স্বামীৰ ‘ভালপোৱাৰ অত্যাচাৰ’
ডুবাই: যিসকলে নিজৰ পত্নীক মাৰাত্মকভাৱে ভাল পায়, যিসকল স্বামীয়ে নিজৰ পত্নীক এদিনৰ বাবেও চকুৰ আঁতৰ কৰিব নিবিচাৰে, তেওঁলোক সাৱধান হওক! এনে ধৰণৰ ‘ভালপোৱা’ৰপৰা নিজকে বিৰত কৰক! মনত ৰখা প্ৰয়োজন, ‘ভালপোৱাৰ অত্যাচাৰ’ বুলিও এষাৰ কথা আছে। ‘অতিৰিক্ত’ ভালপোৱাত এক ধৰণৰ নিষ্পেষণৰ নামান্তৰ হ’ব পাৰে, প্ৰকাৰভেদে। অন্ততঃ অলপতে তেনে এক কাণ্ড সংঘটিত হৈছে। স্বামীসকলে মনত ৰখা ভাল, বেছি সুখো সহ্যাতীত!
জীৱনত মাজে-সময়ে যিদৰে ‘চেঞ্জ’ বা পৰিৱৰ্তন প্ৰয়োজন, সেইদৰে দাম্পত্য জীৱনতো মাজে-সময়ে খলা-বমা প্ৰয়োজন। সৰলৰেখাৰ দৰে জীৱন প্ৰায়েই অপ্ৰীতিকৰ হৈ পৰে। এই ঘটনাই তাকেই প্ৰমাণ কৰিলে। স্বামীয়ে অসম্ভৱ ভাল পায় পত্নীক। প্ৰতিদিনে সুন্দৰ সুন্দৰ উপহাৰ প্ৰদান কৰে পত্নীক। ঘৰুৱা কাম-কাজতো আগবঢ়ায় সহায়ৰ হাত। কিন্তু ইমান ভালপোৱা, ইমান সুখ—ঘৈণীয়েকৰ বাবে হৈ পৰিছিল অসহ্যকৰ। স্বামীৰপৰা বিবাহ-বিচ্ছেদ বিচাৰি আদালতত ভৰি দিলে গোচৰ।
ঘটনাৰ স্থান সংযুক্ত আৰব আমিৰশ্বাহী। তাৰেই শ্বৰিয়া আদালতত নিজৰ ‘কাজিয়া-পেঁচালবিহীন নিস্তৰংগ’ দাম্পত্য জীৱনৰ যন্ত্ৰণাক কেন্দ্ৰ কৰি ফুজাইৰা নামৰ এগৰাকী মহিলাই স্বামীৰপৰা বিবাহ-বিচ্ছেদ বিচাৰি আদালতত গোচৰ তৰিছে। ফুজাইৰাৰ অভিযোগ, বহুদিন ধৰি স্বামীৰ সৈতে একেলগে আছে যদিও স্বামীয়ে কোনোদিনাই পত্নী হিচাপে তেওঁক এষাৰো গালি দিয়া নাই, দিয়া নাই কোনো অভিযোগ। কোনোদিনেই তেওঁলোকৰ ঘৰত হুলস্থূলীয়া অশান্তি, দাম্পত্য-জীৱনৰ চিৰাচৰিত কোলাহল সৃষ্টি হোৱা নাই। যোৱা এবছৰে স্বামীয়ে প্ৰতিদিনে তেওঁক দি গৈছে প্ৰয়োজনৰ অতিৰিক্ত উপহাৰ। একো অনুৰোধ নকৰা সত্ত্বেও ঘৰৰ কাম-কাজতো আগবঢ়াইছে সহায়ৰ হাত। এইবোৰৰ বাবেই ফুজাইৰাৰ ‘উশাহ বন্ধ’ হোৱাৰ দৰে অৱস্থা হৈছে।
ফুজাইৰাই আশা কৰিছিল যে এদিনৰ বাবে হ’লেও অন্ততঃ দুয়োৰে মাজত কাজিয়া লাগক। এনে কাজিয়াৰ বাবে তেওঁ খোদাৰ ওপৰত প্ৰার্থনাও কৰিছিল। কিন্তু খোদাইও প্ৰার্থনা নুশুনিলে, বৰং ওলোটা কাণ্ড হৈ আছে। সকলো কৰ্ম-কাণ্ড সজাই থোৱা চিত্ৰনাট্যৰ দৰে নিৰ্খুঁতভাৱে সংঘটিত হৈ আছে আৰু ফুজাইৰাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। ডুবাইৰপৰা প্ৰকাশিত ‘খলিজ টাইমছ’ত এই সংবাদ প্ৰকাশিত হৈছে [ DUBAI: A woman from United Arab Emirates has apparently decided to divorce her husband because he cared for her too much. The UAE woman sought divorce from her husband at the Shariah Court in Fujairah because she was feeling too choked by his excessive love for.]।
প্ৰাপ্ত সংবাদ অনুসৰি, যাৰ বিৰুদ্ধে পত্নীয়ে অভিযোগ আনিছে, সেই ‘দুৰ্ভগীয়া’ স্বামীয়ে কৈছে যে তেওঁ নিজেও পত্নীৰ ইচ্ছাক মৰ্যাদা দি এদিনৰ বাবে হ’লেও কাজিয়া-পেঁচাল কৰিব বিচাৰিছিল বা গালি-গালাজ কৰিব বিচাৰিছিল, কিন্তু পত্নীৰ কোনো আচৰণেই তেওঁক তেনে কাৰ্য কৰিবলৈ আগ্ৰহী নকৰিলে। বন্ধু-বান্ধৱেও উপদেশ দিছিল যে নিজৰ পত্নীয়েই যিহেতু বিচাৰিছে, মাজে-সময়ে অলপ-অচৰপ অশান্তি কৰাত আপত্তি কিহৰ? টকা-পইচাও খৰচৰ কথা নাই!
অলপ কটু বাক্য শুনালেও যদি পত্নীৰ শান্তি হয়, তেনে কাৰ্যও কৰা যায়! কিন্তু স্বামী অলৰ-অচৰ। তেওঁ আদালতত কৈছে যে অইনৰ ঘৰৰপৰা অহা ছোৱালীজনীয়ে যাতে কোনো কষ্ট নাপায়, সেইবাবেই তেওঁ প্ৰাণঢালি ভাল পায় আৰু তেনে কৰ্মইহে সংসাৰখন সুখময় কৰিব পাৰে বুলি তেওঁ ভাবে। বিচাৰকে পত্নীক অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিছে আৰু কোনো ৰায় প্ৰদান নকৰি আৰু কিছুদিন দুয়োকে একেলগে থাকিবলৈ পৰামৰ্শ দিছে।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.