-অঞ্জন শৰ্মা |
এগৰাকী ‘অসমীয়া’ তথা স্বনামধন্য পুৰুষ ৰত্নেশ্বৰ মহন্তই পিয়লি ফুকনক ফাঁচি দিয়া সম্পৰ্কে এনেদৰে লিখিছিল – ” ইংৰাজৰ ক্ষমতা কিমান, ইংৰাজৰ ৰাজ্যসুখ কি? নতুনকৈ পৰাধীন হোৱাত , স্বাধীনতাৰ তপত তেজ কেইটোপালমানৰ দপদপনিতে – ইংৰাজক খেদিবলৈ কাৰবাৰ কৰিছিল। খৰিকাৰ বাৰীৰে পৰ্বত হেচুকিবলৈ চাইছিল। পিয়লি ফুকনৰ কাৰ্যক কোনো জ্ঞানীয়ে নশলাগে। এওঁক ফাঁচি দিয়া কাৰ্যক আমি প্ৰতিবাদ নকৰো। ৰাজদ্ৰোহীৰ প্ৰাণদন্ডই উচিত।“
মন্তব্য নিষ্প্ৰয়োজন!!
ছহিদ’ বুলি স্বীকৃতি লভা অসমৰ মণিৰাম দেৱানেও “চিৰকাল সৎকীৰ্তি বিৰাজমান কৰুণ” বুলি ইংৰাজৰ স্তুতিগীত গাইছিল!! পিয়লিৰ ফাঁচী হওঁতে মণিৰামে উল্লাস কৰিছিল। বুৰঞ্জীৰ পৃষ্ঠাৰ পৰা তলৰ কথাখিনি আগবঢ়োৱা হ’লঃ
…….পিয়লিৰ সৈন্যবাহিনী জেৰেঙা পথাৰ পালে। জীউৰাম দুলীয়াবৰুৱাই খাৰঘৰত অগ্নিসংযোগ কৰিলে। জুইৰ লেলিহান শিখাই জেৰেঙা পথাৰ দিনৰ পোহৰ যেন কৰি পেলালে। কোম্পানীৰ চিপাহীবোৰে চাৰিওফালে গুলীবৰ্ষণ কৰিবলৈ ধৰিলে। পিয়লিৰ সৈন্যসকল পিচহুহকি যাবলৈ বাধ্য হ’ল। পিয়লি, জীউৰাম, ৰূপচন্দ্ৰ, দেওধৰ দিহিঙীয়া ফুকন, বম চিংফৌ ধৰা পৰিল; ধঞ্জয় বৰগোঁহাই আৰু জন্মিক ধৰিব নোৱাৰিলে। দঁহা কোঁৱৰ আৰু ধেনুধৰ কোঁৱৰক শাস্তি দি দি মাৰি পেলালে। চুৰম কোঁৱৰ আৰু ব্ৰজনাথ কোঁৱৰ পলাই মণিপুৰ পালে। জালিমসিং, জয়নন্দন সিং আৰু প্ৰাগদত্ত চুবেদাৰে গেলেকীৰ শিৱিৰ ভাঙি তচনছ কৰিলে।
কেপ্তেইন নিউভিলৰ সন্মুখত পঞ্চায়ত বিচাৰ আৰম্ভ হ’ল। বিচাৰক আছিল মাধৰাম বৰগোঁহাই, ৰাধানাথ বৰবৰুৱা, মণিৰাম চিৰস্তাদাৰ (মণিৰাম দেৱান), কাশীনাথ তামুলী ফুকন, ইত্যাদি। পিয়লি আৰু জীউৰামৰ ফাঁচীৰ আদেশ হ’ল। ১৪ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত কাৰাবাসৰ আদেশ হ’ল ধৰা পৰাসকলৰ।
নিউভিল : ‘তুমি কিয় বিদ্ৰোহ কৰিছিলা?’
পিয়লি: ‘মই স্বদেশ উদ্ধাৰ কৰিবলৈ বিদ্ৰোহ কৰা সঁচা; পাৰিতপক্ষে কোনেও পৰাধীন হৈ থাকিবলৈ ভাল নাপায়। মই মৃত্যুৰ ভয়ত তোমালোকৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাই বুলি নকওঁ আৰু কবও নোৱাৰোঁ।
নিউভিল : তোমাৰ ভৰি চাকোলা, তুমি কেনেকৈ যুদ্ধ কৰিলাহেতেন?
পিয়লি: মই খোৰা সঁচা, কিন্তু মোৰ মনত বল আছে। দেহেৰে পঙ্গু হ’লেও মনেৰে, সাহসেৰে সেই কাম কৰিব পাৰিলোহেতেন।
নিউভিল : তোমাৰ সমুচিত শাস্তি কি জানানে?
পিয়লি: জানো, জন্মিলে মৰিব লাগিবই। আমাৰ চলাজনা পুলিন স্বৰ্গদেৱে কৈ গৈছে যে বঙালৰ অধীন হৈ থকাতকৈ মৰণেসে শ্ৰেয়।
নিউভিল: পঞ্চায়ত লোক, পিয়লি ফুকনৰ কি শাস্তি হ’ব পাৰে?
পঞ্চায়তী সদস্য: প্ৰাণদন্ড চাহাব।
নিউভিল: ৰাজবিদ্ৰোহীক কেনেকৈ মাৰে?
মণিৰাম দেৱান: ৰাজবিদ্ৰোহীক ডিঙিত ফটামেখেলা আঁৰি নানা দুৰ্গতি কৰি মৰাটো আমাৰ দেশৰ দস্তুৰ।
নিউভিল: দুৰ্গতি মানে কি?
মণিৰাম: চুৱা বাঢ়ণী, বেটীমেখেলা গলত দি ফাঁচী দিয়ে।
পিয়লি: মণিৰাম, তয়ো দুৱৰা-কাকতি বংশৰ, ময়ো সাতঘৰীয়া আহোমৰ দুৱৰাৰ ঘৰৰ। মোক ফাঁচী দি প্ৰাণে মৰাই নাটিলে! ভদ্ৰকুলত জন্ম লৈ সম্ভ্ৰান্ত লোকৰ মৰণ কালত এনে জ্বলন্ত অপমান কৰাইহে তোৰ সন্তোষ লাগিল! সেইবাবেই জৰী ডিঙিত লৈ অন্তৰৰ পৰা কৈছোঁ যে যি দোষৰ বাবে মোৰ এনে দশা হৈছে, তাৰ বাবে মোৰ কোনো দুখ নাই। কিন্তু অন্তিমকালত এনে জঘণ্য অপমান দি মৰালি বাবে তইও বিনাদোষতে এই গছ ডোলতে পৰিবি। মনত ৰাখিবি টোলোঠাৰ কাণ ইকাণ আৰু সিকাণ; এবাৰ তল -এবাৰ ওপৰ। যিটো আজি মোৰ জিভাত তিতা লাগিছে, কাইলৈ তোৰো সেইটো তিতা লাগিব। তিতা গছৰ আগো তিতা, গুৰিও তিতা।
# #
মন্তব্য নিষ্প্ৰয়োজন!
এতিয়াহে বুজিছো, নতুন প্ৰজন্মইও বুজিব- এমুঠি ইংৰাজে কিদৰে অসম শাসন কৰিছিল!!
মুঠতে, এয়া প্ৰমাণিত যে অসমীয়াৰ শত্ৰু অসমীয়া!! গতিকে অইনক দোষ দি লাভ নাই। আৰু, ফাৰ্মাছিৰ ম্যাদ যোৱা ঔষধৰ দৰে ম্যাদ যোৱা তথা ‘ছফ্টৱেৰ আপডেট নোহোৱা’ তথাকথিত ৰাজনৈতিক”নেতা”ৰ দ্বাৰা অসমৰ জয়জয় ময়ময় হ’ব বুলি অপেক্ষা কৰিও কোনো লাভ নাই। নতুনৰ কল্লোল দেখি , নতুন প্ৰজন্মৰ সচেতনতা দেখি আজি আমি আশাবাদী হোৱা উচিত।