হাউলী ৰাস মহোৎসৱ, হাউলী বঁটা আৰু পুলক বেনাৰ্জী
যুগান্ত বায়ন
১৯২৮ চনৰ পৰা হাউলী অঞ্চলৰ লগতে নামনি অসমৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জনজীৱনক আলোড়িত কৰি ৰখা হাউলী ৰাস উৎসৱ শতবৰ্ষ গৰকিবলৈ চাৰিটা বছৰৰ অপেক্ষাত থকা সগৌৰৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ সামাজিক সত্বা লৈ পৰিণত হৈ অসমৰ সমাজ জীৱনৰ ইতিহাসত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছে।
হাউলী ৰাস মহোৎসৱে কেৱল আধ্যাত্মিক চিন্তা চেতনাৰ মাজতেই সীমাবদ্ধ হৈ নাথাকি এই বৃহত্তৰ অঞ্চলটোৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱেশক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰটো এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
এই ক্ষেত্ৰত অসমৰ সমাজ জীৱনক মহীয়ান কৰি তোলা পুৰোধা ব্যক্তিসকলৰ সৃষ্টি আৰু সাধনাক সন্মান আৰু মান্যতা প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি ২০০৮ চনৰ পৰা হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে একো একোজন মহান ব্যক্তিক “হাউলী বঁটা” প্ৰদান কৰি ৰাস মহোৎসৱক এক নান্দনিক ৰূপ দিবলৈ প্ৰয়াস কৰিছে।
হাউলী এগৰাকী শুভ চিন্তক, চিন্তাবিদ হেমেন দাসৰ পৰিকল্পনাত ড⁰ ভগীৰথ নাথ, মহানন্দ কুমাৰ পাঠক, মনহৰি বায়ন, মেছেৰ আলী আহমেদ আদি লোকৰ অমূল্য পৰামৰ্শৰ আধাৰত এই “হাউলী বঁটা” প্ৰদান কৰা কাৰ্যসূচীয়ে হাউলী ৰাস মহোৎসৱে সামাজিক দায়বদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত কিমান সচেতন তাক অতি সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিছে।
এই বঁটা ড⁰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আব্দুল মজিদ, বীৰুবালা ৰাভা, গিলবাৰ্ট ছন চাংমা, হোমেন বৰগোহাঞিৰ নিচিনা অসমৰ উজ্জ্বল তাৰকাসকলক প্ৰদান কৰি হাউলী ৰাস মহোৎসৱে অসমৰ জাতীয় জীৱনৰ বুৰঞ্জীত এক শক্তিশালী অৱস্থান গ্ৰহণ কৰিছে।
ৰাস মহোৎসৱৰ ঐতিহাসিক পৰম্পৰা অব্যাহত ৰাখি ২০২৩ বৰ্ষৰ বাবে অসমৰ বিশিষ্ট গায়ক, সংগীতজ্ঞ পুলক বেনাৰ্জীক “হাউলী বঁটা” প্ৰদান কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সংগীতৰ প্ৰাণ পুৰুষ, শাস্ত্ৰীয় সংগীত জগতৰ এক জনপ্ৰিয় নাম বতাহৰ দৰে লাহী, ফুলৰ দৰে কোমল, মাটিৰ পৰশেৰে উদ্ভাসিত তেওঁৰ গান সমূহ অসমৰ এক এৰাব নোৱাৰা সম্পদ।
বৰপেটাৰ জন জীৱনৰ লগত পিতৃ প্ৰভাত বেনাৰ্জী জন্ম সূত্ৰে সংপৃক্ত হৈ থকা পুলক বেনাৰ্জীৰ জন্ম হৈছিল ১৯৫০ চনৰ ১ অক্টোবৰত গুৱাহাটীত। পল্টন বজাৰ বেংগলী স্কুলত স্কুলীয়া শিক্ষা সাং কৰি বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত অধ্যয়ণ কৰিবলৈ লয়।
১৭ বছৰ বয়সতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গায়ক হিচাপে স্বীকৃতি লাভ কৰি পিছলৈ তেওঁ কলিকতা অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া গায়ক হিচাপে স্বীকৃতি লাভ কৰে। মাক আৰু দেউতাকৰ সংগীতৰ সাধনাৰে অনুপ্ৰাণিত হোৱা পুলক বেনাৰ্জী সুধীৰ মুখাৰ্জী আৰু সতীশ গোস্বামীৰ সান্নিধ্য লাভ কৰি তেওঁৰ সংগীত যাত্ৰা বৰ্ণিল হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁ সংগীত গুৰু হীৰা লাল বেনাৰ্জীৰ অধীনত শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।
১৯৭০ চনত বেংকৰ বিষয়া হিচাপে যোগদান কৰাৰ সময়তে তেওঁ হিন্দুস্তান মিউজিকেল কোম্পানীৰ প্রথমখন এছ পি ৰেকৰ্ড (চ’র্ট প্লে বেকর্ড) ত কণ্ঠ দান কৰে।
নিৰ্মলপ্রভা বৰদলৈ, শিৱপ্ৰসাদ বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচার্য আদি বৰেণ্য গীতিকাৰ সকলৰ গীতত কণ্ঠদান কৰি তেওঁলোকৰ গীতসমূহক কালজয়ী গীতৰ মৰ্যদা প্ৰদান কৰা শিল্পী গৰাকীয়ে দূৰণিৰ ৰং, মা, জেতুকী, পোনাকণ, আই কিল্ড হিম ছাৰ, শ্রীমতী মহিমাময়ী, কণিকাৰ ৰামধেনু, মন, সংস্কাৰ আদি অসমীয়া চলচ্চিত্ৰৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ পৰিচালক তপন সিনহাৰ আজব গানেৰ আজব কথা- নামৰ বাংলা চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰিছে।
ঘাইকৈ মেল’ডি গীতৰ বাবে জনপ্রিয় বেনাৰ্জীয়ে ‘সোঁৱৰণী’কে প্ৰমুখ্য কৰি ৩৫ খন একক এলবামত কণ্ঠদান কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ উপৰিও আমেৰিকা, ইংলেণ্ড, ডুবাই, ছাৰজাহ, আবুধাবি আদি আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত সংগীত পৰিবেশন কৰা এই গৰাকী মহান শিল্পীক অসম চৰকাৰে ১৯৯৯ চনত শ্রেষ্ঠ নেপথ্য গায়কৰ বঁটা, ২০২২ চনত শিল্পী বঁটা প্ৰদান কৰিছে।
ইয়াৰ উপৰিও ২০০৫ চনত সুৰ সাধনা বঁটা, ২০১৪ চনত সংগীত আচার্য সম্মান, ২০১৮ চনত দ্যা টেলিগ্রাফ কাকতে প্রদান কৰা অসম শ্রেষ্ঠ বঁটা আদি তেখেতৰ জীৱনযোৰা সঙ্গীত সাধনাৰ অন্যতম স্বীকৃতি।
কেন্সাৰ ৰোগী আৰু গৃহহীন লোকসকলৰ কল্যাণৰ লগতে নতুন প্ৰজন্মক অসমীয়া গুণগত সংগীত সাধনাৰ প্রতি আকৰ্ষিত কৰা, সময় আৰু নিজৰ দায়িত্ববোধৰ প্ৰতি সদা-সচেতন পুলক বেনাৰ্জী ডাঙৰীয়াক ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱ উদ্যাপন সমিতিয়ে এইবেলি হাউলী ৰাস মহোৎসৱৰ সৰ্বোচ্চ সন্মান ‘হাউলী বঁটা, ২০২৩’ প্ৰদান কৰিব। এইজনা মহান শিল্পীলৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
তেওঁৰ সংগীত যাত্ৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় উপ শাস্ত্ৰীয় সংগীতৰ বৃত্তক আৱৰি ৰখাৰ লগতে সংগীত প্ৰিয় লোক সকলৰ মতে এক মেলোডী সমৃদ্ধ উপ শাস্ত্ৰীয় ৰসেৰে পৰিপূৰ্ণ পুলক বেনাৰ্জীৰ সৃষ্টিৰাজিৰ পৰা যাতে ৰাইজ বঞ্চিত নহয় তাৰ বাবে তেওঁৰ শৰীৰ আৰু মন সুস্থ হৈ থাকক। এয়াই আমাৰ আশা আৰু বিশ্বাস।
যুগান্ত বায়ন-৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)