অগপ আৰু ২৬ৰ বিধান সভা নিৰ্বাচন
যুগান্ত বায়ন
এতিয়া অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য্য তুংগত।
প্ৰতিটো দলে নিজ নিজ “এজেণ্ডা“ক লৈ ৰাইজক পণ বন্দী কৰি ৰাখি নিৰ্বাচনী বৈতৰনী পাৰ হোৱাৰ প্ৰতিযোগিতাত বন্দী।
এতিয়ালৈ অতি ব্যয় বহুল প্ৰচাৰ অভিযান চলোৱা কোনো এটা দলে দশক দশক ধৰি সমাধান নোহোৱা জাতীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে দলসমূহে যিধৰণে নীতি নিৰ্ধাৰণ কৰি ভোটাৰ ৰাইজক আশ্বস্ত কৰিব লাগিছিল সেইধৰণে সৱল নীতি নিৰ্ধাৰণত প্ৰতিটো দল শোচনীয়ভাৱে ব্যৰ্থ হৈছে।
ব্যৰ্থ হৈছে – খাদ্য সামগ্ৰী, ইন্ধন, মধ্যবিত্তৰ বাবে সামগ্ৰীৰ উৰ্ধমুখী মূল্য নিয়ন্ত্ৰণ কৰাৰ বাবে উপযুক্ত পথৰ সন্ধান দিয়া। ২০১৬ চনত ১৬,৪২,৭১৮জন শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ ২০২৩-২৪ চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি ৰাজ্যখনত শিক্ষিত নিবনুৱাৰ পঞ্জীয়ন সংখ্যা বৃদ্ধি হৈ ৩২,৩৪,৭৩৮জন হ’ল গৈ। এই ভয়াৱহ সমস্যাটোৰ প্ৰতিও দলসমূহৰ নীৰৱ ভূমিকাই ৰাইজক বিভ্ৰান্ত আৰু হতাশ কৰি তুলিছে।
ৰাজ্যখনৰ এনে জটিল প্ৰেক্ষাপটত পৃথিৱী কপোৱা “অসম আন্দোলন“ৰ বোকোচাত উঠি জন্ম লাভ কৰা, দুবাৰকৈ স্বতন্ত্ৰভাৱে চৰকাৰ গঠন কৰা অসমীয়া জাতীয়তাবাদক অনেক ঘাট-প্ৰতিঘাটৰ মাজতো জীয়াই ৰখা বুলি সততে ঘোষণা কৰি থকা অসম গণ পৰিষদৰ আগন্তুক নিৰ্বাচনত গ্ৰহণ কৰা অতি দোদুল্যমান স্থিতিয়ে জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী শিবিৰক চিন্তিত আৰু শংকিত কৰি তুলিছে।
এহে চিন্তা আৰু শংকাৰ কাৰণ অলেখ তথা অনেক যদিও অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ, NRC উন্নীতকৰণ, আৰু “কা” বলবৎৰ যোগেদি অসম আন্দোলনৰ মূল সত্ত্বাক আঘাট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতো অগপ দলটোৱে গ্ৰহণ কৰা অতি সুবিধাজনক স্থিতিয়ে অসমৰ জাতীয় জীৱনক সুৰক্ষিত কৰাৰ স্বাৰ্থত আত্মবলিদান দিয়া শত-শত শ্বহীদ আৰু নিৰ্যাতিত লোকৰ ত্যাগক চৰম অৱমাননা কৰিছে।
“কা” সমৰ্থন কৰা বিজেপি দলৰ লগত মিত্ৰজোঁটত থাকি “কা”ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দলটোই গোচৰ ৰুজু কৰি কেনেধৰণৰ মিত্ৰতাৰ ধৰ্ম পালন কৰিছে সেয়া এক অবুজ সাঁথৰ। অগপ দলৰ এনেধৰণৰ ৰহস্যজনক স্থিতিৰ বাবে “কা” সন্দৰ্ভত বিজেপি দলে গ্ৰহণ কৰা স্পষ্ট স্থিতিয়ে আৰু নীতিয়ে ৰাইজক এক নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে।
শেহতীয়াকৈ ১০ এপ্ৰিলত সৰ্থেবাৰীৰ এখন সভাত ফণীভূষণ চৌধুৰীয়ে “কা” আইনৰ বিধি প্ৰস্তুতৰ বিৰুদ্ধে ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি ভোটাৰ ৰাইজক মিত্ৰজোঁটৰ মূল অংশীদাৰ বিজেপি দলৰ “কা” সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিক এক সন্দেহজনক অৱস্থা লৈ লৈ যোৱা কাৰ্য্যই পুনৰ দলটোৰ নিৰপেক্ষতাৰ ওপৰত ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।
দলটোৰ এনেধৰণৰ কেতবোৰ সন্দেহজনক ভূমিকাৰ পিছতো আগন্তুক লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ অংশীদাৰ দল হিচাপে অগপই বৰপেটা আৰু ধুবুৰী লোকসভা আসন দুখনত প্ৰতিদ্বন্দিতা কৰিবলৈ সুযোগ পোৱাত আঞ্চলিক দলটোক এতিয়া লৈ খামোচ মাৰি থকা তৃণমূল কৰ্মীসকলক উৎসাহিত কৰি তুলিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা আসনখনত জয় লাভৰ ক্ষেত্ৰত দলটোলৈ এক সুবৰ্ণ সুযোগ আহিছে।
দলটোই বৰপেটা আসনখনৰ বাবে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত বিভিন্ন বিতৰ্ক সূচনা হোৱাৰ লগতে প্ৰাৰ্থীগৰাকীয়ে নিজেও কেতবোৰ অপৈণত বক্তব্য প্ৰকাশ কৰি দলটোৰ গ্ৰহণযোগ্যতা লৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
প্ৰাৰ্থীগৰাকীয়ে বাৰম্বাৰ প্ৰাৰ্থী হ’বলৈ অস্বীকাৰ কৰা আৰু তৃণমূল পৰ্য্যায়ৰ এক বৃহৎ সংখ্যক কৰ্মীয়ে তেওঁক লোকসভাৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতো দলীয় নেতৃত্বই এইগৰাকী জ্যেষ্ঠ নেতাক প্ৰাৰ্থীত্ব প্ৰদান কৰি প্ৰকৃততে আঞ্চলিক দলটোক কোন পৰ্য্যায় লৈ নিব বিচাৰিছে সেইটো এতিয়া এক চিন্তনীয় বিষয়।
কিয়নো দলটোৱে প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ দিনাই মুখ্যমন্ত্ৰীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁও আসনখনৰ মিত্ৰতা সম্পৰ্কত নতুন ধৰণে চিন্তা কৰা হ’ব বুলি কৰা ঘোষণাই দলটোৰ শুভাকাংশীসকলক সন্দিহান কৰি তুলিছে।
মুখ্যমন্ত্ৰীগৰাকীৰ এনে ঘোষণা আৰু বিজেপি দলৰ আগ্ৰাসী সাংগঠনিক কাৰ্যকলাপে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অগপ নেতৃত্বই বৰপেটা আৰু ধুবুৰী লোকসভা অন্তৰ্গত ২০টা বিধানসভা সমষ্টি বিশেষকৈ বৰপেটা লোকসভাৰ অধীনৰ ১০টা বিধানসভা সমষ্টিৰ ভিতৰত কিমানটা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হোৱাৰ বাবে কেনেধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব তাৰবাবে অসমৰ সংগ্ৰামী ৰাইজে লক্ষ্য ৰাখিব। কাৰণ দলীয় নেতৃত্বৰ বিচ্চক্ষণ্যতাৰ ওপৰতে নিৰ্ভৰ কৰিব আঞ্চলিক দলটোৰ ভৱিষ্যৎ।
অৱশ্যে এই ক্ষেত্ৰত জয় লাভৰ বাবে অতি আত্মবিশ্বাসী হৈ থকা বৰপেটাৰ প্ৰাৰ্থীগৰাকীৰ সংসদত গ্ৰহণ কৰিবলগীয়া প্ৰদৰ্শনৰ ওপৰতো বহু বিষয় নিৰ্ভৰ কৰিব।
অতি সম্প্ৰতি বিৰোধী দল আৰু একাংশ প্ৰচাৰ মাধ্যমে প্ৰাৰ্থীগৰাকীৰ ঋণাত্মক দিশসমূহ তথ্য সহকাৰে ভোটাৰ ৰাইজৰ মাজত দাঙি ধৰাৰ পিছতো দলীয় নেতৃত্বই যেনেধৰণে সৱল প্ৰতিক্ৰিয়া আৰু প্ৰতিৰোধ গঢ়ি তুলিব লাগিছিল, তেনে ধৰণৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিব নোৱাৰাটো দলটোৱে যে কেৱল বিজেপি দলৰ দয়াতহে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে সেইটো স্পষ্ট হৈ পৰিছে।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)