প্ৰফুল্ল হাফিলা
তিলক হাজৰিকা
শাসকৰ অদূৰদৰ্শী আৰু হঠকাৰী নীতিয়ে জন্ম দিয়া আৰু মধ্যবৃত্তীয় সুবিধাবাদী আপোচকামী নেতৃত্বই পোহপাল দিয়া এশ-এবুৰি সমস্যাৰ মাজত ককবকাই থাকিও আমাৰ ৰাজ্যৰ সকলো জনগোষ্ঠীয়েই অস্তিত্ব ৰক্ষাৰ বাবে মৰণপণ সংগ্ৰাম অব্যাহত ৰাখিছে।
ন্যায্য অধিকাৰ সাব্যস্তৰ স্বাৰ্থত গঢ়ি উঠা গণতান্ত্ৰিক সংগ্ৰাম সমূহে হয় ৰজাঘৰৰ পৰা যথাযোগ্য সহাঁৰিৰ অভাৱত নাইবা সেইসমূহত দমন কৰিবলৈ পুলিচীৰাজৰ পোষকতা কৰাৰ ফলত সময়ে সময়ে সশস্ত্ৰ ৰূপ পৰিগ্ৰহ কৰাও দেখা গৈছে। আকৌ
গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে সমস্যাৰ সমাধান প্ৰস্তাৱৰ প্ৰতি আস্থা পোষণ কৰি মূলসূঁতিৰ ৰাজনীতিলৈ সংগ্ৰামৰ নেতৃবৃন্দ ঘুৰি অহাৰ উদাহৰণো বিৰল নহয়। পৰৱৰ্তী সময়ত একেই অৱজ্ঞা, একেই নীতিৰ পুনৰাবৃত্তি…. আমাৰ নিচেই কাষতে থকা ডিমাচা জনগোষ্ঠীয়েই ইয়াৰ জলন্ত উদাহৰণ । ক’ব খুজিছোঁ ডিমাচা জনগোষ্ঠীৰ এগৰাকী প্ৰৱল সম্ভাৱনা সম্পূৰ্ণ যুৱ নেতাৰ অকাল বিয়োগৰ কৰুণ গাথাঁ।
নাম: প্ৰফুল্ল হাফিলা (২০/০১/১৯৭৫ – ১১/০১/২০২৩)
জন্ম স্থান– লংকাভেটা, লংকা, নগাঁও ।
প্ৰফুল্ল হাফিলাৰ পূৰ্বপুৰুষ আছিল বৰ্তমানৰ ডিমা হাচাও জিলাৰ গুনজুং অঞ্চলৰ বাসিন্দা। গুনজুংৰ পৰা বৰ্তমানৰ ঠাইলৈ গুচি অহাৰ অন্তৰালত এটা গুৰুত্বপূৰ্ণ কাৰণ আছে। বীৰ সম্ভূনাথ ফাংলোচা আছিল এগৰাকী স্বাধীন মনা ডিমাচা বীৰ, যিয়ে ব্ৰিটিছ মেজৰ মিষ্টাৰ বয়দক হত্যা কৰিছিল (১৮৮৪)। সম্ভূনাথ ফাংলোচাক বিচৰাৰ নামত, উক্ত হত্যাৰ প্ৰতিশোধকল্পে ব্ৰিটিছ বাহিনীয়ে ডিমাচা গাওঁ বোৰত অবৰ্ণনীয় অত্যাচাৰ চলাই ৰাইজক গাওঁ এৰি পলাই যাবলৈ বাধ্য কৰাইছিল।
তাৰেই এটা গোট আহি বৰ্তমানৰ ঠাইত প্ৰফুল্ল হাফিলাৰ পূৰ্বপুৰুষে থিতাপি লৈছিল।সম্ভৱত: পূৰ্বপুৰুষৰ আপোচহীন সংগ্ৰামী সত্বাৰ পূৰ্ণ প্ৰকাশ ঘটিছিল হাফিলাৰ চিন্তা চেতনাত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ হাফিলাই ডিমাচা ছাত্ৰ সন্থাৰ ক্ৰমে সাধাৰণ সম্পাদক, সভাপতি হিচাবে (২০০৩-২০১৮) আৰু মৃত্যুৰ দিনলৈ উপদেষ্টা হিচাবে সুদীৰ্ঘ সময় ডিমাছা জনগোষ্ঠীৰ উত্তৰণৰ নেতৃত্ব দিছিল ।
হাফিলাৰ চিন্তা আৰু কৰ্মক্ষেত্ৰ ডিমাচা জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ নাছিল। “খিলঞ্জীয়া মঞ্চ, অসম” সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত আয়োজিত প্ৰতিটো প্ৰতিবাদী মিচিলৰ প্ৰথম শাৰীত খোজ কাঢ়িছিল এই সংগ্ৰামী যুৱকজন। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি ব্যাপক উঠা গণ-প্ৰতিবাদৰ সময়ত জনগোষ্ঠীয় দল-সংগঠন সমূহক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত তেখেতৰ গুৰুত্বপূৰ্ণ অৱদান আছিল ।
তথাকথিত সুবিধাবাদী, আপোচকামী নেতাৰ চাৰিত্ৰিক বৈশিষ্ট্য আয়ত্ত কৰিব নজনা, নিজৰ বাবে কিবা এটা সংস্থাপন আনকি স্বাস্থ্যৰ যত্ন লবলৈও আহৰি নোপোৱা এই যুৱকজন এবছৰ আগতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়।
চিকিৎসাৰ বাবে গুৱাহাটীলৈ অহালৈকে বহুত পলম হৈ গৈছিল। প্ৰৱল দৃঢ়তাৰে সংগ্ৰামৰ পথাৰত থাকিয়েই ৰোগৰ সৈতে যুজঁ দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বন্ধুবৰ হাফিলাই..
২৩ জানুৱাৰীত আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ জন্মস্থানত সমাবেত দুই সহস্ৰাধিক শোকাকূল জনতা আৰু অৰ্ধ শতাধিক দল-সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিয়েই বহন কৰে অক্লান্ত সংগ্ৰামী প্ৰফুল্ল হাফিলাৰ সামাজিক স্থিতি আৰু প্ৰভাৱৰ স্বাক্ষৰ ।
বিদায় বন্ধু.. আকৌ আহিবা তুমি.. সংগ্ৰামৰ অগ্নিশিখা হৈ ..
27-01-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)