-সংগ্ৰহ: তনয় চক্ৰৱৰ্তী |
“.এয়াই অসম
..প্ৰতিটো বনৰ পাত
জাংফাই মিনা কৰা
ৰূপ জাতিষ্কাৰ”
অ
====
১)অঁকৰা মৈত উঠা=একেটা কথাতে লাগি থকা
২)অকাজৰ কাজী=কাম নোহোৱা বন কৰা
৩)অমাতৰ মাত=মৰমৰ মাত
৪)অকলশৰীয়া পহু=লগৰীয়া নোহোৱা লোক
৫)অচলা ভক্তি=লৰচৰ নোহোৱা স্থিৰ ভক্তি
৬)অজীন পাতকী=আনৰ লগত মিলিব নোৱাৰা
৭)অলপতে কলপ কটা=কোনোমতে সাৰি যোৱা বা ৰক্ষা পৰা
৮)অলপ পানীৰ মাছ=শক্তি বা সামৰ্থ নথকা মানুহ
৯)অলপ ধতুৱা=ভয়াতুৰ
১০)অৱস্থা চাই ব্যৱস্থা=চাই চিতি উপায় কৰা
১১)অথাই সাগৰ=মহা বিপদ
১২)অহুকাণে পহুকাণে=ইকাণে সিকাণে
১৩)অচিন কাথৰ থোৰা=অপৰিচিত
আ
====
১)আকাশত চাং পতা=অলীক কল্পনা কৰা
২)আওমৰণে মৰা
৩)আকালৰ ভাত
৪)আঁচলত জীউ বন্ধা
৫)আঁচলৰ ধন=অতি মৰমৰ
৬)আঁঠুৱা চাই ঠেং মেলা=সামৰ্থ অনুসৰি কাম কৰা
৭)আভুৱা ভাৰ=ঠগা
৮)আমঠু ক’লা পৰা=বৰকৈ বেজাৰ পোৱা
৯)আয়ুসত চাউল থকা=জীৱনৰ সময় থকা
১০)আঁঠু কাঢ়=আঁঠু মাতিত লগাই লৰ
১১)আঁঠু ল=সেৱা জনা
১২)আঁঠু চোঙা=সন্মান জনাবলৈ আঁঠু মাটিত লগা
১৩)আঁঠুত সোণ বিচৰা=কৰ্ম নকৰাকৈ ধন সম্পদ বিচৰা
১৪)আলাশৰ লাড়ু=অতি মৰমৰ
১৫)আথে বেথে=আদৰেৰে
১৬)আটোম টোকাৰি=পৰিপাটী
১৭)আলি বাটত চালি ধৰা=ধুন মাৰি ফুৰা
১৮)আজল মঠ=জানিও নজনাৰ ভাও জোৰা
১৯)আলৈ আথানি=নিঃসহায় অৱস্থা
ই/ঈ
======
১)ইকটা সিকটা কৰা=বেয়া গোন্ধত বা বেয়া সোৱাদত বা অপ্ৰিয় কথাত মুখ বিকটোৱা
২)ইঘৰ সিঘৰ কৰা=ঘৰে ঘৰে ঘূৰি ফুৰা
৩)ইতালিও মাৰে সিতালিও মাৰে=এতিয়াই এটা আৰু অলপ পিছত তাৰ ওলোটা কথা কোৱা
উ
====
১)উকহে খোৱা=ধীৰে সুস্থিৰে নথকা
২)উজুটিত পৰি মৰা=নিশকতীয়া; অলপ ধতুৱা
৩)উভতি নচা=অতপালি কৰা
৪)উৰহী গছৰ ওচৰ=কোনো কথা বা বিষয় বা ঘটনাৰ মূল কাৰণ
৫)উশাহ পোৱা=নিস্তাৰ পোৱা
৬)উঠি ৰজা=পৰৰ ওপৰত প্ৰভূত্ব চলোৱা
৭)উদুলি মুদুলি=আনন্দৰ পৰিৱেশ
৮)উধ মুধ চাই=আগ গোৰ চাই
৯)উধৰপৰা মুধলৈ=আদিৰপৰা অন্তলৈ
১০)উৰণীয়া মৌ=ক্ষন্তেকীয়া বস্তু
ঊ/ঋ
======
১)ঊনৈশত বা বলা=আনন্দত আত্মহাৰা হোৱা
২)ঊনৈশ বিছ হোৱা=সামান্য কম বেছি হোৱা
৩)ঋষিৰ শাপত পৰা=আনৰ ৰোষৰ বলি হোৱা
এ/ঐ
======
১)একঠা খোৱা=প্ৰতিপত্তি বঢ়া
২)একাঠী চৰা=জোখতকৈ এখোজ আগবঢ়া
৩)এপৰাল পৰা=কষ্ট সহ্য কৰি দুৰ্বল হোৱা
৪)এন্দূৰক সেন্দূৰ পিন্ধোৱা=অপাত্ৰক গুৰুত্ব দিয়া
৫)এপাচি শাকত এটা জলকীয়া=প্ৰয়োজনতকৈ কম হ
৬)ঐদেহি বৈদেহি গোৱা=যিহকে পাই তিহকে বলকি থকা
ও/ঔ
======
১)ওঁঠ চেপিলে গাখীৰ ওলোৱা=কম বয়সীয়া
২)ওপৰ চকুৱা=অসাৱধান বা বেহিচাপী লোক
৩)ওভোত গোৰে নচা=অতপালি কৰা
৪)ওফন্দি গংগাটোপ হোৱা=অসাৰ ভেম কৰা
৫)ওৱাদানী হোৱা=উভৈনদী হোৱা
৬)ওৱা বন দোৱা=একেটা কামকে বাৰে বাৰে কৰি থাকিব লগা হোৱা
৭)ওপৰ ডিঙি কৰ=আনৰ বিপদ নিজে চপাই ল
৮)ঔ গছৰ মৌ=অনায়াসে পাব নোৱাৰা বস্তু
৯)ঔ পৰা=বৰকৈ কিল পৰা
১০)ঔচ বুলিলে পোৱা=বিচাৰিলেই পোৱা
১১)ঔৱে গ’ল খুজোৱা=আশা নকৰা ব্যক্তিৰপৰা অপকাৰ পোৱা
ক
====
১)কাণ দি=মন দি
২)কাণ কৰ=মনোযোগ দে
৩)কাণ নাই=মন নাই
৪)কাণ খোল=ভালকৈ শুন
৫)কাণ সৰালি মাৰ=নুশুনা ভাও জোৰ
৬)কাণ থিয় হ=শুনিবলৈ উদগ্ৰীৱ হ
৭)কাণ থিয় কৰ=শুনিবলৈ প্ৰস্তুত হ
৮)কাণত ধৰি ক=শপত খাই ক
৯)কণাকণি কৰ=ফুচফুচাই কথা পাত
১০)কাণত পেলা=জনোৱা
১১)কাণ সাৰ কৰ=মনোযোগ দে; মন কৰ
১২)কাণ তাল মাৰ=তীব্ৰ শব্দৰ প্ৰহাৰত কাণেৰে নুশুনা হ
১৩)কাণ টাহ মাৰ=গালত জোৰে চৰ মৰা
১৪)কাণ কটা=নিলাজ
১৫)কাণ পাত=শুনিবলৈ বিচাৰ
১৬)কাণ ছোৱা=জনাই থ
১৭)কাণ ছোৱাই থ=জনাই থ
১৮)কান সমনীয়া=ডেকা
১৯)কান কাট=বাঁহৰ খুটাৰ কান কাট
২০)কান খৰ=গৰুৰ কান্ধত হোৱা খৰ
২১)কান মাৰ=কান্ধ সলা
২২)কঁকাল পৰ=বুঢ়া হ
২৩)কঁকাল বান্ধ=সাজু হ
২৪)কঁকালত টঙালি বান্ধ=সাজু হৈ ওলা
২৫)কঁকাল ভাং=নাচিবলৈ কঁকালৰ সোমাজ বেঁকা কৰ
২৬)কঁকাল ভাগ=দুৰ্বল হ
২৭)কপাল খা=ভাগ্য নষ্ট হ
২৮)কপাল নাই=ভাগ্য নাই
২৯)কপাল আছে=ভাগ্য আছে
৩০)কপাল ফুট=দূৰ্ভাগ্য উপস্থিত হ
৩১)কপাল ফুল=সৌভাগ্য উপস্থিত হ
৩২)কপাল ধো=সুবিধা এৰ
৩৩)কপাল চা=ভাগ্য পৰীক্ষা কৰ
৩৪)কপালৰ ঘাম মাটিত পেলা=কঠোৰ পৰিশ্ৰম কৰ
৩৫)কপাল মুকলি হ=সৌভাগ্য আহ
৩৬)কপালত জুই লাগ=সৌভাগ্য নষ্ট হ
৩৭)কাঠ চিতীয়া=কঠোৰ অন্তৰৰ
৩৮)কাঠ সংস্কাৰ কৰ=মৃতকৰ শ পোৰা
৩৯)কথাত আখৈ ফুটা=ফটফটাই কথা কোৱা
৪০)কুকুৰে কাঁইট নোখোৱা কৰা=বৰকৈ গালি পাৰা
৪১)কুলাই পাচিয়ে নধৰা হ=বৰকৈ; সৰহকৈ
৪২)কোৰোণাৰে চপোৱা=সৰহকৈ আৰোহণ কৰা
৪৩)কাঁহ পৰি জীণ যোৱা=নীৰৱ হোৱা
৪৪)কটা ঘাঁত চেঙা তেল দিয়া=দুখৰ ওপৰত দুখ দিয়া
৪৫)কিতাপৰ পোক=কিতাপতে ব্যস্ত থকা লোক
৪৬)কথা দে=প্ৰতিশ্ৰুতি দে
৪৭)কথা ৰাখ=প্ৰতিশ্ৰুতি ৰাখ
৪৮)কথা হ=আলোচনা হ
৪৯)কথাৰে হাত হাল বা=বৰ বৰ কথাৰে ফিটাহি মাৰা
৫০)কুন্দত কটা=ধুনীয়া
৫১)কথা গৰকা=ভাল বেয়া যি বিচাৰ কৰি চায়
৫২)কপাল ধিওৱা=আশাৰে বাট চাই থাক
৫৩)কঁকাল দঙা=পুনৰ শক্তি লাভ কৰা
৫৪)কঁকালত টঙালি বান্ধ=সাজু হৈ ওলা
৫৫)কুঁচিয়া খোচা দে=অতিশয় শাৰীৰিক কষ্ট দে
খ
====
১)খামী ডাঠ=সাহসী
২)খৰি দে=দাহ সংস্কাৰ কৰ
৩)খৰা নাকত লাজে ধৰা=নিলাজৰ লাজ লগা
৪)খুঁটি পুতি উজুতি খোৱা=নিজৰ অসুবিধা নিজে ভোগ কৰা
৫)খাই পাত ফলা=অশলাগী লোক
৬)খোজা বঢ়া কৰা= বিয়া কৰাবলৈ ছোৱালী বিচৰা
৭)খোৱা কামৰা কৰা=হাই কাজিয়া কৰ
৮)খোপনি পাত=নেৰানেপেৰাকৈ ধৰা
৯)খোপনি ধৰ=নেৰানেপেৰাকৈ লাগ
১০)খোপনি এৰ=নেৰানেপেৰাকৈ কৰিবলৈ এৰ
১১)খতা দিয়া=কৃতজ্ঞতা নজনালে সোঁৱৰাই দিয়া
১২)খাজ খা=উপযুক্ত হ
১৩)খুজি কিল খা=নিজৰ বিপদ নিজে চপা
গ
====
১)গছত উঠা=দুষ্ট
২)গা এৰা দে=সম্পৰ্ক এৰ
৩)গাই বাই চা=চেষ্টা কৰি চা
৪)গা গধুৰ=এলেহুৱা
৫)গা আছে=শকত আৱত
৬)গা নাই=ক্ষীণ মীন
৭)গা ঘেলা=কাম বন নকৰি এনেয়ে ঘূৰি ফুৰ
৮)গা পাতি ল=পৰৰ দায়িত্ব নিজে ল
৯)গাত ল=দায়িত্ব গ্ৰহণ কৰ; মান্তি হ
১০)গা টেঙা=বেজাৰ পা
১১)গা ছো=মাৰ
১২)গা জুৰ পৰ=গাটো শীতল শান্ত হ
১৩)গাত হাত দে=মাৰ
১৪)গা জোৰা=অটা
১৫)গা ধৰ=শকত হ
১৬)গা ভাল হ=নৰিয়া ভাল হ
১৭)গা বেয়া হ=নৰিয়াই ধৰা
১৮)গা ভাৰী=গৰ্ভৱতী হ
১৯)গা তঙা=নৰিয়াৰপৰা বা বিপদৰপৰা ক্ৰমে উদ্ধাৰ হ
২০)গাৰ নোম ডাল ডাল হ=ভয় খাই গাৰ নোম শিয়ৰি উঠ
২১)গা ৰ=ৰক্ষা পৰ
২২)গা সাৰ=বিপদৰ পৰা ৰক্ষা পা
২৩)গা খালাচ হ=প্ৰসৱ হ
২৪)গা লগাই কৰ=মন দি কৰ
২৫)গা দাং=বেমাৰৰপৰা উঠ
২৬)গা দাঙি ক=সাহসেৰে ক
২৭)গা ৰাই জাই কৰ=ইচাটি বিচাটি কৰ
২৮)গা সাতখন আঠখন কৰ=আনন্দত উত্ৰাৱল হ
২৯)গছত তুলি গুৰি কটা=বিশ্বাসঘাটকতা কৰা
৩০)গৰখীয়া ধেমালি=গুৰুত্বহীন কৰ্ম
৩১)গৰুৰ আগত টোকাৰী বোৱা=মোল নুবুজাজনক কথা কোৱা
৩২)গাই গোটে পেটে ভড়াল=কেবল নিজৰ বাবে আহৰণ কৰা
৩৩)গাখীৰতে মহৰ খুটি=সুখৰ ওপৰতে সুখ
৩৪)গোৰ মাৰি গংগাত পেলোৱা=অপকাৰ কৰিব বিচাৰোঁতে উপকাৰহে হোৱা
৩৫)গা চেবা=সন্দেহ হোৱা
৩৬)গা নচুৱাই ফুৰা=কাম বন নকৰি ঘূৰি ফুৰা
৩৭)গাঁতত কঁকাল পেলোৱা=এলাহতে কাম বন পিছলৈ পেলাই থোৱা
ঘ
====
১)ঘৰ কৰ=গৃহস্থালি কৰ
২)ঘৰ পাত=বিয়া পাত
৩)ঘৰ ল=নতুন দৰা কইনা ঘৰ লোৱা
৪)ঘৰ গোনা=সদায় ঘৰত সোমাই থাক
৫)ঘৰ ভাঙ=ঘৰত কাজিয়া লগা
৬)ঘৰ গুচি বাঁহতল হ=ঘৰত বিশৃংখল হ
৭)ঘঁৰিয়ালৰ চকুপানী=চলনাভৰা দুখ প্ৰকাশ
৮)ঘঁৰিয়াল পৰা দে=দীঘল হৈ পৰি থাক
৯)ঘেকেটি খোৱা=অপমান/কষ্ট আদি পাই পাই সেইবোৰলৈ কেৰেপ নকৰা
১০)ঘিঁউত কাঁইট বিচৰা=অলপো দোষ নথকা স্থলতো দোষ খুচৰি ফুৰা
১১)ঘূৰ্মুটিয়াই ফুৰা=কিবা বিচাৰি ফুৰা
চ
====
১)চকু গজ=ভাল বেয়া জনা হ
২)চকু চৰহা=আনৰ ভাল দেখিব নোৱাৰা
৩)চকু পোৰা=আনৰ ভাল দেখিব নোৱাৰা
৪)চকু জুৰা=দেখি সন্তোষ পোৱা
৫)চকুত লগা=দেখিবলৈ ধুনীয়া হ
৬)চকু ৰোৱা=দেখিবলৈ ধুনীয়া হ
৭)চকুত পৰ=দেখ
৮)চকু পৰ=দেখ
৯)চকুত ধুলি মাৰ=ফাকি দে
১০)চকুত বালি মাৰ=ফাকি দে
১১)চকু দি=মন দি
১২)চকু পেলা=মন লগা
১৩)চকু ফুৰা=ওপৰে ওপৰে চা
১৪)চকু ফুৰাই চা=ওপৰে ওপৰে চা
১৫)চকু মুদ=মৃত্যু হ
১৬)চকু মুদা কুলি=ফাকি দি খোৱা মানুহ
১৭)চকু মেলি চা=অনুগ্ৰহ কৰ; দয়া কৰ
১৮)চকুৰ কুটা হ=অপ্ৰিয় হ
১৯)চকুৰ পুতলা=আদৰৰ
২০)চকুৰ মণি=আদৰৰ
২১)চকু ৰাখ=যত্ন ৰাখ; দেখি থাক; সাৱধান হ
২২)চকুৰ পচাৰতে=তৎক্ষণাত
২৩)চকু থাকি খালত পৰ=জানি বুজি বিপদত পৰ
২৪)চকুৰে সৰিয়হ ফুল দেখ=বৰকৈ জলাকলা হ
২৫)চকু আহ=জ্ঞান আহ
২৬)চকু আছে=যত্ন আছে
২৭)চকু নাই=যতন নাই
২৮)চুঙাৰ বাদুলি=অজ্ঞ লোক
২৯)চুঙা চাই সোপা=উপযুক্ত প্ৰত্যুত্তৰ
৩০)চল চাই কঠিয়া পাৰ=উপযুক্ত সময়ত কাম কৰ
৩১)চোৰক মোৰে পোৱা=পৰক ঠগা মানুহে নিজে ঠগ খোৱা
৩২)চৌঠেঙীয়া কৰা=উপায় নোহোৱা কৰা
৩৩)চুইহে নিকিলোৱা=অতিমাত্ৰা গালি গালাজ পাৰা
৩৪)চুকৰ ভেকুলি
৩৫)চুকত থাকি বুকুত কামোৰা=আপোন যেন দেখুৱাই অনিষ্ট কৰা
ছ
====
১)ছাল ছিগা ভিকহু=অতি দৰিদ্ৰ
২)ছালে বেৰে কোবোৱা=সামঞ্জস্য নথকা
৩)ছাল বাকলি নাইকীয়া=অৱস্থাহীন; দূৰৱস্থাৰ লোক
৪)ছাঁটোকে বাঘটো দেখা=সৰু কথা এটাকে মিছাকৈ ডাঙৰ কৰা
৫)ছেগা চোৰোকাকৈ=মাজে সময়ে
জ
====
১)জপনা কাটি=নিঃসহায় অৱস্থা
২)জলজল পটপট=স্পষ্টভাৱে
৩)জুই ছাই=খুউব বেছি; অতিপাত
৪)জুইত জাপ দে=দেখি শুনি বিপদৰ পিনে আগবঢ়া
৫)জলা কলা কৰা=হাৰাসাস্তি কৰা
৬)জোকৰ মুখত চূণ দে=উপযুক্ত প্ৰত্যুত্তৰ
৭)জুপুৰা হাবিত বাঘ থকা=সৰু কামতো ডাঙৰ ভয়ৰ উদ্ভৱ হোৱা
৮)জোৰ পুৰি হাত পোৱা=বিপদ আহি ওচৰ পোৱা
৯)জ্বলি পকি উঠা=খুউব খং কৰা
১০)জ্বলা জুইত ঘিঁ ঢলা=খঙ উঠি থকা অৱস্থাতে আৰু খং তোলা
ট
====
১)টুপাই বুৰ মৰা=পলকতে গা লুকুওৱা; কোনো কাম কৰি কৰি হঠাতে আঁতৰি যোৱা
২)টকালি পাৰি খোৱা=তৃপ্তিৰে ভোজন কৰা
৩)টান পালে ৰাম বোলা=সমস্যা বা বিপদত পৰিলেহে মনত পেলোৱা
৪)টগৰ বগৰ কৰা=কথা সলাই থকা
৫)টাং বাং কৰা=কথা সলাই থকা
৬)টালি বাজি কৰা=কথা সলাই থকা
৭)টোপ পৰিবলৈ নিদিয়া=অতি আদৰেৰে যতন লোৱা
৮)টৌখুটি মৰা=একেলগে নাখাই বেলেগ বেলেগকৈ ৰান্ধি বাঢ়ি খোৱা
ঠ
====
১)ঠোঁট মুখ চেলেকা=ইচ্ছা কৰিও লাভ কৰিব নোৱাৰা
২)ঠন ধৰ=জীপ পাই সবল হোৱা
৩)ঠাৰে চিয়াৰে=আকাৰ ইংগিতেৰে
৪)ঠেঙৰ ওপৰত ঠেং তুলি=আৰামত কোনো চিন্তা নোহোৱাকৈ
৫)ঠেৰু ছিগা=অৱলম্বন হেৰোৱা
ড
====
১)ডলাৰ বগৰী=অনাই বনাই ঘূৰি ফুৰা লোক
২)ডকৰা পৰা=পকিবলৈ বা শুকাবলৈ ধৰা
৩)ডাংকোপ মৰা=ফিটাহি মৰা
৪)ডাল জোৰা দিয়া=বঢ়াই কথা কোৱা
৫)ডালে পাতে কোবোৱা=সামঞ্জস্যহীন
৬)ডিঙিৰ হাৰ মাল=এৰাবনোৱাৰা
ঢ
====
১)ঢলং পলং কৰা=থৰক বৰক খোজ
২)ঢাপত গজা=অকামিলা; অনাদৃত
৩)ঢাপলি মেলা=যাবলৈ ওলা
৪)ঢেৰাই মেৰাই পৰা=ভাগৰি হাত ভৰি মেলি দিয়া
৫)ঢোল কোবোৱা=সকলোকে জনাই দিয়া
৬)ঢৌতে খৰ মাৰি=কামৰ মাজত সময় উলিয়াই
৭)ঢৌটোকে ৰৌটো কৰা=সৰু কথা এটাক মিছাকৈয়ে ডাঙৰ কৰি তোলা
ত
====
১)তৰা নৰা ছিঙ=ভয়ত খুউব বেগাই দৌৰ
২)তত নোহোৱা হ=অস্থিৰ হ
৩)তলা নলা=ভূ ভা; সম্ভেদ
৪)ততা ভুকুতা কৰ=লৰালৰি কৰ
৫)তলে পুতল=গোপন অভিসন্ধি
৬)তিলক তাল কৰা=সৰু কথা এটাক মিচাকৈ ডাঙৰ কৰা
৭)তেল পৰি পিছলা=চিকুণ
৮)তপত ভাতৰ ধোঁৱাই ধৰা=মিছা কষ্ট কল্পনা কৰি অসন্তোষ হোৱা
৯)তিলকে তাল কৰা=ঢৌটোকে ৰৌটো কৰা
থ
====
১)থকা সৰকা হ=জৰ্জৰিত হ
২)থকা সৰকা কৰ=জৰ্জৰিত কৰ
৩)থকা খুন্দা খা=জৰ্জৰিত হোৱা
৪)থৰকাছুটি হেৰোৱা=বিবুধিত পৰা আৰু বিতত হোৱা
৫)থেকেচ নেকেচ কৰা=অনাদৰ কৰি দুখ কষ্ট দিয়া
৬)থান থিত নোহোৱা=একেৰাহে কোনো ঠাইত নথকা
৭)থৌকি বাথৌ হোৱা=কি কৰোঁ কি নকৰোঁ ভাৱ হোৱা
দ
====
১)দলনিত পোনা মেলা=নিৰাশ্ৰয় কৰি এৰি যোৱা
২)দুই নাৱত দুই ভৰি=দোধোৰ মোধোৰত পৰা
৩)দেও চাই বলি=উপযুক্ত শাস্তি
৪)দিনতে এন্ধাৰ হোৱা=হঠাত নিৰুপায় অৱস্থাত পৰা
৫)দেৱত নলগা, ভকতত নলগা=অসাৰ্থক
৬)দাঁতত ভাত লগা=সামান্য ঘটনা
৭)দাঁতে ওঠে লাগ=সমূলি কাজিয়া লাগ
৮)দাঁতে ওঠে নালাগ=সমূলি কাজিয়া নালাগ
৯)দাঁত লাগ=আনৰ চকু পৰি অমংগল হ
ধ
====
১)ধোদৰ পচলা=অকামিলা
২)ধান খেৰৰ জুই=ক্ষন্তেকীয়া চমক
৩)ধোবাং বাং কৰ=নষ্ট কৰি শেষ কৰ
৪)ধুন পেচ মাৰ=সাজোন কাচোন কৰ
৫)ধোঁৱা চাঙত তেল দি=আৰামত
৬)ধোঁৱা চাঙত তুলি থ=কামত নহাকৈ বা চৰ্চা নকৰাকৈ
ন
====
১)নাম কৰ=সুখ্যাতি কৰ
২)নাম ল=মনত পেলা
৩)নাম জ্বলা=সুখ্যাতি বঢ়োৱা
৪)নাম নুমা=সুখ্যাতি নষ্ট কৰা
৫)নাকত তেল দি=আৰামত
৬)নগৈ গড়গাওঁৰ বাতৰি ক=নজনাকে জনাৰ দৰে মন্তব্য কৰা
৭)নকৰিবৰ চকৰি কৰা=অতিকে হাৰাসাস্তি কৰা
৮)নদন বদন হ=অৱস্থা টনকিয়াল হ
৯)নলে গলে লগা=খুউব ভাল সম্বন্ধৰ
১০)নলগা জেঙাত লগা=মিছা মিছি অযথা বিপদ চপাই ল
১১)নাক কাট=সন্মান নষ্ট কৰ
১২)নাক কোঁচা=ঘৃণা কৰা
১৩)নাক কাণ কটোৱা=মান সন্মান নষ্ট কৰা
১৪)নাৱ বুৰিলেও টিঙৰপৰা ননমা=সকলো নষ্ট হ’লেও ভেম অহংকাৰ নেৰা
১৫)নেগুৰ কটা শিয়াল=অতি চতুৰ অঘাইতং লোক
১৬)নপতা ফুকন=নিজকে নিজে ডাঙৰ বুলি ভাৱ
১৭)ন দি ক=ডাঠি ক
প
====
১)পাবত গজা=মূল নোহোৱা
২)পচলাত দাঁত ভঙা
৩)পৰৰ পালে জ্বৰৰ গাৰে খোৱা
৪)পদূলি শুঙা=আৰ তাৰ ঘৰে ঘৰে ঘূৰি ফুৰা লোক
৫)পানীৰ তলৰ কাঁইট=অচিন বা নজনা নিচিনা শতৰু
৬)পানী হ=নষ্ট হ
৭)পানী কৰ=নষ্ট কৰ
৮)পানী পৰ=সকলো নষ্ট হ
৯)পেটে ভাতে খা=কোনোমতে খাই বৈ জীয়াই থকা
১০)পেট মচা=নুমুলীয়া সন্তান
১১)পেট পচা=মন লেতেৰা
১২)পেট পা=গোপন কথা জনা
১৩)পেট ল=গোপন কথা জানি ল
১৪)পানী ল=শৌচ বা মূত্ৰ ত্যাগ কৰি শুচি হ
১৫)পানীত হাঁহ নচৰা=অৱস্থা বেয়া হ
১৬)পেট পোহ=প্ৰতিপালন কৰ
১৭)পেটত হাত ভৰি লুকা=খুউব ভয় পোৱা
১৮)পেট ভাটৌ=পেটত বহু কথা লুকাই ৰখা আৰু প্ৰকাশ নকৰা লোক
১৯)পেট উঠ=হেঁচাত চেপেটা হ
২০)পানী ছো=মূত্ৰ ত্যাগ কৰ
২১)পেট চল=হাগণি হ
২২)পেট হ=গৰ্ভৱতী হ
২৩)পেট দে=গোপন কথা জানিবলৈ দে
২৪)পৰুৱাই পোৱা=তত হেৰুৱাই ইফালে সিফালে ঘূৰি ফুৰা
২৫)পৰ্বতত কাছ কণী বিচৰা
২৬)পানীৰ মিঠৈ=সজাই কোৱা মিছা কথা
ফ
====
১)ফটা মুখৰ বাইক=খুউব ডাঙৰ ডাঙৰ কথা কোৱা
২)ফটা ঢোল কোবোৱা=মিছা গুণগান প্ৰচাৰ কৰা
৩)ফুটুকাৰ ফেন=অসাৰ্থক হোৱা
৪)ফাটি ফুটি যোৱা=বিখ্যাত হোৱা
৫)ফোপ ডাং মাৰা=মিছাকৈ ডাঙৰ ডাঙৰ কথা কোৱা
৬)ফোৰোহণি মাৰা=খং কৰি উঠা
৭)ফেঁহুজালি দিয়=ৰাতিপুৱা হোৱা
৮)ফৰিংফুটা জোনাক=জোনাকী নিশা
ব
====
১)বাট চা=অপেক্ষা কৰ
২)বাট বুল=যাবলৈ ওলা
৩)বাট কুৰি বা=বহু দূৰ খোজ কাঢ়ি
৪)বাট কোবা=বহু দূৰ খোজ কাঢ়ি
৫)বাট মাৰ=মুদা মাৰ
৬)বাট মৰ=মুদা মৰ
৭)বাট কেণা লাগ=কণা মুৰি লাগ
৮)বিৰ দি বাট নোপোৱা=বহু মানুহৰ সমাগম হোৱা
৯)বকলা মেলা=অতিৰিক্ত কথা কোৱা
১০)বৰলাৰ ঘৰত শুকান ধান বিচৰা=নোপোৱা বস্তু বিচৰা
১১)বাঘৰ আগতেল খোৱা=অতি অঘাইটং
১২)বাটে পোৱালি মেলা=খৰালি কাল হোৱা
১৩)বেলিয়ে আটে মানে কাঁচিয়ে কাটে মানে=সাধ্যমতে
১৪)বিনা মেঘে বজ্ৰপাত=আগজাননী দি নহা বিপদ
ভ
====
১)ভাত মৰ=জীৱিকাৰ উপায় নোহোৱা হ
২)ভাত মাৰ=জীৱিকাৰ উপায় নোহোৱা কৰ
৩)ভাত ঘৰ=অতি আপোন ঘৰ
৪)ভাতে ভঁৰালে খা=কোনোমতে খাই জীয়াই থকা
৫)ভাত মোকলা=জীৱিকাৰ উপায় কৰ
৬)ভাত উঠ=আয়ুস চমু চাপ
৭)ভেঁটিত তিতা লাও গজা=ঘৰখন নষ্ট হৈ যোৱা
৮)ভেঁটিত দুৱৰি বন গজা=ঘৰখন নষ্ট হৈ যোৱা
৯)ভিৰাই লৰ মৰা=ভয়ত পিছলৈ নাচাই লৰ মৰা
১০)ভেকো ভাওনা=অৰ্থহীন কৰ্ম
১১)ভালুকৰ সাঙী হোৱা=একো কামত নহা
ম
====
১)মজা দে=শাস্তি দে
২)মজা ল=উপভোগ কৰ
৩)মজা পা=শাস্তি পা
৪)মজা কৰ=উপভোগ কৰ
৫)মূৰ পাত=দায়িত্ব ল
৬)মূৰ পাতি ল=দায়িত্ব ল
৭)মূৰ পোলোকা মাৰ=গা এৰা দে
৮)মূৰ খা=মৃত্যুৰ কাৰণ হ
৯)মূৰ দি উঠ=ঠন ধৰি উঠ
১০)মূৰ দাঙি উঠ=ঠন ধৰি উঠ
১১)মূৰ দাঙি ক=সাহস বা গৌৰৱেৰে ক
১২)মূৰ দোৱা=শ্ৰদ্ধা ভক্তিত সেৱা কৰ
১৩)মূৰ ঘমা=বৰকৈ চিন্তা কৰ
১৪)মূৰত উঠা=প্ৰভূত্ব চলোৱা
১৫)মূৰ দাঙ=ঠন ধৰ; সুস্থ হ
১৬)মূৰ মৰ=উপাই নাইকীয়া হ
১৭)মূৰ মাৰ=উপাই নাইকীয়া কৰ
১৮)মূৰ ফুৰা=মূৰ ঘূৰা
১৯)মন উঠ=উৎসাহিত হ
২০)মন কৰ=ইচ্ছা কৰ
২১)মন খা=পচন্দ হ
২২)মন লাগ=পচন্দ হ
২৩)মন ডাঠ কৰ=সাহস বঢ়া
২৪)মন পা=মনৰ কথা বুজ
২৫)মন পোত=মনোযোহ দে
২৬)মন বঢ়া=পাবলৈ ইচ্ছা কৰ
২৭)মন মেল=পাবলৈ ইচ্ছা কৰ
২৮)মন বাঢ়=এবাৰ পাই পিছত আৰু অধিক পাবলৈ ইচ্ছা কৰ
২৯)মন বান্ধ=লোভ/ইচ্ছা সংযত কৰ
৩০)মন ভাগ=আগ্ৰহ নোহোৱা হ
৩১)মন মৰা=বেজাৰ মনে থাক
৩২)মন মাৰ=নিৰানন্দ হ
৩৩)মনত পৰ=স্মৰণ হ
৩৪)মনত কৰ=স্মৰণ কৰ
৩৫)মন পতিয়া=মনক শান্ত কৰ
৩৬)মনে চিতে=অন্তৰেৰে
৩৭)মন বহ=ভাল লগা হ
৩৮)মন সামৰ=ইচ্ছা এৰ
৩৯)মন যা=ইচ্ছা কৰ
৪০)মনে ধৰ=বিশ্বাস হ
৪১)মনে পতা=কাল্পনিক
৪২)মুখ লাগ=নজৰ লাগ
৪৩)মুখ বাঢ়=ডাঙৰ ডাঙৰ কথা কব পৰা হ
৪৪)মুখ নাই=কথা ক’ব নজনা
৪৫)মুখ উজ্জ্বল কৰ=নামজ্বলা হ
৪৬)মুখ ওলমা=অসন্তোষ কৰা
৪৭)মুখ ওফন্দা=অসন্তোষ কৰা
৪৮)মুখ ফুলা=অসন্তোষ কৰা
৪৯)মুখ কৰ=মুখ ফুৰা
৫০)মুখ চা=পুতৌ বা দয়া কৰ
৫১)মুখলৈ চা=পুতৌ বা দয়া কৰ
৫২)মুখ পাত=আনৰ মৌখিক বিবাদত যোগ দে
৫৩)মুখ পাতি ধৰ=আনৰ মৌখিক বিবাদত যোগ দে
৫৪)মুখ হাত ধো=মলমূত্ৰ ত্যাগ কৰি শুচী হ
৫৫)মুখৰ ছাই গুচা=মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ
৫৬)মুখ খুলি ক=একো গোপন নকৰি ক
৫৭)মুখ ফুটাই ক=স্পষ্টকৈ ক
৫৮)মুখত দে=চাকি চা
৫৯)মুখ মৰ=মৌন হ
৬০)মুখ সলা=সদায় খোৱা বস্তু এৰি বেলেগ বস্তু খোৱা
৬১)মুখ নোহোৱা=কথা ভালদৰে ক’ব নাজানা
৬২)মইমতালি কৰা=নিজৰ ইচ্ছা মতে চলা
৬৩)মৰণত শৰণ দি=প্ৰাণে পণে
৬৪)মৰো জীওকৈ লগা=জীৱন পণ কৰি পুৰুষাৰ্থ কৰা
৬৫)মাহ খোৱা বান্দৰ=একে স্বভাৱৰ
৬৬)মুখত এটা পেটত এটা=মনত বেলেগকৈ ৰাখি মুখেৰে বেলেগকৈ কোৱা
৬৭)মূৰে কপালে হাত দিয়া=বৰকৈ চিন্তাত পৰি হতাশ হোৱা
৬৮)মুখেৰে সাত হাল বোৱা=বৰকৈ ফিটাহি মাৰা
৬৯)মাটিৰ মানুহ=অতি সহজ সৰল লোক
৭০)মাটি কৰ=নষ্ট কৰ
৭১)মুখ মেলা=আনলৈ আশা কৰা
৭২)মুখত সোপা দিয়া=মাত নাইকিয়া হোৱা
য
====
১)যমৰ যাতনা=কঠোৰ শাস্তি
২)যমৰ গু মূত খোৱা=মহা দুষ্ট
৩)যত কূটৰ ঘাই=অভিসন্ধিৰ মূল
৪)যতে ৰাতি ততে কাতি=থকা ঠাইৰ অনিচ্ছয়তা
৫)যাৰ বল তাৰ চল=কৰ্মকুশল মানুহেহে সুবিধা পোৱা
৬)যোৱা থোৱা হোৱা=মৃতপ্ৰায় অৱস্থা
ৰ
====
১)ৰণত পৰি কলীয়া হোৱা=অকস্মাৎ বিপদত পৰি অৱস্থাহীন হোৱা
২)ৰসতে নাম থোৱা=কোনো কাম কৰোঁতে উৎসাহ প্ৰবল থাকোঁতেই কামটো সমাধা কৰা
৩)ৰাতিটকে হাতীটো দেখা=ৰাতিয়েই ডাঙৰ ঘটনাত আক্ৰান্ত হোৱা
৪)ৰান্ধনি উচটাই জোল খোৱা=প্ৰশংসা কৰি কাৰ্য সিদ্ধি কৰা
৫)ৰৈ বৈ যোৱা=উপচি পৰা
৬)ৰৌজোল বৌজোল কৰা=জনাজাত হোৱা
ল
====
১)লকৰ থকৰ কৰা=থৰক বৰক কৰা
২)লতা পতা লগা=দূৰ সম্পৰ্কীয়
৩)লৰত ফেঁটী সাপৰ মূৰ ছিগা=খুউব জোৰেৰে দৌৰা
৪)লাওপাত কচুপাত=বহুবল্কী
৫)লুইতেহে বঠাৰ কোব জনা=ভুক্তভোগীয়েহে নিজৰ দুখ কষ্ট বুজা
৬)লৈ লৈ থৈ থৈ=বহু দূৰ্গতি
৭)লেই লেই ছেই ছেই কৰা=ঘৃণা কৰি ওচৰৰপৰা খেদা
শ
====
১)শালৰ মাজৰ শিঙি=শতৰুৰ মাজত থকা
২)শক্তি চাই ভক্তি=সাধ্য অনুসৰি
৩)শ’লঠেকত পৰা=মহা বিপদত পৰা
৪)শলগোঁতে শলা গাঁথি লগা=বহুত শলাগাৰ ফলত অকৰ্মণ্য হোৱা
৫)শনি চৰা=বেয়া দিন অহা
৬)শেন চকুৱা=চোকা দৃষ্টিৰ লোক
৭)শূণ্যত গদা ঘূৰোৱা=অনুমানত কাম কৰা
৮)শহা কণীয়া=অলপতে শুনা
স
====
১)সাজ চাই চাপৰি বোৱা=লাভ অনুযায়ী কাম কৰা
২)সাত ঘাটৰ চেঙেলি=অতি বুদ্ধিৰ বা চতুৰ লোক
৩)সাত ঘাটৰ সৈয়াকণী=অতি চতুৰ বা বুদ্ধিৰ লোক
৪)সান্দহ খোৱা বালি তল যা=সুখ ভোগ অন্ত হোৱা
৫)সূৰ্যৰ মুখত সোপা দিব নোৱাৰা=গুপ্ত কথা লুকাই ৰাখিব নোৱাৰা
হ
====
১)হোলাৰ ভাই মোলা=অতি সহজ সৰল লোক
২)হোলোঙাৰে কাণ বিন্ধোৱা=অসম্ভৱ কাম কৰা
৩)হাতত সাৰে ভৰিত সাৰে=মনে মনে
৪)হাত আহ=অভ্যাস হ
৫)হাত উঠ=উন্নতি হ
৬)হাত কৰ=বশ কৰ
৭)হাত কৰি ল=বশ কৰি ল
৮)হাত উজান দে=কামত সহায় কৰ
৯)হাত এৰ=বৰকৈ খৰচ কৰ; তত্বাৱধান এৰ
১০)হাত দে=কৰিবলৈ ধৰ
১১)হাত ধো=সম্পৰ্ক ছেদ কৰ
১২)হাত লৰ=চোৰ স্বভাৱৰ
১৩)হাত দীঘল=ক্ষমতাশালী লোক
১৪)হাত পাত=ভিক্ষা বা সহায় খোজ
১৫)হাত সাৰ=ৰক্ষা পা
১৬)হাত যোৰ কৰ=প্ৰাৰ্থনা কৰ
১৭)হাত সাৱটি থাক=কামত নধৰাকৈ থাক
১৮)হাতে ভৰি ধৰ=কাকুতি মিনতি কৰ
১৯)হাতৰ মুঠিত ৰাখ=বশ কৰি ৰাখ
২০)হাত টান=কৃপণ
২১)হাত বাগৰা=আগে আনে ব্যৱহাৰ কৰা
২২)হাত ফুৰা=মৰম কৰা
২৩)হাত বুলা=মৰম কৰা
২৪)হাতেৰে নামাৰি ভাতেৰে মাৰা=বুধি কৰি আপোন হৈ অনিষ্ট কৰা
২৫)হাত খালি=টকা পইচা নথকা
২৬)হাত চুটি=ক্ষমতাহীন লোক
২৭)হাড় ছাল ওলোৱা=অতি ক্ষীণ
২৮)হাড়ত বন গজা=বহুদিন আগতে মৰা
২৯)হাড়ে হিমজুৱে=সম্পূৰ্ণভাৱে
৩০)হাড়ক মাটি কৰা=কঠোৰ পৰিশ্ৰম কৰা
৩১)হাড়লৈকে চিনা=অতি ভালদৰে চিনা
৩২)হাড় ভগা শ্ৰম/বন=কঠোৰ শ্ৰম
৩৩)হাড় পেলোৱা=মৃত্যু হোৱা
৩৪)হাড় নাইকীয়া জিভা=লাগ বান্ধ নোহোৱাকৈ কথা কোৱা
লোক
৩৫)হিয়া ধুনা=কান্দি ব্যাকুল।হ
৩৬)হিয়া ধাকুৰীয়া=শোকত বিয়াকুল হ
৩৭)হিয়াৰ আমঠু=অতি আদৰৰ
৩৮)হাত ঘলা=আনৰ বস্তুক লোভ কৰা
৩৯)হাত চোৱা=মংগল চোৱা
৪০)হাত থকা=প্ৰভাৱ থকা
৪১)হাত মৰা=মনে মনে আনৰ বস্তু নিজৰ কৰা
৪২)হাত মুকলি=অবাবত খৰচ কৰা