ৰাজনীতিকৰ উপদেশ আৰু আর্হি
সঞ্জীৱ কুমাৰ নাথ
কিছুমান প্রাচীন কাহিনীত দেৱতাৰ ৰজা ইন্দ্রৰ চৰিত্র অতি বেয়াকৈ দেখুউৱা হৈছে : নিজৰ ক্ষমতাৰ বাঘজৰী আনে কেনেবাকৈ পাব বুলি দুশ্চিন্তাত ভোগা ইন্দ্রই কোনো তপস্বীৰ তপ ধ্বংস কৰিবলৈ অপ্সৰাৰ “টোপ” দিছে; কামুক ইন্দ্রই গুপুতে ঋষি-পত্নীৰ সৈতে যৌন-সম্ভোগত লিপ্ত হৈছে।
কিয় তেওঁক এইদৰে দেখুউৱা হৈছে?
এইবাবে নেকি যে শাসনকর্ত্তা হৈ থাকিব বিচৰা, কাহানিও ক্ষমতা এৰিব নিবিচৰা ৰজা বা ৰাজ কৰিব বিচৰা সকলৰ চৰিত্র বেয়া হোৱাৰে সম্ভাৱনা বেছি?
প্রায় যিকোনো দেশতে সাধাৰণ নাগৰিক সকলৰ মনত ৰাজনৈতিক নেতা হ’ব খোজা সকল সৎ, প্রকৃত সমাজ সেৱক হোৱাতকৈ টেঙৰ, সুবিধা পৰায়ণ, স্বার্থপৰ, মিছলীয়া হোৱাৰ সম্ভাৱনা বেছি বুলি এটা ধাৰণা নাই নে?
এনে এটা ধাৰণা এনেয়ে সৃষ্টি নাই হোৱা। যুগ যুগ ধৰি নেতা সকলৰ প্রতাৰণা, প্রবঞ্চনা, মূর্খামি দেখিহে মানুহে তেনে ধাৰণা কৰিছে।
“সাধাৰণতে প্রায় সকলো মানুহে যাক সৎ, নির্ভীক, জনপ্রিয়তা অর্জনৰ বাবে বিভিন্ন কার্চাজীত লিপ্ত নোহোৱা কিন্তু প্রকৃততে লোকহিতৈষী বুলি ভাৱে, তেনে ৰাজনীতৈক নেতা দহ জনৰ নাম ভাবি উলিয়াওকচোন। দেখিব যে দেশৰ সেৱা কৰিব বিচৰা, প্রকৃত জনহিতৈষী নেতাৰ সংখ্যাতকৈ নেতাজী হৈ ৰাইজক বুর্বক সাজি দেশ খনকে কিনিব-বেচিব খোজা সকলৰ সংখ্যা সদায় বেছি।”
কিছুমান কামত একোটা professional hazard থাকে। চিমেন্ট ফেক্টৰীত কাম কৰা শ্রমিক সকলে প্রদূষিত বতাহৰ পৰা হোৱা অনেক বেমাৰৰ চিকাৰ হ’ব পাৰে। কয়লা খনিত কাম কৰা শ্রমিক, অভিযন্তাই বিপদ-সংকুল পৰিস্থিতিত কাম কৰিব লাগে। উত্তৰকাশীত সুংৰগ পথ সঁজা কামত ৪১ জন শ্রমিকক অলপতে উদ্ধাৰ কৰা কথা আমি সকলোৱে জানো।
সাগৰৰ অটল তলত সোমাই কাম কৰা মানুহ, বিপজ্জনক যন্ত্রৰ সৈতে কাম কৰা মানুহ, হিংস্র জন্তু থকা অৰণ্যৰ ভিতৰত কাম কৰা মানুহ, দিনে-ৰাতিয়ে ৰোগ আৰু ৰোগীৰ সৈতে কাম কৰা চিকিৎসক, নার্ছ…..সকলোৱে সংকটৰ মুখত পৰিব পাৰে। কাম, জীৱিকা, পেচা লৈ ভিন ভিন বিপদ।
কেতিয়াবা কিন্তু দেখাত এনে বিপদ আপদ নাথাকিলেও অন্য একপ্রকাৰৰ professional hazard থাকে – নৈতিক স্খলনৰ সম্ভাৱনা।
উদাহৰণ স্বৰূপে, উচ্চ শিক্ষাৰ সৈতে জড়িত এজন ব্যক্তিৰ সাধাৰণতে নিজৰ কর্মক্ষেত্রত জীৱন-মৰণ যুঁজ দিব লগীয়া নহয়, কিন্তু এই পণ্ডিত সকলৰ মাজত সহজে বিয়পা এটা বেমাৰ আছে : অহংকাৰ, জ্ঞানৰ অহংকাৰ। আচলতে ধন-সম্পত্তিৰ অহংকাৰক এক ধৰণৰ “বৈধ” অহংকাৰ বুলি ক’ব পাৰি।
ভালদৰে হিচাপ কৰিব পাৰিলে কাৰ কিমান ধন-সম্পত্তি আছে গম পোৱা যাব, আৰু সেই সোপাক লৈ কৰা অহংকাৰ “বৈধ” হয় নে নহয় ক’ব পৰা যাব। কিন্তু জ্ঞানৰ অহংকাৰ? সীমাহীন জ্ঞানৰ ক্ষুদ্রাংশৰ ওপৰত মালিকীসত্ত্ব দাবী কৰি যদি কোনো পণ্ডিতে অহংকাৰ কৰে, তেনে তেওঁৰ পাণ্ডিত্যৰ বিষয়ে কি কোৱা যাব? দীঘল ডিগ্রীধাৰী তথাকথিত পণ্ডিত সকলৰ মাজত কিন্তু এনে অহংকাৰ অতি সুলভ।
ৰাজ বিষয়া এজনৰ কাম কি? ৰজাৰ বা চৰকাৰৰ “আঁচনি” ৰূপায়ন কৰাটোৱেই তেওঁৰ কাম। কিন্তু তাকে কৰিবলৈ যদি তেওঁ প্রজা বা নাগৰিকৰ পৰা উৎকোচ বিচাৰে, তেন্তে তেওঁ দুর্নীতিপৰায়ন। তেওঁৰ চাকৰিৰ সেইটো professional hazard. দুর্নীতি মুক্ত হৈ থকাটো তেওঁৰ বাবে কঠিন হ’ব পাৰে।
“ৰাৱণে জনসেৱাৰ বাবে ক্ষমতা বিচৰা নাছিল। ৰাৱণৰ ভোগ-বাসনাতকৈও বেচি দুর্বলতা আছিল ক্ষমতাৰ প্রতি। যিকোনো উপায়েৰে অপৰাজেয় হৈ থাকিব, সকলোৰে ৰজা হৈ থাকিব বিচাৰিছিল ৰাৱণে। ক্ষমতা লিপ্সাত বলিয়া প্রতিজন নেতাই একোজন ৰাৱণ। কিন্তু উপদেশ দিয়াত ৰাৱণ পিছ পৰা ভকত নহয়—নহয় আমাৰ ধূর্ত্ত নেতা সকলো।”
ঠিক সেইদৰে ৰাজনৈতিক নেতা সকলৰো নৈতিক স্খলন জাতীয় professional hazard থাকে। আচলতে আটাইতকৈ বেছি professional hazard তেওঁলোকৰেই। প্রকৃততে ৰাজনীতিৰ ক্ষেত্রত নামিব খোজা সকলৰ অতি কাঢ়া নৈতিক পৰীক্ষা হোৱা উচিত আছিল। ৰাজনৈতিক নেতা হ’লেই যে বেয়া মানুহ হ’ব লাগিব তেনে নহয়।
ৰাজনৈতিক নেতা সৎ হ’ব পাৰে, ভাল মানুহ হ’ব পাৰে, কিন্তু সাধাৰণতে দেখা যায় যে ক্ষমতাৰ লালসাত বলিয়া মানুহ এগালে ৰাজনীতিৰ ক্ষেত্রখন বৰ বেয়াকৈ দুষিত কৰি পেলায়।
সাধাৰণ পৰীক্ষা এটা কৰিয়েই এই কথাৰ সত্যতাৰ প্রমাণ চাব পাৰি : সাধাৰণতে প্রায় সকলো মানুহে যাক সৎ, নির্ভীক, জনপ্রিয়তা অর্জনৰ বাবে বিভিন্ন কার্চাজীত লিপ্ত নোহোৱা কিন্তু প্রকৃততে লোকহিতৈষী বুলি ভাৱে, তেনে ৰাজনীতৈক নেতা দহ জনৰ নাম ভাবি উলিয়াওকচোন। দেখিব যে দেশৰ সেৱা কৰিব বিচৰা, প্রকৃত জনহিতৈষী নেতাৰ সংখ্যাতকৈ নেতাজী হৈ ৰাইজক বুর্বক সাজি দেশ খনকে কিনিব-বেচিব খোজা সকলৰ সংখ্যা সদায় বেছি।
ৰাৱণে জনসেৱাৰ বাবে ক্ষমতা বিচৰা নাছিল। ৰাৱণৰ ভোগ-বাসনাতকৈও বেচি দুর্বলতা আছিল ক্ষমতাৰ প্রতি। যিকোনো উপায়েৰে অপৰাজেয় হৈ থাকিব, সকলোৰে ৰজা হৈ থাকিব বিচাৰিছিল ৰাৱণে। ক্ষমতা লিপ্সাত বলিয়া প্রতিজন নেতাই একোজন ৰাৱণ।
কিন্তু উপদেশ দিয়াত ৰাৱণ পিছ পৰা ভকত নহয়—নহয় আমাৰ ধূর্ত্ত নেতা সকলো।
তুলসীদাসৰ ৰামচৰিতমানসৰ লংকা কাণ্ডত মেঘনাদৰ মৃত্যুৰ পিছত মন্দোদৰী আদি কান্দোনত ভাগি পৰা নাৰীসকলক ৰাৱণে সান্ত্বনা দি কৈছে যে এই সংসাৰত যি দেখা যায় সকলো নশ্বৰ, এইবোৰৰ বাবে হাবিয়াস কৰি বা দুখ কৰি লাভ নাই (জনতাক ধর্মৰ কাণি খুৱাই ৰাৱণে ৰাজ কৰে!) :
তব দসকন্ধ বিবিধ বিধি সমুঝাঈ সব নাৰি।
নস্বৰ ৰূপ জগত সব দেখহুঁ হৃদয় বিচাৰি।।
অর্থাৎ “ৰাৱণে তেতিয়া নাৰীসকলক বিভিন্ন প্রকাৰে বুজনি দিলে (আৰু ক’লে) যে এই জগতৰ সকলো ৰূপ (দৃশ্য) নাশবান—(এই কথা) হৃদয়ত বিচাৰ কৰি চোৱা”।
ৰাৱণে যে সংসাৰৰ নশ্বৰতাৰ কথা কৈছে, ৰাৱণৰ নিজৰ এনে বিবেক-বৈৰাগ্য আছে নে? আছে যদি সীতাক কিয় হৰণ কৰি আনিলে? নশ্বৰ জগতৰ নশ্বৰ ৰূপ দেখি এনেহেন মহা পণ্ডিতৰ কেনেকৈ মতিভ্রম হ’ল? এই প্রশ্নৰ উত্তৰ বিচাৰি বেছি দূৰলৈ যাব নালাগে। ওপৰত দিয়া পদৰ পিছতে ৰামচৰিতমানসত আছে :
তিনহহি গ্যান উপদেসা ৰাৱন। আপুন মন্দ কথা সুভ পাৱন।।
পৰ উপদেস কুসল বহুতেৰে। যে আচৰহিঁ তে নৰ ন ঘনেৰে।।
অর্থাৎ “ৰাৱণে তেওঁলোকক (মন্দোদৰী আদি নাৰী সকলক) জ্ঞানৰ উপদেশ দিলে। নিজে সি মন্দ (নীচ), কিন্তু (তাৰ) কথা পাৱন (পবিত্র) আৰু শুভ। (এনেকৈ) আনক উপদেশ দিয়াত কুশল মানুহ বহুত আছে, (কিন্তু সেই উপদেশ অনুযায়ী) আচৰণ কৰা মানুহ বেছি নাই।
ৰাৱণৰ ৰাজনৈতিক শক্তিৰ লালসা অন্তহীন। অন্তহীন ৰাজনৈতিক শক্তিৰ লালসাৰে ৰাৱণে দেৱতা, মনুষ্য সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰিব খুজিছিল। কিন্তু কিবা কাৰণত প্রায়ে ৰাজনৈতিক শক্তিৰ লালসা আৰু নৈতিকতা একেলগে নাথাকে।
নৈতিকতাৰ উপদেশ দিয়াত পার্গত কিন্তু অনৈতিক কার্যকলাপত সিদ্ধহস্ত ৰাজনৈতিক নেতাৰ কোনোদিনে অভাৱ ঘটা নাই, আৰু বর্ত্তমান কালতো অনৈতিকতা আৰু ৰাজনৈতিক উচ্চকাংক্ষা প্রায়ে যেন একেটা মূদ্রাৰ ইপিঠি সিপিঠি। তেনে নেতাই আকৌ নৈতিকতাৰ, কর্ত্তব্যৰ উপদেশ এনেকৈ দিয়ে যেন শুকদেৱে ভাগৱত গাইছে!
এই বছৰৰ ১২ চেপ্তেম্বৰত হিন্দুস্থান টাইমছত ওলোৱা খবৰ অনুযায়ী (আৰু অন্যান্য খবৰ কাগজ, নিউজ চেনেল আদিৰ মতেও) ৭৬৩ জন সাংসদৰ ভিতৰত ৩০৬ জনৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰ আছে। এই তথ্যৰ উৎস হৈছে তেৰা সবে নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ আগতে নিজে দাখিল কৰা শপতনামা।
ইয়াৰে ১৯৪ জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ (হত্যা, অপহৰণ, নাৰী-নির্যাতন আদি) আছে। আৰু এনে নহয় যে তেওঁলোক কোনো এটা বিশেষ নষ্ট-চৰিত্র দলৰ হে সদস্য। তেওঁলোকৰ ১৩৯ জন বিজেপিৰ, ৪৩ জন কংগ্রেছৰ, ১৪ জন তৃণমূল কংগ্রেছৰ, ৫ জন আৰজেডিৰ, ৬ জন চপিআই (এম)ৰ, ৩ জন আপৰ ১৩ জন ৱাই এছ আৰ চি পিৰ আৰু ৩ জন এন চি পিৰ…ইত্যাদি।
আৰু বহুত কথাই আছে সেই খবৰবোৰত, পিছে সেইবোৰ পাগুলি কি লাভ? ৰাৱণে কোৱা নাই জানো এই সংসাৰ নশ্বৰ?
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)