-জুমন বৰা |
স্বাধীন দেশ হিচাপে স্বীকৃতি পাবলৈ ওলাইছে এখন দেশে । বিশ্বৰ মানচিত্রত আৰু এটি স্বাধীন ভূখণ্ড । নাম বুগেনভিল । শীঘ্ৰেই স্বাধীন দেশ হিচাপে স্বীকৃতি পাব প্রশান্ত মহাসাগৰীয় অঞ্চলৰ এই দ্বীপৰাষ্ট্রখনে । পাপুয়া নিউগিনিৰ মূল ভূখণ্ড পৰা দূৰত অৱস্থিত ভূখণ্ডটি সলোমন দ্বীপপুঞ্জৰ কাষত অৱস্থিত। পাপুয়া নিউ গিনিয়াৰ দিশে সাগৰৰ ভিতৰৰ আগ্নেয়গিৰিৰ লাভাৰ পৰা জন্ম হোৱা ১০ হাজাৰ বর্গকিলোমিটাৰৰ দ্বীপটো আদিবাসী অধ্যুষিত । দ্বীপটোৰ মুঠ জনসংখ্যা ২৩৪,২৮০ জন (২০১১চনৰ লোকপিয়ল অনুসৰি) । অষ্টাদশ শতিকাত ফৰাচী অভিযাত্রী লুই এন্টোইন ডি বুগেনভিলৰ নাম অনুসৰি এটি দ্বীপটিৰ নাম ৰখা হয় বুগেনভিল। যি প্রশান্ত মহাসাগৰত অভিযান চলাইছিল। বৰ্তমান পাপুয়া নিউ গিনিয়াৰ ৰাজ্য হিচাপে থকা দ্বীপটোৰ আছে দীর্ঘ সময় ধৰি উপনিবেশৰ ইতিহাস । ১৮ শতিকাত ফৰাছীসকলে দ্বীপপুঞ্জটোৰ সন্ধান পায় । ১৯ শতিকাৰ শেষভাগত বুগেনভিল জাৰ্মান উপনিবেশীক ৰূপে পৰিণতি হয় আৰু নাম পায় জাৰ্মা নিউগিনি । প্রথম বিশ্বযুদ্ধৰ সময়ত বুগেনভিল অষ্ট্ৰেলিয়াৰ দখললৈ যায় । দ্বিতীয় বিশ্বযুদ্ধকালত কিছুসময়ৰ বাবে জাপানৰ কৰ্তৃত্ব থাকিলেও ১৯৭৫ চনলৈ অষ্ট্ৰেলিয়াই আছিল বুগেনভিলৰ নিয়ন্ত্রক কৰ্তৃপক্ষ । ১৯৭৫ চনৰ ১৬ ছেপ্তেম্বৰত পাপুয়া নিউ গিনি স্বাধীন হোৱাত বুগেনভিল পাপুয়া নিউ গিনিয়াৰ ৰাজ্যলৈ পৰিণত হয়। ইয়াৰ কিছুদিন পাছতে বর্ণবাদ আৰু অর্থনৈতিক সংকটত পৰি বুগেনভিলৰ জনগণে স্বাধীনতাৰ দাবি উত্থাপন কৰাৰ আৰম্ভ কৰে । প্ৰাকৃতিক সম্পদৰে ভৰপুৰ দ্বীপপুঞ্জটো পৃথক হৈ গ’লে অন্যান্য প্ৰদেশবোৰেও স্বায়ত্ত শাসন বা স্বাধীনতাৰ দাবী তুলিব পাৰে । এই ভয়তে বুগেনভিলেৰ স্বাধীনতাৰ বিৰোধিতা কৰিছে একাংশলোকে । যাৰ বাবে স্বাধীনতাৰ খাতিৰত তাত ধাৰাবাহিকভাৱে গৃহ যুদ্ধও হৈছে । ১৯৮৮ চনৰ পৰা পাপুয়া নিউ গিনিৰ সতে বুগেনভিলৰ স্বাধীনতাকামী সকলৰ সশস্ত্র আন্দোলনৰ ৯ বছৰীয়া যুদ্ধত প্ৰায় ২০ হাজাৰৰ আশে-পাশে মানুহৰ প্রাণহানি হয়, যি সেই সময়ত দেশখনৰ জনসংখ্যাৰ ১৩ শতাংশ। যুদ্ধৰ শেষত হয় বুগেনভিল শান্তি চুক্তি। নিউজিলেণ্ডৰ মধ্যস্ততাৰে ১৯৯৭ চনত আৰম্ভ কৰা শান্তি আলোচনাই স্বায়ত্তশাসনৰ পথ সম্প্ৰসাৰণ কৰে । অষ্ট্ৰেলিয়াৰ নেতৃত্বত এক আন্তৰ্জাতিক “শান্তি পৰিদৰ্শন গোট” (Peace Monitoring Group) ৰ অন্তৰ্গত অৱগত কৰা হৈছিল । ২০০১ চনত পাপুৱা নিউগিনিয়াৰ পৰা স্বাধীনতাৰ সন্দৰ্ভত জনমত সংগ্ৰহ কৰাৰ পাছত সমন্বিতে এক শান্তি আলোচনাৰ ওপৰত স্বাক্ষৰ কৰা হয় । এই বুগেনভিল শান্তি চুক্তিৰ ভিত্তিতেই ২০০৫ চনত দ্বীপটোৱে স্বায়ত্তশাসন পায়। এই চুক্তিত পৰৱৰ্তী সময়ত স্বাধীনতাৰ প্ৰসংগত গণভোট আয়োজনৰ কথাও উল্লেখ আছিল । স্বায়ত্তশাসন পোৱাৰ পাছত স্বাধীনতাৰ প্রসংগত গণভোটৰ দিশে অগ্রহৰ হয় বুগেনভিল । এই চুক্তিক বাদ দিও ২০২০ চনৰ ভিতৰত দ্বীপটোৰ স্বাধীনতা নিশ্চিত কৰিবলৈ বিভিন্ন সময়ত দুই হাজাৰৰো অধিক চুক্তি হৈছিল ।
২০০১ চনত নিউজিলেণ্ডৰ মধ্যস্ততাৰে যি শান্তিচুক্তি হৈছে তাৰ অধীনত গণভোট অনুষ্ঠিত কৰিবলৈ সময় লাগিলে প্রায় ১৮ বছৰ । ২০১৯ চনত ২৩ নৱেম্বৰ আৰু ৭ ডিচেম্বৰত গণভোট সম্পন্ন হয় । যাৰ ফলাফল ১১ ডিচেম্বৰত ঘোষণা কৰা হয় । জনমত সংগ্ৰহৰ প্ৰসংগত পাপুৱা নিউগিনিয়াৰ ভিতৰত অধিক স্বায়ত্তশাসন অথবা পূৰ্ণ স্বাধীনতা আছিল বিকল্প । সেই গণভোটত বুগেনভিলৰ জনগণে সম্পূর্ণ স্বাধীনতাৰ পক্ষত অত্যাধিক ভোট প্ৰদান কৰে । বৈধ মত অনুসৰি ৯৮.৩১% পূৰ্ণ স্বাধীনতাৰ পক্ষত আছিল । আনহাতে বুগেনভিলৰ ১.৬৯% লোকে পাপুয়া নিউ গিনিয়াৰ সতে থকাৰ পক্ষত ভোট প্ৰদান কৰে । ভোট প্ৰদান কৰাটো বাধ্যতামূলক নাছিল, পাপুৱা নিউগিনিয়াৰ চৰকাৰে বুগেনভিলৰ স্থিতিয়ে অন্তিম বুলি ঘোষণা কৰে । গণভোটৰ এই ফলাফলকে দ্বীপটো স্বাধীন ৰাষ্ট্র গঠনৰ ঐতিহাসিক পদক্ষেপ বুলি ধাৰণা কৰা হৈছে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, জাপান, যুক্তৰাষ্ট্র, চীনসহ অনেক দেশে গণভোটৰ সতে সক্রিয় হৈ ৰৈছে । বহু দেশে এই গণভোট আয়োজনৰ খৰচো বহন কৰিছে ।
২০১৯ চনত গণভোট সম্পন্ন হোৱা ৰাষ্ট্ৰখন নতুন মানচিত্রত অংকিত হ’ব নে নাই সেয়া অতি সোনকালেই প্ৰকাশ পাব । বুগেনভিল স্বাধীন হ’লে ১৯৬ তম স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাব । স্বাধীন হোৱাৰ পূৰ্বেই প্ৰাকৃতিক সম্পদৰে ভৰপুৰ বুগেনভিলৰ লগত কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্রত কৌতুহলী হৈ পৰিছে বেইজিং আৰু মাৰ্কিন প্ৰশাসন । দ্বীপপুঞ্জটোৰ স্বাধীনতাৰ পক্ষত গণভোট আয়োজন কৰাৰ বাবে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু জাপানৰ লগতে আমেৰিকা যুক্ত ৰাষ্ট্ৰয়ো বহু অৰ্থ খৰচ কৰিছিল ।
এপাহ ফুলৰ নাম বুগেনভিল । আৰু বুগেনভিলত স্বাধীনতাৰ ফুল ফুলিলে হ’ব এখন ৰাষ্ট্রৰ নাম। বুগেনভিলৰ স্বাধীনতাৰ বাবে প্ৰত্যাক্ষাৰে বাট চাই আছে বুগেনভিলৰ ৯৮.৩১% লোকৰ লগতে বহু দেশে, বহু দেশৰ জনগণে । বুগেনভিলত সূৰ্য উদয় হওক । অৰ্থনৈতিক সংকটৰ পৰা মুক্ত হওক । বৰ্ণবাদ নিপাত যাওক ।
( তথ্যসমূহৰ উৎসঃ Google )