাই কিন্ত চাকৰিৰ বাদে আন সকলোখিনি সময় দেহে-কেহে কংগ্ৰেছ (ই) দলত লাগি ফুৰিছিল ৷ চিধা অৰ্থত নিষ্ঠাৱান তৃণমূল কৰ্মী ৷ সেই সময়ত নলবাৰী উলফা (ULFA) ৰ উচ্চাৰণ আলফা নহয় ৷ আলফা বুলি কোৱা আৰু লিখাটো ভুল আছিল ৷ এদিন মোৰ দেউতাকো এই আতংকবাদীবোৰে ধৰি লৈ গ’ল ৷ তিনি দিনৰ পিছত গুলিবিদ্ধ আৰু প্ৰায় গোন্ধাবলৈ আৰম্ভ হোৱা দেউতাৰ মৃতদেহটো আৰ্মী আৰু পুলিচৰ দলে উদ্ধাৰ কৰিলে ৷ সেইবছৰ মই হাইস্কুলত ভৰি থৈছোহে ৷ ভালকৈ একো বুজাই নাছিলো ৷ আজিও নেজানিলো দেউতাক কিয় হত্যা কৰিলে আৰু উলফাক মানুহ হত্যা কৰাৰ অধিকাৰ কোনে দিছিল ৷ মা-দেউতাৰ একমাত্ৰ সন্তান আছিলো মই ৷ মা য়ে একো চাকৰি কৰা নাছিল ৷ দেউতাৰ মৃত্যুত মা মূক হৈ গৈছিল ৷ অকণো কাটিকুুটা নকৰাকৈ স্তব্ধ হৈ বহি থকা মা ক দেখিলে জীয়াই আছে নে নাই মোৰ সন্দেহ হৈছিল ৷ কেতিয়াবা ভয়তে জোৰে ৰে চিঞৰি দিছিলো ৷ মাৰ আচাৰ-আচৰন লাহে লাহে abnormal হ’বলৈ আৰম্ভ কৰিলে ৷ কেতিয়াও কাৰো অনুকম্পা পোৱা নাছিলো ৷ গাওঁ খনত মোৰ পৰিচয় আছিল পাগলীৰ জীয়েক ৷ কিমান যে ইয়াৰ্কি কিমান টিটকাৰি শুনিছিলো ৷ দেউতাৰ ফেমিলি পেন্ঞ্চণটোৱেই জীয়াই থকাৰ একমাত্ৰ সম্বল আছিল ৷ এনেকৈয়ে অষ্টম শ্ৰেনী পালোহি ৷ সেইবছৰতে মাৰ মৃতদেহটো ঘৰৰ কাষৰ দ খালটোৰ পৰা ৰাইজে উঠাই আনিছিল ৷ মই একেবাৰে আন্ধাৰ দেখিছিলো ৷ পৰিয়ালৰ মানুহে মোক বিয়া দিবই খুজিছিল ৷ তোলনী হোৱা ছমাহমান হৈছিল হে ৷ সেই অষ্টম শ্ৰেণীতে মোৰ বাবে কিমান যে দৰা ওলাইছিল ৷ মই স্পষ্টকৈ ভাবি লৈছিলো যে মই পাগলৰ ডাক্তৰ হ’ম ৷ কাৰণ মোৰ সেই কোমল মনটোত এই কথাটোৱেই বাহ বান্ধিছিল যে মাক এজন ভাল পাগলৰ ডাক্তৰৰ ওচৰলৈ নিলে ভাল হ’ল হেঁতেন ৷ শব্দটো “পাগলৰ ডাক্তৰ” বুলি এই কাৰণেই লিখিছো যে মই সেই কণমানি বয়সত ছাইকিয়াট্ৰিক বা আনবোৰ শব্দ ভাবিব পৰা নাছিলো ৷ যিদৰে ভাবিছিলো তাকেই লিখিলো ৷ যি কি নহওক,সকলোৰে বিৰূদ্ধে মই যুঁজ দিছিলো৷ মোৰ সেই যুঁজত মোৰ হাতত ধৰি যিজন মানুহে সহায় কৰিছিল, আগুৱাই লৈ গৈছিল তেওঁ আছিল এজন সেনা বিষয়া ৷ দেউতাক উলফা আতংবাদীবোৰে হত্যা কৰাৰ কেচটোকে ধৰি আৰু দুটামান কেচৰ বাবে তেওঁ গাওঁখনলৈ কেতিয়াবা আহিছিল ৷ মোক দেখিয়েই তেওঁৰ হেনো বৰ দুখ লাগিছিল ৷ ৰঙিয়াৰ তেওঁলোকৰ হেডকোৱাৰ্টাৰলৈ গাড়ী পঠিয়াই দি মতাই লৈ গৈছিল ৷ বৰ ভয় খাইছিলো সিদিনা ৷ এখন বৃহৎ টেবুলৰ কাষত মানুহজন বহি আছিল ৷ ইংগিতেৰে মোক বহিবলৈ কৈছিল ৷ এজন চিপাহীয়ে এগিলাচ গাখীৰ আৰু প্লেট এখনত বিস্কুট থৈ গ’ল ৷ তেওঁ অসমীয়াতে আৰম্ভ কৰিলে –ভয় নেখাবা মাজনী ৷ তুমি মোৰ আপোন ভনীৰ দৰেই…” তেওঁ অসমীয়া, এই কথাই মোক আলোড়িত কৰিলে ৷ কি কি কৈছিলো সকলোবোৰ আজিও মনত আছে ৷ শেষত হাও হাও কৈ কান্দিছিলো ৷ বহুত সময় এনেদৰে কান্দিয়েই আছিলো ৷ তেওঁ মোক কৈছিল, “আজিৰ পৰা তোমাৰ সকলো সমস্যা মোৰ হ’ল ৷ যিমান মন যায় আজিয়েই হেপাঁহ পলুৱাই কান্দি লোৱা ৷ কাইলৈৰ পৰা তুমি কন্দাৰ সলনি যুঁজ হে দিবা ৷ ” পেনেৰী, সেঙুণ-নকা” আদি বোৰ কৈয়ো লাজ দিলে ৷ এনেকৈয়ে জীৱনে এটা নতুণ গতি পাইছিল ৷ কিন্ত মানুহ বিলাকে গাওঁখনত থাকিব নোৱাৰা কৰি দিছিল ৷ অকলশৰীয়া ছোৱালী দেখি কিমান যে মতলব-বাজ প্ৰেমিক ওলাইছিল ৷ কাৰোবাৰ দৃষ্টিত মই আৰ্মীৰ চি আই ডি ৷ কাৰোবাৰ দৃষ্টিত মই সেনাৰ কেম্পলৈ গৈ শৰীৰ বেচো ৷ বহুত সময়ত মোৰো তীব্ৰ খং উঠিছিল ৷ কাঁজিয়াও কৰিছিলো ৷ সকলোতে মোক সেই সেনা বিষয়াজনেই উদ্ধাৰ কৰি আনিছিল ৷ কিমান যে মৰম কৰিছিল তেওঁ মোক ৷ পৰিস্থিতিবোৰ বেয়া হৈ গৈ থকাত তেওঁ মোক আনি এটা প্ৰাইভেট হোষ্টেলত ৰাখিছিল ৷ মোৰ বাবে মা-দেউতা সকলো তেওঁৱেই আছিল ৷ এনেদৰেই পঢ়িছিলো মই ৷ তেওঁ মোক যেনেকৈ যি কৰিবলৈ কয় কৰি গৈছিলো ৷ কৈছিল, তই ষ্টেণ্ড কৰিবি ৷ মোৰ বাবেই কৰি দেখা ৷ নাই তিনি নম্বৰ কম হ’ল ৷ মাত্ৰ তিনিটা নম্বৰৰ বাবে অসমীয়াত লেটাৰ পোৱা নাছিলো আৰু এই তিনিটা নম্বৰ কম হোৱাৰ বাবেই মেট্ৰিকত ষ্টেন্ড কৰিব নোৱাৰিলো ৷ হায়াৰ-চেকেন্ডেৰী (বিজ্ঞান শাখা) তো দুই নম্বৰৰ বাবে অসমীয়াত লেটাৰ নেপালো আৰু আচৰিত কথা যে এই দুই নম্বৰ কম হোৱাৰ বাবেই ষ্টেণ্ড কৰিব নোৱাৰিলো ৷ তেওঁৰ আশা পুৰণ নহ’ল ৷ কিন্ত মোৰ আশা তেওঁ পুৰণ কৰিছিল ৷ কাণপুৰ লৈ গৈ তেওঁ মোক মেডিকেলত কলেজত পঢ়াৰ সকলো সুবিধা কৰি দিছিল ৷ মোৰ শৈশৱৰ সপোন আজিৰ মোৰ বৃত্তি ৷ এতিয়া মোক কোনোবাই পাগলৰ ডাক্তৰ বুলিলেও বেয়া নেলাগে ৷ এতিয়াও মোৰ কলিজাৰ আপোন সেই সেনা বিষয়া দাদা জনে ফোন কৰিলে ক’ব –“ঐ পেন্দুৰী নাকৰ সেঙুণ মচি ল ৷ “
তেওঁৰ বিনা অনুমতিত ৰাইজৰ আগত তেওঁক চিনাই দিব নোৱাৰো ৷ তেওঁৰ এই মৰম আৰু কৰুণাক কি বুলি ক’ম আজিলৈকে ভাবি নেপালো ৷ দাদাৰ অবিহনে যে ময়েই পুৰ্ণ নহয় ৷ এতিয়া নাম নল’লেও কিন্ত মই যদি মৰাৰ আগতে এই মহান মানুহ জনক ৰাইজক চিনাকি কৰাই দিব নোৱাৰো, মোৰ আত্মাই হয়তো কাহানিও শান্তি নেপাব ৷৷