হিমালয়ৰ সাধু
• অৰবিন্দ ৰাভা
‘নেশ্যনেল স্টক এক্সচেঞ্জ'(NSE)ৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী চিত্ৰা ৰামকৃষ্ণৰ ( Chitra Ramkrishna) বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। সম্প্ৰতি এই অভিযোগৰ তদন্ত কৰি ১৯০ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থা ‘চেবি'(SEBI)এ। এই প্ৰতিবেদনৰ দ্বাৰা জানিব পৰা গৈছে যে উচ্চপদস্থ বিষয়া নিয়োগৰ পৰা আৰম্ভ কৰি পদোন্নতি, এনে বহুসংখ্যক গুৰুত্বপূৰ্ণ কৰ্ম চিত্ৰাই সম্পাদন কৰিছিল হিমালয়ৰ এগৰাকী সাধুৰ পৰামৰ্শ অনুসৰি। ইতিমধ্যে অনিয়মৰ অভিযোগৰ ভিত্তিত চিত্ৰাক ৩ কোটি টকা জৰিমনা বিহা হৈছে। এন.এছ.ই.(NSE)ৰ গ্ৰুপ অপাৰেটিং বিষয়া আৰু পৰিচালন সঞ্চালকৰ উপদেষ্টা হিচাপে চিত্ৰা ৰামকৃষ্ণই নিয়োগ কৰিছিল আনন্দ সুব্ৰমণিয়নক। তেওঁৰ দ্ৰুত পদোন্নতিও হৈছিল। তেনে গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰিলেও তেওঁৰ তেনেধৰণৰ কোনো উল্লেখযোগ্য অভিজ্ঞতা নাছিল। চিত্ৰা ৰামকৃষ্ণৰ প্ৰভাৱত তেওঁৰ বছৰেকীয়া দৰমহা হৈ পৰে ১.৬৮ কোটি টকা। পিছলৈ সেই দৰমহা বৃদ্ধি হৈ হয় বছৰি ৪.২১ কোটি টকা। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে চিত্ৰাই দাবী কৰিছে – এই সকলোবোৰ তেওঁ কৰিছিল হিমালয়ৰ এগৰাকী সাধুৰ পৰামৰ্শ অনুসৰি। ‘চেবি'(SEBI)ক চিত্ৰাই জনাইছে যে ‘নেশ্যনেল স্টক এক্সচেঞ্জ’ৰ আৰ্থিক আৰু ব্যৱসায়ৰ গোপন তথ্য সমূহক লৈও তেওঁ হিমালয়ৰ সাধু ‘শিৰোমণি’ৰ সৈতে আলোচনা কৰিছিল। আনকি অইন বিষয়া তথা কৰ্মচাৰীৰ কৰ্মৰ মূল্যায়নৰ বিষয়েও ‘শিৰোমণি’ৰ সৈতে তেওঁ আলোচনা কৰিছিল।২০১৩ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত ‘নেশ্যনেল স্টক এক্সচেঞ্জ’ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত আছিল চিত্ৰা ৰামকৃষ্ণ। তেওঁৰ আমোলত ‘নেশ্যনেল স্টক এক্সচেঞ্জ’ৰ একাধিক অনিয়মৰ অভিযোগ উত্থাপিত হৈছিল। তাৰেই ফলস্বৰূপে তেওঁৰ বিৰুদ্ধে তদন্তত নামে ‘চেবি’। এতিয়া তাৰেই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। সেই প্ৰতিবেদনৰ পৰাই জানিব পৰা গৈছে যে বিগত ২০ বছৰ ধৰি ব্যক্তিগত জীৱনত আৰু কৰ্মজীৱনত হিমালয়ৰ সাধু’শিৰোমণি’ৰ পৰামৰ্শ অনুসৰি তেওঁ কাম কৰি আহিছে। চিত্ৰাই আৰু কৈছে যে সাধু ‘শিৰোমণি’ৰ নিজস্ব কোনো বাসস্থান নাই, ভক্তৰ ইচ্ছা অনুসৰি তেওঁ সকলোতে প্ৰকট হয়। (১৩-০২-২০২২)