–মহাবাহু
নতুন দিল্লী : বেছি দিন নাই, আৰু মাত্ৰ ৫ বছৰৰ ভিতৰতেই চীনক অতিক্ৰম কৰিব ভাৰতৰ জনসংখ্যাই। ৰাষ্ট্ৰসংঘৰদ্বাৰা প্ৰকাশিত “The World Population Prospects 2019”-অত এই চাঞ্চল্যকৰ দাবী কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিৱেদন অনুসৰি ২০৫০ চনৰ ভিতৰতেই বিশ্বৰ সৰ্বমুঠ জনসংখ্যা হৈ পৰিব ৯৭০ কোটি। এই শতিকাৰ শেষৰ ফালে বিশ্বৰ সৰ্বমুঠ জনসংখ্যা হ’ব ১১০০ কোটি। বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ পৰিব ভাৰত। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিৱেদন নিশ্চিতভাৱেই উদ্বেগৰ কাৰণ। খাদ্য, বাসস্থান আৰু কর্মসংস্থাপন আদিক লৈ ভাৰতৰ অৱস্থা এনেয়েই শোচনীয়। প্ৰতিদিনে হ্ৰাস পাই আহিছে কৃষিভূমি। ফলত জনবিস্ফোৰণে যি ভয়াৱহ খাদ্য-সংকট সৃষ্টি কৰিব, সেয়া কল্পনাতীত। ৰাষ্ট্ৰসংঘৰ প্ৰতিৱেদনত কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত বিশ্বৰ সৰ্বমুঠ জনসংখ্যা বৃদ্ধিৰ যি সম্ভাৱনা প্ৰকট হৈছে, তাৰে অৰ্ধেকতকৈও বেছি বৃদ্ধি হ’ব ৯ খন দেশত; আৰু এই ৯ খনৰ শীৰ্ষত আছে ভাৰত। ভাৰতৰ পিছতেই আছে নাইজেৰিয়া, পাকিস্তান, ডেম’ক্ৰেটিক ৰিপাব্লিক অব্ কংগো, ইথিঅ’পিয়া, তাঞ্জানিয়া, ইণ্ডোনেছিয়া, মিছৰ আৰু আমেৰিকা।
চাহাৰা মৰুভূমি সংলগ্ন এছিয়াৰ দেশবোৰৰ ৯৯% ৰ জনসংখ্যা ২০৫০ চনৰ ভিতৰত দুগুণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ১৯৯০ চনৰপৰা ২০১৯ চনলৈ সমগ্ৰ বিশ্বত ছোৱালীৰ জন্মৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। বৰ্তমান ভাৰতত প্ৰতি ২.২ পুত্ৰসন্তানৰ জন্মৰ বিপৰীতে ছোৱালীৰ জন্মৰ হাৰ ১ ! ২০৫০ চনৰ ভিতৰত সমগ্ৰ বিশ্বত জন্মৰ হাৰ হ্ৰাস পাই এনে অৱস্থাই হ’ব বুলি আশংকা কৰা হৈছে।
উল্লেখযোগ্য যে বিশ্বৰ সবাতোকৈ দ্ৰুত হাৰত বৃদ্ধি পোৱা জনসংখ্যা দেশবোৰৰ অধিকাংশতেই দৰিদ্ৰ মানুহে বসবাস কৰে আৰু এই দৰিদ্ৰ মানুহবোৰৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধি, দাৰিদ্ৰ্য দূৰীকৰণ, সাম্য, খাদ্য সমস্যা, শিক্ষা, স্বাস্থ্য আদি গুৰুত্বপূৰ্ণ বিষয়বোৰ এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই দেশবোৰত গড় আয়ু উন্নত দেশবোৰতকৈ বহুত কম। এনেক্ষেত্ৰত ভাৰত এতিয়া প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখত। ‘মাত্ৰ এটাই সন্তান’ নীতিৰদ্বাৰা চীন দেশে জনসংখ্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভাৰতত এনে নীতি কাৰ্যকৰী কৰা সম্ভৱপৰ নহয়। গতিকেই অদূৰ ভৱিষ্যতে ভাৰতৰ অৱস্থা কেনে হয়—সময়েহে ক’ব পাৰিব। তদুপৰি বাংলাদেশী, নেপালী আদিৰ প্ৰব্ৰজনে অসমৰ দৰে ৰাজ্যত কি অৱস্থাৰ সৃষ্টি কৰিব—কল্পনা কৰাও দুৰূহ।