ৰেডিঅ দিৱসৰ আঁত ধৰি: ৰেডিঅ আৰু বহু কিবা কিবি
পংখী বৰা
তিনিটা আখৰৰ এটা শব্দ “ৰেডিঅ’ এটা চিৰপৰিচিত শব্দই মাথোঁ ।
মানৱ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰত ৰেডিঅ’ৰ অৱদান নুই কৰিব নোৱাৰি । কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ মাজত ৰেডিঅ’য়ে যেন নিজৰ অস্তিত্ব কোনোবা খিনিত হেৰুৱাই পেলাইছে।
মোৰ আজিও মনত আছে ,মই স্কুলত পঢ়ি থকা সময়ত মোৰ মা-দেউতা আৰু আমি ৰেডিঅ শুনি সময়ৰ অনুমান কৰিব পাৰিছিলোঁ । কিন্তু আজি কালি হয়তো সৰু সৰু লৰা-ছোৱালীৰ বাবে ৰেডিঅ মাথোঁ এটা শব্দ হে হৈ ৰ’ব । তেওঁলোকক যদি এই সাঁথৰৰ উত্তৰ সোধা হয় – “ঘৰ আছে ,দুৱাৰ নাই,মাত আছে,মানুহ নাই” , তেতিয়া তেওঁলোকে হয়তো তপৰাই উত্তৰ দিব -“ৰেডিঅ” বুলি ।
কিন্তু “ৰেডিঅ নো কি হয় বুলি সুধিলে,হয়তো সিহঁতৰ মুখৰ মাত নোহোৱা হৈ পৰিব ।
স্মৃতিৰ পৃষ্ঠাবোৰ লুটিয়াই চালে কিছু কথা মনত পৰিলে আজিও নষ্টালজিক্ হৈ পৰোঁ । মায়ে আমাৰ স্কুললৈ যাবৰ সময়ত হাতত ভাতৰ কাঁহীখনলৈ মোৰ আৰু ভন্টিৰ পিছে পিছে দৌৰি থাৰে ,আৰু আমাৰ লগে লগে বাজি থাকে অনাতাৰ কেন্দ্ৰৰ সেই বিশেষ আৰু চিৰসেউজ বাক্যটো “এইয়া আকাশবাণী” , চিৰদিন মনত ৰৈ যোৱা ৰেডিঅ’ৰ এই বাক্যটো, নষ্টালজিয়া সেই সময়বোৰ ।
সৰুতে ৰেডিঅ’ৰ মাতটোৰ আৰত থকা মানুহজনক চাবলৈ এটা ব’ৰ হেঁপাহ আছিল । ৰেডিঅ’ত মোৰোঁ মন গৈছিল কথা কবলৈ ,মাত্ৰ এবাৰ কবলৈ “এইয়া আকাশবাণী” বুলি।
এতিয়া ভয় হয় সঁচাকৈয়ে ৰেডিঅ আমাৰ মাজৰ পৰা হেৰাই যাব নেকি? সঁচাই ই অতীত হৈ পৰিব নেকি?
পুৰণি সময়ত গ্ৰাম্য অঞ্চলসমূহলৈ ৰেডিঅ’ৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰাটো সহজ আছিল, কিয়নো ইয়াৰ সুলভতা আৰু সঞ্চয়ৰ বাবে গ্ৰাম্য অঞ্চলত ই সহজে উপলব্ধ । গাঁৱৰ প্ৰতিখন ঘৰৰ পৰা শুনা গৈছিল ৰেডিঅ’ৰ মাত । কিমান যে আনন্দ আছিল তেতিয়া । এতিয়া প্ৰশ্ন হয় আমিবোৰ বাৰু সঁচাকৈয়ে বহুত এডভাঞ্চ হৈ গ’লো নেকি? নে আমাৰ সময়ৰ অভাৱ ? বিশ্ব ৰেডিঅ দিৱসৰ অস্তিত্ব তেতিয়া হে থাকিব,যেতিয়া আমাৰ ৰেডিঅ শুনা সেই পুৰণি অভ্যাসবোৰ ঘুৰি আহিব ।
এতিয়াৰ সৰু-সৰু লৰা-ছোৱালী’ক ইয়াৰ বিষয়ে আমিয়েই জনাব লাগিব ।। মোৰ বিশ্বাস এনে কৰিলে আমাৰ মাজৰ পৰা বিজ্ঞানৰ এক শ্ৰেষ্ঠ আৱিষ্কাৰ ৰেডিঅ আমাৰ মাজৰ কেতিয়াও হেৰাই নাযায় ।
এইখিনিতে কওঁ দেই মোৰ সেই তাহানিতে দেখা সপোনটো আজি পূৰন হ’ল ,আজি মইয়ো কওঁ “নমষ্কাৰ! স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ’লৈ, আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅৰ মজিয়াত মই পংখী বৰা….”
[পংখী বৰা, “অসম গণসংযোগ আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠান”, গুৱাহাটী]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)