-মনোজ কুমাৰ ডেকা |
ঘৰৰ পৰা কিছু আঁতৰত আমাৰ স্কুলখন । স্কুল মানে প্ৰাথমিক বিদ্যালয় । ঘৰৰ পৰা মায়ে দিয়া ভাত খাই ওলাও । অলপ গৈ পথাৰৰ মাজেৰে চিধা কাৰো । সোনকালে পাব লাগে ।
গৈ , কিতাপৰ বাকচটো থৈয়েই দৌৰ দিওঁ বিদ্যালয়ৰ গাতে লাগি থকা বজাৰখনলৈ । কাগজ, প্লাষ্টিকৰ ঠোঙা, ৰছী বা চুটলি বিচাৰো । যোগাৰ হলে বল বনাওঁ । খেলো । ফোঁপাও । ঘামো । হাঁহো ।
সেই বজাৰৰ এটা কোণত এটা দুৰ্গা মন্দিৰ আছিল । তাত বছৰটোৰ বিশেষ সময়খিনিত দুৰ্গা পূজা হয় । হেজাৰ মানুহৰ ভিৰ হয় । বেলুন । পুতলা । হুইছেল। মিঠাই …
দুৰ্গা পূজাৰ সময়ছোৱাত স্কুল বন্ধ থাকে । বন্ধ নাথাকে আমাৰ মনবোৰ । মনত জ্বৰ উঠে । কঁপি থাকো । অসহ্য । যাব লাগে পূজা স্থলীলৈ । মানুহৰ মাজলৈ…
মাইকত বাজি থকা গীত পূজাস্থলিৰ পৰা ভাহি আহে । ৰিণিকি ৰিণিকি শুনা পাওঁ আজিও নাপাহৰা সেই গীত-
” আয়া চল
আয়া চল
আয়া চল ৰে
আজি বেওলাৰ বিয়া
বিলম্ব নকৰা ৰৈয়া ৰৈ…!”
নাইবা, কেতিয়াবা শুনো-
“এ পক্ষী ৰৈয়া যা ৰে
পক্ষী ৰৈয়া যা ৰে
আমাৰ চিত্তৰ কথা
কৈয়া যা ৰে পক্ষী
ৰৈয়া যা ৰে…!”
অৰ্থ নুবুজো । কিন্তু গীতটোৱে টানি আনে মোক । মই দৌৰ স্কুলৰ কাষৰ দুৰ্গা মন্দিৰলৈ বুলি । পূজাস্থলী পালে মই উশাহ লৈ ভাল পাওঁ । শান্তি পাওঁ । তেতিয়াও বাজি থাকে ৰামেশ্বৰ পাঠক , ধনদা পাঠকৰ কণ্ঠৰ গীত । সেয়া লোকগীত । কামৰূপী লোক গীত…!
************************
বিশেষজ্ঞ নহয় বা বিশেষ নাজানো যদিও মনে প্ৰাণে অনুভৱ কৰোঁ, সংগীতে জীৱন সজায় । পৰি যোৱা মনক তুলি ধৰে । প্ৰশান্তি দিয়ে । জীপাল কৰে । আৰু, সেয়ে মানুহে গীত লিখে, সুৰ দিয়ে, গায় । আমি কানপাতি শুনো । সুৰ, কণ্ঠ, অৰ্থই আমাক তৃপ্ত কৰে ।…
সুৰ বা কথাৰ অন্ত নাই ।
এবাৰ কল্পনা কৰক, পৃথিৱীৰ প্ৰথম গীতটোৰ পিছত আজিলৈ প্ৰতিদিনে পৃথিৱীৰ প্ৰতিটো কোণত গীত লিখা হৈছে , গোৱা হৈছে । সুৰৰ শেষ হোৱা নাই । মই ভাবো, অন্তঃকৰণেৰে কথাষাৰ ভাবিলে আপুনি কিছুসময়লৈ কথা কব নোৱাৰিব । কবলৈ মন নাযাব । আপুনি অকলে থাকিব বিচাৰিব । আপুনি থাকিব , লগত থাকিব আপোনাৰ বিষয় আৰু সেই বিষয়কেন্দ্ৰীক চিন্তাৰ অশেষ ভাৱৰ ঢৌবোৰ ।
…সঁচাকৈ, পৃথিৱীৰ প্ৰথম গীতটোৰ পিছৰে পৰা আজিলৈ নিতৌ গীত লিখা হৈছে । সুৰ দিয়া হৈছে । তথাপি কলম থমকি ৰোৱা নাই । বিষয় শেষ হোৱা নাই ।
মানুহ আৰু মানুহৰ সমাজ জীয়াই থকালৈ সংগীতৰ শেষ নহব । এই পৃথিৱীত শেষৰজন মানুহ জীয়াই থকালৈ অনুভৱ জীয়াই থাকিব। অনুভৱেই সকলো । অনুভৱ গীতৰো পিতৃপুৰুষ ।
লোক সংগীত, সংগীতৰ প্ৰথম প্ৰজন্ম । সাধাৰণ যেন লগা অসাধাৰণ সৰল সহজ মানুহৰ অনুভৱে জীপাল কৰে লোকসংগীতৰ দেহ । ৰসাল লোক সংগীতে আমাক দেখুৱায় ক্ষণস্থায়ী জীৱনৰ সঁচা ছবিখন । মনত সিছে পাৰমাৰ্থিক চিন্তাৰ বীজ ।
কথাবোৰ বহু পিছত বুজিছিলো । দেউতাই ৰেডিওত বাজি থকা এই বিশেষ গীতবোৰ কান পাতি শুনা দেখিলে ভাবিছিলোঁ, কি ভাল পাই বাৰু শুনি !
জীৱনৰ আগবাঢ়িল । জীৱনে এদিন দেখুৱালে লোকসংগীতৰ সাগৰখন । সাগৰ নহয় আচলতে, মহাসাগৰ । অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বা মনত, মণি মুকুটাৰ দৰে জিলিকি আছে, ঠাহ খাই আছে লোকসঙ্গীত । কি ৰস । কি ৰূপ । কি লাবন্য !
লোক সংগীতৰ ৰূপ ৰস পান কৰি থাকোতেই ৰামেশ্বৰ পাঠকক পাইছিলোঁ । গীতেৰে । কামৰূপী লোকসংগীতক প্রতিষ্ঠা কৰিবলৈ তেওঁ গাঁও ভূঁই একাকাৰ কৰিছিল । বোকা পানী গচকী আনিছিল লোক প্ৰাণৰ সোন যেন অনুভৱবোৰ । পিছলৈ তেখেতৰ সহযোগী হৈছিল ধনদা পাঠক ।
কামৰূপী লোকগীতৰ বিপৰীতে ৰাজ্যখনৰ পশ্চিম প্ৰান্তত ইতিমধ্যে কোনোৱে সেই অঞ্চলৰ লোক সংগীতৰ পূজা আৰম্ভ কৰিছিল । গৌৰীপুৰৰ ৰজা প্ৰকৃতেশ চন্দ্ৰ বৰুৱাই কৈছিল নিজৰ জীয়েকক-“তই বা তহঁতে নাগালে কোনে গাব এই সাধাৰণ মানুহৰ হৃদয়ৰ গীতবোৰ । নাগালে হেৰাই যাব এদিন । গা…!”
গোৱালপৰীয়া লোক সংগীত প্ৰাণপ্ৰতিষ্ঠাৰ বাবে , গোৱালপৰীয়া লোকসংগীতৰ প্ৰতিমা নিৰ্মাণৰ বাবে আগবাঢ়িছিল ৰাজকন্যা প্ৰতিমা । প্ৰতিমা বৰুৱা ।…
প্ৰতিটো মুহূৰ্তত প্ৰতিমাই অনুভৱ কৰিছিল গোৱালপৰীয়া লোকসংগীতত সোমাই থকা লোকমনৰ সুখ, দুখ, যন্ত্ৰণা, বিৰহ, বেদনা, আশা বা হতাশাক ।
এদিন মানি কাঞ্চনৰ মিলন হল । ১৯৫৫ চন । ভূপেনদা গৈ গৌৰীপুৰৰ উপস্থিত হল । প্ৰতিমাৰ কণ্ঠ আৰু গীতৰ গভীৰ ভাৱে আচ্ছন্ন কৰিলে সংগীত শিৰোমণিক । ভূপেনদাই পৰৱৰ্তী সময়ত “এৰাবাটৰ সুৰ ” ছবিত এই লোকসংগীতৰ ব্যৱহাৰ কৰিছিল । বহু সময়ত তেওঁলোকে একেলগে গাইছিল একাধিক গোৱালপৰীয়া লোকগীত । ভূপেনদা তৃপ্ত হৈছিল গোৱালপৰীয়া লোকগীতত মূৰ্ত নাৰীমনৰ অনুভৱেৰে । হাতী মাউত নাইবা মহ চৰোৱা ডেকাৰ আকস্মিক প্ৰস্থানৰ ছবিয়ে ভূপেনদাক ভাবুক কৰি তুলিছিল । তেখেতে নিলিখি নোৱাৰিলে…
“গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ
হাতীও ধৰিলোঁ তাইক মুহিলো
সাঁতুৰী গদাধৰ নৈ হে…!”
ক্ৰমশঃ প্ৰতিমা পুৰঠ হৈ গৈ থাকিল । ঢোল, জুনুকা, দাৰীন্দা, ঢোলকী, বাঁহীৰ সৈতে তেখেতে নাও মেলিলে লোক সংগীতৰ সাগৰত । গোৱালপৰীয়া লোক সংগীতৰ নৈত তেওঁৰ অনুভৱি কণ্ঠৰ বঠা কিমানলৈ সোমাল সেয়া খুব সোনকালে কৈ দিয়া কঠিন…!
কিন্তু যাত্ৰা পথ মসৃণ নাছিল । অলেখবাৰ ৰাজকণ্যাৰ গীতৰ সভাত মাথো উদং আসনে বাট চাইছিল ।…
আমাৰ ৰাইজে ৰামেশ্বৰ পাঠককো কৈছিল, “ভীক্ষাৰী, লোকগীত গছৰ তলত বহি গা…!”
এয়াই আমাৰ সমাজ । সমাজৰ একাংশৰ মনৰ ভাৱ । বেয়া লাগে, মাথো অহংকাৰ । আমি পাহৰো যে আমি একো অনা নাই । নিব নোৱাৰো । উলংগ হৈ আহিল । চিতাত উঠিব উলংগ হৈ । নিমখ ছটিয়াই, ধূনা দি জ্বলাই শেষত কোবাই কোবাই পুৰিব । মাথো চাই আৰু ধোঁৱা । তাৰ কিছুদিন আগৰ কথা মনত পেলাওঁক, যি চকুৰে আনৰ জী বোৱাৰী বা মাটি সম্পত্তিত চকু দিছিল, কোনোবাই সেই চকুৰো শক্তি কাঢ়ি নিছিল । কোনোবা আহিলেও চিঞৰিব লাগে- “কোনো ও সেইটো…!”
যি হাতেৰে কাৰোবাক কোবাই মাৰিছিল বা চুলি ছিগিছিল, সেই হাতৰো জোৰ লৈ গল কোনোবাই । ৰাখিব নোৱাৰিলে আপুনি । এতিয়া আপোনাৰ হাত কঁপে । …
এদিন মিঠাই, মদ মাংস নহলে নহৈছিল । এতিয়া সেয়া দেখিলেই আপোনাৰ জ্বৰ উঠে । নোৱাৰে খাব, ছোৱাব ।
কিন্তু আমি সকলো পাহৰো । বন্ধু বান্ধৱ ভগৱান কাকো মনত নেৰাখো । মনত নেৰাখো, আমি শেষ হবলৈ গৈ আছো । পাহৰি পেলাওঁ, ৰংগীলা দালান(অট্টালিকা)মাটিও এদিন খহিব ।…
কথাবোৰ প্ৰতিমাই পাহৰা নাছিল । বুজিছিল । সেয়ে গাইছিল-
“দিনে দিনে খাসিয়া পৰিবে
ৰংগীলা দালানেৰ মাটি
গোসাই ৰে
কোন ৰঙ্গে…
বান্ধিছেন ঘৰ মিছা
মিছাই দণ্ড বাজে
গোসাই ৰে
কোন ৰঙ্গে…!”
দিন আগবাঢ়িছিল । লোকজীৱনক নিজৰ কৰি লোৱা ৰাজকন্যাই গোহালিত গাখীৰ খিৰাই বুকুত মেঠণি মাৰি গদাধৰ নৈত গা ধুইছিল নিতৌ । মোক কৈছিল গৌৰীপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডঃ হৰিচৰণ দাসে । কৈছিল মনোজ আহিবা । পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ দৈনন্দিন জীৱন চাবা । লৈ যাবা…মুহূৰ্তবোৰ ।
মোৰ যোৱা নহ’ল ।
অবিৰাম যাত্ৰা, অনিয়মিত খাদ্যাভ্যাস, সুৰ আৰু সুৰাই ক্ৰমশঃ প্ৰতিমাৰ প্ৰাণ লবলৈ সাজু হৈছিল ।
…জি.এন.আৰ.চি’ৰ সংৰক্ষিত অঞ্চল ! প্ৰতিমা পাণ্ডে বৰুৱাক ষ্ট্ৰেছাৰত তুলি নিছে । এম.আৰ.আই কৰিব । ক্ষন্তেক পিছত তেওঁ এটা গহ্বৰত সোমাই যাব । মই দৌৰিছো । মোৰ গাৰ জোৰত উফৰি পৰিছে ডক্টৰ নাৰ্ছ । মোক ফটো লাগে ।…
ফটো লৈছিলোঁ । গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্যৰ গৰাকীয়ে মোলৈ নীৰৱে চাইছিল । তেখেতৰ কপালত উজলি আছিল চিনাকি ডাঙৰ সেন্দুৰৰ ফোটটি…!