• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মাতৃদুগ্ধ আৰু শিশুৰ ভৱিষ্যত

-ডাঃ মুকুল শৰ্মা

by Anjan Sarma
June 17, 2021
in World, Health, Lifestyle
Reading Time: 2 mins read
0
tilt shift lens photo of infant s hand holding index finger of adult

Photo by Dominika Roseclay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মাতৃদুগ্ধ আৰু শিশুৰ ভৱিষ্যত

-ডাঃ মুকুল শৰ্মা |

RelatedPosts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026

স্বাধীনতা লাভৰ ৭০ বছৰ পাৰ হোৱাৰ পিছতো আজি ভাৰতবৰ্ষৰ প্ৰতি বছৰে পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যু হাৰ ৩৭। অৰ্থাৎ প্ৰতি ১০০০ জন ৫ বছৰৰ তলৰ জীৱিত শিশুৰ ভিতৰত ৩৭ জন শিশু প্ৰতি বছৰে বিভিন্ন কাৰণত মৃত্যু ঘটে। অসমৰ ছবিখন ইয়াতকৈও দুখ লগা। অসমত প্ৰতি বছৰত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৪৪। ইয়াৰে আকৌ ৪৫ শতাংশ শিশুৰ মৃত্যু ঘটে অকল পুষ্টিহীনতাৰ অভাৱত। এই ৪৫ শতাংশ শিশুৰ ভিতৰত দুই তৃতীয়াংশ শিশুৰ মৃত্যু ঘটে প্ৰথম এবছৰৰ ভিতৰত আৰু এই শিশুসকলৰ  মৃত্যু সথিক নিয়ম অনুযায়ী মাতৃদুগ্ধ পান নকৰোৱাৰ ফলত হয়। যদি ঠিকমতে শিশুক মাতৃদুগ্ধ পান কৰোৱা হয় তেন্তে বছৰি গোটেই পৃথিৱীতেই প্ৰায় দহ লাখৰ ওপৰত শিশুৰ মৃত্যুক বাধা দিব পৰা যায়। শিশুক কিদৰে, কিমান দিন স্তনপান কৰাব লাগে, স্তনপানৰ উপকাৰীতা, পৰিপূৰক আহাৰ কেতিয়া কিদৰে দিব লাগে এই সকলোবিলাক সামৰি তলৰ লিখনিটো আগবঢ়োৱা হ’ল।

প্ৰত্যেকটো নৱজাতক শিশুক জন্মৰ এঘন্টাৰ ভিতৰতে স্তনপান কৰাব লাগে। আনহাতে চিজাৰিয়ান অস্ত্ৰোপচাৰৰ দ্বাৰা জন্ম লাভ কৰা শিশুক মাকৰ এনাস্থেচিয়াৰ প্ৰভাৱ শেষ হোৱাৰ লগে লগে দেৰি নকৰাকৈ স্তনপান কৰাব লাগে। শিশুটি জন্মৰ এঘণ্টাৰ ভিতৰত খুব সক্ৰিয় হয় থাকে আৰু শিশুটিয়ে এই সময়ছোৱাত ভিতৰত মাতৃদুগ্ধ পান কৰিবলৈ সাজু হোৱা দেখা যায় যেনে- শিশুটিয়ে নিজে নিজে মূখখন মেলিব,  মূৰটো এনেকৈ ঘূৰাব যেন মাকৰ স্তনৰ nipple হে বিচাৰি আছে, হাত মূখত ভৰাই শুহিব পাৰে ইত্যাদি। আনহাতে শিশুটিক প্ৰথমবাৰৰ বাবে মাকৰ গাখীৰ খাব দিয়াৰ লগে লগে মাকজনীৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু মাকৰ স্তনৰ গাখীৰ উৎপাদন প্ৰক্ৰিয়াটোত সহায় কৰে।সাধাৰণতে দেখা যায় যে জন্মৰ প্ৰায় এক ঘণ্টাৰ পিছত শিশুটো তিনি চাৰি ঘণ্টাৰ বাবে টোপনি যায়। গতিকে প্ৰথম এক ঘণ্টাৰ ভিতৰত স্তনপান নকৰালে মাকৰ স্তনত গাখীৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটোত বাধাৰ সৃষ্টি হব পাৰে। সেয়েহে শিশুক জন্মৰ এক ঘণ্টাৰ ভিতৰত স্তনপান কৰোৱা অত্যন্ত জৰুৰী। আনহাতে শিশুৰ জন্মৰ পিছতে মাকৰ স্তনৰ পৰা নিৰ্গত কলষ্ট্ৰাম শিশুটিৰ বাবে অমৃতসম। তলত কলষ্ট্ৰাম খুওৱাৰ উপকাৰিতা সম্পৰ্কে কোৱা হ’ল –

শিশুটিৰ জন্মৰ প্ৰায় তিনি দিনলৈ মাকৰ স্তনৰ পৰা নিৰ্গত হালধীয়া আৰু গাঢ় গাখীৰখিনিক কলষ্ট্ৰাম বুলি কোৱা হয়। ইয়াত মাকৰ গাখীৰতকৈ অধিক প্ৰটিন থাকে। কলষ্ট্ৰামত বহুতো বেমাৰৰ এণ্টিবডি থাকে যিয়ে শিশুটিক বহুতো সংক্ৰমণৰ পৰা ৰক্ষা কৰে। সেয়েহে কলষ্ট্ৰামক শিশুটিৰ প্ৰথম ভেক্সিন বুলি কোৱা হয়। কলষ্ট্ৰামৰ ৰেচক বা জুলাপ সৃষ্টিকাৰী গুণ থাকে যিয়ে শিশুটিৰ  প্ৰথম গাঢ় ৰঙৰ পায়খানাখিনি (meconium) উলিয়াই দিয়াত সহায় কৰে লগতে শিশুটিৰ অন্ত্ৰ বা intestine ত থকা bile বা বিলিৰুবিন বাহিৰ কৰি দিয়াত সহায় কৰে আৰু শিশুটিৰ জণ্ডিচ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ উপৰিও কলষ্ট্ৰামে শিশুটিৰ অন্ত্ৰৰ বিকাশত সহায় কৰে আৰু কোনো খাদ্যবস্তুৰ পৰা হব পৰা এলাৰ্জীৰ পৰা সুৰক্ষা প্ৰদান কৰে। কলষ্ট্ৰামত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে যিয়ে শিশুটিক ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে। সেয়েহে মাকৰ গাখীৰৰ কলষ্ট্ৰামখিনি পোৱা অত্যন্ত জৰুৰী। কিন্তু আমাৰ সমাজত এতিয়াও কিছুমান নিয়ম দেখা যায় যে শিশুটিক মাকৰ গাখীৰ খুওঁৱাৰ আগত মুখত মৌ, পানী আদি খুৱাই দিয়া হয় যিটো একেবাৰে অবিজ্ঞানসন্মত। এনেধৰণৰ কাৰ্য্যই শিশুটিৰ ডায়েৰিয়া, এলাৰ্জী ইত্যাদি ৰোগৰ প্ৰতি প্ৰৱণতা বৃদ্ধি কৰি তোলে।

#মাতৃদুগ্ধৰ মহত্ব :- প্ৰত্যেকটো শিশুকেই জন্মৰ পৰা ছয়মাহ বয়সলৈ কেবল মাত্ৰ স্তনপান  কৰাব লাগে। কোনো ধৰণৰ জুলীয়া পদাৰ্থ, পানী, গাখীৰ বা অন্য খাদ্য পদাৰ্থ কেতিয়াও দিব নালাগে। অৱশ্যে বেমাৰ আজাৰ হ’লে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ, ভিটামিন ইত্যাদি খুৱাব পাৰে। শিশুটিক প্ৰয়োজন অনুপাতে মাতৃদুগ্ধ পান কৰালে পুষ্টিহীনতা, বিভিন্ন প্ৰকাৰৰ বেমাৰ আনকি মৃত্যুৰ পৰা সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হয়। আনহাতে সময় মতে আৰু শিশুটিৰ প্ৰয়োজন অনুপাতে যদি মাতৃদুগ্ধ পান কৰোৱা নহয় তেন্তে শিশুটিৰ দৈহিক আৰু মানসিক বিকাশত বাধাগ্ৰস্ততা আহিব পাৰে আৰু শিশুটি ভৱিষ্যতে বিভিন্ন ধৰণৰ অসঁচোৰা (non communicable) বেমাৰ যেনে- ডায়েবেটিজ, উচ্চ ৰক্তচাপ, থাইৰইডৰ সমস্যা, কৰ্কট ৰোগ ইত্যাদিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি প্ৰথম ছয়মাহত শিশুটিক সঠিক পৰিমাণত মাতৃদুগ্ধ পান আৰু ছয়মাহৰ পৰা দুই বছৰ বয়সলৈ মাকৰ গাখীৰৰ লগতে অন্য পৰিপূৰক আহাৰ সঠিকভাৱে খুওঁৱা নহয় তেন্তে তাৰফলত শিশুটিৰ যি দৈহিক আৰু মানসিক আৰু মগজুৰ যি ক্ষতি হয় সেৱা জীৱনত কেতিয়াও পূৰণ কৰিব পৰা নাযায়। তলত স্তনপানৰ ফলত শিশু আৰু মাতৃৰ উপকাৰীতা সম্পৰ্কে উল্লেখ কৰা হ’ল –

🐶শিশুৰ ক্ষেত্ৰত উপকাৰীতা :- মাতৃদুগ্ধ শিশুৰ বাবে জীৱনৰ প্ৰথম খাদ্য য’ত শিশুটিয়ে প্ৰথম ছয়মাহৰ শাৰীৰিক শক্তি আৰু পৰিপুষ্টিৰ বাবে দৰকাৰী সকলোবিলাক উপাদান ইয়াৰ পৰা পায়। মাতৃদুগ্ধই শিশুটিৰ দৈহিক, মানসিক আৰু মগজুৰ বিকাশত অৰিহণা যোগায়। শিশুক যিকোনো সংক্ৰমণ আৰু এলাৰ্জী প্ৰতিহত কৰাত সহায় কৰে। শিশুটিক প্ৰথম ছয়মাহত কেবলমাত্ৰ মাতৃদুগ্ধ পান কৰোৱাৰ ফলত এবছৰ বয়সলৈ শিশুটিৰ হব পৰা বিভিন্ন বেমাৰ যেনে- ডায়েৰিয়া, নিউমোনিয়া ইত্যাদিৰ পৰা হব পৰা মৃত্যুৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাতৃদুগ্ধত থকা ফেটি এচিডে শিশুটিৰ বুদ্ধিমত্তা বা IQ বিকাশত অৰিহণা যোগায়। সেয়েহে প্ৰথম ছয়মাহ বয়সলৈ কেবল মাতৃদুগ্ধ পান কৰা শিশু বুদ্ধিমান, পঢ়া শুনাত চোকা, অধিক সক্ৰিয় হোৱা দেখা যায়। আনহাতে মাতৃদুগ্ধ পানে শিশু আৰু মাতৃৰ মাজত আবেগিক বান্ধোন কটকটীয়া কৰে।

🚺মাতৃৰ ক্ষেত্ৰত হোৱা লাভালাভ :- শিশুক নিজৰ স্তনপান কৰোৱাৰ ফলত মাতৃ গৰাকী বহুতো ক্ষেত্ৰত লাভবান হয়। যেনে – ১) প্ৰসৱৰ পিছত মাতৃগৰাকীৰ হব পৰা ৰক্তক্ষৰণৰ সম্ভাৱনা কমি যায় (Post partum hemorrhage) ।

২) ইয়াৰ ফলত ভৱিষ্যতে মাতৃগৰাকীৰ স্তন আৰু অ’ভাৰিত হব পৰা কৰ্কট ৰোগৰ সম্ভাৱনা কমি যায়।

৩) শিশুক স্তনপান কৰোৱাৰ ফলত মাতৃ গৰাকীৰ মাহেকীয়া দেৰিকৈ আৰম্ভ হয় যিয়ে এক প্ৰকাৰৰ গৰ্ভনিৰোধক হিচাপে কাম কৰে আৰু মাতৃ গৰাকীক পুনৰ গৰ্ভৱতী হোৱাৰ সম্ভাৱনা কমাই দিয়ে।

৪) মাতৃ গৰাকীক স্তনৰ বিভিন্ন প্ৰকাৰৰ  সমস্যা, যেনে- স্তনত হোৱা ফোঁহা (breast abcess), স্তন ফুলি যোৱা (breast engorgement) ইত্যাদিৰ পৰা ৰক্ষা কৰে লগতে স্তনৰ সঠিক আকাৰ আৰু আকৃতি বজাই ৰখাত সহায় কৰে।

৫) স্তনপান কৰোৱাৰ ফলত মাতৃগৰাকীৰ দেহত চৰ্বী জমা হোৱাৰ সম্ভাৱনা কমি যায়। ফলত মেদবহুলতা ইত্যাদিৰ পৰা পৰিত্ৰাণ পাব পাৰে।

🚯আৰ্থিক আৰু পাৰিপাৰ্শ্বিক লাভালাভ :- মাতৃদুগ্ধ হ’ল প্ৰাকৃতিক ভাৱে বিচাৰিলেই পোৱা, শিশুৰ অনুকূল তথা সুৰক্ষা দিব পৰা তথা ইয়াক উৎপন্ন কৰিবলৈ কোনো ইন্ধনৰ প্ৰয়োজন নহোৱা, কোনো পেকেট বা টোপোলা কৰিবলগীয়া নহোৱা, যাতায়াতৰ প্ৰয়োজন নহোৱা ঘৰতে পোৱা, ব্যৱহাৰৰ পিছত কোনো পেলনীয়া বস্তু উৎপন্ন নহোৱা এটা অমৃততুল্য পদাৰ্থ। পৰিয়ালে কোনো টকা পইচা খৰচ নকৰাকৈ মাতৃদুগ্ধ লাভ কৰে, যিহেতু ইয়াৰ বাবে কোনো ইন্ধন বা বাচন পত্ৰৰ প্ৰয়োজন নহয়।

অসমৰ ক্ষেত্ৰত দেখা যায় যে প্ৰায়ভাগ শিশুকেই জন্মৰ আৰম্ভণিতেই মাতৃদুগ্ধ পান কৰোৱা হয় যদিও বিভিন্ন অজুহাতত দুই তিনি মাহ মান পিছৰ পৰা অধিক সংখ্যক শিশুকেই কৃত্ৰিম খাদ্য খুওঁৱা আৰম্ভ কৰা হয়। যাৰ ফলত ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ শিশুৰ মৃত্যুৰ হাৰ অধিক। তলত শিশুক কৃত্ৰিম খাদ্য খুওঁৱাৰ কুপ্ৰভাৱৰ বিষয়ে কিছু কোৱা হ’ল –

১) কৃত্ৰিম খাদ্য খুওঁৱাৰ ফলত শিশুৰ পুষ্টিহীনতা হোৱাৰ সম্ভাৱনা থাকে লগতে ভিটামিনৰ অভাৱ পৰিলক্ষিত হয়।

২) ডায়েৰিয়া, নিউমোনিয়া ইত্যাদিৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

৩) শিশুৰ মগজুৰ বিকাশ বাধাগ্ৰস্ত হয় আৰু ইয়ে প্ৰাপ্তবয়স্ক বয়সত বিভিন্ন ধৰণৰ অসঁচোৰা ব্যাধি যেনে- হাইপোথাইৰয়ডিজম, ডায়েবেটিজ, উচ্চ ৰক্তচাপ, কৰ্কত ৰোগ আদিৰ আশংকা বৃদ্ধি কৰে।

৪) মাক আৰু শিশুৰ মাজত আবেগিক বান্ধোনত ব্যাঘাত জন্মায়।

৫) বিভিন্ন খাদ্য বস্তুৰ প্ৰতি এলাৰ্জীৰ সৃষ্টি হব পাৰে ।

৬) শিশুটিৰ মেদবহুলতাৰ সমস্যা হব পাৰে ।

৭) মাতৃ গৰাকীৰ সোনকালে মাহেকীয়া আৰম্ভ হৈ সোনকালে গৰ্ভৱতী হব পাৰে।

৮) মাতৃগৰাকী ৰক্তহীনতা ভূগাৰ সম্ভাৱনা থাকে আৰু স্তনৰ কৰ্কট ৰোগৰো সম্ভাৱনা বৃদ্ধি পায়।

🍼শিশুটিক কেনেদৰে মাতৃদুগ্ধ পান কৰাব?

এই বিষয়ে জনাৰ আগতে আমি স্থনত দুগ্ধ কেনেদৰে উৎপন্ন হয় সেই বিষয়ে জনা দৰকাৰ। মাতৃৰ স্তনৰ একেবাৰে সন্মুখৰ অংশক nipple বুলি কোৱা হয়। Nipple ক আগুৰি থকা গাঢ় অংশ খিনিক areola বুলি কোৱা হয়। স্তনৰ ভিতৰ অংশত alveoli নামৰ কিছুমান মোনা সদৃশ গাখীৰ নিৰ্গতকাৰী কোষ থাকে আৰু কোষবিলাকৰ সংখ্যা লাখ হিচাপত থাকে। প্ৰলেক্টিন নামৰ হৰমনৰ প্ৰভাৱত এই কোষবিলাকত গাখীৰ উৎপন্ন হয়। alveoli বিলাকৰ চাৰিওফালে মাংসপেশীৰ কোষ থাকে যিবিলাক অক্সিটচিন নামৰ হৰমনৰ প্ৰভাৱত সংকুচিত হৈ alveoli বিলাকৰ ওপৰত হেঁচা বা চাপ দিয়ে আৰু ফলত তাৰপৰা গাখীৰ নিৰ্গত হৈ বাহিৰলৈ ওলাই আহে। শিশুটিয়ে যেতিয়া মাতৃদুগ্ধ পান কৰে আৰু স্তনত শোহা মাৰে alveoli বিলাকৰ পৰা কিছুমান সৰু সৰু নলিকাৰে গাখীৰখিনি আহি areolar তলত থকা ডাঙৰ নলীত জমা হয়। বাকী সময়ত alveoli আৰু সৰু সৰু নলিকা বিলাকত গাখীৰ জমা হৈ থাকে।

আনহাতে কিছুমান মাতৃৰ মনত ধাৰণা থাকে যে স্তনৰ আকাৰ সৰু ডাঙৰ হ’লে গাখীৰৰ পৰিমাণো কম বেছি হয়। আচলতে এইটো এটা ভ্ৰান্ত ধাৰণাহে। স্তনৰ গাখীৰ উৎপন্ন কাৰী alveoli বিলাকক আৰু গাখীৰ পৰিবাহী সৰু সৰু নলিকা বিলাকক চৰ্বী বা স্নেহকলাই আগুৰি ৰাখে যিয়ে স্তনৰ আকাৰ সৰু ডাঙৰ কৰে। যাৰ চৰ্বী বা স্নেহ কলাৰ পৰিমাণ বেছি তেনে মাতৃৰ স্তনৰ আকাৰ ডাঙৰ হয়। কিন্তু ভিতৰত থকা alveoli কোষৰ সংখ্যা সৰু বা ডাঙৰ স্তনৰ ক্ষেত্ৰত প্ৰায় সমানেই থাকে যিয়ে সম পৰিমাণৰ দুগ্ধ উৎপন্ন কৰে।

যেতিয়া শিশু এটিক স্তনপান কৰোৱা হয় স্তনৰ অগ্ৰভাগত থকা nipple ৰ পৰা সংবেদী প্ৰেৰণা মগজুলৈ পৰিবাহিত হয়। ইয়াৰ ফলশ্ৰুতিত মগজুৰ পিটুইটেৰী গ্ৰন্থিৰ পৰা প্ৰলেক্টিন হৰমন নিৰ্গত হয় ।প্ৰলেক্টিন হৰমন তেজৰ সোঁতত স্তনলৈকে পৰিবাহিত হৈ গাখীৰ উৎপন্নকাৰী alveoli বিলাকক উত্তেজিত কৰি গাখীৰ উৎপন্ন কৰে। শিশুটিক যিমানেই স্তনপান কৰোৱা হয় সিমানেই বেছি গাখীৰ উৎপন্ন হয়। শিশুটিক স্তনপান কৰোৱাৰ ৩০ মিনিট পিছত তেজত প্ৰলেক্টিন হৰমনৰ মাত্ৰা আটাইতকৈ বেছি পোৱা যায়। যাৰ ফলত শিশুটিক পিছৰবাৰ স্তনপান কৰোৱাৰ বাবে দৰকাৰ হোৱা গাখীৰখিনি মাকৰ স্তনত উৎপন্ন আৰু জমা হৈ থাকে।

যেনেদৰে শিশুটিয়ে স্তনপান কৰাৰ সময়ত সংবেদী প্ৰেৰণা মগজুলৈ গৈ প্ৰলেক্টিন হৰমন নিৰ্গত হয় তেনেদৰে স্তনৰ অগ্ৰভাগত থকা nipple ৰ পৰা সংবেদী প্ৰেৰণা মগজুলৈ যোৱাৰ পিছত পিটুইটেৰী গ্ৰন্থিয়ে অন্য এবিধ হৰমন নিৰ্গত কৰে যাক অক্সিটচিন বুলি কোৱা হয়। কিন্তু প্ৰলেক্টিন হৰমনৰ তুলনাত অক্সিটচিন সোনকালে নিৰ্গত হয় আৰু এই অক্সিটচিন তেজৰ সোঁতত আহি স্তনৰ দুগ্ধ উৎপন্নকাৰী alveoli বোৰৰ কাষত থকা মাংসপেশীৰ কোষবোৰত সংকোচন বা হেঁচাৰ সৃষ্টি কৰি গাখীৰখিনি বাহিৰলৈ উলিয়াই  দিয়ে। ইয়াকে oxytocin reflex বুলি কোৱা হয়। যদি oxytocin reflex য়ে ঠিক মতে কাম নকৰে তেন্তে শিশুটিয়ে গাখীৰ ঠিকমতে নাপাব পাৰে। তেতিয়াই মাকজনীয়ে স্তনত উপযুক্ত পৰিমাণত গাখীৰ উৎপন্ন নহোৱা বুলি ভাবে। কিন্তু গাখীৰ ঠিকেই উৎপন্ন হৈ থাকে। মাথো গাখীৰখিনি ওলাই অহাতহে অসুবিধাৰ সৃষ্টি হয়।

তেনেদৰে অক্সিটচিন হৰমনে প্ৰসূতি গৰাকীৰ জৰায়ুৰ মাংসপেশীতো সংকোচন সৃষ্টি কৰে আৰু সন্তান জন্মৰ পিছত মাকৰ জৰায়ুৰ পৰা হোৱা ৰক্তক্ষৰণ কমাই দিয়ে।

মাকৰ মানসিক অৱস্থা আৰু অনুভূতিয়ে oxytocin reflex প্ৰভাৱিত কৰে ।সুখানুভূতি, উদাহৰণস্বৰূপে সন্তান দেখি আনন্দ লাভ কৰা, সন্তানটোক মৰম কৰা আৰু মনত দৃঢ় ভাব ৰখা যে মাকৰ গাখীৰেই সন্তানৰ বাবে আটাইতকৈ উত্তম আহাৰ ইত্যাদি মানসিক ভাববোৰে oxytocin reflex ক ঠিকমতে কাম কৰাত সহায় কৰে। আনহাতে মনত দুখ বেজাৰ ৰখা, বেয়া চিন্তা, মনত সন্দেহ ৰখা যে নিজৰ স্তনত যথেষ্ট গাখীৰ নাই ইত্যাদি অনুভূতি বা চিন্তাবোৰে oxytocin reflex ক বাধা প্ৰদান কৰিব পাৰে। ফলত স্তনৰ পৰা ঠিকমতে গাখীৰ নিৰ্গত নহব পাৰে ।কিন্তু এই প্ৰভাৱ বিলাক ক্ষণস্থায়ী হয়।

আনহাতে দেখা যায় যে সাধাৰণতে নিবিড়, অকলশৰীয়া অৱস্থাত মগজুৰ পৰা অক্সিটচিন বেছিকৈ নিৰ্গত হয়। হুলস্থুলীয়া পৰিবেশত অক্সিটচিনৰ নিষ্কাশন কম হয়। সেয়েহে সন্তানক শান্ত, নিবিড়, অকলশৰীয়া পৰিবেশত দুগ্ধপান কৰালে সঠিক মাত্ৰাত গাখীৰ লাভ কৰে। তেনেদৰে দিনতকৈ ৰাতিৰ ভাগত অক্সিটচিন বেছিকৈ নিৰ্গত হয়। সেয়েহে ৰাতিৰ ভাগত বেছিকৈ স্তনপান কৰাব লাগে।

কেতিয়াবা দেখা যায় যে এটা স্তনৰ পৰা গাখীৰ ঠিকেই নিৰ্গত হয় যদিও আনটি স্তনৰ পৰা কমকৈ গাখীৰ ওলায় বা গাখীৰ ওলোৱা বন্ধ হয় যায়। ইয়াৰ কাৰণ হ’ল সন্তানক এটি স্তনৰ পৰা বেছিকৈ দুগ্ধপান কৰোৱা। সেয়েহে শিশুটিক স্তনপান কৰোৱাৰ সময়ত ধ্যান ৰখা উচিত যে এবাৰত এটা স্তনৰ পৰা গাখীৰ খুৱালে পিছৰ বাৰ আনটি স্তনৰ পৰা গাখীৰ খুৱাই যেন। যদি এনেকুৱা কৰা নহয় তেন্তে যিটো স্তনৰ পৰা গাখীৰ খুওৱা নহয় সেই স্তনৰ পৰা গাখীৰ উৎপন্ন হোৱা বন্ধ হৈ যাব পাৰে। কাৰণ মাতৃদুগ্ধত থকা এবিধ ৰাসায়নিক পদাৰ্থই এটি স্তনৰ পৰা  যদি গাখীৰ খুওৱা নহয় সেই স্তনটিৰ পৰা গাখীৰ উৎপাদন বন্ধ কৰি দিয়ে। তেনেকুৱা নকৰিলে দুগ্ধপান নকৰোৱা স্তনটিত অধিক মাত্ৰাত গাখীৰ উৎপন্ন হৈ স্তন ফুলি (breast engorgement) যাব পাৰে। কিন্তু এনেকুৱা হোৱাটো অত্যন্ত জৰুৰী কাৰণ যদি কিবা কাৰণত শিশুটিৰ মৃত্যু ঘটে বা শিশুটিৱে গাখীৰ খাবলৈ এৰি দিয়ে এই প্ৰক্ৰিয়াৰ জড়িয়তে নিজে নিজে গাখীৰ উৎপাদন বন্ধ হৈ যোৱাত সহায় কৰে। সাধাৰণতে এটি শিশুৱে এবাৰত ১০ – ১৫ মিনিট মান সময় এটি স্তনত দুগ্ধপান কৰে। অৱশ্যে শিশু অনুযায়ী সময়ৰ তাৰতম্যতা হব পাৰে। শিশুটিয়ে স্তনপান কৰাৰ সময়ত মাজে মাজে স্তনপান কৰা বন্ধ কৰে। সেইখিনি সময়ত শিশুটিয়ে গাখীৰখিনি গিলে। এটি শিশুক মাকে সাধাৰণতে প্ৰতিদিনে ৬ ৰ পৰা ৮ বাৰ দুগ্ধপান কৰাব লাগে। অৱশ্যে শিশুটিয়ে বিছাৰিলে বেছিকৈও খুৱাব লাগিব পাৰে। শিশুটিয়ে পৰ্যাপ্ত পৰিমাণে মাতৃদুগ্ধ লাভ কৰিছে নে নাই আমি তলত দিয়া কথাখিনি লক্ষ্য কৰিলে  গম পাওঁ।

▶প্ৰতিদিনে শিশুটিৰ ১৫ গ্ৰাম বা মাহত ৫০০ গ্ৰাম ওজন বৃদ্ধি হোৱা।

▶দৈনিক ৬ বাৰতকৈ অধিক পেচাব কৰা।

যিবিলাক শিশুৱে নিজে স্তনপান কৰিব নোৱাৰে তেনে শিশুক মাকৰ স্তনৰ পৰা গাখীৰ চেপি উলিয়াই বাতি বা চামুচৰ সহায়ত গাখীৰ খুৱাব পৰা যায়। অফিচ ইত্যাদিত কৰ্মৰত মাতৃয়েও তেনেদৰে বাতি বা তেনেকুৱা পাত্ৰত স্তনদুগ্ধ চেপি উলিয়াই থৈ যাব পাৰে। যাৰ ফলত শিশুটিক মাকৰ অনুপস্থিতিত সেই পাত্ৰৰ পৰা গাখীৰ খুৱাব পৰা যায়। মাত্ৰ লক্ষ্য ৰখা উচিত পাত্ৰটো যাতে ভালদৰে ধুই গৰম পানীত ডুবাই বীজাণুমূক্ত কৰা হয়। এনেদৰে উলিওৱা মাকৰ গাখীৰ সাধাৰণতে ৬ ৰ পৰা ৮ ঘণ্টা সাধাৰণ উষ্ণতাত ৰাখিব পৰা যায়। আনহাতে ফ্ৰীজত ২৪ ঘন্টা পৰ্যন্ত ৰাখিব পাৰি।

🍶পৰিপূৰক আহাৰ :- শিশুৰ ছয়মাহ বয়স পাৰ হোৱাৰ লগে লগে  পৰিপূৰক আহাৰ খুওৱা আৰম্ভ কৰিব লাগে লগে লগে স্তনপানো কৰাই থাকিব লাগে। সাধাৰণতে দুই বছৰ বয়সলৈকে বা শিশুটিয়ে যেতিয়ালৈকে খাব বিছাৰে তেতিয়ালৈকে স্তনপান কৰাব লাগে। যেনেদৰে শিশুটিৰ বাবে মাতৃদুগ্ধ দৰকাৰী তেনেদৰে সঠিক সময়ত সঠিক পৰিপূৰক আহাৰো দৰকাৰী। শিশুৰ ছয়মাহ বয়স পাৰ হোৱাৰ পিছত  ইয়াৰ বৃদ্ধি আৰু বিকাশৰ বাবে দৰকাৰী পৰিপুষ্টি অকল মাতৃদুগ্ধই পূৰণ কৰিব নোৱাৰে।

পৰিয়ালৰ প্ৰধান বা ঘাই আহাৰ যেনে- ভাত ,কোমল ৰুটি ইত্যাদি  শিশুটিৰ প্ৰথম পৰিপূৰক আহাৰ হোৱা উচিত। এই আহাৰ পিটিকি পিটিকি অৰ্ধ জুলীয়া অৱস্থাত খুৱাব লাগে। অসমৰ ক্ষেত্ৰত চাউলেৰে বনোৱা খিচিৰ, দাইল অকমান বেছিকৈ দি বনাই খুৱাব লাগে। ইয়াৰ উপৰিও চুজি, লুথুৰি, পায়স ইত্যাদি অকমান পানী বা গাখীৰ বেছিকৈ মিহলাই অৰ্ধ জুলীয়া কৰি খুৱাব পৰা যায়। লগত গুড় আৰু অকমান ঘীঁ মিহলাই দিলে ই শিশুটিক অধিক শক্তি প্ৰদান কৰে। বতৰ অনুযায়ী উৎপন্ন হোৱা ফল আদিও পিটিকি খুৱাব পৰা যায়। যেনে- কল(বিশেষকৈ ভীমকল) , পকা অমিতা, আম, মধূৰি আম (গুটিবিলাক গুছাই) ইত্যাদি। ইয়াৰ উপৰিও কোমল মাংস, মাছ, কণীৰ কুহুম পিটিকি খুৱাব পৰা যায়। ছয়ৰ পৰা আঠমহীয়া শিশুক দৈনিক দুইৰ পৰা তিনিবাৰ পৰিপূৰক আহাৰ খুৱাব লাগে। লগতে পৰ্যাপ্ত মাতৃদুগ্ধ পান কৰাব লাগে। ন ৰ পৰা ১১ মহীয়া শিশুক দৈনিক তিনিৰ পৰা চাৰিবাৰ পৰিপূৰক আহাৰ দিব লাগে। বাৰমাহৰ পৰা দুই বছৰীয়া শিশুক তিনিৰ পৰা চাৰিবাৰ পৰিপূৰক আহাৰ দিব লাগে আৰু মাজে মাজে লঘূ আহাৰ দিব লাগে। কিন্তু মাকৰ গাখীৰ খুওৱা বন্ধ কৰিব নালাগে।

গতিকে বুজা গ’ল যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃততুল্য আৰু শিশুটিয়ে যাতে অতি কমেও দুই বছৰ পৰ্যন্ত মাকৰ গাখীৰ কোনো বাধা নহোৱাকৈ লাভ কৰিব পাৰে তাৰ বাবে ভাৰত চৰকাৰেও প্ৰতি গৰাকী অফিচ ইত্যাদিত কৰ্মৰত মহিলাৰ বাবে দুই বছৰৰ বাবে Child care leave ৰ ব্যৱস্থা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: মাতৃদুগ্ধ আৰু শিশুৰ ভৱিষ্যত
Anjan Sarma

Anjan Sarma

Related Posts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা
ASSAMESE SECTION

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

by Sanghamitra Kashyap
March 7, 2026
0

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা সংঘমিত্ৰা কাশ্যপ সেইদিনা এটা বাতৰিত পঢ়িলো যে ২৫ বছৰীয়া এগৰাকী কৰ্মৰত মহিলা অনবৰতে ওচৰৰ চুবুৰীয়াই...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
The Carbon Footprints of War

The Carbon Footprints of War

March 2, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

March 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d