-বিৰিঞ্চি ভট্টাচাৰ্য |
সাতটা বাঁহীৰ সুৰ
সাতখন নদীৰ গতি
সাতকুৰা জুইৰ শিখা
সাতজনী ভনীৰ কণ্ঠধ্বনি
একেলগে মিলিলে
যদিহে সাতখন বাগিছাতে
ফুলবোৰ ফুটি উঠে
আহা আমি মিলিজুলি
তাকেই কৰো।
সাতখন সমতলভূমিত
সাতটা খঙাল ডেকাই
সাতটা মাতাল ঘোঁৰা
একেলগে চেঁকুৰালে
যদিহে লালকিল্লাৰ প্ৰাচীৰবোৰত
তাৰ প্ৰতিধ্বনি হয়
আহা আমি মিলিজুলি তাকেই কৰো।
শ্বহীদৰ তেজ লগা
সাতডাল শিকলিৰে
যদিহে বান্ধি ৰাখিব পাৰো
ৰজাৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা
আহা আমি মিলিজুলি তাকেই কৰো।
কিমান দিন আৰু গান্ধীৰ মৃতদেহটো
কান্ধত লৈ এইদৰে ইমূৰ-সিমূৰ ঘূৰিবা।
আৰু কিমান দিনেইবা যুধিষ্ঠিৰৰ
সৈতে এইদৰে পথযাত্ৰা কৰিবা,
মানুহ খোৱা এটা বাঘ
কি লাভ হ’ব বাৰু
পঢ়ি শুনালে তাক
উত্তৰাকাণ্ড ৰামায়ণখন?
একেটাই বাঘ
সিয়েই নগা পাহাৰতো ওলায়
সিয়েই কলং, কপিলী লুইতৰ পাৰতো ওলায়।
একেটা বাঘেই লোগটাগ হ্ৰদতো পানী খায়
একেটা বাঘেই টিৰাপ, কামেং
মিজোৰাম, মেঘালয়, ত্ৰিপুৰাৰ জনপথে,
ৰাজপথে নিৰ্বিবাদে নিঃসকোচে ঘূৰি ফুৰে,
শৰীৰৰ সৰ্বত্ৰত সাতজনী ভনীৰ বুকুৰ তেজ লগায়।
সাতোখন কাৰফাই ধেনুৱে
অগনিৰ যৌৱন লগা সাতোপাট কাঁড়
একেলগে এৰিলে
যদিহে মৃত্যু হয় ৰজাৰ,
যদিহে মৃত্যু হয় অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ
আৰু যদিহে মৃত্যু হয় মানুহখোৱা বাঘটোৰ
আহা আমি মিলিজুলি তাকেই কৰো।
শ্বহীদ নুবুলিলেইবা
ক্ষতি কি তাত
গংগাৰ পাৰৰ, গোদাবৰীৰ পাৰৰ
আৰাৱলী, নীলগিৰিৰ নামনিৰ
যদিহে কোনোবাই আমাক আটাইকে
আততায়ী নামেৰে মাতে
আহা আমি আটাইয়ে
হৈ পৰো সেই নামেৰেই পৰিচিত। (‘মহাবাহু’ত ১৯৮০ চনত প্ৰকাশিত)