ভূটানৰ পৰা শিকিবলগা কিঞ্চিত
ৰেজাউল কৰিম
কেইদিনমান আগতে পূব ভূটানৰ এখন সৰু চহৰ ছামদ্ৰূপ জংখাৰলৈ গৈছিলো।
চহৰখন সৰু। কভিড মহামাৰীৰ পাছত এতিয়া ব্যৱসায় মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিছে। চহৰখনত প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাহিৰে মানুহে সজা বা আন কোনো বৰ বিশেষ আকৰ্ষণীয় একো নাই বুলিব পাৰি।
কিন্তু চহৰখনৰপৰা আমাৰ শিকিবলগীয়া কিছু কথা আছে। সেৰেঙা জনবসতিৰ এই চহৰখন ৰঙিয়াৰপৰা উত্তৰ দিশে প্ৰায় চল্লিছ কিলোমিটাৰ দূৰত অৱস্থিত। কোনোবাই ইচ্ছা কৰিলে গুৱাহাটীৰ পৰা ৰাতিপুৱা গৈ আবেলি ঘূৰি আহিব পাৰে।
ছামদ্ৰূপ জংখাৰ নামৰ সৰু চহৰখনৰ বাট-পথ যথেষ্ট আহল-বহল আৰু পৰিষ্কাৰ। বাটত ক’তোৱেই কোনো জাবৰ জোথৰ বা পেলনীয়া কাগজ আদি পৰি থকা নেদেখিলো। মানুহৰ সমাগম সেৰেঙা হ’লেও কোনো মানুহে বাটৰ মাজভাগেৰে খোজ কাঢ়ি যাব নোৱাৰে। খোজ কাঢ়িবলৈ আহল-বহল ফুট পাথ আছে। আনকি মন গ’লেই ৰাস্তাৰ মাজেৰে ৰাস্তাটো পাৰহৈ যাব নোৱাৰি। ৰাস্তা পাৰ হ’বলৈ নিৰ্দিষ্ট ঠাইত জেব্ৰা ক্ৰছিঙৰ বাহিৰে অইন ঠাইৰে ৰাস্তা পাৰ হোৱাটো নিষেধ।
এইটো এটা সু-শৃংখল জীৱন-যাপন নমুনা। যিহেতু যান জঁট নাই, মানুহৰ উপস্থিতিও সেৰেঙা এনে ক্ষেত্ৰত এই কঠোৰ নিয়ম নাথাকিলেও একো অসুবিধা নহ’লহেঁতেন। কথা প্ৰসংগত বন্ধু এজনে কৈছিল যে, আমাৰ যান-জঁট আৰু ঘন বসতিৰ ঠাইত এনে নিয়ম কাৰ্য্যকৰী কৰিব নোৱাৰিব। কিন্তু কথাটো তেনেকুৱা হয় জানো?
ভূটানৰ ৰজাই তেওঁৰ দেশৰ প্ৰজাক এটা সুশৃংখল জীৱনত অভ্যস্ত কৰিবলৈ এনে নিয়ম প্ৰৱতৰ্ন কৰিছে। ভূটানৰ শিশু এটাই জন্মৰে পৰাই এই জীৱন আৰু নিয়ম-নীতিৰ সৈতে পৰিচিত। গতিকে এইবোৰ তেওঁলোকে পৃথিৱীৰ যিকোনো ঠাইলৈ কঢ়িয়াই নিব। কিন্তু আমাৰ ক্ষেত্ৰত আমি নিয়ম ভঙা কাৰবাৰবোৰ দেখিয়েই ডাঙৰ হওঁ। গতিকে নেতিবাচক যুক্তি দি হ’লেও নিজৰ বেয়াটোকে বাহাল ৰাখো।
ভূটানৰ মানুহবোৰেই অসমীয়া মানুহৰ নিচিনাকৈ তামোল-পাণ খায়। দোকানত পলিথিনৰ পেকেটত তামোল-পাণ পোৱা যায়। আমি ছামদ্ৰূপ জংখাৰত বাটত বা কোনো চুকত তামোলৰ পিক্ দেখা পোৱা নাই। ইয়াৰ বিপৰীতে অসমৰ বাটে-পথে তামোলৰ পিক্ দেখিয়াই আমাৰ পৰিচয় বিচাৰি লওঁ। বাটে-পথে, উৰণ সেঁতুত, অভাৰ ব্ৰীজ আদিত শিখৰ খাই পিক্ পেলাই জঘন্য লেতেৰা কৰা বিষয়বোৰক লৈ মাজে সময়ে সৰৱ আলোচনা হৈ থাকে।
কেতিয়াবা আৰক্ষীকো এনে কাম কৰা লোকক ধৰা পেলাবলৈ দায়িত্ব দিয়া বুলি শুনা যায়। হ’লে কি হ’ব। এবাৰ দিছপুৰ থানালৈ গৈ দুমহলীয়া বিয়াগোম থানাখনৰ ভিতৰৰ চুক-কোণবোৰত তামোলৰ পিকৰ যি কদৰ্য্য ৰূপ দেখিছিলো, সেইবোৰ দেখি তেতিয়াই পতিয়ন গৈছিলো যে সৰিয়হৰ ডুলিতে ভূতটো আছে।
থানাখনৰ প্ৰথম মহলাত থকা এখন বন্ধ হৈ থকা দুৱাৰ নে লিফটৰ দুৱাৰ মুখখনত তামোলৰ পিকৰ যি কদৰ্য্য ৰূপ দেখিছিলো যদি এতিয়াও ঠাইখিনি তেনেদৰে আহে তেনেহ’লে কোনোবাই গ’লে আজিও দেখিবলৈ পাব। তাৰমানে আমি এনেবোৰ জঘন্য স্বভাৱ মনত স্থায়ী কৰি লৈছো বাবে দুই এটা আলোচনা, সমালোচনাই আমাৰ বিবেক দংশন নকৰে।
ছামদ্ৰূপ জংখাৰৰ প্ৰায় সকলো দোকানতে মদ কিনিবলৈ পোৱা যায়। ইয়াত মদ আৰু পেট্ৰল, ডিজেল সস্তা। ইয়াত সকলোতে মদ পোৱা গ’লেও বাটে-ঘাটে মাতাল মদাহী নেদেখিলো। অসমৰ কথা ভাবি চাওকচোন। এই সৰু চহৰখনত দুটা তেলডিপো আছে। এটা ভাৰত-ভূটান সীমান্তৰ গেটৰ একেবাৰে ওচৰত। আনখন ডেৰ কিলোমিটাৰমান দূৰত। দোকান এখনত তেলডিপোৰ কথা সোধোতে কৈছিল যে গেটৰ কাষতে আছে, কিন্তু খুব ভীৰ। দীঘলীয়া শাৰী দিনটো থাকে।
তালৈ গৈ দেখিলো সঁচাকৈ দীঘলীয়া শাৰী। গাড়ীবোৰ অসমৰ। কিছুলোক চাগে ফুৰিবলৈ আহি তেল ভৰাইছে আৰু আন কিছুলোকে অসমৰ পৰা অকল তেল ভৰাবলৈ আহিছে। আমি দীঘলীয়া শাৰীটোৰ পোন্ধৰ নম্বৰত আছিলো। দুই এজনৰ সৈতে কথা পাতি গম পালো যে, অসমৰ পৰা তেল কিনিবলৈ অহা গাড়ীবোৰৰ অধিকাংশই হেনো তেলৰ টেংকীটো নতুনকৈ মোডিফাই কৰি বেছি তেল ধৰিব পৰাকৈ ডাঙৰকৈ বনাই লয়।
এওঁলোকে হেনো ভূটানৰপৰা সস্তাত তেল কিনি গেটৰ বাহিৰৰ দোকানত বেছি দামত বিক্ৰী কৰি অধিক মুনাফা লাভ কেৰ। এই কথা কোৱা মানুহ এজনে ইয়াকো ক’লে যে, এখন সৰু মাৰুতি কাৰৰ তেলৰ টেংকী ডাঙৰকৈ বনাই সত্তৰ-আশী লিটাৰ তেল ভৰাব পৰা কৰি লয় হেনো। কথাবোৰ বিশ্বাসযোগ্য যেন নালাগে যদিও অবিশ্বাস কৰিবলৈও প্ৰমাণ নাই।
দীঘলীয়া শাৰীত ৰৈ তেল নভৰাই দ্বিতীয় তেল ডিপোটোলৈ গৈছিলো। তাত ভূটানৰ গাড়ীত তেল দিলে যদিও মোক তেল নাই বুলিহে ক’লে। মই তেল নভৰালো। কিন্তু মনতে ভাবিলো, এইটো এটা কিবা ক্ষোভৰ আৰম্ভণি নেকি?
ছামদ্ৰূপ জংখাৰৰ দোকান দুখনমানত সোমাই ইটো সিটো বস্তু চাওতে কেইটামান আচাৰৰ টেমা চকুত পৰিল। ভূটানৰ স্থানীয় আচাৰ। কিছুমান আচাৰৰ টেমাত আচাৰ প্ৰস্তুত কৰা মহিলা ব্যৱসায়ী অথবা সংগঠনৰ নামৰ লগতে চৰকাৰৰপৰা পোৱা পুৰস্কাৰ অথবা কোনো প্ৰদৰ্শনীত ভাগ লৈ পোৱা পুৰস্কাৰৰ কথাও লিখা আছে।
এই কথাটোৱে মোক বৰকৈ আকৰ্ষণ কৰিলে। কাৰণ, আমি ইয়াত Vocal for Local বুলি বিজ্ঞাপন দিও, ভাষণ দিও, প্ৰৱন্ধ লিখো। কিন্তু ভূটানতহে ইয়াক কাৰ্য্যকৰী হোৱা দেখিলো।
আমাৰ ৰাজ্যখনত থলুৱাভাৱে অনেক বস্তু উৎপাদন কৰা হয়, বিভিন্ন খোৱা-পিন্ধা বস্তু প্ৰস্তুত কৰা হয় আৰু বিক্ৰী কৰিবলৈ বছৰটোত গোটেই অসমৰ জুৰি বাণিজ্য মেলাও হয়। বিভিন্ন খোৱা বস্তু আৰু আন উৎপাদিত বস্তু থলুৱাভাৱে উৎপাদন কৰাৰ পাছত সংশ্লিষ্ট চৰকাৰী বিভাগে যদি এটা বাক্য লিখি দিয়ে তেনেহ’লে উৎপাদনকাৰীসকলে উৎসাহিত হোৱাৰ লগতে গ্ৰাহকসকলেও গুণগত মান সম্পৰ্কে অধিক আকৰ্ষিত হ’ব। এনেদৰেই স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’ব আৰু Localৰ প্ৰতি মানুহো Vocal হ’ব।
ছামদ্ৰূপ জংখাৰৰপৰা উভতি আহি ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উল্লিখিত কথাবোৰে মনত দোলা দি আছিল। চহৰৰ ভীৰ আৰু যান্ত্ৰিকতাৰপৰা মুক্ত হৈ এদিনৰ বাবে ৰাতি কটাই উভতি আহিব পৰাকৈ ছামদ্ৰূপ জংখাৰ এখন সৰু মনোমোহা ঠাই।
ৰেজাউল কৰিম(ফোন : ৮৭২০৯৩৯৩১৮)
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)