-প্ৰণামীকা বৰা |
শিক্ষাৰ ধাৰণাতো এক গতিশীল ধাৰণা।এই ব্যৱস্থাতো কেইবাটাও যুগ আৰু স্তৰ অতিক্ৰম কৰি ক্ৰমবিৱৰ্তৰে আহি আজিৰ অৱস্থা পাইছেহি । শিক্ষা সম্পৰ্কত বিভিন্ন পণ্ডিতে বিভিন্ন সময়ত বিভিন্ন মতবাদ আগবঢ়াইছে। ছাত্ৰ ছাত্রী হৈছে শৈক্ষিক দিশৰ এটা অপৰিহাৰ্য অংগ। যিদৰে একতা অৱিহনে এখন সমাজ গঠিত হ’ব নোৱাৰে সেইদৰে ছাত্র-ছাত্রী, শিক্ষা আৰু শিক্ষাগুৰুৰ অৱিহনে শিক্ষাব্যৱস্থা অথবা শৈক্ষিক পৰিৱেশ গঠিত হ’ব নোৱাৰে। ছাত্ৰ -ছাত্ৰীৰ ইংৰাজী প্ৰতিশব্দ ‘Student’ য’ত অধ্যয়ন সত্যবাদিতা, একতা, নিয়মানুৱর্তিতা, অনুসন্ধিৎসু,সু-মন,নিৰপেক্ষতা আৰু বিশ্বাস এই সাতটা গুণৰ অধিকাৰী হ’লেহে প্ৰকৃত ছাত্র-ছাত্রী হিচাপে পৰিগণিত হয়।শিক্ষক হ’ল বিশাল বিশ্বৰ মানুহ গঢ়াৰ নিপুণ খনিকৰ। তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ মন বুজিবৰ বাবে চেষ্টা কৰা উচিত।ছাত্ৰ-ছাত্ৰী সকলক সৎ আদৰ্শেৰে অনুপ্ৰাণিত কৰি অপসংস্কৃতিৰ বীজ নি:শেষ কৰিব লাগিব । কাৰণ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাগুৰু সকল হৈছে-বন্ধু,দাৰ্শনিক তথা পথ প্ৰদৰ্শক।
ছাত্ৰ-ছাত্ৰীসকলে এবাৰ কৰা চেষ্টাত বিফল হ’লে সফল নোহোৱা পৰ্যন্ত আমাৰ চেষ্টা অব্যাহত ৰখা উচিত। ছাত্ৰ-ছাত্ৰী সকল আশাবাদী হ’ব লাগে।সকলোৰে লগত মিলিজুলি কোনো ভেদাভেদ নোহোৱাকৈ নিজৰ প্ৰকৃত শিক্ষা গ্ৰহণ কৰিব লাগে।প্ৰতিজন শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা,সন্মান কৰিব লাগে।দাৰ্শনিক এৰিষ্ট’টলৰ মতে শিক্ষকসকল পিতৃ-মাতৃতকৈ বেছি শ্ৰদ্ধাৰ পাত্ৰ । কাৰণ পিতৃ-মাতৃয়ে জন্ম দিয়ে;কিন্তু জীৱন যাত্ৰাৰ প্ৰণালী সুন্দৰভাৱে নিৰূপণ কৰে শিক্ষক সকলে।
শিক্ষা হ’ল এনে এক পদ্ধতি যাৰ জৰিয়তে সমাজৰ স্থানান্তৰকৰণ সম্ভৱপৰ হয়।ইয়াৰ বাবে প্ৰয়োজন উপযুক্ত শিক্ষা ব্যৱস্থা আৰু উপযুক্ত জনশক্তি।দেখা পোৱা যায় যে,শিক্ষা-গুৰুসকলেই হৈছে জনশক্তি গঠন কৰাৰ মূল চালিকা শক্তি আৰু ছাত্ৰ-ছাত্ৰী সকল জনশক্তি উৎপাদনৰ বাবে ঘৰখনেই হ’ল শিক্ষাৰ প্ৰধান ক্ষেত্র। তথাপি শিশুটোৰ প্ৰকৃত পথ প্ৰদৰ্শক হৈ পৰে তাৰ শিক্ষাগুৰুসকল।বিদ্যালয়ত শিক্ষাগুৰুসকলৰ পৰা পোৱা শিক্ষাই হ’ল শিশুটিৰ অনাগত দিনবোৰৰ সাৰথি।সেয়েহে বিদ্যালয়ৰ শিক্ষা এনে হোৱা উচিত যাতে এনে শিক্ষাই শিশুটিক সমাজত এজন দ্বায়িত্বশীল শিক্ষিত নাগৰিক হিচাপে থিয় কৰাব পৰাৰ লগতে সমাজৰ আমূল পৰিৱৰ্তন শিশুটিৰ ওপৰত ন্যস্ত কৰিব পাৰি।সেয়েহে শিশু এটিৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।
শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষাগুৰুজনেই হ’ল শিক্ষাৰ বাটকটীয়া বা নেতা।সেয়েহে শিক্ষাগুৰুসকলৰ শিক্ষা প্ৰদানৰ মাধ্যম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ফলপ্ৰসূ আৰু আদৰ্শমূলক হ’ব লাগে। উল্লেখযোগ্য যে,দক্ষ আৰু ফলপ্ৰসূ শিক্ষকৰ ভূমিকা পালন কৰোতে শিক্ষাগুৰুজনে সফল শিক্ষকৰ গুণৰাজি ফুটাই তোলা উচিত। এনে কিছুমান গুণ হ’ল -শান্ত আৰু নিকা ব্যক্তিত্ব,উচ্চবোধ শক্তি,ছাত্ৰ-ছাত্ৰীৰ বিশ্বাস জিনিব পৰা ক্ষমতা তথা ব্যক্তিত্ব,ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যা সমাধান কৰিব পৰাকৈ সাজু থকা ইত্যাদি ।এনে গুণৰাজিৰ উপস্থিতি বা অনুপস্থিতিত বিভিন্ন ফলাফল দেখা যায়।
ছাত্ৰ-ছাত্ৰীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হ’ল শিক্ষা আহৰণ কৰা।শিক্ষা আহৰণ কৰোতে তেওঁলোকে
শিক্ষাগুৰুসকলৰ পৰা দুই ধৰণৰ আচৰণৰ সন্মূখীন হয় – (১)স্বেচ্ছাচাৰী
(২)গণতান্ত্রিক
এজন শিক্ষাগুৰুৱে স্বেচ্ছাচাৰী আচৰণ কৰিলে আনৰ নীতি নিৰ্দেশনা শুনাৰ পৰা বিৰত থাকে আৰু আনে তেওঁৰ আদৰ্শ বা আচৰণ সম্পৰ্কে প্ৰশ্ন নকৰিলেহে ভাল পায়। কিন্তু এনে কৰাৰ ফলত তেওঁ নিজকে দলৰ পৰা বাহিৰ কৰিহে আনে।কিয়নো অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুজনলৈ ভয় কৰে আৰু তেওঁলোকে বাস্তৱ জীৱনত সন্মূখীন হোৱা সমস্যা সমূহ কেতিয়াও শিক্ষাগুৰুজনৰ সমূখত ব্যক্ত নকৰে। শিক্ষাগুৰুজনক সিহঁতৰ মনৰ ‘কি,কিয়,কেনেকৈ’ সমূহ ব্যক্ত কৰাৰ পৰা বিৰত থাকে।মাত্ৰ শিক্ষাগুৰুসকলে কোৱা কথাবোৰ মানি ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰে। শিক্ষাগুৰুসকলৰ এনে আচৰণে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কু প্ৰভাৱ পেলাব পাৰে। কিয়নো বহুক্ষেত্ৰত দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলৰ ভাৱশক্তি,তথা প্ৰকাশ ভঙ্গীমা শিক্ষাগুৰুসকলৰ স্বেচ্ছাচাৰী শাসনে নাইকিয়া কৰে। এনে অৱস্থাত শিক্ষাগুৰুজনে ছাত্ৰ-ছাত্ৰীসকলৰ থাকিবলগীয়া মানসিক নিয়মানুৱর্তিতা ধ্বংস কৰে।ইয়াৰ পৰিৱৰ্তে এক বাহ্যিক নিয়মানুৱর্তিতাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গা কৰি উঠে।
অন্যহাতে,গণতান্ত্রিক মাধ্যমেৰে শিক্ষাদান কৰিলে শিক্ষাগুৰুজনে সিদ্ধান্তসমূহ সমূহীয়াভাৱে লয়।এই মাধ্যমেৰে শিক্ষাদান কৰা শিক্ষাগুৰুজনে তেওঁৰ আদৰ্শসমূহ মানি ল’বলৈ ভাতি প্ৰদৰ্শন নকৰে,বৰং তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো এটা বিষয়ৰ ওপৰত থকা মতামতসমূহ সংগ্ৰহ কৰি তেওঁলোকৰ আস্থা ঘূৰাই অনাত গুৰুত্ব দিব পাৰে।অৰ্থাৎ গণতান্ত্রিক পদ্ধতি অৱলম্বন কৰি শিক্ষাগুৰু এজনে সকলো নীতি নিয়ম ,সিদ্ধান্ত আলোচনাৰ জৰিয়তে নিৰ্ধাৰণ কৰে।এনে শিক্ষাদান পদ্ধতিক শিক্ষাৰ ফলপ্ৰসূ পদ্ধতি বুলি ক’ব পাৰি।কিয়নো,এই পদ্ধতিত শিক্ষা গুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকাশ ভঙ্গীমা আৰু ভাৱ শক্তি সুদৃঢ় কৰাত সহায় কৰে। গনতান্ত্রিক পদ্ধতিত শিক্ষালাভৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সম্পূর্ণ স্বাধীনতা লাভ কৰে আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নিজৰ মতামত আগবঢ়াই শ্ৰেণীতো উপভোগ কৰে।
যিহেতু,উশৃংখলতা বৰ্জন কৰি শৃংখলিত এক সমাজ গঢ়ি দেশৰ প্ৰগতিত ছাত্ৰসমাজ আগবাঢ়িব লাগে,সেয়েহে শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশত,সততাৰ পথত গতি কৰিবলৈ শিকোৱা উচিত।শিক্ষাগুৰুসকলৰ উদ্দেশ্য হ’ল সমাজৰ উন্নতি সাধনকৰা। গতিকে শিক্ষাগুৰুসকলে সমাজৰ প্ৰতি দায়বদ্ধতা আৰু নিজৰ পেছাগত আদৰ্শ অনুকৰণ কৰি শিক্ষাদান কৰাটোৱেই উদ্দেশ্য হওঁক।উদ্দেশ্য হওঁক,এখন আদৰ্শবান নাগৰিকে ভৰা পৃথিৱী গঢ়ি তোলাৰ।
[প্ৰণামীকা বৰা,সাধাৰণ সম্পাদিকা ,ছাত্ৰ একতা সভা ,দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়]