ইউক্ৰেন
• তনয় চক্ৰৱৰ্তী
ইউক্ৰনক লৈ ক্ৰমশঃ উত্তপ্ত হৈ পৰিছে আন্তৰ্জাতিক ৰাজনৈতিক প্ৰেক্ষাপট, উত্তপ্ত হৈ পৰিছে আমেৰিকা – ৰাছিয়াৰ কূটনৈতিক ক্ষেত্ৰ। এনে এক সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ প্ৰদান কৰা এক বক্তব্যৰ পটভূমিত সৃষ্টি হৈছে মহা চাঞ্চল্য। কূটনৈতিক মহলৰ মতে পুনৰ অধিক ঘোলা হৈ পৰিল ইউক্ৰেন সমস্যা। জটিল হৈ পৰিল সম্ভাব্য যুদ্ধৰ পৰিস্থিতি।
বাইডেনে কৈছে, ‘ইউক্ৰেনত বসবাস কৰি থকা আমেৰিকান নাগৰিক সকলে অৱিলম্বে ইউক্ৰেন ত্যাগ কৰক!’ কিন্তু হঠাৎ কিয় এনে বক্তব্য বাইডেনৰ?যোৱাকালি, ১০/০২/২০২২ তাৰিখ বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ এন.বি.চি. নিউজক দিয়া সাক্ষাৎকাৰত কৈছে যে আমেৰিকান সকলে অবিলম্বে ইউক্ৰেন ত্যাগ কৰা উচিত। বিশ্বৰ বৃহত্তম সৈন্যবাহিনীৰ সৈতে মুখামুখি হ’বলৈ গৈ আছো আমি। এয়া একেবাৰে সুকীয়া ভিন্ন পৰিস্থিতি। যি কোনো মুহুৰ্তত যি কোনো দিশে যাব পাৰে সাম্প্ৰতিক পৰিস্থিতি। গতিকে ইউক্ৰেনত থকা আমেৰিকান নাগৰিক সকলে অৱিলম্বে ইউক্ৰেন ত্যাগ কৰা দৰকাৰ।
‘কিন্তু বাইডেন-এ এয়া পৰিষ্কাৰ কৰি দিছে যে ‘যি কোনো কাৰণতেই নহওক কিয়, ইউক্ৰেনলৈ আমেৰিকাই সেনা প্ৰেৰণ নকৰে। যদি ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত আমেৰিকান নাগৰিক সকলক উদ্ধাৰ কৰিব লগীয়া হয় – তেতিয়াও প্ৰেৰণ কৰা নহয়। কাৰণ, ৰাছিয়া আৰু আমেৰিকাই যদি পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে গুলি চলাবলগীয়া হয়, তেনেহ’লে আমি এখন সুকীয়া পৃথিৱী দেখা পাম। এয়া এখন বিশ্বযুদ্ধত পৰিণত হৈ পৰিব।’উল্লেখযোগ্য যে ইউক্ৰেন সীমান্ত অভিমুখে ৰাছিয়াই ১৫০০০০ সৈন্য প্ৰেৰণ কৰাৰ পিছত আৰম্ভ হৈ পৰিছে এক নতুন ‘শীতল যুদ্ধ’। প্ৰথমতে দুয়ো পক্ষই আলোচনাৰ মাজেৰে এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বিষয়ে কৈ থাকিলেও ৰাছিয়াৰ সেনাবাহিনী পিছুৱাই নহা হেতুকে আমেৰিকাই সাৱধানবাণী শুনাইছে! আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ কৈছে যে ইউক্ৰেনত আক্ৰমণ কৰিবলৈ তেওঁৰ কোনো অভিপ্ৰায় নাই। কিন্তু তেনে ক্ষেত্ৰত ইমান সৈন্য প্ৰেৰণ কিয়? এই প্ৰশ্নৰ উত্তৰ তেওঁ দিয়া নাই। ফলত ইউক্ৰেনক লৈ ৰাছিয়া, আমেৰিকা আৰু অইন পশ্চিমীয়া দেশবোৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈ পৰিছে। এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ হঠাৎ সাক্ষাৎকাৰত কোৱা কথাই সমগ্ৰ পৰিস্থিতি ধোঁৱাময় কৰি তুলিছে। ( ১১-০২-২০২২)