-বিৰিঞ্চি ভট্টাচাৰ্য |
(দিল্লীৰ ইকবাল ক্লাৱে সৰ্বভাৰতীয় ভিত্তিত আয়োজন কৰা ‘নতুন কবিৰ সন্ধানত’ শীৰ্ষক কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ কবিৰ সন্মান পোৱা এই কবিতাটো ১৯৮০ চনৰ মহাবাহু আলোচনীত প্ৰকাশ পাইছিল।)
ৰঙা ঘড়ী
তোমাৰ ৰং সম্বন্ধে
মাজে মাজে সন্দেহ হয় জানা!
কেতিয়াবা ভাবো তুমি কিউপিদ ফুল
কেতিয়াবা ভাবো তুমি শৰতৰ শেৱালি।
মাজে মাজে ভাবো সমগ্ৰ পৃথিৱীৰ
ৰাশি ৰাশি জোনাকখিনিয়েই তুমি।
তোমাৰ গতি সম্বন্ধেও মোৰ
সন্দেহ হয় জানা!
মাজে মাজে ভাবো তুমি ভল্গাৰ দৰে শান্ত
মাজে মাজে ভাবো তুমি আমাজানৰ দৰে উগ্ৰ
মাজে মাজে ভাবো তুমি
যমুনাৰ দৰে শীতল
মাজে মাজে ভাবো
তুমি উতলা এখন নৈ
অনবৰতে উতলা এখন নৈ।
মইতো জানাই ভ্ৰমণৰত এটা ফ্লেমিংগ চৰাই
বহুত ওপৰৰ পৰা মই আমাজানক দেখিছো,
ভল্গাকো দেখিছো-যমুনাকো দেখিছো।
মোৰ বুকুৰ মাজত মই সমগ্ৰ পৃথিৱীক দেখিছো
দীৰ্ঘদিনৰ বাবে ওলাই অহা
মই যেন দূৰণিৰ এজন পৰিব্ৰাজক
কবৰ ভাঙি অশোকক মই বহুবাৰ চাইছো
মই ফটেহপুৰ চিক্ৰিলৈ গৈ
আকবৰৰ সিংহাসনতো বহুবাৰ বহিছো।
মই ৰোমৰ কলেছিয়ামলৈকো গৈছো
সিংহৰ গৰালত এৰি দিয়া
অসহায় মানুহবিলাকৰ
কাতৰ বিননি মই বহুবাৰ শুনিছো
মই ফ্ৰান্সত ষোড়শ লুইৰ মূৰ কাটি দিয়া
গিলেটিনখন বহুবাৰ হাতেৰে চুইছো।
ৰোবচপিয়েৰৰ (ফৰাচী বিপ্লৱৰ মহানায়ক) ঘললৈ গৈ
তেজৰ চহী থকা সঙ্কল্পৰ বহীখনো
মই বহুবাৰ চাইছো
মই এন্ডিজ পৰ্বতৰ গভীৰ অৰণ্যত
চে গুৱেভাৰাৰ বুলেটৰ মাৰ্ক লগা
কামিজৰ টুকুৰাটোও দেখিছো,
মই যি দেখিলো, দীঘল দিনৰ বাটত মই
যিসকলৰ সৈতে কথা পাতিলো
তেওঁলোক আটায়ে মোক ইয়াকেই ক’লে জানা
ৰংবোৰ এতিয়া চাৰিওফালে সলনি হ’ল
আৰু সলনি হ’ল গতিবোৰো।
হাৰ্লেমত (আমেৰিকাৰ নিগ্ৰো বসতি অঞ্চল)
সজা নাওবোৰ এতিয়া আহি
হাডচন নৈ পালেহি।
উত্তৰ সাগৰৰ পৰা ‘মেকবেল'(পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেগী মাছ)মাছৰ
জাকটো এতিয়া আহি
আইৰিছ সাগৰ পালেহি
সমগ্র আইৰিছ সাগৰৰ পানী এতিয়া ঘোলা।
দূৰৈৰ সাগৰখনৰ পৰা অহা
উৰণীয়া মাছৰ জাকটো
এতিয়া আহি বৰলুইতত সোমালহি
সমগ্র বৰলুইতৰ পানী এতিয়া ঘোলা।
পৃথিৱীখনক, তোমাক জনোৱাৰো
প্ৰয়োজন এইখিনিতেই,
এতিয়া তুলিকাৰ ৰংবোৰ ৰঙা হ’লে ভাল হয়
এতিয়া চিঞাহীৰ ৰংবোৰ ৰঙা হ’লে ভাল হয়
এতিয়া ঘামৰ ৰংবোৰ ৰঙা হ’লে ভাল হয়
এতিয়া গান গোৱা চৰাইবোৰৰ আটাইবোৰ
গানেই ৰঙা হ’লে ভাল হয়।
এতিয়া তুলিকাৰে, চিঞাহীৰে, গানেৰে, প্ৰাণেৰে
জনজাগৰণ আহিলে ভাল হয়।
সেয়েহে এতিয়া গ্ৰীণউইচ আৰু তোমাৰ
দুয়োটা ঘড়ীয়েই ৰঙা হ’লে
আটাইতকৈ বেছি ভাল হয়।