-ড০ ৰাস্না ৰাজখোৱা |
চিলিত পূৰাতত্ত্ববিদসকলে খনন কৰি কেইবাশতক পূৰণা দুটা মহিলা মামী উদ্ধাৰ কৰিছে৷ যি দুটা বর্তমান পূৰাতত্ত্ববিদসকলৰ বাবে বিপদজনক বুলি চিহ্নিত হৈছে৷ কাৰণ মামী দুটা পাৰাৰ আকৰৰ পৰা অহা অতিশয় বিষাক্ত খনিজ পদার্থ হেঙুলৰ (Cinnabar)দ্বাৰা সামান্য ৰঙচুৱা বৰণৰ হৈছে৷
এই বিপদজনক ৰঙা পাউদাৰ প্ৰথমতে ১৯৭০ চনত মামী কেইটা আৱিষ্কাৰ কৰোতে চিনাক্ত কৰা হৈছিল৷ যদিও আগতে হেঙুলৰ ব্যৱহাৰ ইনকা সংস্কৃতিৰ ক’ৰবাত প্ৰচলন আছিল, কিন্তু মামী দুটা য’ত উদ্ধাৰ কৰা হৈছে সেই স্থানত কেতিয়াও সেই সংস্কৃতিত হেঙুল ব্যৱহাৰ কৰা নাছিল বুলি ভূ-তত্ত্ববিদৰ শেহতীয়া গৱেষণাই জনাইছে৷
বিজ্ঞানীসকলে শেহতীয়াভাৱে সূক্ষ্ম ৰাসায়নিক আৰু আণুবীক্ষণিক বিশ্লেষণৰ পৰা মামীৰ সমাধিত আৱিষ্কাৰ কৰা ৰঞ্জক পদার্থটো চিনাবাৰৰ (হিঙুল) উপস্থিতিয়ে প্ৰথমবাৰৰ কাৰণে প্ৰমাণ কৰিছে যে চিলিৰ দক্ষিণ প্ৰান্তত প্ৰাচীনকালৰ মানুহে ধর্মীয় কাম-কাজত খনিজ পদার্থ ব্যৱহাৰ কৰিছিল৷
বিলাসী কাপোৰ পিন্ধা মহিলা মামী দুটা ১৯৭৬ চনত চেৰ’এচমেৰাল্ডাৰ খনন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ মামী দুটা ১৩৯৯ ৰ পৰা ১৪৭৫ চনৰ ভিতৰত সমাধিস্থ কৰা বুলি প্ৰমাণ পোৱা গৈছে৷ মামী দুটাৰ মৃত্যুৰ সময়ত এগৰাকীৰ বয়স আছিল ৯বছৰ আৰু আনগৰাকীৰ ১৮ ৰ পৰা ২০ বয়সৰ ভিতৰত৷ মামী দুটা ১০৪ টা শিল্পকৃতীৰ কাষত ভ্ৰণীয় অৱস্থাত পোৱা গৈছে৷ ভূ-তত্ত্ববিদসকলে সন্দেহ কৰে যে ধর্মীয় ৰীতি-নীতিৰে পৰিত্যাগ কৰাৰ পিছত সমাধিস্থ কৰা হৈছে৷ মামী দুটাৰ কাপোৰতো হেঙুলৰ উপস্থিতি ধৰা পৰিছে৷
আমেৰিকাৰ ভূ-তত্ত্ব জৰীপে প্ৰকাশ কৰে যে চিনাবাৰৰ প্ৰাথমিক উৎস হ’ল পাৰা (মাৰকিউৰি) কোমল খনিজ পদার্থ, সাধাৰণতে গেদীয় শিলত পোৱা যায় আৰু ইয়াক প্ৰায়ে আগ্নেয়গিৰি কাষত দেখা যায়৷ বিগত গৱেষণাবোৰে প্ৰকাশ কৰে ইনকা সংস্কৃতিৰ মানুহে উচ্চ-সামাজিক আঢ়্যৱন্তৰ প্ৰতীক হিচাপে হেঙুল ব্যৱহাৰ কৰিছিল আৰু মামীৰ কাপোৰত ইয়াৰ উপস্থিতিয়ে ইংগিত দিয়ে যে তেওঁলোক উচ্চ আঢ়্যৱন্ত সমাজৰ বাসিন্দা আছিল৷
যিকি নহওঁক বহুশ বছৰৰ আগতে হিঙুল কেনেকৈ ব্যৱহাৰ কৰিছিল সেই কথাটো বাদ দিলেও সেই হেঙুলেই বর্তমান বিজ্ঞানীসকলক মামী দুটা পর্যবেক্ষণ কৰিবলৈ অসুবিধাৰ সৃষ্টি কৰিছে৷ কাৰণ মামীত আৱিষ্কাৰ হোৱা হেঙুলে স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে৷ হেঙুলে স্নায়ু আৰু পেশী তন্ত্ৰত ক্ৰিয়া কৰাৰ লগতে আন কিছুমান বেমাৰৰো কাৰণ হৈ পৰিছে৷ আনকি মৃত্যুৰো কাৰণ হ’ব পাৰে৷
অৱশ্যে এনেকুৱাও হ’ব পাৰে যে মানুহবোৰে হিঙুলৰ অন্তঃশ্বসন বিপদজনক প্ৰভাৱৰ বিষয়ে জানিব পাৰিছিল আৰু সেইকাৰণে মামীসমূহ চোৰৰ পৰা ৰক্ষা কৰিবলৈ সমাধিস্থ স্থানত হিঙুল বিক্ষিপ্তভাবে ছটিয়াই দিছিল৷