শ্ৰীমন্ত শংকৰদেৱ
কুমাৰ দীপক দাস
সাংস্কৃতিক নৱপ্ৰমূল্যৰে একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বৃহত্তৰ অসমৰ জনজীৱন তথা সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰা, একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা আৰু অসমীয়া সাংস্কৃতিক জীৱনলৈ বিস্ময়কৰ অৱদান আগবঢ়াই মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে বিভুষিত জগৎগুৰু শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ আজি পবিত্ৰ ৫৭৪ সংখ্যক জন্মোৎসৱৰ দিনটোত আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ ।
এগৰাকী মধ্যযুগৰ ব্যক্তি হোৱা সত্ত্বেও বৰ্তমান সময়ৰ আধুনিক যুগতো গুৰুজনাৰ ধৰ্মীয়, দাৰ্শনিক, সাংস্কৃতিক, সাহিত্যিক আদি দিশৰ লগতে প্ৰগতিশীল আৰু বৈপ্লৱিক দৃষ্টিভংগী আদিৰ প্ৰাসংগিকতাৰ বাবে এইগৰাকী মহাপুৰুষৰ প্ৰসংগ অন্যান্য ক্ষেত্ৰৰ দৰে সাহিত্যৰ ক্ষেত্ৰতো চৰ্চিত হৈ আহিছে৷
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এইগৰাকী মহান অসমীয়া প্ৰকৃততেই মংগলময় ঈশ্বৰৰ অংশজাত৷গুৰুজনাই উল্লেখ কৰি কৈছিল-‘কুকুৰ শৃংগাল গদৰ্ভৰো আত্মাৰাম৷জানিয়া সবাকো কৰিবা প্ৰণাম৷৷’
আজি এই পবিত্ৰ দিনটোত মহাপুৰুষ গুৰুজনাৰ আশীষ নিৰ্মালীৰে সকলোৰে ঘৰে ঘৰে সুখ শান্তি আৰু সমৃদ্ধি উপচি পৰক তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ ৷
গুৰু জনাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ যাচি মহাপুৰুষ জনাৰ সোঁৱৰণত এই খিনি লিখা আগবঢ়ালোঁ ।
০৫-১০-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)