ধূসৰীয়া ছবি
প্ৰণামীকা বৰা
ৰাতিৰ আন্ধাৰত অমুক ব্ৰেণ্ডৰ এটা ক’লা টুপী
দিনৰ পোহৰত আপুনি পিন্ধে এখন বগা ধুতি।
এৰিয়া চাদৰ গাত মেৰিয়াই গিৰিহতৰ ধান পায়
ঘৰে ঘৰে ঘূমুকি মাৰিলেই একাপকৈ চাহ খায়।
বজাৰত পাঁচলিৰ দামবোৰ বাঢ়িছে,
আপুনি কিন্তু এতিয়াও আঢ়ৈ টকাৰ ভাতৰ কথা কৈছে।
চৰকাৰী চাকৰি নাপায় গ্ৰেজুৱেট নগেনে চাহ খেতি কৰিছে
বাহিৰৰ বজাৰত চাহৰ বোলে বৰ দাম বাঢ়িছে,
নগেনেহে কিন্তু চাহৰ উচিত মূল্য নাপালে!
গ্ৰেজুৱেট নীলিমাই আক’ এছ-আই হোৱাৰ মন মেলিলে ,
পৰীক্ষা দি আহি ঘৰ নৌ পাওঁতেই প্ৰশ্নকাকত ফাদিল হ’ল বোলে!
সৌ সিদিনা ৰহমান খুৰাক শৰ্মাদাই তেজ দিলে,
উৎসৱক পাছে ধৰ্মৰ ৰং কোনে সানিলে?
নাৰী সৱলীকৰণৰ নামত বহু আঁচনি ওলালে,
সৌ সিদিনা কণমানি এজনীৰ আকৌ ধৰ্ষিতা সজালে।
আজিকালি কলমবোৰৰ ধাৰ হেনো কমিলে ,
কলমতকৈ তৰোৱালক শ্ৰেষ্ঠ কোনে কৰিলে?
www.mahabahu.com