-অৰবিন্দ ৰাভা |
বজাৰৰ পৰা কিনা খাদ্য সামগ্ৰী যিমানেই সতেজ নহওঁক কিয়, সেই খাদ্য সামগ্ৰীতেই লুকাই থাকে বহুত বিপদ। কাৰণ সেই খাদ্য সামগ্ৰী সমূহ প্ৰস্তুত কৰিবলৈ যিবোৰ ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে, সেইবোৰৰ সহযোগতেই খাদ্য সামগ্ৰীৰ ভিতৰত সোমাই পৰিছে প্ৰচুৰ ক্যাডমিয়াম, পাৰা, আৰ্চেনিক, সীহ ইত্যাদিৰ দৰে ভয়ঙ্কৰ ক্ষতিকাৰক ৰাসায়নিক। কোনো কোনো ক্ষেত্ৰত এইবোৰৰ পৰিমাণ এতিয়া ২% ৰ পৰা ২৫% ! বজাৰত বিক্ৰী হোৱা এক-চতুৰ্থাংশ খাদ্য নিৰ্দ্ধাৰিত মানতকৈও নিকৃষ্ট। ৯% খোৱাৰেই যোগ্য নহয়। ভাৰতৰ খাদ্য নিৰাপত্তা আৰু মান নিৰ্দ্ধাৰণ কতৃপক্ষই ( এফ. এছ. এছ .এ. আই) প্ৰস্তুত কৰা প্ৰতিবেদনত ঐইবোৰ সন্নিবিষ্ট হৈছে।
এই প্ৰতিবেদন অনুসৰি পঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু ঝাড়খণ্ডত উৎপাদিত বেছিভাগ খাদ্য সামগ্ৰীতেই অতি মাত্ৰাত ক্ষতিকাৰক ৰাসায়নিক পোৱা গৈছে। শাক-পাতৰ বাহিৰে অন্য খাদ্যত প্ৰতি কিলোগ্ৰামত সীহৰ পৰিমাণ ১০০ মাইক্ৰোগ্ৰামৰ বেছি হোৱা অনুচিত। মধ্যপ্ৰদেশৰ বিলাহীত সীহ পোৱা গৈছে ৬০০ আৰু ভেন্ডীত ১০০০ মাইক্ৰোগ্ৰাম। এখন ৰাজ্যৰ ফচল অন্যান্য ৰাজ্যলৈ যায় হেতুকে বিপদ এতিয়া সমগ্ৰ ভাৰত উপমহাদেশত। ভাৰতক চাৰিটা অঞ্চলত ভাগ কৰি ৩৩০০ টা নমুনা সংগ্ৰহ কৰিছিল ‘এ.এছ.এছ.এ.আই্’-এ। ইয়াৰ ৩০৬ টাত (৯%) অত্যধিক আৰু ২৬০ বিধত স্বাভাৱিক মাত্ৰাতকৈ বহুত বেছি পৰিমাণে অবাঞ্চিত আৰু ক্ষতিকাৰক ৰাসায়নিক মিহলি হৈ থকা বিষয়টো প্ৰমাণিত হৈছে।
আমাৰ অসমতো আজিকালি শাক-পাচলি কিনিবলৈ ভয় লাগে, আৰু খাবলৈ অধিক ভয় লাগে। মাহৰ পিছত মাহ ধৰি লকডাউনত আৱদ্ধ হৈ এতিয়া আৰ্থিক ক্ষতিপূৰণ কৰাৰ নামত খৰখেদাকৈ নিশাটোৰ ভিতৰতে খাদ্য সামগ্ৰী প্ৰস্তুত কৰা কৰ্ম অসমতো আৰম্ভ হৈছে, তেনে খাদ্য বজাৰলৈও আহিছে, আৰু সেই বিষ শৰীৰত প্ৰৱেশ কৰিয়েই আছে। এতিয়া কথা হ’ল, এইবোৰ বিষয় চাব কোনে – ৰাইজৰ দলে, অসম জাতীয় পৰিষদে, অগপ-ই, নে কংগ্ৰেছ-বিজেপি-আদিয়ে !? নে অসম চৰকাৰৰ বিয়াগোম বিভাগবোৰে?