-ড০ ৰাস্না ৰাজখোৱা |
যদি আপুনি বিশ্বৰ বৈজ্ঞানিক ভাৱে আটাইতকৈ নিখুত পিজ্জা খাব বিচাৰিছে, তেন্তে দুটা উপায় আছে ।প্ৰথমটো হ’ল ৰোমলৈ যাওঁক আৰু চৌকাৰ পৰা গৰমে গৰমে পাব পৰা এটা মাৰ্ঘেৰিটা পিজ্জা (Margherita pizza)ৰ অৰ্ডাৰ দিয়ক আৰু দ্বিতীয়টো হ’ল তাপগতি বিজ্ঞানৰ এটা দীঘল সমীকৰণৰ সমাধানৰ জৰিয়তে আেপানাৰ ঘৰৰ জৰাজীৰ্ণ বৈদ্যুতিক অভেনটোতে ইটালিৰ এটা ঐতিহ্যপূৰ্ণ পিজ্জাৰ সোৱাদ লওঁক ।
এইয়াই আছিল এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ আৰ্কাইভত প্ৰকাশ হোৱা এখন নতুন গৱেষণা পত্ৰ “দ্য ফিজিক্স অৱ বেকিং গুড পিজ্জা” (The Physics of Baking Good Pizza)ৰ বুনিয়াদী ভিত্তি।
লোভনীয় এই অধ্যয়নটোত দুজন পদাৰ্থবিদ, ৰোমৰ ইন্সটিটিউট অৱ চুপাৰকণ্ডাক্টৰচ, অক্সাইডচ এণ্ড আদাৰ ইন’ভেটিভ মেটেৰিয়েলচ এণ্ড ডিভাইচেচৰ কৰ্মৰত আন্দ্ৰে ভাৰ্লাম’ভ (Andrey Varlamov of the Institute of Superconductors, Oxides and Other Innovative Materials and Devices in Rome) আৰু নৰ্ডান ইলিনইচ বিশ্ববিদ্যালয়ৰ (Northern Illinois University)ৰ এণ্ডৰেচ গ্লাটজ আৰু এজন খাদ্য নৃতত্ত্ববিদ (food antropologist) চেৰগিঅ গ্ৰাচ’ (এওঁ ৰোমৰ এজন লেখক আৰু কথাছৱি নিৰ্মাতাও), ৰোমত কৰ্মৰত অৱস্থাত দেখা পোৱা বৈজ্ঞানিকভাৱে সুৰক্ষিত পিজ্জাৰ আৰ্হিৰ কথা মনত পেলায়। তেওঁলোকে বিলাহী, মজেৰেল্লা আৰু তুলসী থকা (এইকেইটা ইটালিৰ জাতীয় পতাকাৰ ৰঙা, বগা আৰু সেউজীয়া ৰংটো প্ৰতিনিধিত্ব কৰে।) এটা সৰল মাৰ্ঘেৰিটা পিজ্জা নিৰ্বাচন কৰিছিলে। সেইসময়ত তেওঁলোকৰ চকুৰ সন্মুখতে পিজ্জা বনোৱা ব্যক্তি পিজ্জাইল’সকলে সুসজ্জিতভাৱে পৰিৱেশন কৰা পিজ্জা বনাই আছিল ।
মাত্ৰ দুই মিনিটতে তেওঁলোকে, ৰোমৰ পিজ্জা শিল্পীসকলে পিজ্জাৰ কোমল চেপেটা আধাৰক সোণালী পিঠা (Pie) লৈ পৰিণত কৰাটো লক্ষ্য কৰে য’ত মোহনীয় চিজৰ লোভনীয় বুদবুদৰে আবৃতহৈ আছিল আৰু ভাল এবটল বিয়েৰেৰে ইয়াক ধুব লগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। (এই পত্ৰখনত দুখজনক ভাৱে এটা বিয়েৰক কেনেকৈ ভাল বিয়েৰলৈ পৰিণত কৰা হয় তাৰ বৈজ্ঞানিক ব্যাখ্যা নাই।)
এজন গৰ্ব্বিত পিজাইলে’ তেওঁলোকক জনোৱা মতে ইয়াৰ ৰহস্য হ’ল চৌকাটোৰ বিশেষত্ব। এটা চুকত খৰিৰ জুইয়ে সুষমভাব
বক্ৰ বেৰৰ মাজেদি আৰু অভেনৰ শিলৰ মজিয়াই দি তাপ নিৰ্গত কৰিছে যাতে পিজ্জাটোৰ সকলোফালে সমানে সিজে।
আদৰ্শ অৱস্থাত, তেওঁলোকে লিখামতে,625 ডিগ্ৰী ফাৰেনহাইটলৈকে (330 ডিগ্ৰী ছেলচিয়াছ)উত্তপ্ত কৰা অভেনত এটা মাৰ্ঘেৰিটা পিজ্জা দুই মিনিটতে নিখুতকৈ বনাব