–পুষ্পাঞ্জলি শিৱমশৰ্মা |
আমাক সকলোকে যদি প্ৰশ্ন কৰা যায় যে আপুনি কি বিচাৰি ফুৰিছে?
কিহৰ সন্ধানত অহৰহ হৃদয়খনৰ এটা চুক যেন ৰিক্ত ৷খালী খালী অনুভৱটোৱে দহি আছে নেকি অহৰহ!বিচাৰি ফুৰিছো কি আমি?
বুকুত হাত থৈ কোনোবাএজনেও কব পাৰিব নে ,এতিয়ালৈ থৰকাছুটি হেৰুৱাই এই যে জীৱন নামৰ ৰাষ্টাটোত দৌৰি আছে,প্ৰাপ্তিৰ আৰু অপ্ৰাপ্তিৰ লিষ্টখন কিমান দীঘল হৈছে? পাইছেনে বিচৰাখিনি?
যদি পাইছে,তেনহলে আৰু কি প্ৰাপ্তিৰ বাসনা আছে ৷আৰু যদি পোৱা নাই ,কিয় পোৱা নাই?নোপোৱাখিনিৰ আতিশয্যত পোৱাখিনিৰ লগত কৰবাত অন্যায় কৰি থকা নাইতো!ধন টকা পইচা,পৰিয়াল,নাম এইবোৰ পোৱাৰ পিছতো সদম্ভে কোনোবাই কব পাৰিছেনে যে তেওঁ সম্পূৰ্ণ,ৰিক্ততাই তেওঁক এপলকৰ বাবে হেচুকি যোৱা নাই!
এইযে “ৰিক্ত” এই অনুভৱটো প্ৰতিজন মানুহৰে হৃদয়ত সন্তৰ্পণে ঘৰ কৰি লয় কিয় আৰু কিহৰ বাবে,উত্তৰটো বিচাৰিয়েই কৰবাত অসন্তুষ্ট নেকি আমিবোৰ?এটা সৰু উদাহৰণৰে আমি আমাক এবাৰ যদি যুকিয়াই চাওঁ,যেনে ধৰক এজন মানুহে এটা লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ চেষ্টা কৰি গৈ আছে আৰু এই লক্ষ্যটোকে জীৱনৰ প্ৰাপ্তি বা সকলো সুখ লাভৰ কাৰক হিচাপে ভাবি লৈছে। কিন্ত উক্ত লক্ষ্য প্ৰাপ্তিৰ বাবে আগবাঢ়ি গৈ থাকোতে কৰবাত নিজৰে দৈনন্দিন সৰু সৰু অথচ আনন্দদায়ক সুখবোৰৰ প্ৰতি লক্ষ্য কৰিব পাহৰি যায় আৰু হেৰুৱাই পেলায় প্ৰকৃত সুখৰ আকৰসমূহক।
কিন্ত জীৱন জীয়াই থকাৰ আমেজটো যে তাতেই ৷
সকলো সময়তে মূল লক্ষ্য প্ৰাপ্তিৰ কাৰণে কৰা ত্যাগ আৰু প্ৰচেষ্টা কিন্ত কেতিয়াবা জীৱনৰ আটাইতকৈ ডাঙৰ আৰু ঘুৰাই নোপোৱা বলিদান হিচাপেহে পৰিণত হ’ব পাৰে।
এনেক্ষেত্ৰত ব্যক্তিজনে লক্ষ্যপ্ৰাপ্তিৰ দিশত কৰা যাত্ৰা যদি উপভোগ নকৰে, বৰং অহৰহ কেৱল চৰম লক্ষ্যত উপনীত হোৱাটোকে জীৱনৰ প্ৰাপ্তি আৰু সুখ বুলি গণ্য কৰে তাতেই আৰম্ভণি হয় তেওঁৰ অসন্তুষ্টিৰ যাত্ৰাৰ।
কিবা কাৰণত লক্ষ্য প্ৰাপ্তি যদি নহয় তেন্তেে ব্যক্তিজন চৰম হতাশাত ভূগিব লগা হয়। আনহাতে লক্ষ্য প্ৰাপ্তি কৰাৰ পিছতো তেওঁৰ সুখানুভূতি ক্ষণস্থায়ীহে হব, কাৰণ এসময়ত সেই লক্ষ্য প্ৰাপ্তিৰ বাবেই হয়তো জীৱনপথত তেওঁ সৰু সৰু অথচ গুৰুত্বপুৰ্ণ বহু কথাই আওকাণ কৰি আহিছিল। এইবোৰেে তেওঁক এতিয়া প্ৰতিপল দহন কৰি থাকিব ৷
শেষত আকৌ এক ৰিক্ত মন,ৰিক্ত হৃদয় ৷
মানুহৰ হৃদয়খন বহুত বিচিত্ৰময় ৷
কিমানবোৰ ৰং যে এই হৃদয়খনে কঢ়িয়াই লৈ ফুৰে গোপনে আৰু প্ৰতিপলে গৰাকীক তাত ডুবাই ৰং চায় তাৰ লেখ নাই ৷
জীৱনত পাৰ হৈ যোৱা প্ৰতিটো পল প্ৰতিজন মানুহৰ বাবে দিন যোৱাৰ লগে এক নষ্টালজিয়া হিচাপে ৰৈ যায় ৷পল মুহূৰ্তবোৰ ধৰি ৰাখিব নোৱাৰি সচাঁ,কিন্ত নিজৰ বুলিবলৈ নষ্টালজিয়া হে থাকি যায়৷এই নষ্টালজিয়াৰ সমান কাৰোৰে কোনো আপোন হব নোৱাৰে ৷হোমেন বৰগোহাঞিদেৱৰ লেখা এটাত পঢ়িছিলো, ”টলষ্টয়েও কৈছে যে যিটো বস্তুক আমি জীৱন বুলি ভুল কৰোঁ সি কেতিয়াও প্ৰকৃত জীৱন নহয়৷ এই false life বা নকল জীৱনে জীৱন আৰু মৃত্যুৰ প্ৰকৃত অৰ্থক আমাৰ পৰা গোপন কৰি ৰাখে৷ আমি প্ৰায় গোটেই জীৱন ধৰি যিবোৰ তুচ্ছতাত লেটি লৈ থাকোঁ তাৰ ওপৰলৈ উঠি অন্য এক জীৱনৰ অভিজ্ঞতা পাবলৈ চেষ্টা নকৰালৈকে প্ৰকৃততে আমি বঞ্চিত হৈ থাকিম জীৱনৰ আটাইতকৈ মূল্যবান উপহাৰবোৰৰ পৰা৷'”
কৰনীয় এইক্ষেত্ৰত যে নিজেই নিজৰ পৰিপূৰক হওক ৷
শ্মশান পিনে মাত্ৰ এবাৰ চকু ফুৰালেই হ’ল,পোৱা নোপোৱা,প্ৰাপ্তিৰ কিম্বা অপ্ৰাপ্তিৰ হিচাপনিকাচবোৰ স্পষ্টকৈ দেখা পাব পাৰি ৷”এটা মহা শূন্য” ৷
জীৱনত পোৱা প্ৰতিপল সম্পূৰ্ণ একাত্মৰে জীয়াব লাগে ৷বহুত কিবা এটা পোৱাৰ লোভত বৰ্তমানৰ বহুত কিবা পৰিত্যাগ নকৰিব ৷
হেনৰী লংফেলোৱে ঊনৈশ শতিকাতে তেওঁৰ কবিতাত কৈছিল, ‘সকলো মানুহৰে বুকুৰ মাজত কিছুমান গোপন দুখানুভূতি থাকে যিবোৰে বহু সময়ত মানুহ এজনৰ জীৱন আনন্দহীন কৰি তোলে’। (“Every man has his secret sorrows which the world knows not; and often times we call a man cold when he is only sad.”-Longfellow) এনে অনুভূতি সমুহে সঘনে, প্ৰবল ৰূপত আত্মপ্ৰকাশ কৰিলে আমাৰ মনত সৃষ্টি হোৱা গভীৰ দুখানুভূতিকে ডিপ্ৰেছন বুলি ক’ব পৰা যায়।
ডিপ্ৰেছনক লাই নিদিব ৷
শেষত হিন্দীভাষাতেই এষাৰ কথাৰে অলপ পাতলীয়া ভাবে হাহিঁৰে উদ্ভাসিত কৰিব যত্ন কৰোঁ আহক,জীৱনটোক যে,
जिंदगी में यदि कोई आपसे ये पूछे”क्या खोया और क्या पाया है?”
तो पूरे विश्वास के साथ कहना कि…जो गाजर के हलुवे में डालते है वो खोया हैऔर जो खटिया में नीचे चार डंडे खडे है वो पाया है!
প্ৰতিপল ভাবুক হৈ জীয়াবৰ প্ৰয়োজন নাথাকে বোধহয়।
কোন কাৰ জীৱনৰ,
কোন কাৰ আপোন?
চকুৰ চিনাকি মাথো দুদিনৰ,
হাবাথুৰি খাওঁ কিয় আমি !
সকলো যে আলহী দুদিনৰ ৷
জীৱন জিন্দাবাদ ৷
[ পুষ্পাঞ্জলি শিৱমশৰ্মা, ৰূপকোঁৱৰ হাউচিং কম্প্লেক্স, জালুকবাৰী, খানামুখ, গুৱাহাটী৭৮১০১৪, ফোন 8486894916]