কলম্বাছ আৰু এজন নেতিবাচক বন্ধুজনৰ কথাৰে
পুষ্পাঞ্জলি শিৱম শৰ্মা
কলম্বাছে যেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল তেওঁৰ একাংশ বন্ধুবৰ্গই উৎফুল্ল হৈ নিশাৰ আহাৰ একেলগে কৰিম বুলি তেওঁৰ সন্মানত এটি প্ৰীতি ভোজৰ আয়োজন কৰিছিল।
বন্ধু হ’ল বুলিয়ে তাৰ মাজৰে সকলোৱেই সমানে তেওঁৰ সফলতাত সণ্টুষ্ট হোৱা নাছিল। সেই দলটোত তেওঁৰ উন্নতি দেখিব নোৱাৰা দুগৰাকীমান মুখা পিন্ধা বন্ধুও সোমাই আছিল। এনেকুৱা তথাকথিত শুভাকাংক্ষীৰ অভাৱ অৱশ্যে আজিৰ সময়তো নাই সমাজত সেয়াও সঁচা।
কলম্বাছৰ এই বিৰাট সফলতাৰ সুখত সমভাগী হোৱাতকৈ হিংসা আৰু ঈৰ্ষাহে অনুভৱ কৰিছিল তেনে কেইজনমান বন্ধুৱে। তথাপিও উপায়ন্তৰ হৈ তেনেকুৱা নামত বন্ধু কিন্তু অতি ঈৰ্ষাপৰায়ণ ব্যক্তি সেইদিনা উক্ত অনুষ্ঠানত উপস্থিত আছিল।
সেই বন্ধুজনে আনৰ ভাল বা সফলতাক কেতিয়াও সহজভাৱে লোৱা নাছিল আৰু হেজাৰটা আসোঁৱাহ বিচাৰি ফুৰাতহে ব্যস্ত থাকি ভাল পাইছিল।
কলম্বাছে সেইগৰাকীক চিনিব পাৰিছিল যদিও সেয়া তেওঁৰ একপ্ৰকাৰৰ মহানুভৱতা যে বিষাক্ত মুখাধাৰী শুভাকাংক্ষীকো তেওঁ আদৰ দিছিল বন্ধু হিচাপে।
গধূলি তাত কলম্বাছৰ সেই বন্ধুজনে তাৰ স্বভাৱগত চৰিত্ৰৰ বশৱৰ্তী হৈ ইজন সিজনক বহুজনক ফুচফুচাই কৈছিল যে “ এহ্। কলম্বাছে কিনো ডাঙৰ কাম কৰিছে? আমিও জাহাজ লৈ লৈ সাগৰে সাগৰে ঘূৰি ফুৰাহেঁতেন “আমেৰিকা’’ আৱিষ্কাৰ কৰিব পাৰিলোহেতেন। “
কথাটো কলম্বাছৰ কাণত পৰিছিল কিন্তু নুশুনাৰ ভাও জুৰি হাঁহি এটি মাৰি বন্ধুজন সহিতে বাকীকেইজনক কলে যে তেওঁ আজি এটা সকলোৰে এটি সহজ কিন্তু মনোৰঞ্জনৰ পৰীক্ষা এটা লব। যদি তেওঁলোকে সেইটোত সফল হয় তেৱোঁ মানি লব যে তেওঁৰ “আমেৰিকা’’ আৱিষ্কাৰ কৰাটো তেনেই এক সাধাৰণ কথা বুলি।
কথা মতে সকলো বন্ধু খোৱাৰ মেজলৈ মাতি অনা হ’ল। ভাগে ভাগে সকলোৱে টেবুলত বহিল। তাত কণী কেইটামান আনি থোৱা আছিল। তাৰ পৰা এটা কণী উঠাই লৈ কলম্বাছে সকলোকে উদ্দেশ্যি কলে যে যিয়ে হাতৰ তলুৱাখন চিধাকৈ ৰাখি তাত কণী এটা যিকোনো উপায়েৰে থিয়কৈ ৰাখিব পাৰিব তেৱেঁই সেই সন্ধিয়াটোৰ বিজেতা হব।
কথামতে সকলোৱে এজন এজনকৈ যত্ন কৰি চালে। কিন্তু চিধা হাতৰ তলুৱাত জানো কণীটো থিয় হৈ থাকিব?
এজন এজনকৈ সকলোৱে চেষ্টা কৰাৰ পিছত সকলোৱে এইটো অসম্ভৱ বুলি কলে।
কলম্বাছে তেতিয়া মিচিকিয়া হাঁহি মাৰি কণী এটা লৈ তাৰ তলুৱাখন অলপ ফুটা কৰি ললে আৰু ভিতৰৰ কুহুমটো উলিয়াই কণীটো হাতৰ তলুৱাত থিয় কৰি দেখুৱাই দিলে।
তাৰ পিছত তেওঁ সকলোকে উদ্দেশ্য কৰি কলে যে কণীটোহে থিয় কৰি থব দিছিল কণীটো ভাঙিব নোৱাৰিব বুলিটো কোৱা নাছিল।
সকলোৱে হয়ভৰ দিলে আৰু এতিয়াৰ পিছত সকলোৱে এই অসাধাৰণ যেন লগা কামটো সহজে কৰি দেখাব পাৰিব।
সকলোৱেএতিয়াৰ পৰা কণী হাতৰ তলুৱাত থিয় কৰাই থব পাৰিব। কাৰণ, বুদ্ধিটো গম পালে।
কথাবোৰ তেনেকুৱাই আচলতে।
নজনালৈ এইটো এটা কঠিন কাম আছিল কিন্তু যেতিয়া কোনোবা এজনে বুদ্ধিৰে তাক কৰি দেখুৱাই দিলে অন্যসকলৰ বাবেও এইটো তাৰ পিছতহে সহজ হ’ল।
প্ৰথমে অসহজ বা অসাধাৰণ যেন লগা কাম যদি কোনোবাই অহৰহ প্ৰচেষ্টা আৰু যত্নৰ মুৰত কৰি সফলতা লাভ কৰে অন্য দহজনে সেই সফলতাৰ প্ৰাপ্তিবোৰহে দেখে তাৰ আঁৰত থকা সাধনাক নেদেখে।
সেইবাবেই একাংশই কয়“এহ কিনো ডাঙৰ কথা বা ডাঙৰ কাম কৰিলে? চবেই কৰিব পাৰে। ময়ো পাৰো। কিন্তু ইচ্ছা নাই। ‘’
এই ঘটনাটোৰ আঁৰৰ মূল কথাটো হৈছে এইখন পৃথিৱীত একাংশই হেজাৰবিজাৰ ভাল কাম কাৰি আদৰ্শ প্ৰস্তুত কৰি থকাৰ পিছতো এনেকুৱা এচামো আছে যিয়ে তেওঁলোকক বিভিন্ন দিশৰ পৰা ঠাট্টা বিদ্ৰূপৰে হতাশ কৰিবলৈ নেৰে।
এনে মানসিকতাৰ দংশন সেইসকলৰ বাবে এক খেলা যেন হৈ পৰে। বিশেষকৈ আপোন বুলি ভবা বহুতৰ পৰাই এই দংশন তীব্ৰতৰ হয়। একাংশৰ বিদ্ৰূপ যে “চবেই কৰিব পৰা সহজ কাম এটাহে কৰি আছো। কিনো ডাঙৰ কাম কৰিছো। ‘
কাণত পৰাৰ পিছত সেই কথাবোৰে ভুক্তভোগীসকলক মানসিক বিভিন্ন ধৰণে বিয়োগাত্মক প্ৰভাৱ পেলাব পাৰে। সহজ কৰি লব পাৰি যেতিয়া কলম্বাছৰ ঘটনাটোৰ দৰে কথাবোৰে তুলি ধৰে।
নিজেই নিজক এনেকুৱা কিছুমান সীমা বান্ধি দিব লাগে যাতে এনেকুৱা কিছুমান নেতিবাচক মানসিকতাৰ ব্যক্তিৰ পৰা আঁতৰাই ৰাখিব পাৰি। এনেকুৱা সীমাবদ্ধতা সেইচামৰ লগত খুবেই গুৰুত্বপূৰ্ণ। আৱেগিকভাৱে অপকাৰ কৰিব পৰা যিকোনো ব্যক্তি এজনৰ সৈতে সি লাগিলেই একেবাৰে আপোনজনে নহওক কিয় দুৰত্ব বৰ্তাই ৰখাটো দৰকাৰী।
সেইসকলৰ সৈতে মোকাবিলা কৰাৰ সময়ত সিহঁতক লৈ থকা যিকোনো আশা সীমিত ৰখাৰ যত্ন কৰাটো ভাল।
নেতিবাচক ব্যক্তি এজনৰ ওচৰলৈ বিশেষকৈ তেনেকুৱা সময়ত যোৱাটো একেবাৰে ভাল কথা নহয় যেতিয়া নিৰাশ অনুভৱ কৰা হ’য়।
সকলোতকৈ সহজ উপায় সিহঁতৰ সৈতে কথোপকথনত অংশগ্ৰহণ কৰিলে সিহঁতে কোৱা কথাখিনি সমৰ্থন নকৰাকৈ কিন্তু তেওঁলোকৰ মন্তব্য স্বীকাৰ কৰি যিমান পাৰে সিহঁতৰ সৈতে একমত হোৱাটো দেখাব লাগে। কেতিয়াও তেওঁলোকৰ ব্যক্তিত্ব সলনি কৰিব নোৱাৰি সেইটো সঁচা, কিন্তু তেওঁলোকৰ বিষাক্ত দৃষ্টিভংগীক নিজৰ ওপৰত প্ৰভাৱ পেলোৱাটো নিষ্ক্ৰিয় কৰিব পাৰি।
নেতিবাচক ব্যক্তিজনক ইমানখিনি দূৰত্বত ৰাখিব লাগে যাতে সিহঁতৰ বিষক্ৰিয়াৰ দ্বাৰা কোনো অনিষ্ট নহয়।
এই সকলোখিনি কেৱল নিজৰ মনটোৰ সাহসৰ বাবেই সম্ভৱ হৈ উঠে। জীৱনৰ ছন্দ মানসিক স্বাস্থ্যতেই নিৰ্ভৰ কৰে। আমি প্ৰত্যেকেই জনা উচিত আমাক কি লাগে। সেই লগাখিনি পোৱাটো সম্ভৱ কেনেকৈ কৰিব পাৰি। তেতিয়া আমি কৰি থকা সেই নিৰ্দিষ্ট কামটোৰ পৰা প্ৰকৃত আনন্দও লাভ কৰিব সমৰ্থ হম।
এটা যোগাত্মক মনোভাৱক অহৰহ গ্ৰহণ কৰি এটা প্ৰয়োজনীয় কথা মনত ৰাখিব লাগে যে “এজন মানুহৰ বয়স আঠাইছেই হওক অথবা আশী, যিজন মানুহে নতুন নতুন কথা শিকিবলৈ এৰি দিয়ে তেৱেঁই প্ৰকৃততে বৃদ্ধ মানুহ। যিয়ে জীৱনত সদায় নতুন নতুন কথা শিকি থাকিব বিচাৰে, তেওঁ চিৰদিন তৰুণ হৈ থাকে। ( হেনৰী ফোৰ্ড)
গতিকে চিৰ তৰুণ মানসিকতা এটাক ধাৰণ কৰি নিজে নিজক আত্মিক সণ্টুষ্টি প্ৰদান কৰা সৃষ্টিশীল কামবোৰ কৰি থাকিব লাগে। ঈৰ্ষা আৰু হিংসাৰ প্ৰচণ্ড ধুমুহাবোৰকো নেওচি। মানুহ হোৱাৰ গৌৰৱ তাতেই নিহিত থাকে কলম্বাছৰ দৰে।
[পুষ্পাঞ্জলি শিৱম শৰ্মা, জালুকবাৰী, গুৱাহাটী781014, যোগাযোগঃ8486894916]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)